নিৰ্বাচিত প্ৰবন্ধ |
---|
আকাশবাণী গুৱাহাটী হ'ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলা হয়। ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলিকতা কেন্দ্ৰযোগেও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক পিছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। ( ইয়াত বিতংকৈ পঢ়ক) | আপুনি জানেনে... |
---|
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন - ...যে ১৯৮৪ চনৰ এপ্ৰিল মাহত মৌচাক আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল?
- ...যে ছিক্কিমে ১৯৭৫ চনত পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পাইছিল?
- ...যে নৱকান্ত বৰুৱাই সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল?
| নিৰ্বাচিত চিত্ৰ |
---|
 | | দেওধনী নৃত্য পৰিৱেশন কৰি থকা অৱস্থাত এগৰাকী শিল্পী দেওধনী নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকল যেনে: বড়ো, তিৱা, পাতিৰাভা, ডিমাছা, মিচিংসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাইখাতী, সুবচনী, বুঢ়ী গোঁসানী ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত সুকনানী (সুকবি নাৰায়ণী) আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য্য।আলোকচিত্ৰ শিল্পী: ৰমেশ লালৱানী পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
|
| | |