বিশ্ব প্ৰাণী দিৱস

বিশ্ব প্ৰাণী দিৱস বিশ্বৰ সমুদায় প্ৰাণীকূলৰ অধিকাৰ আৰু কল্যাণৰ বাবে পালন কৰা আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ৪ তাৰিখে প্ৰাণীৰ চেইণ্ট, এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।

বিশ্ব প্ৰাণী দিৱস
World Animal Day
বিশ্ব প্ৰাণী দিৱস World Animal Day
বিশ্ব প্ৰাণী দিৱসৰ ল'গ'
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ৪ অক্টোবৰ
অৱধি এদিন
সংঘটন বছৰেকীয়া

লক্ষ্য

বিশ্ব প্ৰাণী দিৱসৰ আনুষ্ঠানিক ৱেবছাইটৰ মতে মূল লক্ষ্য হল, "পৃথিৱীৰ প্ৰতিটো প্ৰান্তত প্ৰাণীৰ কল্যাণৰ মাধ্যমৰে স্থিতি উন্নীত কৰা, প্ৰাণী কল্যান আন্দোলনক সবল কৰা, ইয়াক আন্তৰ্জাতিক স্তৰত এক ক্ষমতালৈ উন্নীত কৰি প্ৰতিটো জীৱৰ বাবে ভাল বাসস্থান গঢ়ি তোলা। দেশ, বৰ্ণ, ধৰ্ম,বিশ্বাস আৰু ৰাজনৈতিক মতাদৰ্শ নামানি ইয়াক বিভিন্ন দেশত বিভিন্ন ধৰণে পালন কৰা হয়। শিক্ষাৰ মাধ্যমেৰে আমি জনসচেতনতা বৃদ্ধি কৰিবা পাৰো যত প্ৰাণী সকলৰ অধিকাৰ তেওঁলোকৰ প্ৰাপ্য বুলি গণ্য কৰা হয় ।"

ইতিহাস

বিশ্ব প্ৰাণী দিৱস পোন-প্ৰথমে হেইনৰীক জিম্মাৰমেন নামৰ এজন জাৰ্মান লেখক আৰু প্ৰকাশকে মেনশ্চ(Mensch) আৰু হুন্দ/মানুহ আৰু কুকুৰHund/Man and Dog) নামৰ আলোচনীৰ যোগেৰে পাতিছিল। তেওঁ ১৯২৫ চনৰ ২৪ মাৰ্চ তাৰিখে জাৰ্মানীৰ বাৰ্লিনৰ স্পৰ্ট পেলেচত এই দিৱস উদযাপন কৰিছিল। প্ৰায় ৫,০০০ লোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই দিৱস আচলতে পৰিস্থিতিৰ বিজ্ঞানৰ চেইণ্ট এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি ৪ অক্টোবৰত পাতিবলৈ স্থিৰ কৰা হৈছিল। কিন্তু সেই সময়ত ঠাইৰ অভাৱৰ কাৰণে এই দিৱস পতা নহল। ১৯২৯ চনত প্ৰথমবাৰৰ বাবে এই দিৱস ৪ অক্টোবৰত পালন কৰা হয়। প্ৰথমতে এই দিৱস কেৱল জাৰ্মানী, অষ্ট্ৰিয়া, চুইটজাৰলেণ্ড আৰু চেকছশ্ল'ভাৱিয়াত পালন কৰা হৈছিল। প্ৰতি বছৰে জিম্মাৰমেনে বিশ্ব প্ৰাণী দিৱসৰ জনপ্ৰিয়কৰণৰ বাবে অশেষ কষ্ট কৰিছিল। অৱশেষত ১৯৩১ চনত ইটালীৰ ফ্লোৰেঞ্চত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰাণী সুৰক্ষা কংগ্ৰেছে তেওঁৰ উত্থাপন কৰা প্ৰস্তাৱমতে ৪ অক্টোবৰক বিশ্ব প্ৰাণী দিৱস ৰূপে স্বীকীৰ্তি দিয়া হয়।

পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ বাবে বিশেষকৈ বিলুপ্তপ্ৰায় প্ৰাণীৰ ৰক্ষণা-বেক্ষণৰ বাবে ১৯৩১ চনৰ পৰা এই দিৱস পালন কৰা হয়।

বৰ্তমান বিশ্ব প্ৰাণী দিৱস এক গোলকীয় অনুষ্ঠানত পৰিগণিত হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি ২০০৩ চনৰ পৰা যুক্তৰাষ্ট্ৰৰ প্ৰাণী কল্যাণ ন্যাসে প্ৰাণী সুৰক্ষা আন্দোলনৰ নেতৃত্ব দি আহিছে।

তথ্য উৎস

বহিঃসংযোগ

Tags:

বিশ্ব প্ৰাণী দিৱস লক্ষ্যবিশ্ব প্ৰাণী দিৱস ইতিহাসবিশ্ব প্ৰাণী দিৱস তথ্য উৎসবিশ্ব প্ৰাণী দিৱস বহিঃসংযোগবিশ্ব প্ৰাণী দিৱস

🔥 Trending searches on Wiki অসমীয়া:

কপৌ ফুলহাংৰি আন্দোলননাৰীবাদনীৰাজনা মহন্ত বেজবৰাজৈৱ বৈচিত্ৰ্যৰাৱণন'বেল বঁটাকোচ হাজোনাৰীঅন্তৰীপ (উপন্যাস)নীলকণ্ঠী ব্ৰজভূমিকম্পহাবুংউৎসৱচৰিত পুথিভটিমাকথা কবিতাৰোমান সাম্ৰাজ্যপলাশীৰ যুদ্ধঅসম বিধানসভাধ্বনিতত্ত্বধুবুৰী জিলামাৰিয়া মণ্টেছৰীঅংগৰাগ মহন্তশিৱসাগৰৰ শিৱদৌলমাৰ্ক্সবাদবৰ-মানিমুনিৰবীন্দ্ৰনাথ ঠাকুৰহেমকোষকীৰ্তন-ঘোষাকাছাৰ জিলাঅৰ্জুননৰকাসুৰমাঘ বিহুচুটিগল্পবাণাসুৰমিচিং জনগোষ্ঠীঅম্বিকাগিৰি ৰায়চৌধুৰীগৌতম বুদ্ধপোৱামক্কামামণি ৰয়ছম গোস্বামীধৰ্মকালিদাসত্ৰৈলোক্য নাথ গোস্বামীমহামায়া ধামগণেশ গগৈঅসমীয়া কবিতাৰ ইতিহাসৰাধাগোবিন্দ বৰুৱাপচন সাৰসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাতামোলচান্দ সদাগৰনামেৰি ৰাষ্ট্ৰীয় উদ্যানঅলিম্পিকশিঙি মাছধেমাজিপ্ৰাচীৰ পত্ৰিকাসাহিত্য সমালোচনাকালিকা পুৰাণসমাজবিশ্ব পশু চিকিৎসা দিৱসমে ডাম মে ফিভোলানাথ দাসকৃষ্ণভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচন্দ্ৰকুমাৰ আগৰৱালাম’বাইল ফোনজৱাহৰ নৱোদয় বিদ্যালয়মাঘনোৱা দ’লঅসমৰ বনৌষধিচিত্ৰলেখা উদ্যানৱিকিপিডিয়াভৌতিক সংস্কৃতিলিংগ🡆 More