নগাঁও জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

নগাঁও জিলা (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা।

নগাঁও জিলা
—  জিলা  —
নগাঁও চহৰ.jpgনগাঁও চহৰৰ কিছু অংশ
নগাঁও জিলা: ব্যুৎপত্তি, ইতিহাস, ভাষা
অসমত নগাঁও জিলাৰ অৱস্থান
অসমত নগাঁও জিলাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°21′N 92°41′E / 26.35°N 92.683°E / 26.35; 92.683 92°41′E / 26.35°N 92.683°E / 26.35; 92.683
দেশ ভাৰত ভাৰত
ৰাজ্য অসম
সদৰ নগাঁও
মাটিকালি
 - মুঠ ৩,৮৩১ কি.মি. 
(১,৪৭৯.২ বৰ্গ মাইল)
জনসংখ্যা (২০০৯)
 - মুঠ ২৩,১৪,৬২৯ জন
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫.৩০)
অঞ্চল কোড 91-3672
আই এচ অ’ ৩১৬৬ কোড IN-AS-DB
ৱেবছাইট nagaon.gov.in

নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷

২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷

ব্যুৎপত্তি

আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাই এই অঞ্চলত নতুনকৈ কেইবাখনো গাওঁ পাতিছিল। নতুনকৈ পতা গাওঁকেইখনৰ বাবে এই ঠাডোখৰৰ নাম নগাঁও হৈছিল।

ইতিহাস

কছাৰীসকলৰ শাসন

কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷

বৰ্মন বংশৰ শাসনকালত

খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷

ভূঞাসকলৰ আগমন, আহোমৰ শাসনকাল আৰু নগাঁৱৰ নিৰ্মাণ

পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱাই কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও

ঊনৈশ শতিকাৰ নগাঁও

১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷

পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷

১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷

নগাঁও জিলা: ব্যুৎপত্তি, ইতিহাস, ভাষা 
নগাঁও মহাবিদ্যালয়ৰ সমীপত থকা নৱনিৰ্মিত ক্লক টাৱাৰটো

ভাষা

অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে।

জন গাঁথনি

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৮,২৬,০০৬ জন।
  • পুৰুষ সংখ্যা ১৪,৪০,৩০৭জন আৰু মহিলাৰ সংখ্যা ১৩,৮৫,৬৯৯ গৰাকী।
  • মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬২ জনী।
  • স্বাক্ষৰতাৰ হাৰ ৭২.৩৭%।
  • পুৰুষ শিক্ষিত ৭৬.৫১% আৰু মহিলাৰ শিক্ষিত হাৰ ৬৮.০৭%।
  • শিশু জনসংখ্যাৰ হাৰ (০-৬ বছৰৰ ভিতৰৰ)১৬.২৯%।
  • ল'ৰা শিশু (০-৬ বছৰৰ ভিতৰৰ)১৬.২৭%।
  • ছোৱালী শিশু (০-৬ বছৰৰ ভিতৰৰ)১৬.৩০%।

প্ৰশাসনিক গাঁথনি

মহকুমা

নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ

বিধানসভা আৰু লোকসভাৰ সমষ্টি

ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল-

আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ

নগাঁও জিলা: ব্যুৎপত্তি, ইতিহাস, ভাষা 
অসমৰ গৌৰৱ এশিঙীয়া গঁড়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

উন্নয়ন খণ্ড

নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে-

পৌৰসভা

নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷

ৰাজহ চক্ৰ

নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে-

  • নগাঁও
  • ৰহা
  • কামপুৰ
  • ধিং
  • ৰূপহী
  • চামগুৰি
  • কলিয়াবৰ

যাতায়ত

ৰাষ্ট্ৰীয় ঘাইপথ

ৰেল আস্থান

হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা

উল্লেখযোগ্য ব্যক্তি

উল্লেখযোগ্য স্থানসমূহ

শিক্ষানুষ্ঠান

বিশ্ববিদ্যালয়

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়

মহাবিদ্যালয়

কনিষ্ঠ মহাবিদ্যালয়

  • ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়
  • শঙ্কৰদেৱ কনিষ্ঠ মহাবিদ্যালয়
  • মাধৱদেৱ কনিষ্ঠ মহাবিদ্যালয়
  • আল্‌ফা বিটা কনিষ্ঠ মহাবিদ্যালয়
  • কলংপাৰ বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয়
  • মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়
  • ৰামাণুজন কনিষ্ঠ মহাবিদ্যালয়
  • কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়
  • কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়
  • চি ভি ৰমন কনিষ্ঠ মহাবিদ্যালয়
  • এন এ চি কনিষ্ঠ মহাবিদ্যালয়
  • জুৰীয়া কনিষ্ঠ মহাবিদ্যালয়
  • মডাৰ্ণ কনিষ্ঠ মহাবিদ্যালয়

ছবি-ভঁৰাল

তথ্য সংগ্ৰহ

Tags:

নগাঁও জিলা ব্যুৎপত্তিনগাঁও জিলা ইতিহাসনগাঁও জিলা ভাষানগাঁও জিলা জন গাঁথনিনগাঁও জিলা প্ৰশাসনিক গাঁথনিনগাঁও জিলা যাতায়তনগাঁও জিলা উল্লেখযোগ্য ব্যক্তিনগাঁও জিলা উল্লেখযোগ্য স্থানসমূহনগাঁও জিলা শিক্ষানুষ্ঠাননগাঁও জিলা ছবি-ভঁৰালনগাঁও জিলা তথ্য সংগ্ৰহনগাঁও জিলাঅসমইংৰাজী ভাষাকাৰ্বি আংলংগোলাঘাটডিমা হাছাও জিলাপশ্চিম কাৰ্বি আংলং জিলাব্ৰহ্মপুত্ৰভাৰতমৰিগাঁও জিলাশোণিতপুৰ জিলাহোজাই

🔥 Trending searches on Wiki অসমীয়া:

যোৰহাটশৰৎচন্দ্ৰ চট্টোপাধ্যায়মৃণাল কলিতাপ্ৰাকৃতিক সম্পদচৰাইভাৰতীয় শিল্পকলাবৰষুণমানৰ অসম আক্ৰমণযৌন নিৰ্যাতনভটিমাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাহেম সৰস্বতীঢোলযতি-চিনবিল গেট্‌ছমে ডাম মে ফিঅব্যয় পদমোপিন উত্‍সৱহিমন্ত বিশ্ব শৰ্মাপালি ভাষাগৰু বিহুগঙ্গা নদীবাৰ ভূঞামিচিং জনগোষ্ঠীৰ সাজপাৰমানৱ উন্নয়ন সূচকমূৰাৰা, ৰঙিয়াভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপৰিৱেশ তন্ত্ৰহেম বৰুৱা (ত্যাগবীৰ)যতীন বৰাবুৰঞ্জীনেতাই ধুবুনী ঘাটনলিনীবালা দেৱীঅসমৰ পৰম্পৰাগত খেল-ধেমালিপৰিৱেশ অধ্যয়নদৰং জিলাইষ্ট ইণ্ডিয়া কোম্পানীবিশ্বনাথ ঘাটশিক্ষাৰ অধিকাৰআকবৰচাহচুতীয়া ৰাজ্যসম্পাদনাভাৰত ত্যাগ আন্দোলনৰাতি বিহুমৃত্যুঞ্জয়বিহুৰ সাজ-পোচাক আৰু অলংকাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাতিৱা জনগোষ্ঠীশকুন্তলা (চলচ্চিত্ৰ)ইয়াত এখন অৰণ্য আছিলহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)ভাৰতীয় ৰেলমাটিৰ হিচাপআৰ্যভট্টপাৰিজাত হৰণ নাটডিব্ৰুগড় জিলামিচিং নৃত্য আৰু গীত মাতপথেৰ পাঁচালীশিৱসাগৰচিৰ চেনেহী মোৰ ভাষা জননীগণতন্ত্ৰউদাৰনৈতিকতাবাদভূপেন হাজৰিকাৰ সাহিত্যঅসম বৈভৱ বঁটালক্ষ্মীনন্দন বৰাগোলাঘাট জিলাধাতু আৰু অধাতুগণেশবকুল ফুলৰ দৰে (গ্ৰন্থ)পৰিস্থিতি বিজ্ঞানজল প্ৰদূষণনেপালী জনগোষ্ঠীসন্ধিনিৰ্মলপ্ৰভা বৰদলৈমানচিত্ৰ🡆 More