গোৱালপৰীয়া লোকগীত

গোৱালপৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিক ভাবে গোৱালপৰীয়া লোকগীতৰ এলবাম মুক্তি দিয়া হয়। কেইজনমান বিখ্যাত গোৱালপৰীয়া লোকগীতৰ শিল্পী হ’ল - আল্লাউদ্দীন সৰকাৰ, হামিদা সৰকাৰ, আব্দুল জব্বাৰ, ৰহিমা বেগম কলিতা ইত্যাদি। তদুপৰি জনপ্ৰিয় গায়ক যেনে - ড॰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, অংগৰাগ মহন্ত আদিয়েও বহুতো জনপ্ৰিয় গোৱালপৰীয়া লোকগীত গাইছে। গোৱালপৰীয়া বুলি অসমত প্ৰচলিত গীত বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ অঞ্চল আৰু পশ্চিম বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ, দাৰ্জিলিংত ভাওয়াইয়া গীত বুলি স্বীকৃত।

বৰ্ণনা আৰু প্ৰকাৰ

গোৱালপাৰীয়া লোকগীত কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত নহয়। সাধাৰণতে প্ৰেম গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু। তাৰ লগতে জন-জীৱনৰ দৃশ্য, কৃষি, ঈশ্বৰ বন্দনা, দৰ্শন, হাতী বিষয়ক অনেক লোকগীত পোৱা যায়। বিষয় আৰু সাংগীতিক বৈশিষ্ট্য অনুসৰি ইয়াক কেইবাটাও উপভাগত বিভক্ত কৰা হৈছে। তাৰে ভিতৰত প্ৰধান ভাগ দুটা হ’ল- ভৱাইয়া আৰু চাটক। আৰু দুটা ভাগ হ’ল- মৈশালী আৰু মাউত। গোৱালপাৰীয়া লোকগীত সাধাৰণতে সমবেত হৈ গোৱা হয় যদিও এককভাৱেও গোৱা দেখা যায়। গোৱালপাৰীয়া লোকগীত প্ৰধান বাদ্য হ’ল দোতোৰা। ইয়াৰ লগতে তাল, বাঁহী, একতাৰা, বিশেষ প্ৰকাৰৰ নাগেৰা, ইত্যাদি বিভিন্ন প্ৰকাৰৰ লোকবাদ্য ব্যৱহাৰ কৰা হয়।

ভাওয়াইয়া

ভাওয়াইয়া গীত সাধাৰণতে প্ৰেম বিষয়ক। সংস্কৃত শব্দ ভাবৰ পৰা এই নাম উৎপত্তি হৈছে। এই গীতবোৰ ভাব প্ৰধান আৰু সাধাৰণতে বাস্তৱধৰ্মী। ভৱাইয়া গীতৰ প্ৰেম সাধাৰণতে পৰিপক্ব তথা প্ৰেমিক বা গিৰিয়েকৰ বিষয়ক।

চাটক

চাটক গীতবোৰৰ বিষয়বস্তু ভৱাইয়া গীতৰ অনুৰূপ নহয়। চাটক গীতৰ মূল বিষয় একক প্ৰেম নহয়। এইবোৰ গীত বাস্তৱধৰ্মিতকৈ বেছি ধেমেলীয়া। বৌ-দেৱৰেকৰ সমন্ধ বা অন্যান্য সমন্ধৰ প্ৰতিফলন এই গীতৰ মাজত দেখা যায়।

লগতে চাওক

তথ্য উৎস

বাহ্যিক সংযোজন

Tags:

গোৱালপৰীয়া লোকগীত বৰ্ণনা আৰু প্ৰকাৰগোৱালপৰীয়া লোকগীত লগতে চাওকগোৱালপৰীয়া লোকগীত তথ্য উৎসগোৱালপৰীয়া লোকগীত বাহ্যিক সংযোজনগোৱালপৰীয়া লোকগীতঅংগৰাগ মহন্তঅসমকোচবিহাৰজুবিন গাৰ্গপশ্চিম বংগপ্ৰতিমা পাণ্ডে বৰুৱাবাংলাদেশভূপেন হাজৰিকা

🔥 Trending searches on Wiki অসমীয়া:

ফলৰ তালিকাপিঠাঅসমীয়া ভাষাৰ শব্দসম্ভাৰগগৈঅসমৰ সাধুকথাবুলু ফিল্মঅসমৰ জাতীয় গীতগোলকীয় উষ্ণতা বৃদ্ধিহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাহিমাংশু প্ৰসাদ দাসউইলিয়াম শ্বেইকছপীয়েৰভাৰতীয় মহাকাশ গৱেষণা সংস্থাব্যষ্টিবাদী অৰ্থনীতিৰঙিয়া ৰেলৱে সংমণ্ডলমঙ্গলদৈ (লোকসভা সমষ্টি)পালি ভাষাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনধৰ্মদামোদৰ দেৱপ্ৰদূষণমৃণাল কলিতাঅসমৰ লোকবাদ্যবাজেটশিৱসাগৰগাঁও পঞ্চায়তঘিলাধাৰী ঘাটৰ সন্ধিতথ্য জনাৰ অধিকাৰ আইন, ২০০৫সাত বিহুডিগবৈ তেল শোধনাগাৰবসন্ত ঋতুজয়মতী কুঁৱৰীভূমি প্ৰদূষণগায়ন-বায়ননলবাৰী জিলাএলবাৰ্ট আইনষ্টাইনচৰাইপ্ৰাকৃতিক দুৰ্যোগহেম বৰুৱাজৈৱ বৈচিত্ৰ্যবৰগীতমুখমৈথুনতিৱা জনগোষ্ঠীঅমিয় কুমাৰ ভূঞাউগ্ৰতাৰা দেৱালয়পৰ্যটনজিকিৰচামেলি মেমচা'বগাখীৰবায়ু প্ৰদূষণজলসিঞ্চনমহাভাৰত২৪ এপ্ৰিলমোহনদাস কৰমচান্দ গান্ধীকৃষ্ণকান্ত সন্দিকৈশকুন্তলাৰজনীকান্ত বৰদলৈঅৰ্কিডতুলসীভাৰতীয় ৰেলতথ্যভাৰতীয় নাগৰিকত্ব আইনলোকাচাৰনাগৰিকত্বকৃষিলখিমপুৰ (লোকসভা সমষ্টি)ফাকে জনগোষ্ঠীবহুকোষী জীৱ🡆 More