ৰাতি বিহু

ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে। ৰাতি বিহু হ’ল- গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি ক'ব পাৰি।

বিহুঘৰ

“গেৰগুৱা পাতেৰে অ’ হই ৰাম

বিহুঘৰ সাজিলোং অ’ হই ৰাম

মাৰলি নেখালে জোৰা;

গোপাল গোবিন্দাই ৰাম....”


এই বিহুপদ ফাঁকিয়ে দুই কোঠালীয়া বিহুঘৰটোকে ৰ্বণনা কৰিছে। ৰঙালী বিহুলৈ পষেক দিনচেৰেক থাকোঁতেই গাঁৱৰ ডেকা ল’ৰাবোৰে বাঁহ-কাঠেৰে গেৰগুৱা পাত/ জেঙুপাত/ টকৌপাত আদিৰে চাউনি এটা কৰি এটা বেৰহীন দুটা কোঠাযুক্ত ঘৰ সাজে। মাজত এটা বান্দৰ চ’তি দি তাৰ ওপৰত বহিখোৱা বা চমলাৰে কোঠা দুটা বিভক্ত কৰা হয়। মাটিত কোৰেৰে দিন এডালো দিয়া হয়। তাৰে বাওঁ কোঠাটোত গাভৰুসকলে আৰু সোঁ-ফালৰ কোঠাটোত ডেকাসকলে বিহু মাৰে। বিনা অনুমতিত পৰস্পৰে পৰস্পৰৰ কোঠাত প্ৰৱেশ কৰা নিষেধ। এই নিয়ম যদি কোনোবাই উলংঘা কৰে তেওঁ সামাজিকভাৱে দণ্ডনীয় হ’ব।

ছোৱালী গোনোৱা(খোজা পৰ্ব)

বিহুৰ উৰুকাৰ দিনা সত্ৰ/গাঁৱৰ নামঘৰত ৰাইজে শ্ৰী শ্ৰীচৰ্তুভূজ গুৰু তিথি পাতে। উক্ত তিথিত ডেকা সমাজে জনদিয়েক আদহীয়া ভকতৰ যোগেদি যথাৰীতিৰে বিহু গাবলৈ অনুমতি বিচাৰে। আদহীয়াসকলৰ মত সাপেক্ষে বুঢ়া ভকতসকলে চিৰাচৰিত ৰীতিমতে ৰাতি বিহু গাবলৈ মঞ্জুৰ কৰে। পিছদিনা অৰ্থাৎ বুধবাৰৰ গৰুবিহুৰ দিনা সন্ধ্যা ডেকাসকলে আলোচনাভিত্তিত কেইবাটাও দলত বিভক্ত হৈ দলেপতি (ন্যূনতম এজন দায়িত্বশীল ব্যক্তি)ক লগত লৈ গাভৰুৰ ঘৰলৈ গৈ পিতৃ-মাতৃ অভিভাৱকৰ ধৰ্মীয় পদ মৰ্যাদা আৰু পৰ্যায়ভেদে তামোল-পাণৰ টোপোলা, খুম আগবঢ়াই ৰাতি বিহু গাবলৈ মাইকী ল’ৰা (ছোৱালী) খোজে। তেতিয়া পিতৃ/অভিভাৱকে দলটোক প্ৰশ্ন কৰে-“পাখী লগা মইনা চৰাইক বান্ধত ৰাখিব পাৰিবি জানো?” ডেকাসকলে পাৰিম বুলি কথা দিয়াত পিতৃয়ে পুনৰ প্ৰশ্ন কৰে,”যদি নোৱাৰ তেন্তে?” তেতিয়া ডেকাসকলে কয়-“সেইটোত নিচিন্ত থাকক। কিবা হৰণ-ভগন হ’লে মাটিৰে হ’লেও আপোনাৰ জীজনীক বনাই দিম। “- ডেকাসকলৰ তেনে দৃঢ়তাত পতিয়ন গৈ পিতৃ-মাতৃ/অভিভাৱকে দায়িত্বশীলজনক সাক্ষী কৰি জীয়াৰী/গাভৰুজনীক ৰাতি বিহু মাৰিবলৈ বিহুঘৰলৈ নিবৰ বাবে সন্মতি দিয়ে। এনেদৰে ঘৰে ঘৰে গৈ প্ৰতিঘৰৰ পৰা সন্মতি আদায় কৰি ছোৱালী লৈ আহি বিৰতিত থৈ অহা ৰীতি। আনকি ছোৱালীয়ে কি সাজ-পাৰ, আ-অলংকাৰ পৰিধান কৰিছে তাকো লিখি ৰাখিব লাগে; যাতে কিবা হৰণ-ভগন হ’লে ৰাইজে ক্ষতিপূৰণ দিব পাৰে। বিহুমাৰি থকা উক্ত দিনকেইটাত গাভৰুৰ ৰক্ষণাবেক্ষণৰ সৰ্ম্পূণ দায়িত্ব উক্ত দলসমূহে মূৰ পাতি ল’ব লগা হয়। বিহু শেষ নোহোৱা পৰ্যন্ত কোনো ডেকাই কোনো কাৰণতে গাভৰুক বিয়া পতা বা পলোৱাই নিয়া নীতি-বিৰুদ্ধ। এই সৰ্ম্পকে বিহু নামত এনেকৈ উল্লেখ আছে-

“কালৈ কৰিছ মনে ঐ লাহৰী

কালৈ কৰিছ মন

বিহু মাৰি থাকোঁতে

পলোৱাই ঐ নিনিবি

ভৰিব লাগিব ধন“

বিহু খোলাত কেতবোৰ কঠোৰ সামাজিক বান্ধোন যে আছে ওপৰোক্ত বিহু ফাঁকিয়ে তাৰেই স্বাক্ষৰ বহন কৰে। এনে কঠোৰ নিয়মক অমান্য কৰি কোনো যুৱকে পলোৱাই নি বিবাহ পাশত আৱদ্ধ হ’লে সমাজে যুৱক-যুৱতীহালক দায়-জগৰ ধৰে। দুয়ো পক্ষৰ পৰা দৰা-কইনাক বিহু খোলালৈ নি ডাকে-গাভৰু সমাজক জৰিমনা সহ খুম-শৰাই, হাঁহৰ ভাৰ আদি সোধাই শৰণাগত হৈ দায়-জগৰ ভাঙিব লাগে। অন্যথা সমাজে বিধি অনুযায়ী সামাজিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সমাজৰ দায়-দোষ ভঙাৰ পাছতহে মিতুৰ আদি পতা পথ প্ৰশস্ত হয়।

বিহুৰ সাজ-পাৰ, আ-অলংকাৰ

বিহুৱা ডেকাই তাঁতৰ শালত বোৱা ন-চুৰীয়া আৰু গা আবুৰত ৰখা কামিজ চোলা পিন্ধে। অতীতত এঙাচোলা পিন্ধিছিল বুলি শুনা যায়। মৰাণ ডেকাই মূৰত গামোচা অথবা কঁকালত টঙালি নামাৰে। ফুলাম গামোচাখন কান্ধৰ পৰা ওলমাই বুকুত সামান্য গাঁঠিৰ পাক এটা মাৰি ওলমাই থয়। গাভৰুবোৰে হস্ততাঁতত বোৱা কপাহী ফুলাম ৰিহা-মেখেলা, মূগা ৰিহা মেখেলা, পাটৰ মেখেলা, মূগাৰ মেখেলা, কলীয়া ৰিহা পৰিধান কৰিছিল। ওঁঠত বৰহমথুৰি বোল, হাতত জেতুকাৰ বোল, লাহৰী খোপাত কপৌফুল, নাহৰ ফুল আদি বতৰৰ ফুল গুজি লৈছিল। অলংকাৰ ভিতৰত মুঠিখাৰু(গামখাৰু), গেজেৰা, কাণফুলি,ঢোলবিৰি, জোনবিৰি, মাদলি, দালমনি, ফুটিমনি আদিয়েই প্ৰধান আছিল।

বিহু নমোৱা পৰ্ব

মৰাণসকলে তাহানি শদিয়াৰ কেঁচাইখাতী গোঁসানীৰ ভক্ত থকা কালত বুধবাৰে ‘বৰবলি’ দি বিহু নমোৱা প্ৰথা আছিল। পৰৰ্ৱতী কালত বহু এৰা-ধৰা মাধ্যমেদি মায়ামৰা বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ পিছতো পূৰ্বৰ সেই পৰম্পৰাকে অনুসৰণ কৰি ব’হাগৰ প্ৰথম বুধবাৰৰ গৰুবিহুৰ দিনা সত্ৰ বা নামঘৰৰ পৰা বিহু নমোৱা পৰম্পৰা ৰক্ষিত হ’ল। বিহুৰ ঘোষা পদতো এনেদৰে গোৱা হয়-

“হাঁচতি ঐ চ’ত বিচতি অ-ই চ’ত

বুধে বিৰচতি(বৃ্হস্পতি) মঙলে উৰুকা

বিহু গৈ আছিলি ক’ত?”

গৰু বিহুৰ দিনা পূৰ্বৰ পৰম্পৰাকে সৰোগত কৰি দিনৰ ভাগত ঢোল তাল, পেঁপা, টকা আদি বাদ্য লৈ ডেকা-গাভৰুৱে বিহুঘৰত পৃথকে পৃথকে চক্ৰাকাৰে ঘূৰি ঘূৰি বিহুপদ জোৰে। বিহু এপদ গোৱাৰ পিছত নিজ নিজ বৃত্তত কিছুসময় নাচ-বাগ চলে। পুনঃ পুনঃ পদ জুৰি তিনিপদ গোৱাৰ পিছত কিছুসময় ডেকা-গাভৰুসকলে নিজৰ ভিতৰতে নাচ-বাগ কৰে। বিহুৰ দিনকেইটাত ডেকা-গাভৰুসকলে মানি চলিবলগীয়া নীতি-নিয়ম, বিধি-বিধানসমূ্হ ঘোষনা কৰি সেইদিনালৈ সিমানতে বিহু সামৰণি ঘটে। আনহাতে বুঢ়াসকলে ঘৰ-নামঘৰত শ্ৰী শ্ৰীঅষ্টভূজ গুৰুৰ তিথি আৰু বিহু তিথি পাতে। ইয়াকে বিহু নমোৱা পৰ্ব বোলে।

বিহুঘৰত বিহুজোৰা পৰ্ব

মানুহ বিহুৰ দিনা দিনৰ ভাগত আই ভগৱতীৰ বিহুঘৰত গাঁৱৰ ডেকা-গাভৰুসকল গোট খায়। প্ৰকৃতি দেৱী সন্তুষ্টিৰ অৰ্থে আৰু সকলোৰে মঙ্গল কামনাৰে গুৱাপান আগবঢ়াই তামোল কাটি খায় আৰু বিহুৰ দিনকেইটাত ডেকা-গাভৰুসকলে মানি চলিবলগীয়া নীতি-নিয়ম, বিধি-বিধানসমূ্হ পুনৰ সোঁৱৰাই দিয়া হয়। তাৰ পিছত আৰম্ভ হয় সাত বিহুৰ ৰং-ৰহইচৰ উৎসৱ। বিহু খোলাখন প্ৰকৃতাৰ্থত ৰং-ৰহইচ, প্ৰেম-পিৰিতিৰ থলী যদিও কমেও তিনিপদ ‘বিহুপদ জুৰি’ বিহু গোৱা নিয়ম। হুঁচৰিৰ পদ গোৱাদি ডেকাই ডেকা কোঠাত আৰু গাভৰুৱে গাভৰুৰ কোঠাত পৃথকে পৃথকে বিহুৰ পদ গাই চক্ৰাকাৰে ঘূৰি ঘূৰি এক গাম্ভীৰ্যৰ্পূৰ্ণ অনুষ্ঠান পৰিবেশন কৰে। অন্যথা ভকতসমাজে বিহু মৰা বাতিল কৰাও কৰ্তৃত্বও আছে। ডেকাসকলে ঢোলৰ কোবনীত ঢোলৰ মাৰিৰে গিৰিম গিৰিম্ কৈ আঘাত কৰি বজোৱা বিলম্বিত লয়ৰ পৰা দ্ৰুত লয়লৈ ছন্দে ছন্দে তালে তালে বিহুপদ সমস্বৰে গায়। দ্ৰুত লয়ৰ ছন্দত নাচ-গান পৰ্ব আৰম্ভ হয়। প্ৰথমে নিজৰ দলৰ ভিতৰতে পুৰুষে পুৰুষ ভাগে আৰু গাভৰুৱে গাভৰু ভাগে নাচ-বাগ কৰে। এইদৰে পুনঃ পুনঃ বিহুপদ জুৰিব লাগে। গাভৰুসকলেও টকাৰ চাপে চাপে চক্ৰকাৰে ঘূৰি ঘূৰি গাভৰুৱে গোৱা বিহুপদ জুৰে। ডেকাই ডেকাৰ কোঠাত আৰু গাভৰুৱে গাভৰুৰ কোঠাত প্ৰতি দিনাই অতি কমেও তিনিপদ বিহু গাব লাগে। তাৰ পিছত প্ৰায় মাজ নিশাৰ পৰা নাচ-বাগ পৰ্ব আৰম্ভ হয়। সাধাৰণতে নাচ-বাগ পৰ্বত আন গাঁৱৰ পৰা অহা ডেকাসকলক গাভৰু নচোওৱাৰ সুবিধা কৰি দিয়ে। ঢোল-তাল আদি বাদ্য তেওঁলোকক গতাই দিয়ে। ঢোল, তাল, হুতুলি, টকা,গগনা আদি বাদ্যযন্ত্ৰ, বিহুনাম, জোৰা-নাম, জাত নামৰ সুৰে সুৰে বিহু খোলা ৰজন-জনাই যায়। হিয়া উজাৰি গোৱা জোৰা-নাম, বিহুনাম, জাতনামত প্ৰেম-প্ৰণয়ৰ মূৰ্ত প্ৰকাশ ঘটে। স্স্ফূৰ্তি আৰু ৰং-তামাচাৰ মাজেৰে এনেদৰে সাতদিন-সাতৰাতি পাৰ হোৱাত শেষৰ দিনা সত্ৰ / নামঘৰৰ বাকৰিত বিহু উৰুৱা পৰ্বৰে বিহু সামৰণি মৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ৰাতি বিহু বিহুঘৰৰাতি বিহু ছোৱালী গোনোৱা(খোজা পৰ্ব)ৰাতি বিহু বিহুৰ সাজ-পাৰ, আ-অলংকাৰৰাতি বিহু বিহু নমোৱা পৰ্বৰাতি বিহু বিহুঘৰত বিহুজোৰা পৰ্বৰাতি বিহু তথ্য সংগ্ৰহৰাতি বিহুমৰাণ জনগোষ্ঠী

🔥 Trending searches on Wiki অসমীয়া:

মানচিত্ৰচুতীয়া ৰাজ্যজ্ঞানপীঠ বঁটানাটকবচন (ব্যাকৰণ)ব্ৰহ্মপুত্ৰ উপত্যকাবেদশ্ৰীমন্ত শংকৰদেৱ বঁটালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানচ্যু-লিক-ফাকুশল কোঁৱৰপুঁজিবাদনেপালী জনগোষ্ঠীবাগৰুম্বাঅসমীয়া লোক-সংস্কৃতিগোৱালপাৰা জিলাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকালিকা পুৰাণঅপৰিমেয় সংখ্যাজোৰোণসৌৰজগতকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপলাশীৰ যুদ্ধকৃষ্ণভাৰতীয় নাগৰিকত্ব আইনশিৱসাগৰ জিলাঔপনিৱেশিক অসমউদ্ভিদউত্তৰ-পূব ভাৰতঅসমৰ সাধুকথাসপ্তকাণ্ড ৰামায়ণফুলগুৰি ধেৱাভীমৰাও ৰামজী আম্বেদকাৰযতি-চিনসন্ধিলোকসভাৰ অধ্যক্ষকীৰ্তন ঘোষা সংকলনৰেৱতী মোহন দত্তচৌধুৰীব্ৰিটিছ ৰাজজুবিন গাৰ্গলাচিত বৰফুকনআজান পীৰবৰাক নদীৰাজনৈতিক দলসিংহম'হৰ শিঙৰ পেঁপানাগালেণ্ডশ্ৰীকৃষ্ণকীৰ্তনৰুবুল মাউতনেপোলিয়ন বোনাপাৰ্টচ'মাংকানদিহানামঔষধি উদ্ভিদবড়ো চুক্তি ২০২০স্বদেশী আন্দোলনমূলা গাভৰুভাষামিৰি জীয়ৰীমিচিং জনগোষ্ঠীৰ সাজপাৰনৰকাসুৰপ্ৰদূষণমিচিং জনগোষ্ঠীঅতুল চন্দ্ৰ হাজৰিকাভাৰত চৰকাৰকামাখ্যা মন্দিৰমৌখিক পৰম্পৰাহৰিদেৱঅস্বাভাৱিক মনোবিজ্ঞানভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঅসমীয়া ভাষাকোচ ৰাজবংশীসমাৰ্থক শব্দসত্যাগ্ৰহলক্ষ্মীনাথ বেজবৰুৱাজৈন ধৰ্ম🡆 More