লাচিত বৰফুকন

লাচিত বৰফুকন বুৰঞ্জীমতে লা-চিত ফু-কন লুং (আহোম: 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫, ইংৰাজী: Lachit Borphukan) আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

লাচিত বৰফুকন
𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫 (লা-চিত ফু-কন লুং)
লাচিত বৰফুকন
জন্ম লা-চিত
২৪ নৱেম্বৰ, ১৬২২
মৃত্যু ২৫ এপ্ৰিল, ১৬৭২
কলিয়াবৰ
সমাধিস্থল হোলোঙাপাৰ, যোৰহাট, অসম
স্মৃতিচিহ্ন লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি
বাসগৃহ গড়গাঁও, গুৱাহাটী
ৰাষ্ট্ৰীয়তা অসমীয়া
বংশদ্ভূত টাই আহোম
পেচা বৰফুকন (ফু-কন লুং)
সক্ৰিয় হৈ থকা সময় ১৬৬৭-১৬৭২ চন
সংস্থা আহোম সেনা
জনা যায় শৰাইঘাটৰ যুদ্ধ
উল্লেখযোগ্য কৰ্ম ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ বৰফুকনৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল
গৃহস্থান গড়গাঁও
পদবী বৰফুকন
পূৰ্বসূৰী ঘোঁৰাকোঁৱৰ
উত্তৰসূৰী লালুকসোলা বৰফুকন
ৰাজনৈতিক আন্দোলন আলাবৈৰ ৰণ, শৰাইঘাটৰ ৰণ
Opponent(s) মোগল সাম্ৰাজ্য
ধৰ্ম আহোম ধৰ্ম
পিতৃ-মাতৃ মোমাই তামুলী বৰবৰুৱা (ফুকে লুং লান-ফিমা)
নাঙ লা চেঙ আইদেউ
আত্মীয়-স্বজন ভাতৃ: লালুকসোলা বৰফুকন
ভাৰধৰা বৰফুকন
মৰঙ্গী বৰবৰুৱা
লাও ডেকা
দতুকাড়ী
ভগ্নী: পাখৰী গাভৰু
ককা বা প'-থাও: লান টাই লুঙ

পৰিয়াল

লাচিত বৰফুকনৰ বংশ সম্পৰ্কে লাইলিত বুৰঞ্জী আৰু চকৰী ফেঁটী বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে চৰাইদেউত হয়। তেওঁৰ পিতৃৰ নাম আছিল ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ তেখেতৰ ভাতৃ সমুহৰ নাম মাই-চেও, ত্যাও ম্যুং ছেঙ, ম'বাও-লাও আৰু লাপেট-লাও, তেখেতৰ ভগ্নীৰ নাম লাইছেং, তেঁওৰ নামৰে চৰাইদেউ জিলাত লাইছেং গাওঁ নামকৰণ কৰা হৈছিল আৰু লাচিতৰ বংশধৰ সকল এতিয়া লাইছেং গাওঁ, দক্ষিণ মৰাণজান, জজলী লেচাই হাবি গাঁওত বাস কৰে। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ তেখেতৰ পত্নী সকলৰ নাম আছিল ছেংধৰা আইদেউ আৰু আতন বুঢ়াগোহাঁইৰ জীয়েক গোঁহাই আইদেউ। তেখেতৰ বৰ পুত্ৰ চেঙ-ডাম আছিল গোঁহাই আইদেউৰ ফালৰ সন্তান। ছেংধৰা আইদেউৰ ফালৰ পৰা তেঁওৰ দুজন পুত্ৰ সন্তান আই-ধাঙ আৰু ইঃ-ধাঙ আছিল।

লাচিতৰ শিক্ষা গ্ৰহণ

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল।

দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেওৱে আদেশ দিবহে লাগে।”

তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। স্বৰ্গদেওৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওৱে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত বৰফুকনৰ মৃত্যু

শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

লাচিত-দিৱস

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়।

আলোকচিত্ৰ

আৰু চাওক

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

টোকা

বাহ্যিক সংযোগ

Tags:

লাচিত বৰফুকন পৰিয়াললাচিত বৰফুকন লাচিতৰ শিক্ষা গ্ৰহণলাচিত বৰফুকন সাহসৰ অন্তিম নিদৰ্শনলাচিত বৰফুকন ৰ মৃত্যুলাচিত বৰফুকন লাচিত-দিৱসলাচিত বৰফুকন আলোকচিত্ৰলাচিত বৰফুকন আৰু চাওকলাচিত বৰফুকন তথ্য সংগ্ৰহলাচিত বৰফুকন উৎস প্ৰসংগলাচিত বৰফুকন টোকালাচিত বৰফুকন বাহ্যিক সংযোগলাচিত বৰফুকনঅসম বুৰঞ্জীআহোম ভাষাআহোম ৰাজ্যইংৰাজী ভাষামোগলশৰাইঘাটৰ যুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

শৰৎচন্দ্ৰ চট্টোপাধ্যায়শব্দ (অভিধান)সূৰ্যমই আৰু নেফাচৈয়দ আব্দুল মালিকনাৰী সবলীকৰণপূৰ্ণ স্বৰাজৰক্তদলসতীদাহ প্ৰথাঅসমৰ লোকবাদ্যএডৱাৰ্ড জেনাৰযৌন সংগমইউনিক’ডআহোম-মোগলৰ সংঘৰ্ষগৌতম বুদ্ধসত্ৰীয়া নৃত্যকোষ (জীৱবিজ্ঞান)বড়ো জনগোষ্ঠীশিৱসাগৰৰ শিৱদৌলশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰামঅসমৰ জাতীয় গীতদৰ্শনকাতি বিহুএলবাৰ্ট আইনষ্টাইনমাধৱী লতাপ্ৰজ্ঞানাগালেণ্ডৰ সংস্কৃতিঅসমৰ গামোচাআত্মাহৰপ্পাৰাভা ভাষাদেউৰী জনগোষ্ঠীশিক্ষাৰ অধিকাৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকৃষ্ণ ভূঞামৰুভূমিভ্ৰাম্যমাণ থিয়েটাৰগামখাৰুসাহিত্য সমালোচনাবৰপেটা (লোকসভা সমষ্টি)নক্ষত্ৰমোগল সাম্ৰাজ্যৰাজ্যসভাখনিকৰ (নাট)ফলৰ তালিকাআৰ্যভট্টইউক্লিডবৰপেটাউপন্যাসভাৰতীয় জাতীয় কংগ্ৰেছপিঠাআধুনিকতাবাদব্যাকৰণবিহুৰ বাদ্যযন্ত্ৰকোণপুঁজিবাদএডল্ফ হিটলাৰঁ (চন্দ্ৰবিন্দু)এ পি জে আব্দুল কালামপ্ৰথম বিশ্বযুদ্ধবাবৰতথ্য প্ৰযুক্তিঢোলসন্ধিশিৱসাগৰবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনভাৰতীয় শিল্পকলানামদাঙৰ শিলৰ সাঁকোহিন্দু পদ্ধতিত সময়ৰ এককইছলামদুৰ্যোগসৰ্বানন্দ সোণোৱাল🡆 More