চলচ্চিত্ৰ শকুন্তলা: অসমীয়া চলচ্চিত্ৰ (১৯৬১)

শকুন্তলা (ইংৰাজী: Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ। ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। দুষ্মন্ত আৰু শকুন্তলাৰ ভূমিকাত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু অনিতা গুহই। ছয়বছৰীয়া বিদ্যা ৰাৱেও শিশু আশ্ৰম কন্যাৰ ভূমিকাত অভিনয় কৰিছে।

শকুন্তলা
Sakuntala
চলচ্চিত্ৰ শকুন্তলা: কাহিনী, শিল্পী আৰু কলা-কুশলী, গীত
শকুন্তলা বোলছবিৰ এখন ৰঙীন পোষ্টাৰ
পৰিচালক ভূপেন হাজৰিকা
প্ৰযোজক কাশী প্ৰসাদ বিহানী
অভিনয়ত পবিত্ৰ বৰকটকী
ইভা আচাও
সংগীত পৰিচালক ভূপেন হাজৰিকা
প্ৰযোজনা
কোম্পানীসমূহ
ইন্দ্ৰপুৰী, কলিকতা
মুক্তি
১১ নবেম্বৰ ১৯৬১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মূল ছবিখন ক’লা-বগা আছিল যদিও “প্ৰথম প্ৰহৰ ৰাত্ৰি” শীৰ্ষক গীতটো ৰঙীন ফিল্মত চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি।

কাহিনী

চলচ্চিত্ৰ শকুন্তলা: কাহিনী, শিল্পী আৰু কলা-কুশলী, গীত 
শকুন্তলাৰ ভূমিকাত অনিতা

কালিদাস ৰচিত অভিজ্ঞানম শকুন্তলমৰ প্ৰখ্যাত দুষ্মন্ত-শকুন্তলাৰ প্ৰেমকথাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।

হস্তিনাপুৰৰ ৰজা দুষ্মন্ত মৃগয়া কৰিবলৈ গৈ বাট হেৰুৱাই মহৰ্ষি কণ্বৰ আশ্ৰম ওলালগৈ। তাতে গৈ মহৰ্ষি কণ্বৰ তোলনীয়া জীয়ৰী শকুন্তলাক (ইভা আচাও) দেখা-সাক্ষাৎ হ’ল। দুয়োৰো মাজত অনুৰাগৰ জন্ম হ’ল আৰু দুয়ো গান্ধৰ্ব্য বিবাহ কৰি পেলালে। ইফালে ৰজা দুষ্মন্তৰো ৰাজধানীলৈ উভতিবৰ সময় হ’ল। তেওঁ আঙুঠি এটা শকুন্তলাক পিন্ধাই দিলে আৰু অচিৰেই ৰাজধানীলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি উভতি গ’ল। এদিন কণ্ব ঋষিৰ আশ্ৰমলৈ ভিক্ষা মাগিবলৈ আহিল খঙাল বুলি প্ৰসিদ্ধি থকা ঋষি দুৰ্বাসা। দুষ্মন্তৰ কথা ভাবি তন্ময় হৈ থকা শকুন্তলাই দুৰ্বাসাৰ মাত নুশুনিলে। খঙতে ঋষিয়ে অভিশাপ দিলে যে যাৰ কথা ভাবি থাকি ঋষিক অৱজ্ঞা কৰিলে, সেইজনেই শকুন্তলাক পাহৰি যাব। শেষত মন কুমলাত দুৰ্বাসা ঋষিয়ে উপায় এটা দিলে যে দুষ্মন্তই প্ৰথমে শকুন্তলাক চিনি নাপাব, কিন্তু কিবা এটা স্মৃতিচিহ্ন দেখুৱাব পাৰিলে তেওঁৰ পূৰ্বৰ কথা মনত পৰিব।

ইফালে দুষ্মন্তই নিবলৈ নহাত গৰ্ভৱতী শকুন্তলা নিজে হস্তিনাপুৰলৈ ওলাল। যাওঁতে দুষ্মন্তই দিয়া আঙুঠিটো নৈত পৰি হেৰাই থাকিল। ৰজাই তেওঁক চিনি নাপালে আৰু অপমান কৰি ঘূৰাই পঠিয়ালে। শকুন্তলাই ভগ্ন হৃদয়ে উভতি আহিল আৰু এটা পুত্ৰসন্তান জন্ম দিলে। ঘটনাক্ৰমে আঙুঠিটো এজন মাছমৰীয়াই এটা মাছৰ পেটত পালে। ৰাজকীয় চিহ্নযুক্ত আঙুঠিটো মাছমৰীয়াজনে চুৰ কৰা বুলি তাক ৰাজসভালৈ ধৰি লৈ আহিল। আঙুঠিটো দেখি ৰজা দুষ্মন্তৰ সকলো কথা মনত পৰিল।

পুত্ৰসন্তান সহ শকুন্তলাক দুষ্মন্তই হস্তিনাপুৰলৈ লৈ আহিল।

শিল্পী আৰু কলা-কুশলী

  • প্ৰযোজক- কাশী প্ৰসাদ বিহানী
  • বেনাৰ- কামৰূপ চিত্ৰ, কলিকতা
  • পৰিচালক, সঙ্গীত পৰিচালক, গীতিকাৰ- ভূপেন হাজৰিকা
  • কেমেৰা- ৰাধা ফিল্মচ্, কলিকতা
  • ষ্টুডিঅ'- ইন্দ্ৰপুৰী ষ্টুডিঅ', কলিকতা
  • শব্দ- অৱণী চেতাৰ্জী
  • মেকআপ- অনন্ত দাস
  • অভিনয়
  1. পবিত্ৰ বৰকটকী (দুষ্মন্ত)
  2. অনিতা (শকুন্তলা)
  3. খগেন মহন্ত
  4. ইভা আচাও (শকুন্তলাৰ বান্ধৱী অনসূয়া)
  5. ফণী শৰ্মা (ঋষি দুৰ্বাষা)
  6. বিদ্যা ৰাও (শিশুশিল্পী)

গীত

ছবিখনত মুঠ ৬টা গীত আছিল। গীতৰ সুৰ আৰু কথা আছিল ভূপেন হাজৰিকাৰ।

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
অলৌগুটি তলৌগুটি কোন ক’ত লটিঘটি কচুপাতৰ লাই, যিহাতে আঙুঠি নাই সেই হাতে কেনেকৈ পায় ভূপেন হাজৰিকা ভূপেন হাজৰিকা, ইলা বোস
প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা, শুনা সখী শকুন্তলা তুলি বান্ধা খোপা ভূপেন হাজৰিকা কবিতা হাজৰিকা,ইলা বোস
বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী, জোনক দেখি হাঁসে সখী নিজকে পাহৰি ভূপেন হাজৰিকা ভূপেন হাজৰিকা
নৱ মল্লিকাৰ হেঁপাহ জানো পলাব মালিনী নৈতে ৰূপ চাই চাই, শকুন্তলা আইৰ জানো দেহাটি শীতলিব পদুমৰে পৰশন পাই ভূপেন হাজৰিকা ইলা বোস, অনামিকা দেৱী
পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায়, দুই পাৱ চলে যদি এক পিছুৱাই ভূপেন হাজৰিকা ভূপেন হাজৰিকা
বনৰে পখিটি, তোমাৰ লগৰীয়া আমাৰে জোনটি পদুমৰে কলিটি ভূপেন হাজৰিকা ইলা বোস

বঁটা আৰু সন্মান

১৯৬১ৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শকুন্তলাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰে।

তথ্য উংস

Tags:

চলচ্চিত্ৰ শকুন্তলা কাহিনীচলচ্চিত্ৰ শকুন্তলা শিল্পী আৰু কলা-কুশলীচলচ্চিত্ৰ শকুন্তলা গীতচলচ্চিত্ৰ শকুন্তলা বঁটা আৰু সন্মানচলচ্চিত্ৰ শকুন্তলা তথ্য উংসচলচ্চিত্ৰ শকুন্তলাইংৰাজী ভাষাকলকাতাকালিদাসবিদ্যা ৰাও (অভিনেত্ৰী)ভূপেন হাজৰিকাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

ৰুক্মিণী হৰণ নাটভাৰতীয় সাহিত্যপিম্পৰা গুচোৱামাটিৰ হিচাপ২৭ এপ্ৰিলভাৰতৰ স্বাধীনতা আন্দোলনচৰাইনগাঁও (লোকসভা সমষ্টি)কোণখ্ৰীষ্টান ধৰ্মঅসমৰ চলচ্চিত্ৰকাৰ্বি আংলং জিলাবড়ো জনগোষ্ঠীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমীয়া লোকসাহিত্যমৌলিক সংখ্যাভাৰতীয় ৰেলহুঁচৰিজ্যোতিপ্ৰসাদ ৰচনাৱলীহিন্দী ভাষাগোৱালপাৰা জিলাআহোম জনগোষ্ঠীকাতি বিহুঘৰকৃষিআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ বাঁহ-বেতৰ শিল্পগগৈব’হাগপাচনমহামায়া ধামঅসমীয়া পুৰণি সাহিত্যতেজনলবাৰী জিলাশদিয়ানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কোকৰাঝাৰ (লোকসভা সমষ্টি)ব্ৰহ্মপুত্ৰ নদযতি-চিনঅৰ্জুন ভঞ্জনড়হাড়বিশেষ্য পদসূৰ্যকুমাৰ ভূঞাকামৰূপ ৰাজ্যঅংকীয়া নাটগোৱালপৰীয়া লোকগীতঅসমৰ পৰম্পৰাগত সাজ- পাৰডিব্ৰুগড় জিলাআনন্দৰাম ঢেকিয়াল ফুকনতলাতল ঘৰযৌগিক সংখ্যাভাৰতীয় নাগৰিকত্ব আইনৰোমাণ্টিক কবিতাব্যাকৰণলভিতাৰমন্যাসবাদসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিল গেট্‌ছকানাই বৰশী বোৱা শিলালিপিঅপভ্ৰংশধ্যান চান্দঅসমীয়া ব্যাকৰণচন্দ্ৰকুমাৰ আগৰৱালাবিষ্ণুপ্ৰসাদ ৰাভাসমাজতত্ত্বধৰিত্ৰী দিৱস🡆 More