লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল। কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ অৱদান আগবঢ়াই গৈছে। কৰ্মজীৱনৰ আহুকলীয়া পৰিস্থিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য সৃষ্টিক এক প্ৰত্যাহ্বান হিচাবে লৈছিল।

কবিতা

বেজবৰুৱা দেৱে নিজকে কবি বুলি ভাবিব পৰা নাছিল[উদ্ধৃতিৰ প্ৰয়োজন] যদিও কবিতা হওক বা নহওক তেওঁ বহুতো কবিতা লিখিছিল। ইংৰাজী ১৯১৩ চনত তেওঁৰ কবিতা সংকলন “কদমকলি” প্ৰকাশ হয়। তেওঁৰ দুটা সুন্দৰ দেশপ্ৰেম মূলক কবিতা হৈছে “অ’ মোৰ আপোনাৰ দেশ” আৰু আনটো “আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ’ম”, ইংৰাজী ১৯৬৮ চনত তেওঁৰ আনখন কবিতা পুথি “পদুমকলি” ছপা হৈ ওলাইছিল, তেওঁৰ “বীণ-ব’ৰাগী” কবিতাটি এটা উল্লেখযোগ্য কবিতা। “মিলন” পত্ৰিকাৰ চতুৰ্থ বছৰ তৃতীয় সংখ্যাত তেখেতৰ কাব্য গ্ৰন্থ “কদমকলি” সন্দৰ্ভত কৈছিল “কদমকলি হ’ল অসমীয়া সাহিত্য বৃন্দাবনৰ দেৱোপম পদাৰ্থ” ৷

সাধুকথাৰ কিতাপ

তেওঁৰ প্ৰকাশিত সাধুকথাৰ কিতাপ “জুনুকা”(ইং ১৯১৩), “ককাদেউতা আৰু নাতি ল’ৰা” (ইং ১৯১৩)আৰু “বুঢী আইৰ সাধু”; প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক মুগ্ধ কৰে। যুগ যুগ ধৰি মুখে মুখে প্ৰচলিত সাধুবোৰ বেজবৰুৱাদেৱে নিজ ভাষাৰে লিখি ছপা কৰি উলিয়াইছিল। “বুঢী আইৰ সাধু”ৰ জনপ্ৰিয়তা সৰবজনবিদিত।

চুটিগল্প

বেজবৰুৱা দেৱক চুটিগল্পৰ জনক আৰু শ্ৰেষ্ঠ চুটি গল্পকাৰ বুলি কোৱা হয়। তেওঁৰ গল্পবোৰত সুখ-দুখ,হাঁহি-কান্দোন,জীৱন পৰিক্ৰমাৰ চিত্ৰ ফুটি উঠিছে;তেওঁৰ গল্পবোৰৰ ভিতৰত “ভদৰী” আৰু “মুক্তি” অসমীয়া সাহিত্যৰ প্ৰথম আৰু সকলো সময়ৰে সৰ্বশ্ৰেষ্ঠ চুটিগল্প। তেওঁৰ গল্প সংকলন বিলাক ক্ৰমে “সুৰভি”, “সাধুকথাৰ কুকি”, “জোনবিৰি” , “কেহোকলি” আদি।

উপন্যাস

বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস “পদুম কুঁৱৰী—ঐতিহাসিক সন্দৰ্ভত লিখা এখন প্ৰেম মূলক উপন্যাস-সুখপাঠ্য, মৌলিক ৰচনা হিচাপে এই উপন্যাসখনি অসমীয়া সাহিত্যত জিলিকি থাকিব।

নাটক

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল—“চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী” আৰু “বেলিমাৰ”। জয়মতী কুঁৱৰী নাটকখন প্ৰথম আৰু তৃতীয় সাহিত্যসভাৰ অনুষ্ঠানত মনস্থ হোৱাৰ উপৰিও সেই নাটক খনেই অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত কৰিছিল-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেওঁৰ ধেমেলীয়া নাটক কেইখনৰ ভিতৰত “লিতিকাই”, “পাচনি”, “নোমল”, “চিকৰপতি নিকৰপতি”–এই নাটক কেইখনে দৰ্শকক পেটৰ নাৰী ভূৰি চিঙি যোৱাকৈ হহুঁৱাইছিল।

হাস্য ব্যংগ সাহিত্য

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই হাস্য বংগ সাহিত্যসৃষ্টিৰ বাবে বিভিন্ন ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামত অসংখ্য হাস্যাত্মক ৰচনা লিখি থৈ গৈছে – “কৃপাবৰ বৰুৱাৰ ওভতনি”, “বৰবৰুৱা বুলনি”, “কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি” , “বৰবৰুৱাৰ চিন্তাৰ শিলগুটি” “বৰবৰুৱাৰ সাহিত্যিক ৰহস্য” আৰু “কৃপাবৰ বৰুৱাৰ সামৰণি”। অসমীয়া মানুহক হাস্য বংগ ৰচনাৰে হহুঁৱাব পৰা তেতিয়া এজনেই লোক আছিল। বুদ্ধিদীপ্ত মন্তব্য, নিৰ্দোষ হাস্যৰস আৰু স্থান বিশেষে কটু ব্যঙ্গ, বেজবৰুৱাৰ নিবন্ধাৱলীৰ প্ৰধান মাধ্যম। আধুনিকতা আৰু পৌৰানিকতাৰ সমন্বয়ত গঢি উঠা এগৰাকী প্ৰবল আশাবাদী, হাসোদ্দীপ্ত ব্যক্তিৰ স্বাক্ষৰ এই প্ৰবন্ধ সমূহে বহন কৰে।

জীৱনীগ্ৰন্থ

লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনীগ্ৰন্থ হ’ল তিনিখন—“ডাঙৰীয়া দীন নাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত”, “শঙ্কৰদেৱ”, “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”

তেওঁৰ আত্মজীৱনী “মোৰ জীৱন সোঁৱৰণ”।

ধৰ্ম মূলক লেখা

তেওঁৰ ধৰ্ম মূলক লেখা—“তত্ত্ব কথা” আৰু “শ্ৰীকৃষ্ণ”।

বেজবৰুৱাদেৱে অসমৰ বাহিৰত জীৱনৰ সৰবাধিক সময় কটালেও কোনো ক্ষণতে অসমী আইৰ কথা পাহৰি যোৱা নাছিল, তেওঁৰ কাপৰ পৰা সেয়েহে নিগৰি ওলাইছিল অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”।

তথ্য সংগ্ৰহ

Tags:

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান কবিতালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান সাধুকথাৰ কিতাপলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান চুটিগল্পলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান উপন্যাসলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান নাটকলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান হাস্য ব্যংগ সাহিত্যলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান জীৱনীগ্ৰন্থলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান ধৰ্ম মূলক লেখালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান তথ্য সংগ্ৰহলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমীয়া সাহিত্যমাধৱদেৱলক্ষ্মীনাথ বেজবৰুৱাশঙ্কৰদেৱৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া বান্দৰবলজোনাকী (আলোচনী)কাঠৰ জোখ মাপবনঘোষাএ পি জে আব্দুল কালামঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীআলি আঃয়ে লৃগাংঅম্বিকাগিৰি ৰায়চৌধুৰীনামনি অসমকালিদাসজ্বৰবিবাহগৱেষণাদীপলিনা ডেকাহিউৱেন-চাংগুপ্ত সাম্ৰাজ্যলোকবিশ্বাসসৰস্বতীঅসমীয়া খাদ্যাভ্যাসশ্ৰী সূৰ্য পাহাৰকুলিবুৰঞ্জী সাহিত্যপতঞ্জলিমাইলছ ব্ৰনছনতৎসমলোক-নৃত্যদেৱদাসীসংক্ৰমণবাবৰক্ৰিষ্টোফাৰ কলম্বাছডিব্ৰুগড়অৰুণাচল প্ৰদেশপৰিয়ালদৌল গোবিন্দ মন্দিৰআহোম জনগোষ্ঠীঋকবেদবায়ু প্ৰদূষণতগৰএইচ টি এম এললংকাউপভাষাজলসিঞ্চনমানৱ ভূগোলএছিয়ানৱ-বৈষ্ণৱ ধৰ্মআয়ুৰ্বেদসেউজ গৃহ প্ৰভাৱশিৱসাগৰ জিলাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাবাজেটফুটবলপ্লেটোহুঁচৰিপতঞ্জলিৰ যোগসূত্ৰন'বেল বঁটা বিজয়ী (সাহিত্য)কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমনোমতীযুগ্ম সংখ্যাসৌৰভ কুমাৰ চলিহাভট্টদেৱকৃষ্ণ ভূঞাবিল গেট্‌ছনাৰীমল্লিকা ফুলবৃহস্পতি গ্ৰহবৰপেটা সত্ৰভাৰতৰ স্বাধীনতা আন্দোলনআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডলক্ষ্মীধৰ শৰ্মাঅনাভেদী যৌনক্ৰিয়াশীতল যুদ্ধমই আৰু নেফাজুৰী বৰা বৰগোহাঞিকুচিপুড়ি🡆 More