কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে। কিছুমানৰ মতে এই তিনিটা কামৰূপীৰ উপ-উপভাষা।
কামৰূপী উপভাষা | |
---|---|
উচ্চাৰণ | /ˈkæmruːpi/ |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | কামৰূপ অঞ্চল |
জাতীয়তা | কামৰূপীয়া |
ভাষা পৰিয়াল | ইণ্ডো-ইউৰোপীয় ভাষা
|
উপভাষা |
|
লিখন প্ৰণালী | অসমীয়া বৰ্ণমালা |
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | নাই |
মধ্যযুগত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ কামৰূপী পদ্য আৰু গদ্য ৰচনাত সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল। সেই সময়ত মধ্য ভাৰতত প্ৰচলিত ৰীতিৰ ই ওলোটা আছিল, যেনে বিদ্যাপতিয়ে গদ্যৰ বাবে সংস্কৃত আৰু পদ্যৰ বাবে মৈথিলী ভাষা ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেখেতৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল। ২০১৮ চনত কামৰূপী ভাষাত নিৰ্মিত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ মনোনয়নৰ বাবে ভাৰতৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছিল।
কামৰূপী মানস নদী আৰু বৰনদীৰ মাজৰ অঞ্চলত প্ৰচলিত। এই অঞ্চল প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। খ্ৰীষ্টীয় চতুৰ্থৰ পৰা দ্বাদশ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা দুই বা তিনি ৰাজবংশয়ে ৰাজত্ব কৰিছিল। সেইদৰে উত্তৰ গুৱাহাটীৰ ৰাজধানী আছিল দুৰ্জয়। এই ৰাজ্য মধ্য অসমৰ ডবকা ৰাজ্যৰ সমসাময়িক আছিল। পিছলৈ ডবকা ৰাজ্য কামৰূপৰ লগত অন্তৰ্ভুক্ত হয় আৰু আৰু ইয়াৰ পৰিসৰ পূবলৈ বৃদ্ধি হয়। ইয়াৰ পশ্চিমে কৰতোৱা নদী, পূবে শদিয়া ৰাজ্য, উত্তৰে ভূটান আৰু দক্ষিণে বাংলাদেশ অৱস্থিত আছিল।
মোগল সকলে কামৰূপ অঞ্চলক চাৰিটা চৰকাৰত (প্ৰশাসনিক গোট) ভাগ কৰিছিল। সেইকেইটা হ'ল: বঙালভূম, ঢেকেৰী, দক্ষিণকুল আৰু কামৰূপ। কামৰূপী ভাষা ইয়াৰ কামৰূপ চৰকাৰত প্ৰচলিত আছিল। মধ্যযুগৰ পিছৰছোৱাত কামৰূপী ভাষা লাহে লাহে পূব অসমলৈ বিস্তাৰিত হয়। মধ্যযুগীয়া অসমীয়াৰ নিদৰ্শন ১৪শ শতিকাৰ উত্তৰ বংগ, পশ্চিম অসম আৰু কিছুপৰিমাণে মধ্য অসমত পোৱা গৈছে। পিছলৈ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে আন বৈষ্ণৱ কবি সকলে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল।
১৮২৪ খ্ৰীষ্টাব্দত কামৰূপ ব্ৰিটিছসকলৰ অধীন হয়। ব্ৰিটিছে কামৰূপ চৰকাৰ আৰু কামপীঠক একত্ৰিত কৰি অবিভক্ত কামৰূপ জিলা স্থাপন কৰে। সেইসময়তে ১৮৩৮ খ্ৰীষ্টাব্দত আমেৰিকান বাপিষ্ট মিছনেৰী সকলৰ সহযোগত পূব অসমৰ কথিত ভাষাত বাইবেলৰ অনুবাদ কৰা হয়। তাৰপিছত ব্ৰিটিছ সকলে ১৮৭৩ খ্ৰীষ্টাব্দত পূব অসমৰ শিৱসাগৰীয়া কথিত ভাষাক মান্য চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰে। কামৰূপী ভাষাৰ স্থান ভেদে পাৰ্থক্য পৰিলক্ষিত হয় কিন্তু পূব অসমৰ ভাষা এক বৃহৎ অঞ্চলত প্ৰায় অপৰিৱৰ্তিত ৰূপত দেখা যায়। সেইসময়ৰ কামৰূপী পণ্ডিত সকল যেনে শ্যামল চৌধুৰী, অমৃতভূষণ দেৱ অধিকাৰী আৰু কালিৰাম মেধিয়ে গোটেই উপত্যকাতে পূব অসমীয়া ভাষা আৰোপ কৰা আৰু বিশেষকৈ কামৰূপী ভাষাক অৱমাননা কৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।
সাহিত্যৰ মূল স্থান কামৰূপৰ গুৱাহাটীলৈ স্থানান্তৰ হোৱাৰ পিছত মান্য অসমীয়া ভাষাত কামৰূপী ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়।
কামৰূপী উপভাষা বৰ্তমান কালত কামৰূপ গ্ৰাম্য জিলা, কামৰূপ মহানগৰ জিলা, নলবাৰী জিলা (নলবাৰীয়া উপভাষা), বৰপেটা জিলা (বৰপেটীয়া উপভাষা), দৰং জিলা (দৰঙীয়া উপভাষা), কোকৰাঝাৰ জিলা আৰু বঙাইগাঁও জিলাত (ৰাজবংশী ভাষা) প্ৰচলিত।
সুনীতি কুমাৰ ভট্টাচাৰ্যৰ মতে গংগা নদীৰ উত্তৰৰ মাগধী প্ৰাকৃতৰ পৰা উত্তৰ বংগ আৰু পশ্চিম অসমত প্ৰাচীন কামৰূপীৰ উৎপত্তি হৈছিল। তেওঁ মগধৰ ভাষা সমূহক অঞ্চলৰ ওপৰত ভিত্তি কৰি ৰাঢ়, ভাৰেন্দ্ৰ, ভংগ আৰু কামৰূপ হিচাপে বিভক্ত কৰিছিল।
সুকুমাৰ সেনৰ মতে, "অসমীয়া, বা বিশেষকৈ পুৰণি কামৰূপী পশ্চিম অসম বা কামৰূপত সোমোৱাৰ পিছত ইয়াৰ কথা প্ৰথমবাৰৰ বাবে অসমীয়া হিচাপে বৈশিষ্ট্যযুক্ত হয়। "
উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "অসমীয়া ভাষা, পশ্চিমৰ পৰা আহি কামৰূপ অঞ্চলত প্ৰথমে বৈশিষ্ট্যযুক্ত হয়, ইয়াৰ সীমা অতীতত উত্তৰ বংগৰ কোচ বিহাৰ, ৰংপুৰ আৰু জলফাইগুড়ি জিলা আছিল। ".
বৰ্মণ ৰাজবংশৰ সময়ত তামৰ ফলিত উদ্ধাৰ হোৱা অষ্টমৰ পৰা দশম শতিকাৰ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত বজ্ৰযান বৌদ্ধ ধৰ্মৰ চৰ্যাপদ সমূহত কামৰূপী বা প্ৰাক অসমীয়াৰ প্ৰথম লিখিত নিদৰ্শন পোৱা গৈছে। চৰ্যাপদ সমূহ গীত হিচাপে গোৱা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিত নেপালত হৰিপ্ৰসাদ শাস্ত্ৰীৰ দ্বাৰা আৱিষ্কৃত চৰ্যাপদ সমূহত কামৰূপীৰ লগতে অন্যান্য ভাৰতীয় আৰ্য ভাষাসমূহৰ নিদৰ্শন পোৱা গৈছে। চৰ্যাপদৰ ৰচক মহাসিদ্ধ আৰু সিদ্ধাচাৰ্য সকল বিভিন্ন অঞ্চল যেনে কামৰূপ (অসম), গৌড় (বংগ), কলিংগ (ওড়িশা) আৰু মিথিলা (বিহাৰ) আদি অঞ্চলৰ আছিল।
মধ্যযুগত ৰাম সৰস্বতী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলি, সৰ্বভৌম ভট্টাচাৰ্য, কলাপচন্দ্ৰ দ্বিজ আৰু ভট্টদেৱ আদিয়ে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল। হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ দুগৰাকী বিখ্যাত কামৰূপী কবি আছিল। হেম সৰস্বতীয়ে বামন পুৰাণৰ আধাৰত "প্ৰহ্লাদ চৰিত্ৰ" আৰু হৰিহৰ বিপ্ৰয়ে মহাভাৰতৰ আধাৰত "অশ্বমেধ পৰ্ব" ৰচনা কৰিছিল। বৰপেটাৰ কবিৰত্নয়ে "জয়দ্ৰথ বধ" ৰচনা কৰিছিল। পিছলৈ মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণ আৰু ৰুদ্ৰ কন্দলিৰ মহাভাৰতৰ ভাঙনিত কামৰূপী ব্যৱহৃত হৈছিল।
১৬ শতিকাৰ যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যৰ সীমা বৰ্ণনা কৰা হৈছিল। এই গ্ৰন্থ পাল ৰাজবংশয়ে ৰাজত্ব কৰা কালছোৱাত ১৬ শতিকাৰ আদি ভাগত ৰচনা কৰা হৈছিল। এই সময়তে দুৰ্গাবৰ কায়স্থয়ে "বেহুলা উপাখ্যান" ৰচনা কৰিছিল।
বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। তেওঁৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন সম্পূৰ্ণৰূপে কামৰূপী ভাষাত ৰচিত। সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেওঁৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল।
This article uses material from the Wikipedia অসমীয়া article কামৰূপী উপভাষা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.