তামোল

তামোল (ইংৰাজী: Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে।

তামোল
তামোল
Fruiting specimen
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Areca
প্ৰজাতি: A. catechu
বৈজ্ঞানিক নাম
Areca catechu

উৎপত্তিস্থল

তামোল 
19th century drawing of Areca catechu

ভাৰতবৰ্ষ,মালয়েচিয়া,শ্ৰীলংকা,ম্যানমাৰ,মাদাগাস্কাৰ,ফিলিপাইনছ আদি দেশত তামোল গছ পোৱা যায়। ভাৰতবৰ্ষত তামোল প্ৰধানকৈ অসম আৰু পশ্চিমবংগত যথেষ্ট পৰিমাণত উৎপাদন হয়।

বিৱৰণ

সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত পানী জমা নোহোৱা অঞ্চলত ৰোপণ কৰা হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে। তামোল ফুলাক ডবিয়া বুলি কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে। এজোপা তামোল গছত ২০০-২৫০টা পৰ্যন্ত তামোল লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়।

প্ৰজনন প্ৰক্ৰিয়া

তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী ফুলৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব। কেঁচা তামোল সেউজীয়া,পকিলে উজ্জ্বল কমলা বৰণ লয়। তামোল এবিধ Nut জাতীয় ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে।

উপাদান

পকা তামোলত থকা উপাদানসমূহ -

জলীয় বাষ্প ৩১.৩%
প্ৰটিন ৪.৯%
ফেট ৪.৪%
কাৰ্বোহাইড্ৰেট ৪৭.২%
অজৈৱ ১%
কেলছিয়াম ০.৫৫%
ফছফৰাছ ০.১৩%
আইৰন ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)

তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক। তামোলৰ পেলুনাশক গুণ আছে।

ব্যৱহাৰ

অসমত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে। মাটিত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে। কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ মাটিৰ কলহ বা তেনে ধৰণৰ পাত্ৰত পানীত দুমাহমান গোৰাই থয়। পশ্চিমবংগত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে। কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে। তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়। চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়। বিভিন্ন ধৰণৰ জৰ্দা পাণ,মিঠা পাণ আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে। তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা পানী আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে। তামোলৰ ঢকুৱাৰপৰা বিচনী সাজি গৰমৰ দিনত বতাহ লয়।

চিত্ৰৰ ভঁৰাল

তথ্য সংগ্ৰহ

Tags:

তামোল উৎপত্তিস্থলতামোল বিৱৰণতামোল প্ৰজনন প্ৰক্ৰিয়াতামোল উপাদানতামোল ব্যৱহাৰতামোল চিত্ৰৰ ভঁৰালতামোল তথ্য সংগ্ৰহতামোলঅসমইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

পলাশীৰ যুদ্ধঅসমীয়া ভাষা উন্নতি সাধিনী সভাসৰু-পকমৌসাঁথৰনগাঁওনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্বাভাৱিক সংখ্যাইংৰাজী ভাষাঅসমৰ চাহ জনগোষ্ঠীঅসমৰ বনৌষধিপৰিৱেশ বিজ্ঞানমৌখিক ইতিহাসমুখমৈথুনকুচিয়া মাছহৰি-হৰ যুদ্ধবেটুপাতকছাৰী ৰাজ্যভাষামাম্প্‌ছতথ্যকৌটিল্যৰ অৰ্থশাস্ত্ৰবিহুৰ বাদ্যযন্ত্ৰপুৰন্দৰ সিংহমণিকুন্তলা ভট্টাচাৰ্যটিকেন্দ্ৰজিৎবৈচাগুপুথিভঁৰালপঞ্চায়তী ৰাজদৰং জিলাঅসমৰ শাক-পাচলিৰ তালিকাএহাত ডাবাঢুলীয়া ভাওনাচৈয়দ আব্দুল মালিকপ্ৰদূষণকানাই বৰশী বোৱা শিলালিপিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমনোবিজ্ঞানএইচ টি এম এলঅনিৰুদ্ধদেৱতথ্য প্ৰযুক্তিউমানন্দঅসমত দেখা পোৱা সাপবোৰশামুকঅসম আন্দোলনলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানৰমন্যাসবাদগুৱাহাটী (লোকসভা সমষ্টি)জলসিঞ্চনব'হাগ বিহুদীপালী বৰঠাকুৰবচন (ব্যাকৰণ)পূৰবী বৰমুদৈহিন্দু ধৰ্মভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাচলচ্চিত্ৰঅস্বাভাৱিক মনোবিজ্ঞানঅসমীয়া উপন্যাসসমাজতত্ত্বঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাসিন্ধু সভ্যতাসাধুকথাবিষ্ণুপ্ৰসাদ ৰাভাৰাভা ভাষাহিমালয়নিচুকনি গীতআত্মসহায়ক গোটঅসমৰ নদীসমূহৰ তালিকাৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ পুৰণি স্থাপত্যছক্ৰেটিছপ্ৰাক-ইতিহাসশব্দবনঘোষাজয়সাগৰ পুখুৰীমৰুভূমি🡆 More