জীৱনী

জীৱনী (ইংৰাজী: Biography) হৈছে এজন ব্যক্তিৰ জীৱনৰ বিশদ বিৱৰণ। জীৱনীত শিক্ষা, কৰ্ম, সম্পৰ্ক, মৃত্যু আদি মৌলিক তথ্যবোৰৰ লগতে সামাজিক দিশ একোটা জড়িত হৈ আছে। ইয়াত এজন ব্যক্তিৰ এই জীৱনৰ পৰিঘটনাবোৰৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে। জীৱনীমূলক ৰচনাবোৰ সাধাৰণতে অ-কল্পকাহিনী হয় যদিও কল্পকাহিনীৰ সহায়ত এজন ব্যক্তিৰ জীৱনক চিত্ৰিত কৰিব পাৰি। জীৱনীমূলক সামৰি লোৱাৰ এটা গভীৰ ৰূপক লিগেচি ৰাইটিং বোলা হয়। সাহিত্যৰ পৰা চলচ্চিত্ৰলৈকে বৈচিত্ৰময় মাধ্যমৰ ৰচনাই জীৱনী নামেৰে জনাজাত ধাৰাটো গঠন কৰে।

কোনো বিষয় বা কোনো বিষয়ৰ উত্তৰাধিকাৰীসকলৰ অনুমতি, সহযোগিতা আৰু কেতিয়াবা অংশগ্ৰহণ কৰি এখন অনুমোদিত জীৱনী লিখা হয়। আনহাতে আত্মজীৱনী ৰচনা কৰে ব্যক্তিজনে নিজেই। অৱশ্যে কেতিয়াবা কোনো সহযোগী বা লেখকৰ সহায়তো আত্মজীৱনী লিখা হয়।

ইতিহাস

প্ৰথমতে জীৱনীমূলক লেখাবোৰক কেৱল ইতিহাসৰ এটা উপখণ্ড হিচাপেহে গণ্য কৰা হৈছিল য’ত ঐতিহাসিক গুৰুত্বপূৰ্ণ কোনো বিশেষ ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সাধাৰণ ইতিহাস লেখাৰ পৰা পৃথক হিচাপে স্বতন্ত্ৰ জীৱনী ধাৰাটোৱে ১৮ শতিকাত আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ২০ শতিকাৰ প্ৰান্তত সমসাময়িক ৰূপত উপনীত হয়।

প্ৰথম আধুনিক জীৱনী আৰু এই ধাৰাটোৰ বিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলোৱা এখন গ্ৰন্থ আছিল জেমছ বছৱেলৰ দ্য লাইফ অৱ চেমুৱেল জনছন(১৭৯১ চনত প্ৰকাশিত)। চেমুৱেল জনছন আছিল এগৰাকী অভিধানকাৰ,নাট্যকাৰ,লেখক, লেক্সিকোগ্ৰাফাৰ

জীৱনী 
জেমছ বছৱেল ১৭৯১ চনত বহুতে প্ৰথম আধুনিক জীৱনী বুলি গণ্য কৰা চেমুৱেল জনছনৰ জীৱন লিখিছিল।

ঐতিহাসিক জীৱনী

আটাইতকৈ পুৰণি জীৱনীকাৰসকলৰ ভিতৰত এজন আছিল কৰ্ণেলিয়াছ নেপছ, যিয়ে খ্ৰীষ্টপূৰ্ব ৪৪ চনত তেওঁৰ গ্ৰন্থ Excellentium Imperatorum Vitae ("অসাধাৰণ সেনাপতিসকলৰ জীৱন") প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনত বিখ্যাত গ্ৰীকসকলক বিখ্যাত ৰোমানসকলৰ সৈতে তুলনা কৰা হৈছে। উদাহৰণস্বৰূপেঃ বক্তা ডেমষ্টেনিছ আৰু চিচেৰো, বা জেনেৰেল আলেকজেণ্ডাৰ দ্য গ্ৰেট আৰু জুলিয়াছ চিজাৰ। গ্ৰন্থখনৰ প্ৰায় পঞ্চাশটা জীৱনী এতিয়াও আছে। আন এটা সুপৰিচিত প্ৰাচীন জীৱনী সংকলন হৈছে সম্ৰাট হড্ৰিয়ানৰ সময়ত প্ৰায় ১২১ খ্ৰীষ্টাব্দত লিখা ছুৱেটনিয়াছৰ ডে ভিটা চিজাৰাম ("চিজাৰসকলৰ জীৱনৰ ওপৰত")।

মধ্যযুগীয় পশ্চিম ভাৰতত প্ৰবন্ধ নামে খ্যাত একাংশ বিশেষ ব্যক্তিৰ জীৱনৰ বিষয়ে অৰ্ধ-ঐতিহাসিক জীৱনীমূলক আখ্যান লিখাৰ ধাৰা এটা সংস্কৃত জৈনে গুৰি ধৰিছিল। প্ৰবন্ধসমূহ প্ৰধানকৈ ত্ৰয়োদশ শতিকাৰ পৰা জৈন পণ্ডিতসকলে ৰচনা কৰিছিল আৰু ইয়াক কথিত সংস্কৃতত (ধ্ৰুপদী সংস্কৃতৰ বিপৰীতে) লিখা হৈছিল। প্ৰবন্ধ- নামেৰে স্পষ্টকৈ শিৰোনাম দিয়া আদিম সংকলনটো হৈছে জিনাভদ্ৰৰ প্ৰবন্ধাৱলী (১২৩৪ খ্ৰীষ্টাব্দ)।

শেহতীয়া ধাৰা

শেহতীয়া বছৰবোৰত সকলো জীৱনী কল্পকাহিনী নেকি?- সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছে, বিশেষকৈ যেতিয়া লেখকসকলে অতীতৰ ঘটনাৱলীৰ বিষয়ে লিখিছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ উলফছন কলেজৰ সভানেত্ৰী হাৰ্মাইন লীয়ে যুক্তি আগবঢ়ায় যে সকলো ইতিহাসক এনে এক দৃষ্টিভংগীৰ দ্বাৰা দেখা যায় যিটো এজনৰ সমসাময়িক সমাজৰ উন্মোচন আৰু যাৰ ফলস্বৰূপে জীৱনীমূলক সত্যবোৰ অহৰহ স্থানান্তৰিত হৈ থাকে। গতিকে, জীৱনীকাৰসকলে লিখা ইতিহাসৰ বিষয়ে যিদৰে ঘটিছিল, সেইদৰে নহ’ব; তেওঁলোকে যিদৰে মনত পেলাইছিল, সেইদৰেহে হ'ব। জীৱন-লিখাত স্থানৰ গুৰুত্ব সম্পৰ্কেও বিতৰ্কৰ সৃষ্টি হৈছে।

তথ্যসূত্ৰ

Tags:

জীৱনী ইতিহাসজীৱনী তথ্যসূত্ৰজীৱনীইংৰাজী ভাষাকল্পকাহিনী

🔥 Trending searches on Wiki অসমীয়া:

শ্বিলংদেউৰী জনগোষ্ঠীবিৰিঞ্চি কুমাৰ বৰুৱাজন গণ মনছিৰিমাভো বন্দৰনাইকেনেপোলিয়ন বোনাপাৰ্টভূমি প্ৰদূষণকাতি বিহুড়মৌখিক পৰম্পৰাগৱেষণাশিৱসাগৰৰ শিৱদৌলছ'ভিয়েট সংঘআহোম-মোগলৰ সংঘৰ্ষচ্যু-লিক-ফাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিমোৱামৰীয়া বিদ্ৰোহঅংকীয়া নাটঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমৰ জিলাসমূহএককোষী জীৱমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ সমস্যাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগচ্যু-কা-ফাগোলাঘাট জিলাভাৰতৰ ইতিহাসআত্মজীৱনীলখিমপুৰ (লোকসভা সমষ্টি)তলাতল ঘৰবাণীকান্ত কাকতিবংগ বিভাজন (১৯০৫)সন্ধিঅসমৰ মুখা শিল্পমনোমতীভাৰতৰ শিক্ষাবেণুধৰ শৰ্মাউপভাষাজাতীয়তাবাদৰাভা ভাষাভট্টদেৱপ্ৰাকৃতিক পৰিৱেশশৰৎচন্দ্ৰ গোস্বামীমাটিৰ হিচাপঅসমৰ মন্ত্ৰ-সাহিত্যশ্ৰীমদ্ভগৱতগীতাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণৰাজনীতিকৃষ্ণ২৭ এপ্ৰিল২০২৩ জি-২০ নতুন দিল্লী সন্মিলনতৎসমভাৰতীয় দৰ্শনশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমহাকাব্যসমাৰ্থক শব্দঈয়াৰুইঙ্গমবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসবতৰপাণিনিছুনামিগোৱালপৰীয়া লোকগীতযোগ দৰ্শনপ্লেটোপাচন তন্ত্ৰভাস্কৰ (প্ৰথম)পাৰ চৰাইবিজ্ঞাপনমহাদেশৰামধেনু🡆 More