হৰিবৰ বিপ্ৰ

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা সুধন্বা-বধ হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।

হৰিবৰ বিপ্ৰ
জন্ম হৰিবৰ বিপ্ৰ
চতুৰ্দশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ

আত্ম পৰিচয়

'বব্ৰুবাহনৰ যুদ্ধ' (বব্ৰুবাহ পৰ্ব) কাব্যখনিৰ ভণিতাত তেওঁ নিজৰ আত্মপৰিচয় এনেদৰে দিছে :

জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰজা
     কামাখ্যা গোঁসানী দেন্ত বৰ।
সপুত্ৰ সবান্ধৱে নিতে সবান্ধৱে মনোনীতে
     জীৱন্তোক সহস্ৰ বত্সৰ।৷
তাহান ৰাজ্যত গত সৰ্বজন মনোনীত
     অশ্বমেধ পদমধ্যে সাৰ।
বিপ্ৰ হৰিহৰ কবি হৰিৰ চৰণ সেৱি
     পদবন্ধে কৰিলো প্ৰচাৰ।৷

মাথোঁ হৰিবৰ বিপ্ৰই নহয়, হেম সৰস্বতী আৰু কবিৰত্ন সৰস্বতী আদিয়েও কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণ আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ কথা লিখিছে। এই কথা অনুমান কৰিব পাৰি যে দুৰ্লভনাৰায়ণ বা ইন্দ্ৰনাৰায়ণ কোচ ৰজা বিশ্বসিংহৰ পূৰ্বৰ ৰজা। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।

সাহিত্যৰ ভাষা

হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷ যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। তেওঁৰ ভাষাৰ বিষয় ড° মহেশ্বৰ নেওগে লিখিছে- "হৰিবৰৰ ভাষা আৰু ৰচনাশৈলী সহজ আৰু সৰল। জতুৱা খণ্ডবাক্যৰ প্ৰয়োগত তেওঁক প্ৰাক্‌শংকৰী কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ পাছতে ধৰিব লাগিব। তেওঁ পদ, দুলড়ি আৰু ছবিছন্দ মাত্ৰ ব্যৱহাৰ কৰিছে আন প্ৰাক্‌শংকৰী কবিসকলৰ দৰেই। অকল প্ৰাক্‌শংকৰী কবি বুলিয়েই নহয়, ৰচনাৰ সাধাৰণ সৌষ্ঠৱৰ গুণতো হৰিবৰ বিপ্ৰ অসমীয়া সাহিত্যৰ এজন ডাঙৰ কবি।"

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

হৰিবৰ বিপ্ৰ আত্ম পৰিচয়হৰিবৰ বিপ্ৰ সাহিত্যৰ ভাষাহৰিবৰ বিপ্ৰ লগতে চাওকহৰিবৰ বিপ্ৰ তথ্য সংগ্ৰহহৰিবৰ বিপ্ৰকমতাপুৰতাম্ৰধ্বজৰ যুদ্ধবব্ৰুবাহনৰ যুদ্ধলৱ-কুশৰ যুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

ভাষাবিজ্ঞানউত্তৰ গুৱাহাটীচৰাইদৰং জিলালক্ষ্মীনন্দন বৰাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাৱেবছাইটওজাপালিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাএইচ টি এম এলহেমকোষআবেগঢোলবায়ু প্ৰদূষণমিচিং জনগোষ্ঠীৰ সাজপাৰসাম্যবাদমিচিং জনগোষ্ঠীহনুমান জয়ন্তীঅসমৰ চলচ্চিত্ৰভাওনানেপালী জনগোষ্ঠীমানচিত্ৰইতিহাসহীৰেন ভট্টাচাৰ্যভূমি প্ৰদূষণবেদমালিনী থানপাচন তন্ত্ৰগৰু বিহুপথৰুঘাটৰ ৰণসমীৰ তাঁতীঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমৰ মন্ত্ৰ-সাহিত্যশৰৎ ঋতুপদ্মনাথ গোহাঞি বৰুৱাবাঁহনামদাঙৰ শিলৰ সাঁকোনাথান ব্ৰাউনপৃথিৱীঅপৰিমেয় সংখ্যাভাইটি (চলচ্চিত্ৰ)দ্বিতীয় বিশ্বযুদ্ধঅৰ্জুন ভঞ্জনমাধৱী লতাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহভাৰত-ইউৰোপীয় ভাষা পৰিয়ালকেশৱ মহন্তমানুহভাৰতীয় শিল্পকলাআঁহতসংস্কৃত ভাষাৰাষ্ট্ৰসংঘকুলিৰামমোহন ৰায়কৃষ্ণকান্ত সন্দিকৈসংক্ৰমণমণিপুৰসাহিত্যপীতাম্বৰ কবিহিমবাহব্ৰহ্মগুপ্তবুলু ফিল্মতোলনি বিয়াবিহুনাটকঅসমৰ নদীসমূহৰ তালিকাযতীন্দ্ৰ নাথ দুৱৰামঙ্গল গ্ৰহতলাতল ঘৰচন্দ্ৰকুমাৰ আগৰৱালাঅসমীয়া যুক্তাক্ষৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাএলুমিনিয়ামমনোমতীপ্ৰজ্ঞা🡆 More