চাচনি মেৰবিল

চাচনি মেৰবিল বা মেৰবিল (ইংৰাজী: Sasoni Merbil) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। এই বিলখন দৰাচলতে বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ। এই বিলখনক কেন্দ্ৰ কৰি চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প গঢ় লৈ উঠিছে।

চাচনি মেৰবিল
মেৰবিল
চাচনি মেৰবিল
স্থান ডিব্ৰুগড় জিলা, অসম, ভাৰত
প্ৰকাৰ অশ্বখুৰা হ্ৰদ
নামৰ উৎপত্তি বাৰেঘৰ সত্ৰক চাৰিওফালে আৱৰি মেৰিয়াই থকাৰ বাবে বিলখনৰ নাম মেৰবিল হ'ল
কালি ৬.৮৯ বৰ্গ কি.মি. (2.66 বৰ্গ মাইল)

ভূগোল

বুঢ়ী দিহিং নদী ব্ৰহ্মপুত্ৰ নদৰ এখনি উপনৈ। ই প্ৰায় ৩৮০ কিঃমিঃ দীঘল। দিহিং নদী পূব হিমালয়পাটকাই পৰ্বতশ্ৰেণীৰ ২৩৭৫ মিটাৰ উচ্চতাত উৎপত্তি হৈছে। তাৰপিছত অৰুণাচল প্ৰদেশৰ নামচাইৰ মাজেৰে কিছুদূৰ বৈ আহি তিনিচুকীয়া জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই ডিব্ৰুগড় জিলাত সোমাই দিহিংমুখত ব্ৰহ্মপুত্ৰ নদত পৰিছে। দিহিং অৱবাহিকা প্ৰায় ৬,০০০ বৰ্গ কিঃমিঃ। বাৰিষা কালত পাহাৰীয়া অঞ্চলৰ প্ৰচুৰ বৃষ্টিপাতৰ বাবে এই নদীয়ে ফেনে-ফুটুকাৰে বাঢ়ি বানপানীৰ সৃষ্টি কৰে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে নদীত পানীৰ পৰিমাণো কমি যায়। ইয়াৰ ফলত দিহিং নদীয়ে সঘনে গতিপথ সলনি কৰি কেইবাটাও অশ্বখুৰা হ্ৰদ সৃষ্টি কৰিছে। চাচনি মেৰবিলো দিহিং নদীয়ে সৃষ্টি কৰা এক অশ্বখুৰা হ্ৰদ।

ডিব্ৰুগড় জিলা সদৰ ডিব্ৰুগড়ৰ পৰা দক্ষিণ-পূবলৈ প্ৰায় ৭২ কিলোমিটাৰ, নাহৰকটীয়াৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বৰ নাহৰকটীয়া ৰাজহচক্ৰৰ অধীনৰ চাচনি মৌজাৰ মধ্যস্থলত এই বিলখন অৱস্থিত। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ জৈৱ বৈচিত্ৰ্যৰ চহকী বিলখনে প্ৰায় ১৫৫০ বিঘা মাটি আগুৰি আছে। মেৰবিলে ৯৩৩ বিঘা অৰণ্যযুক্ত ভূ-খণ্ডক পানীয়ে আৱৰি দ্বীপসদৃশ অৱয়বৰ সৃষ্টি কৰিছে।

নামৰ উৎপত্তি

মেৰবিলৰ সৈতে জলকোঁৱৰ বা কালিকা সম্পৰ্কীয় এক কিংবদন্তি জড়িত হৈ আছে। জনশ্ৰুতি মতে ডিব্ৰুগড় জিলাৰ বাৰেঘৰ সত্ৰৰ ইতিহাসৰ মেৰবিলৰ কাহিনী জড়িত হৈ আছে। মেৰবিল মাজভাগত দ্বীপসদৃশ স্থানত বাৰেঘৰ সত্ৰ (স্থানীয়ভাৱে ‘গোসাঁইভেটি’ ) অৱস্থিত। ‘মেৰ বিল’ শব্দটোৱে দ্বীপৰ দৰে ভূমিখণ্ড আগুৰি থকা বিশাল জলভাগক সূচায়। বুঢ়ী দিহিং নদীৰ পৰা কেইকিলোমিটাৰমান দূৰত অৱস্থিত মেৰবিলে বাৰেঘৰ সত্ৰক আগুৰি ধৰিছে। সেয়ে এই বিলৰ নাম মেৰবিল হ'ল।

কিংবদন্তি

জনশ্ৰুতি অনুসৰি এসময়ত বৰ্তমানৰ মেৰবিল অঞ্চলত এক ডাঙৰ বানপানী হৈছিল আৰু বাৰেঘৰ সত্ৰ আৰু ইয়াৰ ওচৰৰ গাঁওবোৰৰ এক বৃহৎ অংশ পানীত ডুব গৈছিল। বানপীড়িত গাঁওবোৰৰ সকলো স্বাভাৱিক কাম-কাজ স্তব্ধ হৈ পৰিল। সকলোফালে পানীৰে ভৰি পৰাত মানুহবোৰ ঘৰত আবদ্ধ হৈ থকাৰ বাবে দুখ-কষ্ট বঢ়াৰ লগতে তেওঁলোক অস্থিৰ হৈ পৰিছিল। পৰিয়ালৰ সৈতে বসবাস কৰা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ৰাম দেৱ গোসাঁই সত্ৰত দৈনন্দিন একঘেয়ামী জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ অশেষ চেষ্টা কৰি আছিল। এদিনাখন তেওঁ কীৰ্তনৰ পদবোৰ আবৃত্তি কৰি আছিল। কিন্তু তেওঁৰ কণমানি ছোৱালী দ্বীতিয়ে তেওঁৰ মনোযোগ বিচাৰিছিল আৰু তেওঁৰ কোলাত উঠিবলৈ চেষ্টা কৰিছিল। বাৰে বাৰে কীৰ্তন পুথি পঢ়াত অসুবিধাৰ সৃষ্টি কৰাৰ বাবে বিৰক্ত ৰাম দেৱ গোসাঁইয়ে তেওঁৰ পত্নী গোসাঁনীক ছোৱালীজনীক লৈ যাবলৈ ক'লে। ঘৰুৱা কামত যথেষ্ট ব্যস্ত হৈ থকা গোসাঁনীয়ে তৎক্ষণাত গোসাঁইৰ আহ্বানত কোনো সঁহাৰি নিদিলে। শিশুটিৰ উপদ্ৰৱত গোসাঁইজন যথেষ্ট বিচলিত হৈ পৰিল আৰু ছোৱালীজনীক লৈ যোৱাৰ সময়ত তেওঁ খঙেৰে ক’লে যে তাইক বানপানীত পেলাই দিব। সত্ৰাধিকাৰৰ আকস্মিক ক্ৰোধত বিস্মিত হৈ গোসাঁনীয়ে খৰধৰকৈ জীয়েকক তুলি লৈ তাৰ কোঠাৰ পৰা লৰালৰিকৈ ওলাই আহিল। অলপ পিছতেই গোসাঁইজনে নিজৰ খং পাহৰিলে আৰু নিজৰ কীৰ্ত্তনত মগ্ন হৈ পৰিল। কাহিনীৰ আন এক সংস্কৰণ মতে গোসাঁনীয়ে খঙতে দ্বীতিক জলকোঁৱৰলৈ বিয়া দিব বুলি কৈছিল।

সময় বাগৰাৰ লগে-লগে দ্বীতিয়ে যৌৱনত ভৰি দিলে। এদিন সত্ৰৰ সমীপৰ মেৰবিল ভুমুক অঞ্চলৰ গাঁওবাসীয়ে এটা অস্বাভাৱিক পৰিঘটনা লক্ষ্য কৰিলে। তেওঁলোকে দেখিলে যে মাটিৰ তলৰ পৰা পানীৰ সোঁত ববলৈ আৰম্ভ কৰিছে আৰু সেই সোঁতে নিজৰাৰ ৰূপ লৈছে। অতি কমসময়ৰ ভিতৰতে সেই পানীৰ সোঁতে বাৰেঘৰ সত্ৰক বাদ দি কাষৰীয়া সকলো গাঁও বুৰাই পেলালে। সেই নিশা শ্ৰী ৰাম দেৱ গোসাঁইয়ে এটা অদ্ভুত সপোন দেখিছিল।

সপোনত জলকোঁৱৰে তেওঁক পুৰণি কথা মনত পেলাই দিলে আৰু ক’লে যে তেওঁ সকলো কথা শুনিছিল। সেয়ে এতিয়া জলকোঁৱৰে দ্বীতিক বিয়া কৰাই নিব। যদিহে শ্ৰীৰামদেৱে তেওঁলোকৰ বিয়াত সন্মন্তি নিদিয়ে তেন্তে সমগ্ৰ গাওঁবাসী জলকোঁৱৰৰ ৰোষত পৰিব। পিছদিনা সোনকালে সাৰ পাই তেওঁ সত্ৰৰ সকলোকে সপোনৰ কথা জনালে। প্ৰথমতে সকলোৱে তেনে সপোনক গুৰুত্ব নিদিবলৈ কলে। সভাৰ পৰা ওলাই যোৱাৰ কেইঘণ্টামান পিছত মানুহে লক্ষ্য কৰিলে যে গোটেই অঞ্চলটোত পানীৰ জলপৃষ্ঠ বাঢ়ি আহিছে আৰু লাহে লাহে সত্ৰৰ কাষ চাপি আহিছে।

ৰাতি জলকোঁৱৰ আকৌ এবাৰ সত্ৰাধিকাৰৰ সপোনত আবিৰ্ভাৱ হ’ল। জলকোঁৱৰে এইবাৰ বিচলিত হৈ নিজৰ প্ৰস্তাৱ পুনৰবাৰ উল্লেখ কৰি তেওঁ আদেশ দিলে: “কাইলৈ মাজনিশা বানপানীৰ পানী আপোনাৰ চোতাললৈকে পাব। তেতিয়া কইনা সাজত দ্বীতিক চোতালৰ মাজলৈ উলিয়াই আনিলেই মংগল উৰুলিৰ শব্দ হ’ব আৰু তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হব। তাৰপিছতে ছোৱালীজনী জনসাধাৰণৰ মাজৰ পৰা অন্তৰ্ধান হ'ব। নিৰ্দেশ অনুসৰি মোৰ ইচ্ছা মানি লওক। নহ’লে পিছদিনা ৰাতিপুৱালৈকে সমগ্ৰ অঞ্চলটো বানপানীত ফলত ধ্বংস হ’ব। ’- জলকোঁৱৰে সকীয়াই দি গুচি গ’ল।

এইবাৰ সত্ৰাধিকাৰে সকলোৰে স্বাৰ্থত নিজৰ কন্যাক বলিদান দিবলৈ সাজু হয়। জলকোঁৱৰৰ ইচ্ছামতে সত্ৰাধিকাৰে মাজনিশাৰ বিবাহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ ধৰিলে। উপযুক্ত সময়ত গোসাঁই আৰু গোসাঁনীয়ে ধুনীয়া কইনাৰ সাজ পিন্ধা ছোৱালীজনীক খোজ কাঢ়ি চোতালৰ মাজলৈ লৈ গৈ পানীত আগবঢ়াই দিলে। তেনেতে মংগল উৰুলিৰ শব্দ হ'ল আৰু দ্বীতি অদৃশ্য হৈ পৰিল।

বিয়াখনৰ অলপ পিছতে মেৰবিল ভুমুক গাঁৱৰ মূল পানীৰ উৎসকে ধৰি সকলো অঞ্চলৰ পৰা পানী নাইকিয়া হ'ল। জলকোঁৱৰ উভতি যোৱাৰ চিন স্বৰূপে এটা বালিৰে ভৰা বাটৰ সৃষ্টি হ'ল। বৰ্তমানেও এই অঞ্চলত মেৰবিল ভুমুক গাঁও আৰু বালিৰবাট আছে।

চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প

মেৰবিলক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পই ১৫৫০ বিঘা মাটি আগুৰি আছে। ২০১০ চনত এই প্ৰকল্প প্ৰতিষ্ঠা কৰা হৈছিল। অসম চৰকাৰৰ তৰফৰ পৰা ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ কোটি টকা, অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ৩ কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ লগতে ডিব্ৰুগড় জিলা গ্ৰামোন্নয়ন বিভাগৰ ফালৰপৰাও কেইবালাখ টকা ইয়াৰ উন্নতিৰ বাবে প্ৰদান কৰিছে। তদুৰি অইল ইণ্ডিয়া লিমিটেডে পৰিৱেশৰ অনুকূল তিনিখন বিশেষ সৌৰ শক্তি চালিত বাহনো প্ৰদান কৰিছে। ইয়াক এখন উল্লেখযোগ্য সাংস্কৃতিক কেন্দ্ৰ আৰু পক্ষী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ এক প্ৰস্তাৱো আগবঢ়োৱা হৈছে। মেৰবিলত নৌকা বিহাৰ তথা জলযাত্ৰা আৰু থলুৱা খাদ্যসম্ভাৰত জুতি লোৱাৰ সু-ব্যৱস্থা আছে। ইয়াত প্ৰচলিত কিংবদন্তিৰ নায়ক 'জলকোঁৱৰ'ৰ মূৰ্তি নাৱৰ আকৃতিৰ বেদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

পৰিৱেশ

মেৰবিলৰ লগতে ইয়াৰ ওচৰে-পাজৰে সৰু-বৰ কেইবাখনো অন্যান্য বিলে এই অঞ্চলটোক সমৃদ্ধ কৰিছে। সেইসমূহৰ ভিতৰত গোধাবিল, দীঘলীবিল, দিচাংবিল, বামুণীবিল, গেলাবিল, চেঙিবিল টকৌবিল আদিয়েই প্ৰধান। মেৰবিল প্ৰায় ২৫০ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ২০০ প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ আবাসস্থল। মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ অধীনত উল্লেখযোগ্য ভিন্ন শ্ৰেণীৰ উদ্ভিদ প্ৰজাতি হৈছে – কচু, কলমৌ, মেটেকা, বৰপুনি, ভেঁট, পদুম, সৰু শিঙৰী, বৰ শিঙৰী, হেলচ, জামু, মদাৰ, বগৰী, তামোল, ভিন্ন প্ৰজাতিৰ টেঙা, কঁঠাল, চতিয়না, শিলিখা, ঘোঁৰা নিম, শাল গছ, ঔ টেঙা, নুনি ইত্যাদি।

ইয়াত পাভ, গৰৈ, চেঙেলী, চেং, বৰ-চেঙা, চেনিপুঠি, কান্দুলী আদি থলুৱা মাছসমূহ প্ৰচুৰ ৰূপত পোৱাৰ লগতে কেৰ্কেটুৱা, নাহৰফুটুকী বাঘ, বান্দৰ, শিয়াল, হৰিণ, শহা, বনৰৌ আদি জীৱ-জন্তুবোৰো দেখিবলৈ পোৱা যায়।

সৰীসৃপ জাতীয় প্ৰাণীৰ ভিতৰত ভিন্ন প্ৰজাতিৰ সাপ, কাছ, গুঁই, জেঠী আদিও ইয়াত দেখা যায়। অন্যহাতেদি, মেৰবিলখনত উলূম’ৰা, কাউৰী, পানী কাউৰী, বালিটোকা, চীনাহাঁহ, ডৰিক, জকণা, বনকুকুৰা, ভাটৌ, মইনা, কুলি, ফেঁচা, ফেঁচু, বৰটোকোলা, কনুৱা, সাৰেং, বগলী, কণামুছৰি, বতা চৰাই, শগুণ, ৰাজ হাঁহ, বুলবুলি, ইণ্ডিয়ান ৰবীন, ঢাপলিকা, ঘুটলুক, হয়কলি ইত্যাদিৰ লগতে খৰালি কালত বহু পৰিভ্ৰমী চৰাই দেখা যায়।

তথ্য উৎস

Tags:

চাচনি মেৰবিল ভূগোলচাচনি মেৰবিল নামৰ উৎপত্তিচাচনি মেৰবিল কিংবদন্তিচাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পচাচনি মেৰবিল পৰিৱেশচাচনি মেৰবিল তথ্য উৎসচাচনি মেৰবিলঅসমইংৰাজী ভাষাডিব্ৰুগড় জিলাবুঢ়ীদিহিং নদী

🔥 Trending searches on Wiki অসমীয়া:

আল্লাহপৰ্যাবৃত্ত তালিকাভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাগঙ্গা নদীকুলধৰ শইকীয়াশৰ্মা মন্ত্ৰীসভাখেলমা জনগোষ্ঠীছাকিৰাহিন্দ স্বৰাজৰুক্মিণী হৰণ নাটভ্ৰাম্যমাণ থিয়েটাৰঅসম বিধানসভাউৰ্দু ভাষাম’বাইল ফোননাগালেণ্ডনীলমণি ফুকন (জ্যেষ্ঠ)লোকবিশ্বাসহস্তমৈথুনশ্বজিবু নোংমা পানবামৌখিক সাহিত্যব্যাকৰণযোৰহাট জিলাবুঢ়ী আইৰ সাধুঋতুবাৰেচহৰীয়া ভাওনা মহোৎসৱব্ৰহ্মপুত্ৰ নদজন গণ মনবেদপ্ৰাকৃতিক সম্পদমইনা পাৰিজাতগৌতম বুদ্ধগামোচাযোগেশ দাসবাৰ্ট্ৰেণ্ড ৰাছেলমাইকেলেঞ্জেল'অসমীয়া ভাষাসংগীতগোলকীকৰণঅনন্ত কন্দলিবুলু ফিল্মজৈৱ বৈচিত্ৰ্যশকুন্তলা (চলচ্চিত্ৰ)প্ৰাৰ্থনা সমাজৰামপানীপৰিয়ালঅৰ্কিডঅসম আৰক্ষীভট্টদেৱৰ গদ্যশৈলীমায়ংঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাৰাজেন্দ্ৰ প্ৰসাদবনঘোষাঅসমৰ ইতিহাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমৌখিক লোকসাহিত্যসৰ্বশিক্ষা অভিযানশিৱসাগৰৰ শিৱদৌল২৯ মাৰ্চইতিহাসৰমন্যাসবাদহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যশিলঘাটফুটবলচন্দ্ৰকুমাৰ আগৰৱালাসদৌ অসম ছাত্ৰ সন্থাঅসমৰ কাঁহ শিল্পঅংকীয়া নাটলেছবিয়ানশৰাইঘাট দলংগামখাৰু🡆 More