ভাৰতত নাৰীবাদ

ভাৰতত নাৰীবাদ (ইংৰাজী: Feminism in India) হৈছে ভাৰতত মহিলাসকলৰ বাবে সমান ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু সুযোগৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু সুৰক্ষাৰ লক্ষ্যৰে সংগঠিত বিভিন্ন আন্দোলনৰ সমষ্টি। এয়া হৈছে ভাৰতীয় সমাজত মহিলাৰ অধিকাৰৰ অন্বেষণ। সমগ্ৰ বিশ্বতে তেওঁলোকৰ নাৰীবাদী সমকক্ষসকলৰ দৰে ভাৰতৰ নাৰীবাদীসকলে লিংগ সমতাৰ দাবী কৰে। ইয়াৰ ভিতৰত জড়িত থকা কিছুমান বিষয় যেনে সমান মজুৰিৰ বাবে কাম কৰাৰ অধিকাৰ, স্বাস্থ্য আৰু শিক্ষাৰ সমান প্ৰৱেশাধিকাৰৰ অধিকাৰ আৰু সমান ৰাজনৈতিক অধিকাৰ উল্লেখযোগ্য। ভাৰতীয় নাৰীবাদীসকলেও ভাৰতৰ পুৰুষতান্ত্ৰিক সমাজৰ ভিতৰত সংস্কৃতি-নিৰ্দিষ্ট বিষয়যেনে উত্তৰাধিকাৰী আইনৰ বিৰুদ্ধে যুঁজ দি আহিছে।

ভাৰতত নাৰীবাদ
২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ

ভাৰতত নাৰীবাদৰ ইতিহাসক তিনিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি। প্ৰথম পৰ্যায় ঊনবিংশ শতিকাৰ মাজভাগত আৰম্ভ হৈছিল। এই পৰ্যায়ত সংস্কাৰবাদীসকলে মহিলাৰ সৈতে জড়িত শিক্ষা, ৰীতি-নীতিত সংস্কাৰ কৰি মহিলাৰ অধিকাৰৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছিল। দ্বিতীয় পৰ্যায় ১৯১৫ চনৰ পৰা ভাৰতৰ স্বাধীনতালৈ বিস্তৃত। এই পৰ্যায়ত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনত নাৰী আন্দোলন অন্তৰ্ভুক্ত কৰিছিল আৰু স্বাধীন মহিলা সংগঠনৰ উদ্ভৱ হ'বলৈ আৰম্ভ হৈছিল। শেষৰ তৃতীয় পৰ্যায় ভাৰতৰ স্বাধীনতাৰ পিছত আৰম্ভ হৈছিল আৰু ই বিবাহৰ পিছত ঘৰত মহিলাৰ সৈতে ন্যায্য আচৰণ, কৰ্মশক্তি আৰু ৰাজনৈতিক সমতাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছে।

ভাৰতীয় নাৰীবাদী আন্দোলনৰ অগ্ৰগতি স্বত্বেও, আধুনিক ভাৰতত বাস কৰা মহিলাসকলে এতিয়াও বৈষম্যমূলক বহুতো সমস্যাৰ সন্মুখীন হৈছে। ভাৰতৰ পুৰুষতান্ত্ৰিক সংস্কৃতিয়ে ভূমি-মালিকীস্বত্বৰ অধিকাৰ প্ৰাপ্ত কৰা আৰু শিক্ষাৰ প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বানজনক কৰি তুলিছে। যোৱা দুটা দশকত লিঙ্গ ভিত্তিক গৰ্ভপাতৰ এক প্ৰৱণতাও উদ্ভৱ হৈছে। ভাৰতীয় নাৰীবাদীসকলৰ বাবে এইবোৰক সংগ্ৰাম কৰাৰ যোগ্য অন্যায় হিচাপে দেখা যায়। ভাৰতত নাৰীবাদক প্ৰায়ে ভাৰতীয়সকলে সমতাৰ সলনি নাৰী আধিপত্যৰ আন্দোলন বুলি ভুল বুজে।

পাশ্চাত্যৰ দৰে ভাৰতত নাৰীবাদী আন্দোলনৰ কিছু সমালোচনাৰ সম্মুখীন হৈছে। বিশেষকৈ সুবিধাপ্ৰাপ্ত মহিলাসকলৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া, আৰু দৰিদ্ৰ বা নিম্ন বৰ্ণৰ মহিলাসকলৰ প্ৰয়োজনীয়তা আৰু প্ৰতিনিধিত্ব অৱহেলা কৰাৰ বাবে তেওঁলোকক সমালোচনা কৰা হয়। ইয়াৰ ফলত ভাৰতত জাতিভিত্তিত নাৰীবাদী সংগঠন আৰু আন্দোলন ৰচনা হৈছে।

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰামমোহন ৰায়ব্ৰজাৱলী ভাষামৌন ওঁঠ মুখৰ হৃদয়পাণিনিশাল গছসাহিত্য সমালোচনাঅসমৰ পৰম্পৰাগত সাজ-পাৰআইনামৰামধেনুঅসমৰ পৰম্পৰাগত খেল-ধেমালিলক্ষ্মীনাথ বেজবৰুৱাঅসমৰ সাধুকথামহাভাৰতপ্ৰদূষণভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বিশ্ব থিয়েটাৰ দিৱসভাৰতৰ ৰাষ্ট্ৰপতিসূৰ্যডিগবৈ তেল শোধনাগাৰবড়ো ভাষামোহনদাস কৰমচান্দ গান্ধীলং ৱাক টু ফ্ৰীডমৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানসমাজবাদগোপীনাথ বৰদলৈগীতি-ৰামায়ণবেদান্তঅসম২০২২ ফিফা বিশ্বকাপগণিতহীৰেন গোহাঁইঝুমুৰবুঢ়ী আইৰ সাধুমামণি ৰয়ছম গোস্বামী২৯ মাৰ্চআন্তৰ্জাতিক নাৰী দিৱসমানৱ শৰীৰ২৭ মাৰ্চইন্দ্ৰা নূয়ীবৰাইল পৰ্বতকোচ ৰাজবংশপৰিৱেশ অধ্যয়নভাৰতীয় ৰিজাৰ্ভ বেংকছ'ভিয়েট সংঘলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানলাচিত বৰফুকনজয়মতী কুঁৱৰীজোনবিৰি (অলংকাৰ)অসমীয়া ভাষামুহাম্মাদতিৱা জনগোষ্ঠীবাঁহী (আলোচনী)জেৰুজালেমআৱাহন (আলোচনী)নামদাঙৰ শিলৰ সাঁকোহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যৰাইমনা ৰাষ্ট্ৰীয় উদ্যানউদ্বিগ্নতাব’হাগঅসমীয়া লোকসাহিত্যঅন্তৰীপ (উপন্যাস)উৰ্দু ভাষাঅজন্তা গুহাসমূহসাঁচিপাতৰ পুথি (উপন্যাস)ম'হৰ শিঙৰ পেঁপাঅতুল চন্দ্ৰ হাজৰিকাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালউমাচল শিলালিপিবাটৰ নাটআহোম জনগোষ্ঠীঅনুৰাধা শৰ্মা পূজাৰীচুতীয়া ৰাজ্যচক্ৰধ্বজ সিংহ (নাটক)ৰাভা জনগোষ্ঠী🡆 More