উত্তৰ গুৱাহাটী

উত্তৰ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন সৰু নগৰ।

উত্তৰ গুৱাহাটী
—  নগৰ  —
উত্তৰ গুৱাহাটী is located in Assam
উত্তৰ গুৱাহাটী
উত্তৰ গুৱাহাটী
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°11′N 91°43′E / 26.18°N 91.72°E / 26.18; 91.72 91°43′E / 26.18°N 91.72°E / 26.18; 91.72
দেশ উত্তৰ গুৱাহাটী ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ জিলা
উচ্চতা ৩৩ মিটাৰ (১০৮.২৭ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৬,১৩১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 781 XXX
ৱেবছাইট kamrup.nic.in

ইতিহাস

উত্তৰ গুৱাহাটীক দুৰ্জয় বুলিও জনা যায়, যি পাল সাম্ৰাজ্যত ঐতিহাসিক কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। মধ্যযুগৰ আৰম্ভণিভাগত ঠাইখিনিক কামৰূপ নগৰ বুলিও জনা গৈছিল। উত্তৰ গুৱাহাটী পৌৰাণিক মন্দিৰ, পথ, দলং, দুৰ্গ আৰু পৰিকল্পিত খাৱৈৰে পৰিপূৰ্ণ হৈ আছে। অশ্বক্লান্ত পাহাৰ ওপৰত দুটা মন্দিৰ অৱস্থিত। ওপৰ ভাগত অৱস্থিত মন্দিৰত অনন্ত শয্যাত থকা অৱস্থাত বিষ্ণুৰ চিত্ৰ আছে। এয়া প্ৰায় দ্বাদশ শতিকাৰ আৰম্ভণিৰ কামৰূপৰ ভাস্কৰ্য শিল্পৰ উত্তম নিদৰ্শন। এই নগৰৰ পশ্চিম ভাৰ্ক শিলসাঁকো বুলি কোৱা হয়। এই অঞ্চলত থকা সৰু জানৰ ওপৰত এতিয়াও বিদ্যমান শিলেৰে সজোৱা সাঁকোৰ নামেৰেই এই ঠাইৰ নাম শিলসাঁকো। এই নগৰৰ পূৱ ভাগৰ নাম ৰজাদুৱাৰ, যিয়ে এই অঞ্চলত ৰজাৰ প্ৰাসাদ থকাৰ প্ৰমাণ কৰে। ৰজাদুৱাৰৰ দুমাইল উত্তৰে ৰাংমহল গাঁৱত ধৰ্মপালৰ দ্বিতীয় তামৰ ফলি উদ্ধাৰ হৈছিল। এয়াই অন্য এক ইংগিত দিয়ে যে সেই সময়ত উত্তৰ গুৱাহাটীত ৰাজধানী আছিল। ৰজাদুৱাৰত থকা ১১২৭ শকৰ শিলালিপিয়ে টুৰ্কী সেনা মহম্মদ বুখটিয়াৰৰ পতনৰ প্ৰমাণ কৰে। উত্তৰ গুৱাহাটী ধৰ্ম পালৰ সময়ৰ পৰাই একে লেথাৰিয়ে প্ৰায় খ্ৰীষ্টীয় ১২৬০ চন মানলৈ ৰাজধানী আছিল যদিও পিছলৈ এই ৰাজধানী পশ্চিমলৈ স্থানান্তৰিত হৈছিল। ৰজাদুৱাৰৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা টিলাত উদ্ধাৰ হোৱা শিলত কটা লিপিয়ে ষোল্ল শতিকাৰ প্ৰখ্যাৎ কামৰূপী কবি শ্ৰী চন্দ্ৰ ভাৰতীৰ সেই ঠাইত মৃত্যুৰ উমান দিয়ে।

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে উত্তৰ গুৱাহাটী 26°11′N 91°43′E / 26.18°N 91.72°E / 26.18; 91.72.ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় 54 মিটাৰ।

জনগাঁথনি

২০০১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ গুৱাহাটীৰ মুঠ জনসংখ্যা ১৬,১৩১ জন। ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ। উত্তৰ গুৱাহাটীৰ গড় সাক্ষৰতাৰ হাৰ ৭৩%। এই হাৰ ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৮% আৰু ৬৮%।

যাতায়ত ব্যৱস্থা

উত্তৰ গুৱাহাটীৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে।

শিক্ষা

উত্তৰ গুৱাহাটীত অৱস্থিত প্ৰধান শিক্ষানুষ্ঠান সমূহ হ'ল:

ৰাজনীতি

উত্তৰ গুৱাহাটী গুৱাহাটী (লোকসভা সমষ্টি) আৰু জালুকবাৰী (বিধানসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।

উল্লেখযোগ্য ব্যক্তি

উল্লেখযোগ্য স্থান

উত্তৰ গুৱাহাটী ওপৰোক্ত ঐতিহাসিক মঠ মন্দিৰেৰে ঠাহ খাই আছে। দীৰ্ঘেশ্বৰী দেৱালয়ৰ দেৱী দুৰ্গাৰ উপাসনা কৰা হয়। সেউজ বননি আৰু বোৱতী জুৰিৰে এই স্থান বনভোজৰ বাবেও এক উৎকৃষ্ঠ ঠাই। ঠিক সেইদৰে মণিকৰ্ণেশ্বৰ দেৱালয় ব্ৰহ্মপুত্ৰৰ গৰাত থকা টিলাত অৱস্থিত এক সুন্দৰ ঠাই আৰু অশ্বক্লান্ত দেৱালয় ও ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত।

বৰ্তমান সময়ত উত্তৰ গুৱাহাটীত বহুতো কল-কাৰখানা আৰু উদ্যোগে গঢ় লৈ উঠিছে।

তথ্যসূত্ৰ

লগতে চাওক

  • শঁলাল গাওঁ

Tags:

উত্তৰ গুৱাহাটী ইতিহাসউত্তৰ গুৱাহাটী ভৌগোলিক বিৱৰণউত্তৰ গুৱাহাটী জনগাঁথনিউত্তৰ গুৱাহাটী যাতায়ত ব্যৱস্থাউত্তৰ গুৱাহাটী শিক্ষাউত্তৰ গুৱাহাটী ৰাজনীতিউত্তৰ গুৱাহাটী উল্লেখযোগ্য ব্যক্তিউত্তৰ গুৱাহাটী উল্লেখযোগ্য স্থানউত্তৰ গুৱাহাটী তথ্যসূত্ৰউত্তৰ গুৱাহাটী লগতে চাওকউত্তৰ গুৱাহাটীঅসমকামৰূপ জিলা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ চৰ-চাপৰিবাসীপুঁজিবাদলিংগবিহু নৃত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঈয়াৰুইঙ্গমহাঁওফাঁওভূপেন হাজৰিকাকামৰূপ ৰাজ্যনাৰ্জীবেউলামৈদামবদলা পদ্ম আতা সত্ৰসাহিত্য অকাডেমি বঁটাবিল গেট্‌ছভাৰতৰ প্ৰধানমন্ত্ৰীপ্ৰসংগ প্ৰণালীঅসমীয়া জাতিদাদাচাহেব ফাল্কেআৰ্যভট্টকুলিশূন্যশিৱঅসমীয়া বৰ্ণমালাহাজোঅণুবীক্ষণ যন্ত্ৰমোহনদাস কৰমচান্দ গান্ধীয়যৌতুকবাঁহ পূজা২০২২ ফিফা বিশ্বকাপচিৰিং ফুকনলক্ষ্মীনাথ বেজবৰুৱান'বেল বঁটাউমাচল শিলালিপিপদুম কুঁৱৰীমাটিৰ হিচাপমানস ৰাষ্ট্ৰীয় উদ্যানমৰুভূমিআৰবী ভাষাভাৰতীয় ৰেলশিৱসাগৰৰ শিৱদৌলগোলকীয় উষ্ণতা বৃদ্ধিকুন্তীঅৰুন্ধতী দেৱীধুতিপ্ৰতিমা (কাব্য গ্ৰন্থ)সত্ৰীয়া নৃত্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানাটকহেমাঙ্গ বিশ্বাসভগদত্তভেঁকুৰহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যশৰ্মা মন্ত্ৰীসভাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানযৌন নিৰ্যাতনষড়ভুজসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাগোৱালপৰীয়া লোকগীতঅসমৰ ধান খেতিৰ সঁজুলিসমূহআজান পীৰপাইক প্ৰথাকুলধৰ শইকীয়ানাৰীবাদমহাভাৰতৰ পাত্ৰদীপৰ বিলমিচিং জনগোষ্ঠীৰ সাজপাৰভিটামিনকাকৈজানা সংৰক্ষিত বনাঞ্চলঅষ্ট্ৰেলিয়া (মহাদেশ)এশিঙীয়া গঁড়মৰিগাঁও জিলামনোমতী🡆 More