হেম সৰস্বতী

হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী-সংবাদ নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷

হেম সৰস্বতী
জন্ম চতুৰ্দশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি প্ৰহ্লাদ চৰিত্ৰ, হৰগৌৰী-সংবাদ

আত্ম পৰিচয়

হেম সৰস্বতীয়ে তেওঁৰ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ কাব্য গ্ৰন্থ দুখনত নিজৰ আত্ম পৰিচয় দিছে৷ কিন্তু দুয়োখনৰ মাজত কিছু প্ৰভেদ দেখা যায়৷

প্ৰহ্লাদ চৰিত্ৰ' অনুসৰি-

কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷
তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷
তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷

হৰগৌৰী-সংবাদ অনুসৰি-

ভূপ দুলৰ্ভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্বশাস্ত্ৰে পণ্ডিত সুজান৷
তাহান তনয় চাৰি ধনঞ্জয় আদি কৰি, ধ্ৰুৱ ভৈল কুলত প্ৰধান৷৷
অপৰ হেমন্ত কৰি হৰগৌৰীপদ সেৱি হেমসৰস্বতী ভৈল নাম৷

ইয়াৰপৰা জানিব পৰা দেউতাকৰ নাম 'পশুপতি' আৰু 'ৰুদ্ৰসৰস্বতী' একেজন মানুহ বুলিয়েই ঠাৱৰ কৰা হৈছে। হৰগৌৰী সংবাদত হেম সৰস্বতীৰ আন নাম 'হেমন্ত' বুলিও কোৱা হৈছে। হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ ল'ৰা আছিল৷ বাপেক ৰুদ্ৰসৰস্বতীও সংস্কৃতজ্ঞ আছিল৷ 'সৰস্বতী' উপাধিটো পাণ্ডিত্যসূচক।

কাব্যপুথি

হেম সৰস্বতীয়ে বামন-পুৰাণৰ পৰা এশ পদবিশিষ্ট "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷ ইয়াত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তিৰ বাবে কৰা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বৰ্ণনা পোৱা যায়। মাজে মাজে কাব্যখনত বিষ্ণু-ভক্তিৰ মাহাত্ম্য আৰু তত্বমূলক উপদেশ আছে। সেইবাবে 'প্ৰহ্লাদ চৰিত্ৰ'ক "প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ" বুলি কালিৰাম মেধিয়ে অভিমত প্ৰকাশ কৰিছে।

আনহাতে ৮৯৯ টা পদবিশিষ্ট "হৰগৌৰী-সংবাদ"ত কালিকা পুৰাণ, কুমাৰ সম্ভৱ, নৃসিংহ পুৰাণ আদি গ্ৰন্থৰ প্ৰভাৱ পৰিছে৷ ইয়াত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বৰ্ণনা আছে। এইখন পুথি কবিৰ পৰিণত বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়।

তথ্যসূত্ৰ

বৰ্হি সংযোগ

  • [1] Archived 2016-03-05 at the Wayback Machine Pre-Vaishnavite era of Assamese literature

Tags:

হেম সৰস্বতী আত্ম পৰিচয়হেম সৰস্বতী কাব্যপুথিহেম সৰস্বতী তথ্যসূত্ৰহেম সৰস্বতী বৰ্হি সংযোগহেম সৰস্বতী

🔥 Trending searches on Wiki অসমীয়া:

সুভাষ চন্দ্ৰ বসুদিহানামভূমি প্ৰদূষণৰঘুনাথ দাস মহন্তমহাভাৰতখ্ৰীষ্টান ধৰ্মআইনামসৌৰজগতঅসমীয়া লোক-সংস্কৃতিবাংলাদেশচন্দ্ৰকুমাৰ আগৰৱালাবঙালী ভাষাকলামিচিং জনগোষ্ঠীমৌলানা আব্দুল হামিদ খান ভাসানীৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানফিফা বিশ্বকাপনাট্য শাস্ত্ৰভাৰতীয় সংবিধানকাৰ্ল মাৰ্ক্সলখিমপুৰ জিলা৯ জুনশিক্ষামোহনদাস কৰমচান্দ গান্ধীঅৰবিন্দ ৰাজখোৱা (লেখক)ৰেখাঅনন্ত কন্দলিবীজগণিতৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘমনবেদবায়ু প্ৰদূষণবৰ্মণ ৰাজবংশৰাজনৈতিক দলসনজীদা খাতুননলিনীবালা দেৱীঅসমৰ শাক-পাচলিৰ তালিকাঅম্বিকাগিৰি ৰায়চৌধুৰীআৰতি ছাৰিনঅসমৰ চলচ্চিত্ৰনগাঁও জিলাৰামধেনুজাতীয়তাবাদচিলাৰায়নগাঁওব'হাগ বিহুশিৱসাগৰতেজকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাসোণোৱাল কছাৰীবিজ্ঞাপনড়ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫লোকসভাসংগীত নাটক একাডেমী বঁটাঅসমৰ ছপাশালকনকলতা বৰুৱানৱ-বৈষ্ণৱ ধৰ্মভাৰতৰ মুখ্য ন্যায়াধীশআত্মজীৱনীতাপগতি বিজ্ঞাননৰেন্দ্ৰ মোদীপঁচতি উৎসৱভূগোলঅসমীয়া বৰ্ণমালাবিষ্ণুপ্ৰসাদ ৰাভাৰাজিয়া চুলতানাৰোমান সাম্ৰাজ্যপৰিয়ালঅসম চাহপৰিমেয় সংখ্যা🡆 More