দাঁত

দাঁত (ইংৰাজী: Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।

দাঁত
মানুহৰ দাঁতৰ লম্বছ্ছেদত বিভিন্ন অংশসমূহ

দাঁতৰ প্ৰকাৰ

  1. কৃন্তক (incisor)
  2. ছেদক (canine)
  3. পুৰঃপেষক (premolar)
  4. পেষক (molar)।

এই ধৰণৰ দন্তবিন্যাসক হেটাৰ'ডণ্ট (heterodont) বোলে। অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে মানুহৰ জীৱন কালত দুই প্ৰকাৰৰ দন্ত দেখা যায়: দুগ্ধদন্ত (milk teeth) আৰু স্থায়ীদন্ত (permanent teeth)। ছমাহ বয়সৰ পৰা দুবছৰ বয়সলৈকে দুগ্ধদন্ত ওলায়। পিছত ৬-১২ বছৰৰ ভিতৰত দুগ্ধদন্ত সৰি যায় আৰু তাৰ ঠাইত স্থায়ীদন্তৰ সৃষ্টি হয়। জীৱন কালত দুই ধৰণৰ দন্ত থকা বাবে ইহঁতৰ দন্তক ডাইফিঅ'ডন্ত (diphyodont) বোলে।

দাঁতৰ আকৃতি

মানুহৰ দুয়োটা হনুত দাঁত থাকে। প্ৰতিটো দাঁতত তিনিটা অংশ থাকে-

  • ক্ৰাউন বা দন্তচূড়া (crown): দাঁতৰ আলুৰ ওপৰত ওলাই থকা অংশটোক ক্ৰাউন বোলে। ক্ৰাউন অংশ অতি টান এনামেল (enamel) ৰ দ্বাৰা আবৃত।
  • গ্ৰীৱা: দন্তমূল আৰু ক্ৰাউনৰ মধ্যৱৰ্তী অংশক গ্ৰীৱা বোলে। এই অংশ দাঁতৰ আলুৰ ভিতৰত সোমাই থাকে।
  • দন্তমূল (root): দাঁতৰ দন্তমূল অংশ হনুত থকা গাঁতৰ ভিতৰত সোমাই থাকে। দন্তমূল অংশ টান চিমেণ্টৰ দ্বাৰা অস্থিৰ লগত লগ লাগি থাকে। কৃন্তক আৰু ছেদক দন্তৰ এটাকৈ দন্তমূল থাকে। উৰ্দ্ধপেষকবোৰৰ তিনিটাকৈ আৰু নিম্নেষক দন্তবোৰৰ দুটাকৈ দন্তমূল থাকে।

দন্ত সংকেত

যি সংকেতৰ দ্বাৰা প্ৰতি হনুত থকা দাঁতৰ সংখ্যা আৰু বিন্যাস (arrangement) বুজাব পাৰি,তাক দন্ত সংকেত (dental formula) বোলা হয়। মানুহৰ দুগ্ধদন্ত আৰু স্থায়ীদন্তৰ দন্ত সংকেত-

দুগ্ধদন্ত-কৃ:২/২; ছে: ১/১; পু:পে: ০/০; পে: ২/২ = ৫/৫ × ২= ২০

স্থায়ীদন্ত-কৃ: ২/২; ছে: ১/১; পু:পে ২/২; পে: ৩/৩= ৪/৪ × ২= ৩২

তথ্য সংগ্ৰহ

Tags:

দাঁত ৰ প্ৰকাৰদাঁত ৰ আকৃতিদাঁত দন্ত সংকেতদাঁত তথ্য সংগ্ৰহদাঁতইংৰাজী ভাষাপ্ৰাণীমেৰুদণ্ডী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

মহাভাৰতআজান পীৰৰ দৰগাহৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকলিতা জনগোষ্ঠীৱাশ্বিংটন ডি.চি.চাহবন্দে মাতৰম্‌সেউজ গৃহ প্ৰভাৱবিশ্ব বাণিজ্য সংস্থাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটামনগদ্যWhat is A Dscr Loan?ৰাণী গাইডিনলিউকাঞ্চন (উপন্যাস)জয়মতী কুঁৱৰী (নাটক)সোণভাৰতীয় ৰিজাৰ্ভ বেংকবৰহমথুৰিআন্তৰ্জাতিক নাৰী দিৱসশকুন্তলা (চলচ্চিত্ৰ)প্ৰকৃতিৱিকিপিডিয়াএশিঙীয়া গঁড়প্ৰযুক্তিভাৰতীয় জনতা পাৰ্টিসংখ্যাভাৰতীয় জাতীয় কংগ্ৰেছজেৰুজালেমচ্যু-খ্ৰং-ফাযোৰহাটঅসমৰ সাহিত্যিকসকলৰ তালিকাৰাভা জনগোষ্ঠীএংকৰ ৱাটঅসমৰ কুঁহিলা শিল্পকলীয়াভোমোৰা সেতুঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহঅণুবীক্ষণ যন্ত্ৰভাৰতত বাল্য বিবাহআধুনিকতাবাদগামোচাঝুমুৰদেওধাই অসম বুৰঞ্জীহিচাপবিদ্যাঅসমলৈ মুছলমান সকলৰ প্ৰবজনজ্যোতিপ্ৰসাদ আগৰৱালাকপিলীপৰীয়া সাধুমানৱ শৰীৰসময়মহা মৃত্যুঞ্জয় মন্দিৰঅংগনবাদীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকানৰেন্দ্ৰ মোদীসত্য প্ৰসাদ বৰুৱাচীনকলাজৈন ধৰ্মভূমি প্ৰদূষণচীনৰ মহাপ্ৰাচীৰসাহিত্য সমালোচনাচাহেবপুৰাৰ বৰষুণদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডউপভাষাঅভিজ্ঞানম শকুন্তলমঅসমৰ কাঁহ শিল্পঅসম বিধানসভাওজাপালিপানীঅসমীয়া খাদ্যাভ্যাসপিয়লি ফুকনসম্ৰাট অশোকজতুৱা ঠাঁচফিফা বিশ্বকাপবেদান্তলক্ষ্মীনন্দন বৰামাধৱ কন্দলি🡆 More