ভাৰত ৰত্ন (হিন্দী: भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া বা জেম অৱ ইণ্ডিয়া) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়। নিজ নিজ ক্ষেত্ৰলৈ অপৰিসীম অৱদান আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। এই বঁটা প্ৰথমে কলা, সাহিত্য, বিজ্ঞান, আৰু ৰাজহুৱা সেৱাৰ কৃতিত্বৰ মাজতে সীমাবদ্ধ আছিল যদিও ভাৰত চৰকাৰে ২০১১ চনৰ ডিচেম্বৰ মাহত এই মাপকাঠী সম্প্ৰসাৰণ কৰি মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰক সামৰি লয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে (২০২৪ চন) ৫৩ গৰাকী ব্যক্তিক এই সম্মান প্ৰদান কৰা হৈছে। ভাৰতীয় সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফৰ খান (পাকিস্তান), নেলছন মেণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল।
ভাৰত ৰত্ন | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | সাধাৰণ | |
বৰ্ণনা | আঁহত পাতৰ ওপৰত সূৰ্যৰ চিত্ৰৰ লগত "ভাৰত ৰত্ন" দেৱনাগৰী লিপিত খোদিত | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৪ | |
মুঠ প্ৰদানৰ সংখ্যা | ৫৩ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
মেডেলৰ ফিটাদাল | ||
প্ৰথম প্ৰাপক | ||
অন্তিম প্ৰাপক |
| |
বঁটাৰ মৰ্যদা | ||
নাই ← ভাৰত ৰত্ন → পৰম বীৰ চক্ৰ |
২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।
ভাৰত ৰত্নৰ মূল নিৰ্দিষ্ট বিৱৰণ অনুসৰি, এই বঁটাটো এটা বৃত্তাকাৰ সোণৰ পদক যাৰ মাজত অঙ্কিত বস্তুবোৰৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু নীতিবাক্য সন্নিবিষ্ট কৰা হৈছে। এই বিৱৰণী অনুসাৰে কেতিয়া ভাৰত ৰত্ন পদকটো নিৰ্মাণ কৰা হৈছিল সেইটো জনা নাযায়। প্ৰকৃত পদকটি আঁহত পাতৰ আকাৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ একোণত দেৱনাগৰী লিপিত “ভাৰত ৰত্ন” শব্দ দুটি লিপিবদ্ধ কৰা হৈছে আৰু ওপৰৰ দিশত জাতীয় প্ৰতীক আৰু নীতিবাক্যটি খোদিত আছে।
১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত অৰ্থাৎ জানুৱাৰী, ১৯৫৪ চনত মৰোণত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা নাছিল। এই কাৰণতেই হয়তো মহাত্মা গান্ধীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা নহ’ল। ১৯৫৫ চনৰ জানুৱাৰীৰ পৰাহে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। পৰৱৰ্তী সময়ত সুভাষচন্দ্ৰ বসু সহ মুঠ ১২ জনক মৰোণত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয়। কিন্তু পাছত আইনী জটিলতাৰ বাবে সুভাষচন্দ্ৰ বসুৰ ভাৰত ৰত্ন ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ বাধ্য হয়। এইটোৱেই পুৰস্কাৰ প্ৰত্যাহাৰৰ একমাত্ৰ নিদৰ্শন। ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত প্ৰায় তিনি বছৰ মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত অন্যান্য পদ্ম পুৰস্কাৰৰ লগত ভাৰত ৰত্নও ৰদ কৰা হৈছিল।
তলৰ তালিকাত ভাৰত ৰত্ন বিজয়ীসকলৰ তথ্য দিয়া হৈছে:
+ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা বিজয়ী | * বিজয়ী যি ভাৰতীয় নাগৰিক নহয় | # মৰণোত্তৰভাৱে বঁটা প্ৰদান |
বৰ্ষ | বিজয়ী | টোকা | |
---|---|---|---|
১৯৫৪ | চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তিম গৱৰ্ণৰ জেনেৰেল | |
সৰ্বপল্লী ৰাধাকৃষ্ণণ | দাৰ্শনিক, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৯৫২-৬২) আৰু দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২-৬৭)। ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিন ৫ ছেপ্টেম্বৰটো ভাৰতত শিক্ষক দিৱসৰূপে পালন কৰা হয়। | ||
চন্দ্ৰশেখৰ ভেঙ্কটৰমণ | ন'বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী | ||
১৯৫৫ | ভগৱান দাস | স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপনৰ বাবেও কাম কৰে। | |
মোক্ষগুণ্ডম বিশ্বেশ্বৰায় | অভিযন্তা, লোকনায়ক, মহীশূৰৰ দেৱান (১৯১২-১৮)। তেখেতৰ জন্মদিন ১৫ ছেপ্টেম্বৰটো ভাৰতত অভিযন্তা দিৱসৰূপে পালন কৰা হয়। | ||
জৱাহৰলাল নেহৰু | স্বাধীনতা সংগ্ৰামী, লিখক, স্বাধীন ভাৰতৰ প্ৰথম আৰু সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী (১৯৪৭–৬৪)। | ||
১৯৫৭ | গোবিন্দ বল্লভ পণ্ট | স্বাধীনতা সংগ্ৰামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী | |
১৯৫৮ | ধন্দ কেশৱ কৰ্ৱে | শিক্ষক, সমাজ সংস্কাৰক | |
১৯৬১ | বিধান চন্দ্ৰ ৰয় | চিকিৎসক, পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত "চিকিৎসক দিৱস" ৰূপে পালন কৰা হয়। | |
পুৰুষোত্তম দাস টেণ্ডন | স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ। ৰাজৰ্ষি উপাধিৰে পৰিচিত টেণ্ডনে হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা বিচাৰি কৰা অভিযানত অংশ লৈছিল। | ||
১৯৬২ | ৰাজেন্দ্ৰ প্ৰসাদ | স্বাধীনতা সংগ্ৰামী, ন্যায়াধীশ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি He was later elected as the first President of India (1950–62). | |
১৯৬৩ | জাকিৰ হুছেইন | স্বাধীনতা সংগ্ৰামী, পণ্ডিত, গান্ধীবাদী, ভাৰতৰ দ্বিতীয় উপ-ৰাষ্ট্ৰপতি (১৯৬২-৬৭) আৰু তৃতীয় ৰাষ্ট্ৰপতি (১৯৬৭-৬৯) | |
পাণ্ডুৰাংগ বমন কানে | ভাৰততত্ত্ববিদ আৰু সংস্কৃত পণ্ডিত | ||
১৯৬৬ | লালবাহাদুৰ শাস্ত্ৰী# | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী (১৯৬৪–৬৬) | |
১৯৭১ | ইন্দিৰা গান্ধী | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ চতুৰ্থ আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী | |
১৯৭৫ | বৰাহগিৰি ভেংকট গিৰি | ট্ৰেড ইউনিয়িন নেতা আৰু চতুৰ্থ ৰাষ্ট্ৰপতি (১৯৬৯–৭৪) | |
১৯৭৬ | কে কামৰাজ# | স্বাধীনতা সংগ্ৰামী, মাদ্ৰাছ জিলাৰ মুখ্যমন্ত্ৰী | |
১৯৮০ | মাদাৰ টেৰেছা + | ১৯৭৯ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী | |
১৯৮৩ | বিনোৱা ভাৱে# | সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, মহাত্মা গান্ধীৰ অন্যতম প্ৰধান শিষ্য। তেওঁক আচাৰ্য উপাধিৰে বিভূষিত কৰা হয় আৰু ১৯৫৮ চনত ৰমন মেগছেছে বঁটা প্ৰদান কৰা হয়। | |
১৯৮৭ | খান আব্দুল গফৰ খান* | ছৰহদী গান্ধী (সীমান্তৰ গান্ধী) নামেৰে জনাজাত স্বাধীনতা সংগ্ৰামী আৰু পাখতুন নেতা, প্ৰথম অধিকাৰপ্ৰাপ্ত ভাৰতীয় নাগৰিক | |
১৯৮৮ | এম জি ৰামচন্দ্ৰন# | চলচ্চিত্ৰ অভিনেতা, তামিলনাডুৰ মুখ্যমন্ত্ৰী | |
১৯৯০ | ভীমৰাও ৰামজী আম্বেদকাৰ# | ভাৰতীয় সংবিধানৰ ৰূপকাৰ, দলিত নেতা, সমাজ সংস্কাৰক, অৰ্থনীতিবিদ আৰু পণ্ডিত | |
নেলছন মেণ্ডেলা* | দ্বিতীয় অনাগৰিক আৰু প্ৰথম অভাৰতীয়, দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলনৰ নেতা আৰু ৰাষ্ট্ৰপতি, ১৯৯৩ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী। তেখেতক "দক্ষিণ আফ্ৰিকাৰ গান্ধী" নামেৰেও জনা যায়। | ||
১৯৯১ | ৰাজীৱ গান্ধী# | ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী (১৯৮৪-৮৯) | |
বল্লভভাই পেটেল# | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। তেওঁক চৰ্দাৰ উপাধিৰে জনা গৈছিল | ||
মোৰাৰজী দেশাই | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী (১৯৭৭–৭৯)। পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিচান-এ-পাকিস্তান লাভ কৰা তেখেত হৈছে একমাত্ৰ ভাৰতীয় নাগৰিক। | ||
১৯৯২ | আবুল কালাম আজাদ# | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। তেওঁৰ জন্ম দিন ১১ নৱেম্বৰটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। | |
জে আৰ ডি টাটা | উদ্যোগপতি আৰু সমাজসেৱক | ||
সত্যজিৎ ৰায় | বঙালী চলচ্চিত্ৰ নিৰ্মাতা। তেখেতৰ পৰিচালিত পথেৰ পাঁচালী (১৯৫৫) ছবিৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আহে। ১৯৮৪ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। | ||
১৯৯৭ | গুলজাৰিলাল নন্দা | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী (১৯৬৪, ১৯৬৬) আৰু পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ | |
অৰুণা আছফ আলি# | স্বাধীনতা সংগ্ৰামী, দিল্লীৰ প্ৰথম মেয়ৰ। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বোম্বাইৰ গোৱালিয়া টেংক ময়দানত ইউনিয়ন জেক নমাই আনি তাৰ ঠাইত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে জনা যায়। | ||
এ পি জে আব্দুল কালাম | বিজ্ঞানী আৰু ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি (২০০২-০৭)। ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ যান বিকাশ কৰাৰ প্ৰকল্পটো তেখেতে পৰিচালনা কৰিছিল। তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক "ভাৰতৰ মিছাইল মানৱ" নামেৰেও জনা যায়। | ||
১৯৯৮ | এম এছ চুব্বালক্ষ্মী | কণ্ঠশিল্পী, কৰ্ণাটক শাস্ত্ৰীয় সঙ্গীতজ্ঞ | |
চিদাম্বৰম সুব্ৰমনিয়াম | স্বাধীনতা সংগ্ৰামী, কৃষিমন্ত্ৰী। ভাৰতৰ সেউজ বিপ্লৱলৈ কৰা অৱদানৰ বাবে তেখেতক জনা যায়। | ||
১৯৯৯ | জয়প্ৰকাশ নাৰায়ণ# | স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। "লোক নায়ক" নামেৰে বিখ্যাত। | |
অমৰ্ত্য সেন | অৰ্থনীতিবিদ আৰু ১৯৯৮ চনত অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী। | ||
গোপীনাথ বৰদলৈ# | স্বাধীনতা সংগ্ৰামী, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী (১৯৪৬-৬০)। "লোকপ্ৰিয়" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ প্ৰথম ব্যক্তি। | ||
ৰবি শংকৰ | গ্ৰেমী বঁটা বিজয়ী চিতাৰ বাদক | ||
২০০১ | লতা মংগেশকাৰ | নেপথ্য কণ্ঠশিল্পী। ১৯৯৮ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। | |
বিছমিল্লাহ খান | ভাৰতীয় শাস্ত্ৰীয় চেহনাই বাদক | ||
২০০৮ | ভীমসেন যোশী | ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী | |
২০১৪ | চি এন আৰ ৰাও | ৰসায়ন বিজ্ঞানী | |
শচীন তেণ্ডুলকাৰ | ক্ৰিকেটাৰ | ||
২০১৫ | মদন মোহন মালৱ্য# | শিক্ষাবিদ আৰু ৰাজনীতিবিদ, অখিল ভাৰতীয় হিন্দু মহাসভাৰ আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি | |
অটল বিহাৰী বাজপায়ী | ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী | ||
২০১৯ | প্ৰণৱ মুখাৰ্জী | ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি | |
ভূপেন হাজৰিকা# | গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক। "সুধাকণ্ঠ" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ দ্বিতীয় ব্যক্তি। | ||
নানাজী দেশমুখ# | সমাজকৰ্মী, ৰাজনীতিবিদ। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। | ||
২০২৪ | কৰ্পূৰী ঠাকুৰ# | ৰাজনীতিবিদ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী। ভাৰতত প্ৰথমবাৰৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ প্ৰণেতা। | |
লালকৃষ্ণ আদৱানী | ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সহ-প্ৰতিষ্ঠাপক | ||
পি ভি নৰসিংহ ৰাও# | এগৰাকী ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ অৰ্থনীতিৰ উদাৰীকৰণ সংস্কাৰ প্ৰৱৰ্তনৰ বাবে জনাজাত। | ||
চৌধুৰী চৰণ সিং# | কৃষক নেতা, ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। | ||
এম এছ স্বামীনাথন# | ভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী আৰু প্ৰশাসক। তেওঁ সেউজ বিপ্লৱৰ বিশ্বব্যাপী নেতা হিচাপে জনাজাত। তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি গণ্য কৰা হয়। |
মৰণোত্তৰভাৱে বঁটা প্ৰদান
This article uses material from the Wikipedia অসমীয়া article ভাৰত ৰত্ন, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.