অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।
জোনবিল মেলা | |
---|---|
তাৰিখ | মাঘ বিহুৰ পিছৰ সপ্তাহ |
অন্তৰ | বাৰ্ষিক |
ঠাই | জোনবিল, মৰিগাঁও জিলা |
এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।
জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভাৰজা হৈছে এই মেলাৰ জন্মদাতা।
জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ'লে কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, 'হেবে ছনাই পিল হঙদ' অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত 'ছনাই' মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই পিল>জনাই পিল>জোনবিল হোৱা বুলি কোৱাৰ থল আছে। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ'ব পাৰে।
জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে।
মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়। আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে। এই উদ্যাপন সমিতিয়ে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়ে।
জোনবিলাৰ মেলাৰ বিষয়ে ৰীতা চৌধুৰীৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ "দেও লাংখুই"ত বিস্তৃত বৰ্ণনা দেখিবলৈ পোৱা যায়।
ৱিকিমিডিয়া কমন্সত Jonbeel mela সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article জোনবিল মেলা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.