ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ চনৰ ০৯ জুন তাৰিখে পূৰ্বৰ এই সংৰক্ষিত বনাঞ্চলখনক 'FRW.02/2021/27 dtd.

08th June, 2021' নম্বৰৰ এক ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত। ৰাষ্ট্ৰীয় উদ্যানখন ১১ বিধ বিভিন্ন বনৰ প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰেৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা। ৰাইমনা সোণালী বান্দৰৰ বাবে বিখ্যাত।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান)
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিমাঞ্চল
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিমাঞ্চল
মানচিত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ কোকৰাঝাৰ
স্থানাংক 26°39′35″N 89°58′34″E / 26.65972°N 89.97611°E / 26.65972; 89.97611 89°58′34″E / 26.65972°N 89.97611°E / 26.65972; 89.97611
মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ
নিৰ্মান ৯ জুন, ২০২১
কৰ্তৃপক্ষ বন আৰু পৰিৱেশ মন্ত্ৰালয়, ভাৰত চৰকাৰ

চাৰিসীমা

কোকৰাঝাৰ জিলাৰ ৪২২ বৰ্গফুট এলেকাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ সবাতোকৈ পশ্চিম বাফাৰৰে সংযুক্ত হৈ আছে। উদ্যানখনে সাঙুৰি লোৱা এলেকাৰ ভিতৰত ৫০৮.৬২ বৰ্গ কিলোমিটাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰাংশ অন্তৰ্ভুক্ত হৈছে। যি নেকি ভাৰত-ভূটান সীমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাক নিৰ্দেশ কৰে।

ৰাইমনাৰ পশ্চিম অংশক অসম-বংগ সীমা সহ সোণকোষ নদীয়ে আগুৰি আছে যি নেকি ভাৰত-ভূটান সীমাৰে দক্ষিণলৈ আগবাঢ়ি গৈছে আৰু পূবত ভাৰত-ভূটান সীমাৰ দক্ষিণ অংশ নোপোৱালৈকে সৰলভগা নদীয়ে আগুৰি আছে। ৰিপু বনাঞ্চলৰ পেকুৱা নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ পৰিচয় দিয়ে।

ৰাইমনাই ভূটানৰ ফিপছ' অভয়াৰণ্য আৰু জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ (মুঠ ১,৯৯৯ বৰ্গ কিঃমিঃ) অৰণ্যাঞ্চলৰ সীমান্ত স্পৰ্শ কৰি প্ৰায় ২,৪০০ বৰ্গ কিঃমিঃতকৈও অধিক অঞ্চলজোৰা সংৰক্ষিত প্ৰাকৃতিক শোভাৰ সৃষ্টি কৰিছে। ৰাইমনা ২,৮৩৭ কিঃমিঃ অঞ্চলজোৰা মানস জৈৱ বনাঞ্চল আৰু চিৰাং-ৰিপু হস্তী বনাঞ্চলৰ অবিচ্ছেদ্য অংগ।

জৈৱ-বৈচিত্ৰ্য

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ আৰু এই বান্দৰ বিধক বড়োলেণ্ড অঞ্চলৰ শুভংকৰ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি এই উদ্যানত আছে এচিয়ান হাতী, নাহৰফুটুকী বাঘ, গোধা ফুটুকী বাঘ, মেঠোন, বনৰীয়া ম’হ, ফুটুকী হৰিণ, ধনেশ পক্ষী, ১৫০ বিধতকৈয়ো বেছি প্ৰজাতিৰ পখিলা, ১৭০ প্ৰজাতিৰ চৰাই, ৩৮০ প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড

চিত্ৰ বীথিকা

তথ্য সংগ্ৰহ

Tags:

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান চাৰিসীমাৰাইমনা ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰ্যৰাইমনা ৰাষ্ট্ৰীয় উদ্যান চিত্ৰ বীথিকাৰাইমনা ৰাষ্ট্ৰীয় উদ্যান তথ্য সংগ্ৰহৰাইমনা ৰাষ্ট্ৰীয় উদ্যানইংৰাজী ভাষাকোকৰাঝাৰ জিলাসোণালী বান্দৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতত নাৰীবাদকলিতা জনগোষ্ঠীপাল ৰাজবংশঅৰুণাচল প্ৰদেশযতীন্দ্ৰ নাথ দুৱৰাবিৰাট কোহলিচীনফেইচবুকবিদ্যুৎঅসমৰ পৰম্পৰাগত খেল-ধেমালিসৌৰভ কুমাৰ চলিহাদেৱতা (হিন্দু ধৰ্ম)বড়ো ভাষাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবেলি ফুলমাখিয়তীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যছুনামিভাৰতৰ ৰাষ্ট্ৰপতিজোনবিল মেলাখামটি জনগোষ্ঠীঅজামিলঅসমীয়া যুক্তাক্ষৰদাদাচাহেব ফাল্কেশৰাইঘাটৰ যুদ্ধভাস্কো দা গামাঅমূল্য বৰুৱাবিশ্ব বাণিজ্য সংস্থাআয়ুৰ্বেদকীৰ্তন ঘোষা সংকলনৰাষ্ট্ৰসংঘঅসমৰ মাছ ধৰা সঁজুলিগান্ধীবাদসৌৰ শক্তিধাতু আৰু অধাতুকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবেদশব্দভগ্নাংশনৱ-বৈষ্ণৱ ধৰ্মমানৰ অসম আক্ৰমণঅসমৰ সত্ৰসমূহৰ তালিকামাটি আখৰাগঙ্গা নদীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅংগৰাগ মহন্তদ্বিতীয় বিশ্বযুদ্ধঅসমীয়া লোক কবিতালভিতাচাৰুল পৰৱসাহিত্য সমালোচনাজোনাকী (আলোচনী)বামুণী পাহাৰজৈন ধৰ্মঅসমীয়া জাতিএশিঙীয়া গঁড়অৰ্জুন ভঞ্জনমামৰে ধৰা তৰোৱালমহাভাৰতইউক্লিডধ্বনিবিজ্ঞানস্বৰাজপথেৰ পাঁচালীচাহেবপুৰাৰ বৰষুণমাঘনোৱা দ’লবিৰিঞ্চি কুমাৰ বৰুৱাবেউলাৰোমান সাম্ৰাজ্যসত্ৰীয়া নৃত্যগুপ্ত সাম্ৰাজ্যসংগীতঅম্বিকাগিৰি ৰায়চৌধুৰীমৰুভূমিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপুঁজিবাদৰাভা জনগোষ্ঠীহোমেন বৰগোহাঞি🡆 More