ভট্টদেৱ

ভট্টদেৱ (ইংৰাজী: Bhattadeva, ১৫৫৮ – ১৬৩৮) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি ।

ভট্টদেৱ
জন্ম বৈকুণ্ঠনাথ
১৫৫৮ খ্ৰীষ্টাব্দ
কামৰূপৰ বিজনকুছি (বৰ্তমানৰ বিচানকুছি)
মৃত্যু ১৬৩৮ খ্ৰীষ্টাব্দ
পাটবাউসী, ব্যাসকুছি সত্ৰ
পেচা কবি, অনুবাদক
ভাষা অসমীয়া

ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য। খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত কামৰূপৰ (বৰ্তমান বৰপেটা জিলাৰ বিচানকুছি) অন্তৰ্গত বিজনকুছিত জন্ম হয়। এওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী। সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ হেন জ্ঞান কৰিছিল। তেওঁ পাটবাউসী সত্ৰ আৰুব্যাসকুছি সত্ৰ স্থাপন কৰে। ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে।

সাহিত্যিক অৱদান

দামোদৰদেৱে পৰীক্ষিতনাৰায়ণৰ ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি কোচবিহাৰলৈ যোৱাৰ সময়ত ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়। সেইমতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰদেৱক দেখুওৱাত দামোদৰদেৱে বিশদ আৰু ব্যাপক আলোচনাৰে নিলিখি চমু আৰু সৰল কথাৰূপে দিবলৈ কয়। এই মৰ্মে ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম 'কথা-ভাগৱত' ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে 'কথা গীতা', 'কথা-ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে।

বিভিন্ন গ্ৰন্থসমূহ

  • কথা গীতা
  • কথা-ভাগৱত
  • কথা ৰত্নাৱলী
  • শৰণমালিকা
  • গুৰুবংশাৱলী
  • প্ৰসঙ্গমালা
  • ভক্তিসাৰ (সংস্কৃত ভাষাত ৰচিত)
  • ভক্তিবিবেক (সংস্কৃত ভাষাত ৰচিত)

উপাধি, সন্মান

ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিতসমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল।

ভট্টদেৱৰ গদ্যৰীতি

তিনিখন (কথা-ভাগৱত, কথা গীতা, কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিলেও ভট্টদেৱে দৈনন্দিন কথ্যভাষাক গ্ৰহণ কৰা নাছিল। কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল। কিন্তু কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দবন্ধী হৈ পৰিছে। বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত হৈছে। ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ। বাক্যবোৰ চুটি চুটি আৰু সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত। তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে।

অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ বাহক ৰূপে ব্যৱহাৰ কৰাৰ বাবে অসমীয়া সাহিত্যবুৰঞ্জীত ভট্টদেৱৰ বিশেষ স্থান আছে।

তথ্য সংগ্ৰহ

Tags:

ভট্টদেৱ সাহিত্যিক অৱদানভট্টদেৱ বিভিন্ন গ্ৰন্থসমূহভট্টদেৱ উপাধি, সন্মানভট্টদেৱ ৰ গদ্যৰীতিভট্টদেৱ তথ্য সংগ্ৰহভট্টদেৱঅসমঅসমীয়াইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সোণালী বান্দৰমদন কামদেৱ দেৱালয়পূৰবী বৰমুদৈঅগ্নিগড়শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহৰাষ্ট্ৰসংঘতোলনি বিয়াচৰকাৰধানপৰিৱেশ তন্ত্ৰভাৰতীয় ৰিজাৰ্ভ বেংকঅসমীয়া উপন্যাসপৰ্যাবৃত্ত তালিকাপাচনসৰস্বতীছ'ভিয়েট সংঘমিডিয়াৱিকিমহা মৃত্যুঞ্জয় মন্দিৰৰাভা ভাষাবিশ্ব বেংকপ্ৰাকৃতিক সম্পদঅব্যয় পদজলসিঞ্চনকাগজসমাজবাদহুঁচৰিলক্ষ্মীধৰ শৰ্মাশ্ৰীকৃষ্ণকীৰ্তনহেমাংগ কুমাৰ দত্তসাপঅসমৰ মাছ ধৰা সঁজুলিবাঙালী জাতিতথ্য প্ৰযুক্তিউমানন্দগোলাঘাট জিলাবসন্ত ৰোগঅৰুণাচল প্ৰদেশব্লগমণিকুন্তলা ভট্টাচাৰ্যআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ জিলাসমূহতক্ষশীলাভাৰতৰ ৰাষ্ট্ৰপতিশ্ৰীমন্ত শংকৰদেৱ বঁটাগোৱালপাৰাআত্মজীৱনীঅসমীয়া জাতিঅসমত দেখা পোৱা মাছৰ তালিকাখেৰাইঅসমৰ চলচ্চিত্ৰবৰপেটা সত্ৰচন্দ্ৰকুমাৰ আগৰৱালাঅসমীয়া ভাষা উন্নতি সাধিনী সভাবনফুলগুৱাহাটী তেল শোধনাগাৰমাম্প্‌ছকথা-ভাগৱতসত্যেন্দ্ৰনাথ শৰ্মাপঞ্চভুজজোনাকী (আলোচনী)জামুগুৰিহাটচাৰি কুমাৰকথা কবিতাহিন্দু ধৰ্মঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকানাগালেণ্ডশব্দপদ্মনাথ গোহাঞি বৰুৱাসূৰ্যকুমাৰ ভূঞাজনপ্ৰব্ৰজনউদ্যোগঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাকৰতল কমল কমল দল নয়নপৰ্যটন🡆 More