অসমীয়া ভাষাৰ শব্দসম্ভাৰ

ভাষাৰ প্ৰকাশিকা শক্তি প্ৰধানকৈ শব্দসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে। যি ভাষাৰ শব্দসম্ভাৰ চহকী সেই ভাষাৰ প্ৰকাশিকা শক্তিও বেছি। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা বাবে ইয়াত প্ৰয়োগ হোৱা অধিকাংশ শব্দ‌ই সংস্কৃতমূলীয়।

অসমীয়া শব্দমালাৰ ভাগ

  1. তৎসম
  2. অৰ্ধতৎসম
  3. তদ্ভৱ
  4. দেশী
  5. বিদেশী

তৎসম শব্দ

সংস্কৃত ভাষাৰ পৰা অবিকৃত ৰূপত অসমীয়া ভাষালৈ অহা শব্দবোৰকে তৎসম শব্দ বোলে। যেনে-সূৰ্য, ধৰ্ম, কৰ্ম, বৰ্ষা, দৰ্শন, প্ৰীতি, ঈশ্বৰ, বন্ধু, সৌন্দৰ্য, মাধুৰ্য, প্ৰাচুৰ্য, গাম্ভীৰ্য আদি।

অৰ্ধতৎসম শব্দ

সংস্কৃতৰ পৰা শব্দসমূহ অসমীয়া ভাষাত প্ৰৱেশ কৰোঁতে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আহিছে। তৎসম শব্দৰ বাহিৰেও সংস্কৃতমূলীয় বহুটো শব্দ আছে যিবোৰে উচ্চাৰণৰ তাৰতম্যৰ বাবে কিছু অপভ্ৰংশ ৰূপ লাভ কৰে। ফলত শব্দবোৰে সংস্কৃতো নহয় অসমীয়াও নহয় এনে এটা ৰূপ লাভ কৰে। এনেবোৰ শব্দকে অৰ্ধতৎসম শব্দ বোলে। যেনে-কৰম, ধৰম, চেনেহ, শ‍ইচ, ভকতি, যতন, পীৰিতি, দৰশন, ৰতন আদি।

তদ্ভৱ শব্দ

অসমীয়া ভাষাত ব্যৱহৃত অধিকাংশ শব্দ‍ই সংস্কৃত ভাষাৰ পৰা অহা। এই শব্দবোৰে ধ্বনি পৰিৱৰ্তনৰ নিয়ম মানি প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়া ৰূপ লৈছেহি। এনে শব্দবোৰেকেই তদ্ভৱ শব্দ বোলা হয়। যেনে-হাত, কাণ, সাপ, দাঁত, পদুম, আধা, ভাই, কাম, হাতী, সঁচা, মিছা, খায়, কয়, পঢ়ে, মাছ, কাছ, ভাল,‌ নাক, ঘৰ আদি।

দেশী শব্দ

অসমীয়া শব্দমালাত সংস্কৃতমূলীয় শব্দসমূহৰ বাহিৰেও অসমত বসবাস কৰা আৰ্যভিন্ন নৃগোষ্ঠীসমূহৰ মাজত প্ৰচলিত (ঘাইকৈ বড়ো,খাচি,কোল,আহোম)বিভিন্ন ভাষাৰ পৰা অহা শব্দৰ প্ৰচলন দেখিবলৈ পোৱা যায়। সেইবোৰ শব্দক দেশী শব্দ বোলা হয়। যেনে-কাবৌ, খং, জঞ্জাল, জহা, বোকা, চিকৰা, গোহাৰি আদি।

বিদেশী শব্দ

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বহুতো শব্দ ভাৰতৰ বাহিৰ পৰা আহিছে। সেইবোৰক বিদেশী শব্দ বোলা হয়। বিদেশী শব্দৰ উৎস দুটা। এটা ফাৰ্চী-আৰবী আৰু আনটো ইউৰোপীয় ভাষা। মুছলমান আক্ৰমণ আৰু মুছলমান বসতিৰ ফলত আৰবী-ফাৰ্চী শব্দ আমাৰ ভাষাত জীণ গৈছে। যেনে-কিতাপ, দোৱাত, আইন, আদালত, খাজনা ইত্যাদি। ইউৰোপীয় শব্দাৱলীৰ ভিতৰত ইংৰাজী শব্দৰ সংখ্যাই বেছি। তাৰ বাহিৰে,ফ্ৰেন্স, ওলন্দাজ, পৰ্টুগীজ আদিৰ দুই চাৰিটা শব্দও প্ৰবেশ কৰিছে। যেনে- কাৰ্তিজ, কুপন, চাবন, হৰ্তন, ৰোহিতন, ইস্কাপন, বুটাম, ৰিক্সা আদি।

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  1. ৰাজখোৱা, অৰবিন্দ [সম্পা.], যোগাযোগমূলক অসমীয়া, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৯
  2. শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণ, ২০১৮

Tags:

অসমীয়া ভাষাৰ শব্দসম্ভাৰ অসমীয়া শব্দমালাৰ ভাগঅসমীয়া ভাষাৰ শব্দসম্ভাৰ তথ্যসূত্ৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰ গ্ৰন্থপঞ্জীঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংস্কৃত

🔥 Trending searches on Wiki অসমীয়া:

বিহুৰ খাদ্যকাৰ্বি ভাষাক্ৰিকেটমালিনী থানদিখৌ নদীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যকৃষিআউনীআটী সত্ৰফকৰা যোজনাকোষ (জীৱবিজ্ঞান)বৃহস্পতি গ্ৰহগোলাঘাট জিলাকমলাকান্ত ভট্টাচাৰ্য্যউইলিয়াম শ্বেইকছপীয়েৰঅৰূপা পটংগীয়া কলিতাগোৱালপাৰা জিলাকপৌ ফুলঅসমৰ বনৌষধিপঞ্চায়তী ৰাজমই আৰু নেফাউপনিষদঅসমীয়া ভাষা আন্দোলনঅসমত দেখা চৰাইবোৰতলাতল ঘৰ২৭ এপ্ৰিলভাৰতৰ সংবিধানপদাৰ্থৰ অৱস্থাপুতলা নাচদ্বিতীয় বিশ্বযুদ্ধনাৰীভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানৰামধেনু (আলোচনী)অসমৰ সত্ৰসমূহৰ তালিকাব্ৰহ্মপুত্ৰ উপত্যকাবড়ো জনগোষ্ঠীসেউজ গৃহ প্ৰভাৱলোকসভাঅসমীয়া লোকসাহিত্যবিহুৰ সাজ-পোচাক আৰু অলংকাৰব্যষ্টিবাদী অৰ্থনীতিভাৰতীয় সাহিত্যশব্দঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাজল প্ৰদূষণ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনসমোচ্চাৰিত শব্দদাঁতইয়াত এখন অৰণ্য আছিলঅসমীয়া জাতিজোৰোণডিমাছা জনগোষ্ঠীশীতল যুদ্ধহেমচন্দ্ৰ বৰুৱাকানাই বৰশী বোৱা শিলালিপিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলসতীশামুকইয়াণ্ডাবু সন্ধিবতৰভাৰতৰ ইতিহাসগৰু বিহুলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভবেন্দ্ৰ নাথ শইকীয়াসংক্ৰমণপাইথাগোৰাছৰ উপপাদ্যৰুদ্ৰেশ্বৰ দেৱালয়২০২১ৰ অসম বিধানসভা নিৰ্বাচনদৰ্শনৰামমোহন ৰায়অসম সাহিত্য সভাগগনাজল সংৰক্ষণগৌতম বুদ্ধকথা কবিতাকাৰেংঘৰমিত্ৰদেৱ মহন্ত🡆 More