ঠেঙ্গাল কছাৰী জনগোষ্ঠী

ঠেঙ্গাল কছাৰী (ইংৰাজী: Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে। উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। আনুমানিক খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰিছিল।

ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
এগৰাকী ঠেঙ্গাল কছাৰী মহিলা
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, ডিমাপুৰ
ভাষাসমূহ

অসমীয়া ভাষা

ধৰ্ম

একশৰণ ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

ডিমাছা, সোণোৱাল কছাৰী


ৰেভাৰেণ্ড ছিডনী এণ্ডলে বড়োগোষ্ঠীৰ লোকক দুটা ভাগত ভাগ কৰিছে, সেইদুটা হৈছে:-

  1. উত্তৰ গোষ্ঠী - বড়ো, ৰাভা, মেচ, ধিমাল, কোঁচ, ছলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া
  2. দক্ষিণ গোষ্ঠী - ডিমাছা, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপ্‌ৰা (ত্ৰিপুৰা) আদি।

কিছুসংখ্যক পণ্ডিতে বিশ্বাস কৰে যে ৰেভাৰেণ্ড ছিডনী এণ্ডলে উল্লেখ কৰা উত্তৰ গোষ্ঠীৰ শৰণীয়াসকলেই উজনিৰ ঠেঙ্গাল আৰু সোণোৱাল কছাৰীসকল।

ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ৰেভাৰেণ্ড ছিডনী এণ্ডলৰ "The Kacharis" গ্ৰন্থৰ আধাৰত পণ্ডিতসকলে অনুমান কৰা অনুসৰি ঠেঙ্গাল কছাৰীৰ অৱস্থান


ড॰ ভুবনমোহন দাসে এই বিভাজনক অসমত প্ৰব্ৰজন অনুসৰি দুটা ভাগত ভাগ কৰিছে -

  1. পশ্চিম গোষ্ঠী - ৰাভা, মেচ, গাৰো, তি্‌পৰা ইত্যাদি।
  2. পূ্ব গোষ্ঠী - ডিমাছা, সোণোৱাল, ঠেঙ্গাল, জাৰুৱা ইত্যাদি।

এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।


ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ড॰ ভুবনমোহন দাসৰ "The Peoples of Assam" গ্ৰন্থৰ মতে ঠেঙ্গাল কছাৰীৰ অৱস্থান

নামৰ উৎপত্তি

বুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু 'কছাৰী' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি। হেমকোষ অভিধানত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে।

কিছু লেখকৰ মতে ১৫২৬ খ্ৰীষ্টাব্দৰ কছাৰী-আহোমৰ যুদ্ধত কিছু কছাৰী সৈন্য পৰিয়ালৰ সৈতে দৈয়াং নদীৰ পাৰৰ কাছমাৰীত (গোলাঘাট) পৃথক কছাৰী ৰাজ্য স্থাপন কৰিবলৈ আহিছিল। সেই সময়ত কছাৰী সৈন্যই ঠেঙ্গা পিন্ধি যুদ্ধ কৰিছিল। কিন্তু পিছলৈ তেওঁলোকে যুদ্ধৰ বাহিৰেও যিকোনো সময়ত ঠেঙ্গা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে এই গোষ্ঠীটোক আন মানুহে "ঠেঙ্গাল" বুলি অভিহিত কৰিছিল আৰু পিছলৈ তেওঁলোকক পৃথক ঠেঙ্গাল কছাৰী জনগোষ্ঠী নামেৰে জনা গৈছিল। আন কিছু লেখকৰ মতে, আহোম ৰজাই সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত কছাৰীসকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙ্গা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙ্গা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙ্গাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙ্গাল সম্প্ৰদায়ত পৰিণত হয়।

আন এটা মতামত হ’ল আহোম শাসনৰ সময়ত কছাৰী লোকসকলক সোণ আৰু ৰূপ আহৰণ কৰা কামৰ ভিত্তিত ‘সোণোৱাল’ আৰু ‘ৰূপোৱাল’ বা ‘ঠেঙ্গাল’ হিচাপে বিভক্ত কৰা হৈছিল। কিন্তু এই মতামতটো ঠেঙ্গালকছাৰীলোকসকলৰ বাবে ভিত্তিহীন আৰু দুৰ্বল।

বৰ্তমান ঠেঙ্গাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, দৰং, শোণিতপুৰ, কাৰ্বি আংলং আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।

পৰম্পৰাগত সাজপাৰ

ঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত পুৰুষসকলৰ প্ৰধান সাজ চুৰীয়া,চাদৰ, হাতৰ দীঘল চোলা। এৰী, মুগা,পাট আৰু অনান্য সূতাৰে মহিলাসকলে ঘৰতে পুৰুষৰ বাবে তৈয়াৰ কৰি দিয়ে। বিয়া-বাৰুত পুৰুষে মুগাৰ চোলা-চুৰীয়া, চেলেং,গামোচা আৰু মূৰত মুগাৰ পাগ মাৰে। দৰাৰ বাবে আঢ়ৈকঠীয়া চেলেং কাপোৰ, দুকঠীয়া গামোচা বাধ্যতামূলক। তেনেদৰে মহিলা সকলে মেখেলা, বুকুত ৰিহাৰে বান্ধি মেথনি মাৰে, গাত চাদৰ আদি পৰম্পৰাগতভাৱে পৰিধান কৰে। গাভৰু ছোৱালীয়ে সাধাৰণভাৱে ৰিহা, চাদৰ মেখেলা পিন্ধে। মুগা, এৰি, পাটৰ গুণাকৰা, গাঁৰিদিয়া বা কেচবচা ৰিহা, মেখেলা চাদৰৰ প্ৰচলন থকাৰ উপৰিও কপাহী সূতাৰেও তৈয়াৰী সাজৰ প্ৰচলন আছে। ৰিহা-মেখেলাৰ পাতলিত গছ লতা, ফুল পাতৰ, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাচি লোৱাত ঠেঙ্গাল কছাৰী তিৰোতাসকল বৰ পাকৈত বুলি কোৱা হয়। এই ৰীতিৰ অনুৰূপ চিত্ৰ ডিমাপুৰ আৰু কাছমাৰি পথাৰৰ ভাস্কৰ্যত থকা বুলি ড° বিৰিঞ্চি কুমাৰ বৰুৱাঅসমীয়া ভাষা আৰু সংস্কৃতি নামৰ গ্ৰন্থত উল্লেখ কৰিছে। ঠেঙ্গাল জনগোষ্ঠীৰ দৰাৰ দৰে কইনাৰ সাজো সুকীয়া। আঢ়ৈকঠীয়া ফুলাম চেলেং,ৰঙীন ফুলাম মেখেলা,ৰিহা সুন্দৰকৈ কইনাৰ বাবে তৈয়াৰ কৰে।  জনজাতীয় মহিলাৰ মাজত ওৰণি আৰু সেন্দূৰৰ ব্যৱহাৰ দেখা পোৱা নাযায় যদিও ঠেঙ্গাল কছাৰী তিৰোতাই ওৰণি লয় আৰু সেন্দূৰ ব্যৱহাৰ কৰে।

বংশসমূহ

প্ৰথম অৱস্থাত ঠেঙ্গাল কছাৰীসৈন্যসকলক কামৰ ওপৰত ভিত্তি কৰি ২১টা পৃথক গোটত ভাগ কৰা হৈছিল। বৰ্তমানে এই গোটকেইটাই ২১ টা বংশ হিচাপেহে আছে; জীৱিকাৰ বৃত্তিসমূহ বংশবোৰত নাই।

  1. হাজোৱাল: কৃষক
  2. মাণিকিয়াল: মাণিক সংগ্ৰহ কৰা লোকসকল
  3. মুক্তাল বা মুকুতিয়াল: মুকুতা সংগ্ৰহ কৰা লোকসকল
  4. ডুৰুঙ্গিয়াল: নাও নিৰ্মাণ কৰা লোকসকল বা নাও বাওঁতা
  5. দলঙ্গিয়াল: দলং নিৰ্মাণ কৰা লোকসকল
  6. সাঁকোৰিয়াল: নলাৰ ওপৰত বাঁহৰ দলং / সাঁকো নিৰ্মাণ কৰা লোকসকল
  7. হয়গিয়াল বা সৰগিয়াল: ঘোঁৰা পালন কৰা লোকসকল আৰু চলাওঁতা
  8. শুকৰিয়াল: গাহৰি পোহালোক
  9. সুগৰীয়াল বা হুগাল: সুগৰী পোহা লোক
  10. ব্যাঘ্ৰাল: বাঘ পোহা লোক
  11. কুমৰাল বা কুমাৰিয়াল: মাটিৰ পাত্ৰ গঢ়োতা
  12. কমাৰিয়াল: লোৰ কাম কৰা লোক
  13. ডেক্ৰাল বা ঢেঁকীয়াল: ঢেঁকী (বড়ো ডেঙ্কী) বনাওতা আৰু ধান বানোতা
  14. নাঙ্গাল: নাঙ্গলৰ যোগান ধৰোঁতা
  15. লাঠীয়াল: বাঁহ-কাঠৰ কাম কৰোঁতা
  16. মেখেলিয়াল: মেখেলাকে আদি কৰি অন্যান্য বস্ত্ৰ তৈয়াৰ কৰোঁতা
  17. নেগুৰিয়াল: ৰচি আদি তৈয়াৰ কৰা লোক
  18. ডিঙ্গিয়াল: ডিঙ্গি' মুচৰি জীৱ-জন্তু বধ কৰি পূজা-পাতল কৰা লোক
  19. ঢুলিয়াল: মাদল আৰু ঢোল তৈয়াৰ কৰোঁতা আৰু বজাওঁতা
  20. ফৰ্মাল: আহু খেতি কৰা লোক
  21. এজমাল: ৰজাৰ ঘৰত কাম কৰা, ৰাজ ভঁড়াললৈ সামগ্ৰী সংগ্ৰহ কৰা লোক

পালন কৰা উৎসৱসমূহ

অসমীয়া জাতিৰ অন্য জনগোষ্ঠীৰ দৰে ঠেঙ্গাল কছাৰীলোকসকলেও বিহু পালন কৰে।

ব’হাগ বিহু

ব’হাগ বিহু ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় বিহু। ঠেঙ্গাল কছাৰীলোকসকলে বিহু আৰম্ভ কৰে চ’ত মাহৰ প্ৰথম দিনটোতে। সেয়ে ইয়াক ‘চ’ত বিহু’ বুলি কোৱা হয়। চ’ত মাহৰ প্ৰথম দিনৰ পৰাই ঠেঙ্গাল কছাৰী ছোৱালীসকলে ৰাতি বটগছৰ তলত ‘ৰাতি বিহু’ পৰিবেশন কৰা আৰম্ভ কৰে। এই ৰাতি বিহু চ’তৰ সংক্ৰান্তি বা ব’হাগ বিহুৰ উৰুকালৈকে পৰিবেশন কৰা হয়। ব’হাগ মাহৰ প্ৰথম দিনৰ পৰা এই বিহু দিনত পৰিবেশন কৰা হয়। আজিকালি এই বিহুক মাইকী বিহু বা গাভৰু বিহু বুলিও কোৱা হয়।

‘তৰাছিৰা বিহু’ বা ‘বালি হুঁচৰি’ আৰু ‘নৰাছিগা বিহু’ ঠেঙ্গাল কছাৰীলোকসকলৰ দুটা উল্লেখযোগ্য বিহু। গৰু বিহুৰ দিনা ঠেঙ্গাল কছাৰীলোকসকলে গৰুৰ ডিঙিত সন্ধিয়া নতুন তৰাগছৰ ৰছী বান্ধে। ইয়াৰ বাবে কিছুমান ডেকা ল’ৰাই বিহু গান গাই আৰু নৃত্য কৰি হাবিৰ পৰা তৰা গছ আনিবলৈ যায়। বয়সীয়াল লোকসকলে এই তৰা গছৰ পৰা গান গাই ৰছী প্ৰস্তুত কৰে। এই গান-নাচসমূহকে ‘তৰাছিৰা বিহু’ বোলা হয়। যেতিয়া শস্য চপোৱা হয় তেতিয়াও ডেকা ল’ৰাবোৰে বিহু গান গাই নৰা কাটে। এই বিহুটোক ‘নৰাছিগা বিহু’ বোলে।

ঠেঙ্গাল কছাৰীলোকসকলৰ আন এটা উল্লেখযোগ্য বিহু হৈছে ‘বোকা বিহু’। গৰু বিহুৰ দিনা সন্ধিয়া মেধিৰ ঘৰৰপৰা বিহুৰ হুঁচৰি আৰম্ভ কৰা হয়। সেইসময়ত বিহুৰ আৰম্ভণিতে চোতালত পানী ঢালি বোকাময় কৰি তোলা হয় আৰু তাৰ পিছত গাত বোকা লেপি গান গায় আৰু নাচে। এনে দৰে পালন কৰা বিহুক ‘বোকা বিহু’ বোলা হয়। বিহুৰ শেষত ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত বিহু উৰুৱা পৰম্পৰা আছে। গৰুবিহুৰ দিনা সন্ধিয়া কিছু কিছু ঠেঙ্গাল কছাৰীলোকে ‘মৃতকক দিয়া’ বুলি এটা অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানত পূৰ্বপুৰুষলৈ বিভিন্ন প্ৰকাৰৰ খাদ্য আগবঢ়োৱা হয়।

কাতি বিহু

মাঘ বিহু

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ঠেঙ্গাল কছাৰী জনগোষ্ঠী নামৰ উৎপত্তিঠেঙ্গাল কছাৰী জনগোষ্ঠী পৰম্পৰাগত সাজপাৰঠেঙ্গাল কছাৰী জনগোষ্ঠী বংশসমূহঠেঙ্গাল কছাৰী জনগোষ্ঠী পালন কৰা উৎসৱসমূহঠেঙ্গাল কছাৰী জনগোষ্ঠী তথ্য সংগ্ৰহঠেঙ্গাল কছাৰী জনগোষ্ঠী বাহ্যিক সংযোগঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসমীয়া জাতিঅসমীয়া ভাষাইংৰাজী ভাষাউত্তৰ পূব ভাৰতচীনা-তিব্বতীয় ভাষাবড়ো-কছাৰী

🔥 Trending searches on Wiki অসমীয়া:

ভূগোলবাঁহছক্ৰেটিছবাৰ ভূঞাকৰ'নাভাইৰাছ ৰোগ ২০১৯তগৰন'বেল বঁটাসাম্যবাদবিশ্ব মেলেৰিয়া দিৱসঅসমৰ পৰম্পৰাগত সাজ- পাৰইতিহাসহেম বৰুৱা (ত্যাগবীৰ)ভাৰত ত্যাগ আন্দোলনপদুমকপৌ ফুলগান্ধীবাদঅসমীয়া বৰ্ণমালাসপ্তকাণ্ড ৰামায়ণহোমাৰমোপিন উত্‍সৱচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতৰ উচ্চতম ন্যায়ালয়ধাননৱবিধা ভক্তিব্ৰহ্মপুত্ৰ নদপুঁজিবাদউৎসৱমদন কামদেৱ দেৱালয়বৰগীতমহা মৃত্যুঞ্জয় মন্দিৰমেঘালয়ভাৰতীয় সাহিত্যস্বাধীনতা দিৱস (ভাৰত)অসম আৰক্ষীথমাছ আলভা এডিচনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমৰ কাঁহ শিল্পহাজোপলাশীৰ যুদ্ধঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসীমত যাৰ হেৰাল সীমাহেম সৰস্বতীসম্পাদনাপথেৰ পাঁচালীকুলিঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমৰ বাঁহ-বেতৰ শিল্পগোলকীয় উষ্ণতা বৃদ্ধিম’বাইল ফোনমহেশ্বৰ নেওগঈয়াৰুইঙ্গমযতীন বৰামাধৱদেৱমূৰাৰা, ৰঙিয়ানৱ-বৈষ্ণৱ ধৰ্মইলিয়াডঅসমীয়া লোকসাহিত্যবুঢ়া চাপৰি অভয়াৰণ্যআলেকজেণ্ডাৰ ফ্লেমিংনাৰীবাদভাৰত-চীন যুদ্ধপৰ্যাবৃত্ত তালিকাশ্ৰীমদ্ভগৱতগীতাগায়ন-বায়নঘৰচিৰিকাবিহুগীতগঙ্গা নদীঅসমলোকাচাৰবিপন্ন প্ৰজাতিমহাদেশফুলগুৰি ধেৱাঅৰ্থনীতিপ্ৰথম বিশ্বযুদ্ধমৃণাল কলিতা🡆 More