পুঁজিবাদ

পুঁজিবাদ বা ধনতন্ত্ৰ (ইংৰাজী: Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন। ব্যক্তিগত প্ৰতিষ্ঠান বা মালিকীস্বত্বৰ উদ্দেশ্যে সাধাৰণতে লাভ আহৰণ কৰা যদিও কোনো অলাভকাৰী প্ৰতিষ্ঠানৰো মালিকীস্বত্ব ব্যক্তিগত হ’ব পাৰে। পুঁজিবাদৰ বৈশিষ্ট্যসমূহৰ ভিতৰত ব্যক্তিগত সম্পত্তি, মূলধন আহৰণ, মজুৰিপ্ৰাপ্ত বনুৱা আৰু কোনো কোনো ক্ষেত্ৰত পূৰ্ণ প্ৰতিযোগিতা সম্বলিত বজাৰেই প্ৰধান। পুঁজিবাদী অৰ্থব্যৱস্থাৰ লেনদেন একোটাত মুক্ত বজাৰত হোৱা প্ৰতিযোগিতাৰ ভিত্তিত মূল্যসমূহ নিৰ্ধাৰণ কৰা হয়।

প্ৰতিযোগিতাৰ মাত্ৰা, অৰ্থনৈতিক হস্তক্ষেপ আৰু নিয়ন্ত্ৰণৰ ভূমিকা আৰু মালিকীস্বত্ব পুঁজিবাদৰ ভাগ অনুসৰি ভিন্ন হ’ব পাৰে। অৰ্থনীতিবিদ, ৰাজনৈতিক অৰ্থনীতিবিদ আৰু ইতিহাসবিদসকলে বিশ্লেষণ কৰি পুঁজিবাদৰ বিভিন্ন ভাগ চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত লেইছেজ ফেয়াৰ বা মুক্ত বজাৰ পুঁজিবাদ, কল্যাণকামী পুঁজিবাদ, ক্ৰ’নি (crony) পুঁজিবাদ, ব্যৱসায়িক প্ৰতিষ্ঠানমুলক পুঁজিবাদ, তৃতীয় পন্থাৰ সামাজিক গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ পুঁজিবাদ। ইয়াৰে প্ৰতিটো ভাগত মুক্ত বজাৰ, মুক্ত মালিকীস্বত্ব, মুক্ত প্ৰতিযোগিতাৰ প্ৰতিৰোধক আৰু সামাজিক নীতিৰ অন্তৰ্ভুক্তিৰ মাত্ৰা ভিন্ন হ’ব পাৰে। মুক্ত বজাৰৰ মাত্ৰা আৰু ব্যক্তিগত সম্পত্তি ধাৰণৰ নিয়ম ৰাজনৈতিক আৰু চৰকাৰী নীতিগত বিষয় হৈ পৰে। বহু দেশত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা দেখা যায় য’ত পুঁজিবাদ আৰু পৰিকল্পিত অৰ্থনীতিৰ উপাদানসমূহ মিহলি হৈ পৰে। বিভিন্ন সময়ত, বিভিন্ন ঠাইত, বিভিন্ন সংস্কৃতিত আৰু বিভিন্ন ৰাজনৈতিক ব্যৱস্থাত পুঁজিবাদৰ উপস্থিতি পৰিলক্ষিত হৈ আহিছে। বণিজবাদৰ পতনৰ পিছেৰে পৰা পাশ্চাত্যৰ দেশসমূহত পুঁজিবাদী অৰ্থ ব্যৱস্থাই প্ৰধান ঠাই দখল কৰি আহিছে।

বৈশিষ্ট্যসমূহ

এক অৰ্থনৈতিক ব্যৱস্থা বা উৎপাদনৰ এক পদ্ধতি হিচাপে পুঁজিবাদত তলত দিয়া বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়:

  • লাভ আৰু মূলধন আহৰণ (Capital accumulation)
  • বিনিময় মূল্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে পণ্যদ্ৰব্যৰ উৎপাদন
  • ব্যক্তিগত মালিকীস্বত্ব
  • মজুৰীপ্ৰাপ্ত বনুৱা
  • লাভৰ উদ্দেশ্যেৰে ধনৰ বিনিয়োগ
  • যোগান আৰু চাহিদাৰদ্বাৰা প্ৰভাৱিত মূল্য ব্যৱস্থা এটাৰ ব্যৱহাৰ

প্ৰকাৰ

  • উচ্চ পৰ্যায়ৰ পুঁজিবাদ (Advanced Capitalism)
  • বিত্ত পুঁজিবাদ (Finance Capitalism)
  • বণিজবাদ (Mercantilism)
  • মুক্ত-বজাৰ অৰ্থনীতি (Free-market economy)
  • সামাজিক-বজাৰ অৰ্থনীতি (social-market economy)
  • ৰাষ্ট্ৰ পুঁজিবাদ (State Capitalism)
  • ব্যৱসায়িক প্ৰতিষ্ঠানমুলক পুঁজিবাদ (Corporate Capitalism)
  • মিশ্ৰ অৰ্থনীতি (Mixed economy)

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাউদ্যোগ

🔥 Trending searches on Wiki অসমীয়া:

সিন্ধী ভাষাকৃষিবসন্ত ৰোগঅসমীয়া লোক-সংস্কৃতিআলেকজেণ্ডাৰ ফ্লেমিংঅসমীয়া লোকসাহিত্যহেম সৰস্বতীবিপৰীতাৰ্থক শব্দযোগেশ দাসক্ৰা দাদি জিলাশিৱসাগৰগোৱালপাৰা জিলাহোমেন বৰগোহাঞিসংবিধান দিৱস (ভাৰত)অসমৰ মুখা শিল্পকনকলতা বৰুৱাপাৰিজাত হৰণ নাটশকুন্তলা (চলচ্চিত্ৰ)হীৰেন ভট্টাচাৰ্যকালিকা পুৰাণমনোবিজ্ঞান২০২১ৰ অসম বিধানসভা নিৰ্বাচনমিৰি জীয়ৰীমৃত্যুঞ্জয়গড়মূৰ সত্ৰহীৰেন গোহাঁইজয়মতী কুঁৱৰীধাতু আৰু অধাতুমানৱ উন্নয়ন সূচকৰাজনৈতিক দলঅসমীয়া গীতি সাহিত্যচকৰি ফেঁটী বুৰঞ্জীবিৰিঞ্চি কুমাৰ বৰুৱাশব্দ প্ৰদূষণপঞ্চভুজভিটামিনউদ্ভিদভাইটি (চলচ্চিত্ৰ)মনোমতীঅসমীয়া ভাষা আন্দোলনঅৰ্থব্যৱস্থাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিতাজমহলশৰৎচন্দ্ৰ চট্টোপাধ্যায়বলোৰামনামঘোষাসাহিত্যৰ সমাজতত্ত্বকছাৰী ৰাজ্যভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাকথা-ভাগৱতপাইথেগাৰাছহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)ভক্তি ৰত্নাৱলীভটিমাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅম্বিকাগিৰি ৰায়চৌধুৰীমিচিং নৃত্য আৰু গীত মাতভাৰতীয় নাগৰিকত্ব আইনজাতীয়তাবাদপুৰাণঅন্নপ্ৰাশনঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমত দেখা পোৱা সাপবোৰযুগ্ম সংখ্যাঘৰ শালিকাযতীন গোস্বামীহনুমানভাৰতৰ নিৰ্বাচন আয়োগসংখ্যাৱিকিমিডিয়া ফাউণ্ডেশ্যনজয়সাগৰ পুখুৰী🡆 More