প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।
|
|
এনিমেল (Animal) শব্দটো লেটিন এনিমেলিছ (animalis) শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" (উশাহ লোৱা)। সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে (Animal = জন্তু) মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই। কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্যকে বুজাই।
কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰাণী সমূহক অন্য জীৱৰ পৰা পৃথক কৰে। প্ৰাণীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত বেক্টেৰিয়া আৰু প্ৰটিষ্টাৰ পৰা পৃথক। ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে। কোষবেৰ নাই বাবে ইহঁত উদ্ভিদ, ভেঁকুৰ আৰু শেলাইৰ পৰা পৃথক। সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম)। প্ৰাণী সমূহৰ এটা বিশেষ বৈশিষ্ট্য হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে।
প্ৰাণীজগতক ৩৫টা পৰ্বত ভাগ কৰা হৈছে।
পৰ্ব | অৰ্থ | সাধাৰণ নাম | চাৰিত্ৰিক বৈশিষ্ট | প্ৰজাতিৰ বিৱৰণ |
Acanthocephala | কাঁইটিয়া মূৰযুক্ত কৃমি | কাঁইটিয়া মূৰযুক্ত কৃমি | কেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকে | প্ৰায় ৭৫৬ |
Acoelomorpha | খাদ্যনলীবিহিন | Acoels | মুখ বা খাদ্যনলী নাথাকে | — |
Annelida | সৰু আঙুঠি | বলয়ী প্ৰাণী | দেহটো বলয়েৰে গঠিত | ১৭,০০০+ বিদ্যমান |
Arthropoda | সন্ধিযুক্ত ভৰি | সন্ধিপদী প্ৰাণী | কাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত | ১১,৩৪,০০০+ |
Brachiopoda | Arm foot | খোলা ধাৰী | Lophophore and pedicle | ৩০০-৫০০ বিদ্যমান |
Bryozoa | মছ সদৃশ প্ৰাণী | মছ সদৃশ প্ৰাণী, সাগৰীয় দলিচা | Lophophore, no pedicle, ciliated tentacles, anus outside ring of cilia | ৫,০০০ বিদ্যমান |
Chaetognatha | দীঘল কেশৰৰ পাৰি (jaw) | শৰ কৃমি | মূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকে | প্ৰায় ১০০ বিদ্যমান |
ক'ৰডাটা | মেৰুদণ্ডী | মেৰুদণ্ডী প্ৰাণী | ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকে | প্ৰায় ১,০০,০০০+ |
Cnidaria | শুংযুক্ত গছ (nettle) | Coelenterates | শুংযুক্ত কোষ (stinging cells) | প্ৰায় ১১,০০০ |
Ctenophora | ফণিধাৰী | ফণি জেলী | সংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকে | প্ৰায় ১০০ বিদ্যমান |
Cycliophora | Wheel carrying | Symbion | চিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ | ৩+ |
Echinodermata | কাঁইটীয়া চাল | কণ্টকচৰ্মী | Fivefold radial symmetry in living forms, mesodermal calcified spines | প্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত |
Entoprocta | অন্তঃ পায়ুযুক্ত | পিয়লা সদৃশ প্ৰাণী | চিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকে | প্ৰায় ১৫০ |
Gastrotricha | Hair stomach | Meiofauna | দুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube) | প্ৰায় ৬৯০ |
Gnathostomulida | হনুযুক্ত মুখ | Jaw worms | — | প্ৰায় ১০০ |
Hemichordata | অৰ্ধ ৰজ্জু | Acorn worms, pterobranchs | Stomochord in collar, pharyngeal slits | প্ৰায় ১০০ বিদ্যমান |
Kinorhyncha | Motion snout | Mud dragons | পৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্ত | প্ৰায় ১৫০ |
Loricifera | কৱচ ধাৰী | Brush heads | দুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকে | প্ৰায় ১২২ |
Micrognathozoa | সূক্ষ্ম হনুযুক্ত | — | এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ | ১ |
Mollusca | কোমল | কোমলদেহী | পেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে | ১,১২,০০০ |
Nematoda | সূতাৰ দৰে | ঘুৰনীযা কৃমি | ঘূৰণীয়া প্ৰস্থচ্ছেদ, keratin cuticle | ৮০,০০০–১০,০০,০০০ |
Nematomorpha | Thread form | Horsehair worms | — | প্ৰায় ৩০০ |
Nemertea | A sea nymph | ফিতা কৃমি | — | প্ৰায় ১,২০০ |
Onychophora | নখ ধাৰী | Velvet worms | ভৰিৰ শেষাংশত কাইটিনৰ নখ থাকে | প্ৰায় ২০০ বিদ্যমান |
Orthonectida | পোনে পোনে সাতুৰা | — | প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকে | প্ৰায় ২০ |
Phoronida | যীয়ুছৰ (Zeus) পত্নী | Horseshoe worms | খাদ্যনলী ইউ-আকৃতিৰ (U-shaped) | ১১ |
Placozoa | চেপেতা জন্তু | — | — | ১ |
Platyhelminthes | চেপেটা কৃমি | চেপেটা কৃমি | — | প্ৰায় ২৫,০০০ |
Porifera* | ৰন্ধ্ৰী | Sponges | ছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে | ৫,০০০+ বিদ্যমান |
Priapulida | সৰু প্ৰায়াপাছ (Priapus) | — | — | ১৬ |
Rhombozoa | Lozenge animal | — | Single anteroposterior axial cell surrounded by ciliated cells | ৭৫ |
Rotifera | চক্ৰ ধাৰী | Rotifers | শৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকে | প্ৰায় ২,০০০ |
Sipuncula | সৰু নলী | Peanut worms | মুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে | ১৪৪–৩২০ |
Tardigrada | লেহেমীয়া খোজ | Water bears | দেহ আৰু মূৰ চাৰি ভাগত বিভক্ত | ১,০০০+ |
Xenoturbellida | আচৰিত চেপেটা কৃমি | — | চিলিয়াযুক্ত deuterostome | ২ |
মুঠ: ৩৫ | ২০,০০,০০০+ |
Animaliaৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পত অধিক জানক: | |
সংজ্ঞা আৰু অনুবাদ ৱিক্স্যনেৰীৰ পৰা | |
চিত্ৰ আৰু মিডিয়া কমন্ছৰ পৰা | |
শৈক্ষিক সমল ৱিকিভাৰ্চিটীৰ পৰা | |
নতুন খবৰ ৱিকিনিউজৰ পৰা | |
উক্তি ৱিকিকোৱ'টৰ পৰা | |
উত্স পাঠ্য ৱিকিচ'ৰ্ছৰ পৰা | |
পাঠ্যপুথি ৱিকিবুক্ছৰ পৰা |
This article uses material from the Wikipedia অসমীয়া article প্ৰাণী, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.