তগৰ

তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। তগৰ ফুলৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ। সেয়ে ইয়াৰ আন এটি নাম হ'ল গন্ধৰাজ। ইংৰাজী ভাষাত ইয়াক Gardenia, Cape Jasmine, Cape Jessamine, Danh-Danh, Jasmin আদি নামেৰে জনা যায়।

তগৰ
তগৰ
তগৰ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Gardenia
প্ৰজাতি: G. jasminoides
বৈজ্ঞানিক নাম
Gardenia jasminoides
J.Ellis
সমাৰ্থক
  • Gardenia angustifolia Lodd.
  • Gardenia augusta Merr. nom. illeg.
  • Gardenia florida L. nom. illeg.
  • Gardenia grandiflora Lour.
  • Gardenia grandiflora Siebold ex Zucc. nom. illeg.
  • Gardenia longisepala (Masam.) Masam.
  • Gardenia maruba Siebold ex Blume
  • Gardenia pictorum Hassk.
  • Gardenia radicans Thunb.
  • Gardenia schlechteri H.Lév. nom. illeg.
  • Genipa florida (L.) Baill.
  • Genipa grandiflora (Lour.) Baill.
  • Genipa radicans (Thunb.) Baill.
  • Jasminum capense Mill.
  • Warneria augusta L. nom. inval.

নামকৰণ

এজন বিখ্যাত আমেৰিকান প্ৰকৃতিবীদ আলেকজেণ্ডাৰ গাৰ্ডেন (১৭১৩ – ১৭৯১)-ৰ নাম অনুসৰি তগৰ ফুলৰ বৈজ্ঞানিক নামকৰণ কৰা হয়।

বৰ্ণনা

কফি গছ প্ৰজাতিৰ এই চিৰসেউজীয়া উদ্ভিদ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। সুন্দৰ ফুল আৰু উজ্জ্বল পাতৰ উপৰিও মন মতলীয়া কৰা গোন্ধৰ বাবে তগৰক আলংকাৰিক গছ হিচাপে ফুলনি বা পদূলিত ৰুপন কৰা হয়। ফুলবোৰ সাধাৰণতে বসন্ত কালত ফুলে আৰু কেইবাদিনলৈ সতেজ হৈ থাকে।

ব্যৱহাৰ

গৃহসজ্জা আৰু পুষ্পসজ্জাৰ বাবে ঘাইকৈ তগৰ ফুল ব্যৱহাৰ হয়। পূজা-পাৰ্বনতো ইয়াৰ ফুল ব্যৱহাৰ হয়। বিহুত অসমীয়া যুৱতীয়ে তগৰ ফুল খোপাত মাৰে।

তগৰ ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা এক হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ প্ৰস্তুত কৰা হয়, যি কাপোৰ আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।

পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিত ইয়াৰ গুটি ব্যৱহাৰ কৰা হয়।

চিত্ৰ বিথিকা

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

তগৰ নামকৰণতগৰ বৰ্ণনাতগৰ ব্যৱহাৰতগৰ চিত্ৰ বিথিকাতগৰ তথ্য উৎসতগৰ বাহ্যিক সংযোগতগৰঅসমএছিয়াচীনৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

শোণিত কুঁৱৰীঅযোধ্যা (পৌৰাণিক নগৰ)তেজপুৰঅখণ্ড সংখ্যাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাইয়াণ্ডাবু সন্ধিসাহিত্যৰ সমাজতত্ত্বসন্ধিদুৰ্গানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯মিকী মাউছকাৰেংঘৰসাঁচিপাতসেউজ গৃহ প্ৰভাৱযতীন গোস্বামীদেউলপূৰবী বৰমুদৈঅসমীয়া প্ৰতিদিনআনন্দৰাম বৰুৱাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাশুৱালকুছিচিলাৰায়লিমাৰিক (কবিতা)ধতুৰাবিশেষ শিক্ষানীলমণি ফুকন (জ্যেষ্ঠ)ভূপেন হাজৰিকাৰ সাহিত্যঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবাথৌ পূজাকামাখ্যা মন্দিৰপাৰিজাত হৰণ নাটপঞ্চভুজশব্দ প্ৰদূষণজীৱনীহীৰেন্দ্ৰ নাথ দত্তবংগ বিভাজন (১৯০৫)কাৰ্বি ভাষাহিন্দী ভাষাৰাজহুৱা ক্ষেত্ৰআনন্দৰাম ঢেকিয়াল ফুকনশালস্তম্ভ ৰাজবংশমাটিৰ হিচাপঅসমৰ ৰেচম শিল্পশব্দ (অভিধান)অৰুণ শৰ্মাৰংবিচূৰ্ণীভৱনলোকসভাব্ৰহ্মগুপ্তশচীন তেণ্ডুলকাৰসূৰ্যছোৱাইন ফ্লুবৃত্তপৰিৱেশ তন্ত্ৰমৰাণ জনগোষ্ঠীএচিদ বৰষুণচামগুৰি সত্ৰ২০২১ৰ অসম বিধানসভা নিৰ্বাচনঅলিম্পিকঅসমীয়া ভাষা উন্নতি সাধিনী সভাআধুনিকতাবাদপ্ৰথম বিশ্বযুদ্ধচান্দ সদাগৰউত্তৰ-পূব ভাৰতম'হৰ শিঙৰ পেঁপাসত্ৰহেম বৰুৱা (ত্যাগবীৰ)বিহুৰ সাজ-পোচাক আৰু অলংকাৰসংখ্যানাগালেণ্ডহিমবাহ২৬ এপ্ৰিলজল প্ৰদূষণদিখৌ নদী🡆 More