মাদাৰ টেৰেছা

মাদাৰ টেৰেছা (ইংৰাজী: Mother Teresa; ১৯১০ - ১৯৯৭; জন্মৰ নাম: এগ্‌নেছ গোন্‌জা বোজাজিউ; উচ্চাৰণ: ) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হ'লেও পাছলৈ 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত 'কলিকতাৰ স্বৰ্গীয় টেৰেছা' (Blessed Teresa of Calcutta) সন্মানেৰে বিভূষিত কৰে।

মাদাৰ টেৰেছা
মাদাৰ টেৰেছা
জন্ম এগ্‌নেছ গোন্‌জা বোজাজিউ (Agnes Gonxhe Bojaxhiu)
২৬ আগষ্ট, ১৯১০
স্কপেজ, কছ'ভ' বিলায়েট, অট্টোমান সাম্ৰাজ্য
মৃত্যু ৫ ছেপ্টেম্বৰ, ১৯৯৭ (৮৭ বছৰ)
কলিকতা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত এলবেনিয়ান
উত্তৰসূৰী নিৰ্মলা যোশী
ধৰ্ম কেথ'লিক খ্ৰীষ্টান

মাদাৰ টেৰেছাই জীৱন কালত বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হোৱাৰ উপৰিও ভাৰত চৰকাৰে ১৯৮০ চনত তেখেতক ভাৰতৰত্ন প্ৰদান কৰে। ১৯৭৯ চনত মাদাৰ টেৰেজাক 'শান্তিৰ নোবেল বঁটা' প্ৰদান কৰা হয়। এখেতৰ সমাজসেৱা কৰ্মৰ কিছুমান দোষৰ বাবে তেখেতৰ কিছু সংখ্যক সমালোচকো আছে।

জন্ম আৰু পৰিয়াল পৰিচয়

মাদাৰ টেৰেছা যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত ১৯১০ চনৰ ২৬ আগষ্ট তাৰিখে জন্ম হয়। সেই ঠাইৰ মানুহে তেওঁক মাতিছিল এগনেচ গনদজা বোৱাদজিয়ু বুলি। তেওঁলোকৰ পৰিয়াল আছিল আলবেনিয়ান। তেওঁৰ পিতৃ হিছে নিকোলা আৰু মাতৃ হৈছে দ্ৰনদা। নিকোলাই ডাক্তৰৰ সহকাৰী হিচাপে কাম কৰিছিল যদিও পাছলৈ এখন মুছিৰ দোকানো দিব লগা হৈছিল।

শৈশৱ আৰু শিক্ষা

স্কোপজেতে মাদাৰ টেৰেছাই প্ৰাথমিক স্কুলৰ শিক্ষা লাভ কৰে। স্কুলত পঢ়া দিনৰে পৰা তেওঁ মেধা শক্তিৰ আছিল। সুখ্যাতিৰে প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ চাৰ্বয়ান উচ্চ বিদ্যালয়ত ভৰ্তি হৈছিল। সৰুতে তেওঁৰ প্ৰিয় বিষয় আছিল সংগীত, ভূগোল আৰু বুৰঞ্জী। তেওঁ সুন্দৰকৈ মেণ্ডোলিনো বজাব পাৰিছিল। তেওঁ সময়ে সময়ে গীৰ্জাৰ গায়ক দলৰ লগতো যোগদান কৰিছিল আৰু গান পৰিবেশন কৰিছিলিল কনচাৰ্টত। তেওঁৰ সৰুৰে পৰা অন্তৰত মানৱ সেৱাৰ ভাব এটা উদয় হৈছিল। তেওঁ বাঞ্চা কৰিছিল সন্নাসিনী আৰু মিছনেৰী জীৱন। এই আকাংক্ষা বাস্তৱত ৰূপ দিবলৈ তেওঁ স্থানীয় জেচুইট পাদ্ৰীসকলক লগ কৰে। কাৰণ এই জেচুইট পাদ্ৰীসকলে ভাৰতত থাকি মিছনত কাম কৰিছিল। জেচুইট পাদ্ৰীসকলে তেওঁক আয়াৰলেণ্ডৰ লৰেটো সন্ন্যাসিনীসকলৰ লগত যোগদান দিবলৈ পৰামৰ্শ দিলে। তেতিয়া তেওঁৰ বয়স মাত্ৰ ১২ বছৰ আছিল। এই ১২ বছৰীয়া ছোৱালী গৰাকীয়ে যীশুৰ বাণী বাহিৰত প্ৰচাৰ কৰিবলৈ ওলাল। ১৯২৮ চনত তেওঁ আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ লৰেটো মঠত উপস্থিত হল। মঠত তেওঁৰ নাম হল- টেৰেছা।

কৰ্মজীৱন আৰু সমাজসেৱা

১৯২৯ চনত মদাৰ টেৰেছা ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়। কলিকতাৰ চেণ্টমেৰী হাইস্কুলত তেওঁ শিক্ষকতা জীৱন আৰম্ভ কৰে। ১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ শিক্ষকতা কৰে। তেওঁ শ্ৰেণীত ভূগোল আৰু বুৰঞ্জীৰ পাঠদান কৰিছিল। শেষলৈ সেই বিদ্যালয়ৰ অধ্যক্ষাৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেইসময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ। চাৰিওফালে অভাৱ, দৰিদ্ৰ্য, মানুহক আগুৰি ধৰিছিল বেমাৰ-আজাৰে। কিন্তু তাৰ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নাই। মাদাৰ টেৰেছাৰ এই শোকাৱহ দৃশ্যবোৰে অন্তৰত খলকনি তুলিলে। এদিনৰ এটা বিশেষ ঘটনাই তেওঁৰ অন্তৰত বাৰুকৈ দুখ দিলে। এখন হাস্পাতালৰ সন্মুখত এগৰাকী মৰো মৰো হোৱা তিৰোতা বাগৰি আছিল আৰু চেষ্টা কৰিও মাদাৰ টেৰেছাই চিকিৎসালয়ৰ চিকিৎসা দিবলৈ অসমৰ্থ হৈছিল। শেষত ৰোগীগৰাকীৰ তেনেকৈ মৃত্যু হল। সেইদিনাই তেওঁ উপলদ্ধি কৰিলে এটি মানৱ সেৱা সংস্থাৰ। তেওঁ তেওঁৰ ইচ্ছাৰ কথা পোপক জনালে।

১৯৫০ চনত মাদাৰ টেৰেছাই দ্য ছোচাইটি অফ দ্য মিছনেৰীজ অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিলে। তেওঁলোকে ঘৰ এটা ভাড়া লৈ কলিকতাৰ বাটে-ঘাটে পৰি থকা, হাস্পাতাল আদিয়ে স্থান নিদিয়া ৰোগীবোৰক মাদাৰ টেৰেছাই বিচাৰি আনিলে আৰু তাত ৰাখি চিকিৎসা সেৱা দিবলৈ ধৰিলে। ১৯৫২ চনত কালিঘাট মন্দিৰৰ কাষত থকা ধৰ্মশালা এটাও তেওঁ দখল কৰিলে আৰু তাৰ নাম দিলে নিৰ্মল হৃদয়। সেইটোও ৰোগীৰে উপচি পৰিল। মাদাৰ টেৰেছাৰ এই কামত অনেকে বিৰোধিতা কৰিলে। কালিঘাটৰ প্ৰধান পূজাৰীৰ পুত্ৰ এজনৰ কলেৰা হল। তাক কোনেও হাতেৰে চোৱা নাছিল। কিন্তু মাদাৰ টেৰেছাই তেওঁক হাতেৰে তুলি নি চিকিৎসা কৰা দেখি টেৰেছাৰ প্ৰতি সকলোৱে সহানুভূতিৰে চাবলৈ ললে। মাদাৰ টেৰেছাই কলিকতাৰ ৰাজপথৰ পৰা বুটলি আনি হাজাৰ হাজাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে। প্ৰায় ২৯,০০০ ৰোগীয়ে আৰোগ্য লাভ কৰিলে। যিবিলাক শিশু অভাৱ আৰু অনাশ্ৰয়ত ৰাজপথে ৰাজপথে ঘূৰি ফুৰিছিল, সেই শিশুসকলৰ মংগলৰ কাৰণেও তেওঁ চিন্তাত নিমগ্ন হৈছিল। তেওঁলোকৰ চিকিৎসা আৰু সংস্থাপনৰ কাৰণে কলিকতাত তেওঁ আৰম্ভ কৰিছিল--নিৰ্মল শিশু ভৱন। এই আশ্ৰয় গৃহত থাকি হাজাৰ হাজাৰ শিশোৱে মানুহ হোৱাৰ পথ বিচাৰি পাইছিল। কেৱল শিশুৰ সেৱাৰ বাবেই তেওঁ দেশ-বিদেশত এনে কুৰিটা আশ্ৰয় গৃহ নিৰ্মাণ কৰিছিল। সেই আশ্ৰয় গৃহ বিলাকৰ যোগে তেওঁ শিশুৰ মংগল সাধন কৰিবলৈ সমৰ্থ হৈছিল।

কুষ্ঠা, যক্ষ্মা, কলেৰা আৰু টাইফয়েড আদি ৰোগীৰ কাৰণে এবিধ চলন্ত ডিচপেনছাৰীৰ প্ৰচলন কৰিছিল। যাৰ ফলত অনেক ৰোগীয়ে সহজতে চিকিৎসা সেৱা লাভ কৰি আৰোগ্য হোৱাৰ পথ দেখিছিল। তেওঁ কুষ্ঠৰোগীসকলৰ কাৰণে বিশেষভাবে চিন্তা কৰিছিল। এই ৰোগীসকলক তেওঁ নিজে চিকিৎসা কৰাৰ উপৰিও ডাক্তৰ আৰু নাৰ্ছসকলে তেওঁক সহায় কৰিছিল। আৰোগ্য নোহোৱা কুষ্ঠ ৰোগীসকলক শান্তি নগৰ নামে ঠাই সংস্থাপনৰ ব্যৱস্থা কৰিছিল। শান্তি নগৰত ৩৪ একৰ মাটি আছিল, তেওঁ তাতে অনেক বাংলাদেশী ভগনীয়াকো স্বাস্থ্য-সেৱা আগবঢ়ায়।

মাদাৰ টেৰেছাই বিশ্বত জনসাধাৰণৰ সেৱাৰ নামত প্ৰতিষ্ঠা কৰিছে ৬০খন স্কুল, ২০০ৰো অধিক চিকিৎসালয়, ৫৪খন কুষ্ঠাশ্ৰম, ২০ খনতকৈ বেছি অনাথ গৃহ, ৩৩৫খন চলন্ত ডিচপেনচাৰী, ২৮টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, ৬খন দাঁন্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল। ২০০৮ চনলৈকে মুঠ ৪৩,০০০ কুষ্ঠৰোগী তেওঁৰ চিকিৎসালয়ত সেৱা লৈ আছে, ২০০০ শিশোৱে তেওঁৰ শিশুভৱনত আশ্ৰয় পাই আছে আৰু ১৬,০০,০০০ ৰোগীক তেওঁৰ ডিচপেনছাৰীয়ে চিকিৎসা কৰি আছে। মাদাৰ টেৰেছা মানৱ সেৱাৰ এনে শাখা-প্ৰশাখা পৃথিৱীৰ প্ৰায়বোৰ দেশতে আছে। তেওঁৰ সংস্থাত ২০০৮ চনলৈকে মুঠ ১৮০০ গৰাকী নাৰ্চ, ১৮৫জন ব্ৰাদাৰ আৰু ৪০০জন প্ৰশিক্ষাৰ্থী আছে। মিছনেৰী ব্ৰাদাৰ্ছ অৱ চেৰিটি আৰু ইণ্টাৰনেচনেল এছোচিয়েচন অৱ কোৱাৰ্কাছ অৱ মাদাৰ টেৰেছা তেওঁৰ সেৱা বাহিনী।

১৯৬৪ চনত পোপ পলে তেওঁক মানৱ সেৱা কৰিবলৈ আৰু অধিক সুবিধা কৰি দিলে। পোপ পলৰ গাড়ীখন মাদাৰ টেৰেছাই উপহাৰ হিচাপে লাভ কৰাত-সেই গাড়ীখনকে দেখুৱাই তেওঁ এখন লটাৰী খেল আৰম্ভ কৰিছিল। এই খেলৰ দ্বাৰা তেওঁৰ ৪৬,০০,০০০ টকা সংগ্ৰহ হোৱাত, সেই টকাৰে এটা কুষ্ঠকেন্দ্ৰ নিৰ্মাণ কৰিলে। মাদাৰ টেৰেছাৰ কাৰ্যালয় হৈছে কলিকতাৰ লোৱাৰ চাৰ্কুলাৰ বোৰ্ডত। তেওঁ জীৱনত অনেক খ্যাতি লাভ কৰিছে। মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা লাভ কৰাৰ উপৰিও তেওঁ পোপ জন শান্তি বঁটা, গুড চামাৰিটান বঁটা আৰু জন কেনেডি আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। তদুপৰি তেওঁ জৱাহৰলাল নেহেৰু পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ, মেটাৰেট মেগৰষ্ট্ৰা পুৰস্কাৰ আৰু চিৰিচ মেডেল আদি সন্মানো লাভ কৰে। বিশ্বভাৰতীয়ে তেওঁক প্ৰদান কৰিছে দেশীকোত্তম উপাধি। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু ১৯৮০ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছে। মাদাৰ টেৰেছাৰ ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত কলিকতাত দেহবসান ঘটে।

বঁটা আৰু সন্মান

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মাদাৰ টেৰেছা জন্ম আৰু পৰিয়াল পৰিচয়মাদাৰ টেৰেছা শৈশৱ আৰু শিক্ষামাদাৰ টেৰেছা কৰ্মজীৱন আৰু সমাজসেৱামাদাৰ টেৰেছা বঁটা আৰু সন্মানমাদাৰ টেৰেছা তথ্য সংগ্ৰহমাদাৰ টেৰেছা বাহ্যিক সংযোগমাদাৰ টেৰেছাইংৰাজী ভাষাকলিকতাৱিকিপিডিয়া:IPA for Albanian

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতভাৰতৰ উচ্চতম ন্যায়ালয়চিৰ চেনেহী মোৰ ভাষা জননীমিকী মাউছপাতহৰপ্পাবিশেষ্য পদগোৱালপাৰাহাড়প্ৰাকৃতিক দুৰ্যোগশক্তিঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাবিহুৰ বাদ্যযন্ত্ৰগুণাভিৰাম বৰুৱাফাকে জনগোষ্ঠীবিশ্ব গ্ৰন্থ দিৱসজয়মতী কুঁৱৰীবৰগীতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাহীৰেন গোহাঁইমূৰাৰা, ৰঙিয়াপ্ৰবীণা শইকীয়াশুৱালকুছিযুগ্ম সংখ্যাবাঁহীআহোম-মোগলৰ সংঘৰ্ষমহাকাব্যছাইমন কমিশ্যনমহেশ্বৰ নেওগওৰাং ৰাষ্ট্ৰীয় উদ্যানমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতৰ উপৰাষ্ট্ৰপতিনাগৰিকত্বআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰৰেখাহীৰেন্দ্ৰ নাথ দত্তমহিলাৰ বিৰুদ্ধে হিংসাগড়গাঁওবুঢ়ী আইৰ সাধুঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিলোকবিশ্বাসপদ (ব্যাকৰণ)অসমৰ কাঁহ শিল্পশিৱব্ৰিটিছ ৰাজপঞ্চভুজঅসমীয়া খাদ্যাভ্যাসচৰ্যাপদবৌদ্ধ ধৰ্মঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)দুৰ্গাঅসমৰ জনগোষ্ঠীপোৱামক্কাকামৰূপী উপভাষাকাৰ্ল মাৰ্ক্সআনন্দ চন্দ্ৰ আগৰৱালামোহনদাস কৰমচান্দ গান্ধীবিত্তীয় বজাৰজলসিঞ্চনবিষ্ণুপ্ৰসাদ ৰাভাযৌন নিৰ্যাতনশিক্ষা মনোবিজ্ঞানৰাসোৎসৱএৰিষ্ট'টলহৰিবৰ বিপ্ৰহুঁচৰিবহনক্ষম উন্নয়নৰ লক্ষ্যজাতিসংঘমৈদামঅসমীয়া গালি-গালাজমিচিং জনগোষ্ঠীজিএছটিপুঁজিবাদআমেৰিকা যুক্তৰাষ্ট্ৰ🡆 More