ৰক্তদল

ৰক্তদল বা তেজৰ গ্ৰুপ (ইংৰাজী: blood group; /ব্লাড গ্ৰুপ/) তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত কিছু এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট, গ্লাইক'প্ৰ'টিন বা গ্লাইক'লিপিড হ'ব পাৰে। ইয়াৰে কোনো কোনো এণ্টিজেন আন কলাৰ কোষতো থাকে। ৰক্ত কণিকাৰ পৃষ্ঠত থকা এনে কেইবাটাও এণ্টিজেন বংশানুক্ৰমে এটা এলিল (allele)ৰ পৰা উৎপন্ন হৈ এটা ৰক্তদল প্ৰণালী গঠন কৰে। ৰক্তদলত পিতৃ-মাতৃ দুয়োজনৰ অৱদান থাকে। ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন ((ISBT) সংস্থাই এতিয়ালৈকে ৩৬টা মানৱ ৰক্তদল পদ্ধতি আৰু ৩৪৬টা এণ্টিজেন চিনাক্ত কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ৰক্তদল প্ৰণালী হৈছে ABO আৰু Rh ৰক্তদল পদ্ধতি।

ৰক্তদল
লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত ABO এণ্টিজেনৰ উপস্থিতি-অনুপস্থিতি চাই ৰক্তদল আংশিকভাৱে নিৰ্ণয় কৰা হয়।

ৰক্তদল পদ্ধতি

এটা সম্পূৰ্ণ ৰক্তদল বৰ্ণনা কৰিবলৈ হ'লে লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থকা প্ৰায় ৩০টা উপাদান উল্লেখ কৰিব লাগিব আৰু এজন লোকৰ তেজত এণ্টিজেনৰ ভিন ভিন মিশ্ৰণত ফুটি উঠে। সাধাৰণতে এজন মানুহৰ জীৱনকালত একেটা ৰক্তদলেই থাকে, কাচিৎ সংক্ৰমণ, কৰ্কট ৰোগ বা স্ব-অনাক্ৰম্য ৰোগত এণ্টিজেনৰ সালসলনি হৈ ৰক্তদলো সলনি হ'ব পাৰে। অস্থি মজ্জা সংস্থাপনৰ (bone marrow transplant) পাছতো ৰক্তদল সলনি হ'ব পাৰে। এজন মানুহে অন্য ABO প্ৰকাৰৰ মানুহৰ পৰা অস্থি মজ্জা গ্ৰহণ কৰিলে (যেনে- A গোটৰ ৰোগীয়ে O গোটৰ মজ্জা), ৰোগীৰ ৰক্তদলো দিয়াজনৰ দললৈ সলনি হ'ব।

কিছুমান ৰক্তদল আন ৰোগৰ লগত জড়িত হ'ব পাৰে। যেনে- কে'ল (Kell) এণ্টিজেন মেক্‌লিয়ড ছীন্দ্ৰ'মৰ ৰোগীত প্ৰায়ে পোৱা যায়। আকৌ কিছুমান ৰক্তদলে ৰোগত আক্ৰান্ত হোৱা-নোহোৱাত প্ৰভাৱ পেলাব পাৰে। যেনে- ডাফী (Duffy) এণ্টিজেন নথকা লোকত কিছুমান মেলেৰিয়া প্ৰজাতিয়ে আক্ৰান্ত কৰিব নোৱাৰে।

ABO ৰক্তদল পদ্ধতি

ৰক্তদল 
ABO blood group system: diagram showing the carbohydrate chains that determine the ABO blood group

ABO ৰক্তদল পদ্ধতিত দুবিধ এণ্টিজেন আৰু দুবিধ এণ্টিবডি জড়িত থাকে। এণ্টিজেন দুবিধ এণ্টিজেন A আৰু B। এণ্টিবডি দুবিধ এণ্টিবডি A আৰু B। এণ্টিজেনবোৰ লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে আৰু এণ্টিবডি ৰক্তপ্ৰৰসত (প্লাজমা) থাকে। এইদৰে সকলো মানুহকে চাৰিটা গোটত ভগাব পাৰি- এণ্টিজেন A থকা লোক (A গ্ৰুপ), এণ্টিজেন B থকা লোক (B গ্ৰুপ), A আৰু B দুইটা এণ্টিজেন থকা লোক (AB গ্ৰুপ) আৰু এটাও এণ্টিজেন নথকা লোক (O গ্ৰুপ)। এইসকল লোকৰ তেজত থকা এণ্টিবডি এনেধৰণৰ:

  1. এণ্টিজেনAএণ্টিবডি B
  2. এণ্টিজেনBএণ্টিবডি A
  3. এণ্টিজেনABএণ্টিবডি নাই
  4. এণ্টিজেননাই (O গ্ৰুপ) এণ্টিবডি A আৰু B।

একে এণ্টিজেন আৰু এণ্টিবডিৰ মাজত এগ্লুটিনেচন বিক্ৰিয়া (এণ্টিজেন-এণ্টিবডি বিক্ৰিয়া) হয় (যেনে, A এণ্টিজেনে A এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে আৰু B এণ্টিজেনে B এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে)।

মানুহৰ ৰক্ত সংচাৰণৰ বাবে ABO ৰক্তদল পদ্ধতি সকলোতকৈ গুৰুত্বপূৰ্ণ। ধাৰণা কৰা হয় যে ABO IgM প্ৰকাৰৰ এণ্টিবডিবোৰ জীৱনৰ প্ৰথম বছৰত খাদ্য, বেক্টেৰিয়া, ভাইৰাছ আদি পাৰিবেশক কাৰকৰ সংস্পৰ্শলৈ আদি সৃষ্টি হয়। তথাপি নৱজাতকৰ বাবেও ৰক্তদল সামঞ্জস্য পৰীক্ষা কৰা হয়। কাৰ্ল লেণ্ডষ্টেইনাৰে ১৯০১ চনত প্ৰথম এই ৰক্তদলৰ বিষয়ে প্ৰকাশ কৰোঁতে গোটবোৰৰ নাম A/B/C দিছিল; পাছলৈ "C"টো "O" নাম দিয়ে।

ফিন'টাইপ জিন'টাইপ
A AA বা AI
B BB বা BI
AB AB
O II

Rh ৰক্তদল পদ্ধতি

Rh পদ্ধতি (সম্পূৰ্ণকৈ: Rhesus) মানুহৰ ৰক্ত সংচাৰণত দ্বিতীয় গুৰুত্বপূৰ্ণ পদ্ধতি। ইয়াৰে মূল Rh এণ্টিজেনবিধ D কাৰণ ই আনবোৰতকৈ বেছিকৈ প্ৰতিৰক্ষা প্ৰণালীৰ প্ৰতিক্ৰিয়া উৎপন্ন কৰিব পাৰে। D-ঋণাত্মক লোকৰ (অৰ্থাৎ Rh নিগেটিভ) স্বাভাৱিকভাৱে কোনো Rh এণ্টিবডি নাথাকে। কিন্তু গৰ্ভধাৰণৰ সময়ত গৰ্ভৰ ভ্ৰুণ বা গৰ্ভপাতৰ সময়ত শিশুৰ পৰা তেজ মাকলৈ আহিলে, বা D-ধণাত্মক লোকৰ তেজ ঋণাত্মক লোকে গ্ৰহণ কৰিলে এণ্টিবডি উৎপন্ন হ'ব। Rh(D) এণ্টিজেনৰ উপস্থিতি-অনুপস্থিতি + বা − চিনেৰে দেখুওৱা হয়। যেনে A− গ্ৰুপ মানে ABO প্ৰকাৰ A আৰু Rh (D) এণ্টিজেন নাই।

আন ৰক্তদল পদ্ধতি

ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন সংস্থাই এতিয়ালৈকে প্ৰায় ৩৬টা ৰক্তদল পদ্ধতি চিনাক্ত কৰিছে। ABO আৰু Rh এণ্টিজেনৰ লগতে আন বহু এণ্টিজেন লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে। যেনে এজন মানুহ AB, D পজিটিভ, আৰু একেসময়তে M আৰু N পজিটিভ (MNS পদ্ধতি), K পজিটিভ (Kell পদ্ধতি), Lea বা Leb নিগেটিভ (লিৱিছ পদ্ধতি) আদি হ'ব পাৰে।

চিকিৎসা বিজ্ঞানত গুৰুত্ব

  • ৰক্ত সংচাৰণ
  • নৱজাতকৰ ৰক্তভংগ ৰোগ (Hemolytic disease of the newborn)
  • তেজৰ সামগ্ৰী
  • লোহিত ৰক্ত কণিকা সামঞ্জস্য
  • প্লাজমা সামঞ্জস্য

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ৰক্তদল পদ্ধতিৰক্তদল চিকিৎসা বিজ্ঞানত গুৰুত্বৰক্তদল তথ্যসূত্ৰৰক্তদল আতিৰিক্ত পাঠ্যৰক্তদল বাহ্যিক সংযোগৰক্তদলইংৰাজী ভাষাকাৰ্ব'হাইড্ৰেটতেজপ্ৰ'টিন

🔥 Trending searches on Wiki অসমীয়া:

নাঙলকাফিৰসত্যাগ্ৰহচ্যু-কা-ফাচৰিত পুথিঅনুৰাধাৰ দেশকীৰ্তিনাথ হাজৰিকাদেওধনী নৃত্যপাচননামেৰি ৰাষ্ট্ৰীয় উদ্যানলোকবিশ্বাসশূন্যৰজনীকান্ত বৰদলৈঅলিম্পিকশৰাইঘাট দলংবংগ বিভাজন (১৯০৫)মানৱ ভূগোলমাতৃভাষাকুমাৰ ভাস্কৰ বৰ্মাপলাশীৰ যুদ্ধবন্দে মাতৰম্‌অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিগাৰো জনগোষ্ঠীঅসমীয়া উপন্যাসসোণোৱাল কছাৰীবিশ্ব বাণিজ্য সংস্থাজন গণ মনঅব্যয় পদআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ পিতল শিল্পকোচ ৰাজবংশইণ্টাৰনেটঅসমৰ লোকগীতৰবীন্দ্ৰনাথ ঠাকুৰমনোবিজ্ঞানবিশেষ্য পদঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাকলঅৰুণাচল প্ৰদেশভাৰতৰ স্বাধীনতা আন্দোলনত্ৰিভুজসমাজবাদকৰ'নাভাইৰাছ ৰোগ ২০১৯মানুহৰ কংকালসৰ্বানন্দ সোণোৱালচানডুবি বিলৰূপালীমঈয়াৰুইঙ্গমকম্পিউটাৰৰমন্যাসবাদডালিমীবিহুগীতঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাৰাজনৈতিক দলৰুক্মিণী হৰণ নাটলিখন পদ্ধতিঅভিধানযৌন প্ৰৱেশক্ৰিয়াসম্পাদনাএ পি জে আব্দুল কালামহুঁচৰিটকা (বাদ্য)চৈয়দ আব্দুল মালিকলক্ষ্মীধৰ শৰ্মাশ্ৰীমদ্ভগৱতগীতাআত্মসহায়ক গোটকৰ্কট ক্ৰান্তিখ্ৰীষ্টান ধৰ্মবিহুৰ খাদ্যঅসমৰ জিলাসমূহআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাশিৱসাগৰ পুখুৰীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমীয়া লোক-সংস্কৃতিবৌদ্ধ ধৰ্মসামাজিক উপভাষা🡆 More