শূন্য: সংখ্যা

শূন্য বা ০ (zero; pron.: /ˈziːroʊ/ zeer-ohএটা অংক যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো স্থানীয় মান পদ্ধতিত এক অপৰিহাৰ্য প্ৰতীক। ইয়াৰ বাহিৰে ই এটা সংখ্যাও হয়। দুয়োটা ৰূপতে গণিতত ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ। ই গণিতত এক কেন্দ্ৰীয় ভূমিকা পালন কৰি গোটা সংখ্যা, বাস্তৱ সংখ্যা আৰু বিভিন্ন বীজগণিতীয় গঠনৰ যোগাত্মক অভেদ হিচাপে কাম কৰে। এককভাৱে শূন্যই অস্তিত্বহীনতা বুজাই আৰু অংক হিচাপে ই সংখ্যাৰ মান নিৰূপণ কৰে। ভাৰতীয় গণিতজ্ঞসকলে পোন প্ৰথমবাৰৰ বাবে শূন্যক সংখ্যা হিচাপে ব্যৱহাৰ কৰিছিল। নৱম শতিকাত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰিক গণনাত শূন্যৰ ব্যৱহাৰ কৰা হৈছিল। ৪৯৮ খ্ৰীষ্টাব্দত ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টই উল্লেখ কৰিছিল-স্থানাৎ স্থানম্ দসগুণম্ স্যাত। অৰ্থাৎ কোনো সংখ্যাৰ প্ৰত্যেক অংকৰে মান তাৰ পিছৰ অংকটোৰ দহগুণ। ইয়াকে দশমিক ভিত্তিত স্থানমান নিৰ্ণয়ৰ পদ্ধতি অৰ্থাৎ দশমিক পদ্ধতিৰ আৰম্ভণি আখ্যা দিয়া হয়। শূন্যৰে সৈতে দশমিক পদ্ধতিৰ প্ৰাচীনতম লিখিত প্ৰয়োগ হিচাপে ৪৫৮ খ্ৰীষ্টাব্দত ৰচিত জৈন পুথি লোকবিভাগ উল্লেখনীয়। শূন্যৰ চিহ্ন হিচাপে এটি সৰু বৃত্তৰ প্ৰথম ব্যৱহাৰ দেখা যায় গোৱালিয়ৰৰ চতুৰ্ভুজ মন্দিৰত প্ৰাপ্ত ৮৭৬ খ্ৰীষ্টাব্দত লিপিবদ্ধ এখন শিলালিপিত। ব্ৰহ্মগুপ্তৰ ব্ৰহ্মস্পুত সিদ্ধান্ত নামৰ গ্ৰন্থখনত শূন্যৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ কিছুমান নিয়ম আগবঢ়াইছে---

←−১ ১→
−১ ৪ ৫ ৬ ৭ ৮
সংখ্যাৰ তালিকা — অখণ্ড সংখ্যা
১০ ২০ ৩০ ৪০ ৫০ ৬০ ৭০ ৮০ ৯০ →
অংকবাচক zero
পূৰণবাচক
(zeroth)
বাইনেৰি 02
Ternary 03
Quaternary 04
Quinary 05
Senary 06
Octal 08
Duodecimal 012
Hexadecimal 016
Vigesimal 020
Base 36 036
*শূন্য আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সদায় ঋণাত্মক।  *শূন্য আৰু এটা ধনাত্মক সংখ্যাৰ যোগফল সদায় ধনাত্মক।  *শূন্য আৰু শূন্যৰ যোগফল সদায় শূন্য।  *এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সিহঁতৰ অন্তৰ বা শূন্য  যদিহে সিহঁত সমান।  *শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য পোৱা যায়।  

ইয়াৰে শেষৰটো সিদ্ধান্ত আধুনিক সিদ্ধান্তৰ লগত নিমিলে। কাৰণ আধুনিক পদ্ধতিত শূন্য আৰু শূন্যৰ হৰণফল অনিৰ্ণেয় আৰু যিকোনো অশূন্য সংখ্যাক শূন্যৰে হৰণফল ঋণাত্মক বা ধনাত্মক অসীম বুলি ধৰা হয়।




শূন্য: সংখ্যা
২য় শতিকাত শূন্য বুজাবলৈ ব্যৱহাৰ কৰা প্ৰাচীন গ্ৰীক চিহ্ন (সোঁফালে তলৰ চুকত)

লগতে চাওক


তথ্যসূত্ৰ

  • Barrow, John D. (2001) The Book of Nothing, Vintage. ISBN 0-09-928845-1.
  • Diehl, Richard A. (2004) The Olmecs: America's First Civilization, Thames & Hudson, London.
  • Ifrah, Georges (2000) The Universal History of Numbers: From Prehistory to the Invention of the Computer, Wiley. ISBN 0-471-39340-1.
  • Kaplan, Robert (2000) The Nothing That Is: A Natural History of Zero, Oxford: Oxford University Press.
  • Seife, Charles (2000) Zero: The Biography of a Dangerous Idea, Penguin USA (Paper). ISBN 0-14-029647-6.
  • Bourbaki, Nicolas (1998). Elements of the History of Mathematics. Berlin, Heidelberg, and New York: Springer-Verlag. ISBN 3-540-64767-8.
  • Isaac Asimov (1978). Article "Nothing Counts" in Asimov on Numbers. Pocket Books.

বাহ্যিক সংযোগ

Tags:

en:Help:IPA for Englishঅংকগণিতসংখ্যাৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:Pronunciation respelling key

🔥 Trending searches on Wiki অসমীয়া:

নেতাই ধুবুনী ঘাটহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)অসমীয়া শিশু আলোচনীসমূহৰ তালিকাগদ্যঅসমীয়া লোক-সংস্কৃতিজল সংৰক্ষণৰংঘৰইয়াত এখন অৰণ্য আছিলডিগবৈবিষুৱ ৰেখাদশাৱতাৰতুলসীপদ্মধৰ চলিহামাঘ বিহুমহাসাগৰঅসমৰ তেল শোধনাগাৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামিচিং জনগোষ্ঠীৰ সাজপাৰপদাৰ্থৰ অৱস্থামঙ্গলদৈ (লোকসভা সমষ্টি)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ জনগোষ্ঠীৱিকিমিডিয়া ফাউণ্ডেশ্যনফাট বিহুঅসমৰ চলচ্চিত্ৰজয়মতী কুঁৱৰীনেলছন মেণ্ডেলাদৰ্শননামঘোষাসমাৰ্থক শব্দভাৰতৰ জাতীয় পতাকাপৰ্যটনদামোদৰ দেৱআত্মজীৱনীঅসমৰ মুখা শিল্পজোনবিল মেলাকমলাবাৰী সত্ৰঈয়াৰুইঙ্গমভাৰতৰ ইতিহাসভাৰতৰ সংৰক্ষণ ব্যৱস্থাগোৱালপৰীয়া লোকগীতসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাহিমাংশু প্ৰসাদ দাসযোৰহাটসংস্কৃত ভাষাৰামধেনু (আলোচনী)পথৰুঘাটৰ ৰণপথেৰ পাঁচালীগ্ৰহজৈৱ বৈচিত্ৰ্যদিল্লীডিগবৈ তেল শোধনাগাৰচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতীয় ৰেলবৌদ্ধ ধৰ্মবেলিমাৰ (নাটক)অমিয় কুমাৰ ভূঞাবাল্য বিবাহবিহুগীতকেশৱ মহন্তঅসমৰ কাঁহ শিল্পৰাজহুৱা ক্ষেত্ৰসৌৰভ কুমাৰ চলিহাঅণুজীৱগৌতম বুদ্ধঢোলভেদাই লতাভাৰতীয় দৰ্শনভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাচুটিগল্পযুগ্ম সংখ্যাসত্ৰকাঞ্চন (উপন্যাস)🡆 More