ম’বাইল ফোন

মবাইল বা ম’বাইল ফোন বা চেলুলাৰ ফোন হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।

ম’বাইল ফোন
ম’বাইল ফোনৰ বিকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়। তাৰ পিছত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলি কোৱা হয়।

    মোবাইলফোনৰ সুবিধাসমুহ  

১. ইণ্টাৰনেট উপলব্ধ স্মাৰ্টফোনৰ ব্যৱহাৰে গোটেই বিশ্বখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। ফলত দুৰূহ বুলি ভাৱি থকা কথাবোৰ এতিয়া তেনেই সামান্য হৈ পৰিছে। ২. ফেচবুক ইওটিউবৰ দৰে জনপ্ৰিয় গণমাধ্যমৰ তীব্ৰ প্ৰচলনৰ ফলত দেশ বিদেশৰ বা-বাতৰি আৰু নানা ধৰণৰ তথ্য অতি সহজতে উপভোগ্য হৈ পৰিছে। ৩. অনলাইন ছপিঙৰ জড়িয়তে বিছৰা সামগ্ৰীবিধ ঘৰতে থাকি পাবলৈ সক্ষম হৈছে। ৪. অনলাইন পেইমেণ্টৰ যোগেদি দূৰ-দূৰণিৰ বন্ধুজনলৈ, আত্মীয়জনলৈ, কোনো বিশেষ ব্যক্তিলৈ নাইবা অনলাইনত উপলব্ধ কোনো সেৱা গ্ৰহণ কৰিবলৈ অতি সহজ হৈ পৰিছে। মুঠতে টকাপইচা এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰাটো অতি সহজলভ্য হৈ পৰিছে। ৫. শৈক্ষিক' জগতখনলৈও বিশাল পৰিবৰ্তনৰ জোৱাৰ আনিছে মোবাইল ফোনে। ৬. মোবাইল ফোনত উপলব্ধ ইণ্টাৰনেট সেৱাৰ জড়িয়তে তীব্ৰ গতিত মানুহৰ ৰুচি আৰু অনুৰাগ সলনি হ'বলৈ ধৰিছে। বহুতে অন্ধবিশ্বাসমুক্ত এখন বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থত ভাল কাম কৰি আছে। যাৰ ফলত বহু মানুহে পুৰণি ধ্যান ধাৰণাবোৰৰ সলনি নতুন চিন্তাক আকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে।

মোবাইলফোনৰ অসুবিধাসমুহ ১. মোবাইল ফোনৰ ব্যৱহাৰে উঠি অহা প্ৰজন্মক ভুল পথে পৰিচালিত কৰা দেখিবলৈ পোৱা যায়। ২. অতিৰিক্ত মোবাইলৰ ব্যৱহাৰে বহুতক স্বাস্থ্যজনিত ক্ষতিৰ লগতে শ্ৰম বিমুখতালৈ ঠেলি দিছে। ৩. মানুহবোৰ ক্ৰমাৎ জটিল হৈ পৰিছে। ইজনৰ সিজনৰ প্ৰতি থকা দায়ৱদ্ধতা ক্ৰমাত হ্ৰাস পাবলৈ ধৰিছে। ৪. কিছুমানে জনপ্ৰিয় হ'বলৈ বা ডিজিটেল প্লেটফৰ্মত তিষ্ঠি থাকিবলৈ সস্তিয়া উপায়েৰে অৱলম্বন কৰা কৌশলৰ ফলত সমাজ বিপথে পৰিচালিত হৈছে। উদাহৰণ স্বৰূপে মৰিগাঁও জিলাৰ ওৱাজবীৰ হোছেইন নামৰ ৰেপাৰ গায়কজনৰ কথাই ক'ব পাৰি। ৫. প্ৰচাৰ মাধ্যমৰ প্ৰতিযোগিতামূলক আচৰণে সৰ্বসাধাৰণ মানুহৰ মাজত বিৰূপ কুপ্ৰভাৱ পেলাইছে। ৬. এচামে যদিও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে কাম কৰি আছে এচামে আকৌ ভুৱা বাতৰি আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈহে মোবাইলৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ছাইমন কমিশ্যনমহাদেশগঙ্গা নদীনলিনীবালা দেৱীঅসমীয়া উপন্যাসকলিকতাজৱাহৰলাল নেহৰুফুটবলউপনিষদআলাবৈৰ ৰণকামৰূপ ৰাজ্যভাৰত-চীন যুদ্ধকামৰূপী উপভাষাকেতেকী ফুলচিপাহী বিদ্ৰোহ ১৮৫৭মানৱ শৰীৰহীৰেন গোহাঁইমে ডাম মে ফিসূৰ্যমৰুদ্যানভীমৰাও ৰামজী আম্বেদকাৰজয়মতী কুঁৱৰীৰাভা জনগোষ্ঠীকাৰেংঘৰ২৬ এপ্ৰিলনাৰীবাদব্যৱস্থাপনামিজোৰামযোগাসনমোগল সাম্ৰাজ্যদুৰ্যোগৱিকিমিডিয়া ফাউণ্ডেশ্যনশ্ৰীমন্ত শংকৰদেৱচকৰি ফেঁটী বুৰঞ্জীনামঘৰমাজুলীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাহেম সৰস্বতীঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাদেওপাহাৰভক্তি ৰত্নাৱলীহলায়ুধঅন্নপ্ৰাশনঅসমৰ মুখা শিল্পনামঘোষাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যৰাষ্ট্ৰসংঘসুতুলীভগৱানসন্ধিহিউৱেন-চাংগাঁও পঞ্চায়তহেপাটাইটিছ বিঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদউত্তৰ-পূব ভাৰতউদাৰনৈতিকতাবাদভাৰতীয় ৰিজাৰ্ভ বেংকঅন্তৰীপ (উপন্যাস)ব-দ্বীপব্যষ্টিবাদী অৰ্থনীতিউমাচল শিলালিপিহেমচন্দ্ৰ গোস্বামীবেলি ফুলকৃষ্ণপাৰিজাত হৰণ নাটহাজং জনগোষ্ঠীঅসমৰ মহকুমাসমূহৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষঅনুৰাধা শৰ্মা পূজাৰীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনজল প্ৰদূষণগায়ন-বায়ন🡆 More