কুলি

কুলি চৰাই (ইংৰাজী: Asian Koel, বৈজ্ঞানিক নাম : Eudynamys scolopaceus) () কুকুলিফৰমিছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ-পূব এছিয়া ত পোৱা যায়। এই বিধ চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ কৰে। পূৰ্ণবয়স্ক কুলি চৰায় প্ৰধানত: ফল-মূল খায়। কুলি চৰাইৰ মধুৰ কণ্ঠৰ বাবে বিভিন্ন ভাষা-সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।

কুলি
Asian Koel
কুলি
Female (nominate race)
কুলি
Male (nominate race)
সংৰক্ষণ স্থিতি
কুলি
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Cuculiformes
পৰিয়াল: Cuculidae
গণ: Eudynamys
প্ৰজাতি: E. scolopaceus
বৈজ্ঞানিক নাম
Eudynamys scolopaceus
(Linnaeus, 1758)
কুলি
কুলি চৰাইৰ বিতৰণ (ক’লা অংশ)
সমাৰ্থক

Cuculus scolopaceus
Eudynamis honorata
Eudynamys scolopacea

বিৱৰণ

কুলি 
পূৰ্ণবয়স্ক মতা কুলি চৰাই (পশ্চিমবংগ)

কুলি চৰাই এবিধ ডাঙৰ আকাৰৰ, দীঘল-নেজী চৰাইৰ প্ৰজাতি। দেহৰ দৈৰ্ঘ্য ৩৯-৪৬ ছে: মি: আৰু ওজন ১৯০-৩২৭ গ্ৰাম মতা কুলি চৰাই চিকিচিকিয়া ক’লা (glossy bluish-black),ঠোঁট পাতল সেউজ-মুগা (pale greenish grey), চকুৰ মণিবলয় ডাঠ ৰঙা (crimson) আৰু ঠেং ছাই বৰণৰ। মাইকী চৰাইৰ মূৰৰ ওপৰভাগ মটিয়া আৰু তলৰ অংশত ৰঙা-মুগা বৰণৰ আঁচ আছে। দেহৰ পৃষ্ঠ অংশ আৰু ডেউকাত ডাঠ মটিয়া বৰণতে বগা দাগ কিছুমান আছে। দেহৰ তলৰ অংশ বগা আৰু ঘনকৈ আঁচ থকা। অন্যন্য উপ-প্ৰজাতি সমূহৰ ৰং আৰু আকাৰ ভিন্ন হোৱা দেখা যায়। প্ৰজননৰ সময়ত কুলি চৰাই খুৱেই সৰৱ হৈ উঠা দেখা যায় (দক্ষিণ এছিয়াত মাৰ্চৰ পৰা অগষ্টলৈকে)। ঠাইভেদে কুলিৰ মাতৰ কিছু পাৰ্থক্য থাকিলেও আটাইতকৈ পৰিচিত মতা কুলিৰ মাতটো হৈছে “কুউ-উউ” ধৰণৰ। মতা কুলি চৰায়ে সাধাৰণতে ‘কিক-কিক-কিক” বুলি মতা শুনা যায়।

মতা কুলি চৰাইৰ মাত,ভাৰতবৰ্ষ

টেক্স’নমি

ঠাইভেদে কুলি চৰাইৰ দেহৰ বৰণ (plumage) ৰ যথেষ্ট পাৰ্থক্য দেখা যায়। কেইটামান উল্লেখযোগ্য উপপ্ৰজাতি হ’ল-

বসতিস্থল

কুলি 
কুলি চৰাইৰ পোৱালি

কুলি চৰাই বিশেষকৈ কাঠনি আৰু খেতি পথাৰ আদিত পোৱা যায়। এই প্ৰজাতিটো নতুন বসতিস্থলত আবাদী বিস্তাৰ কৰাত অভ্যস্ত বুলি জনা যায়

আচৰণ

কুলি 
Eudynamys scolopaceus + Corvus splendens

কুলি চৰাই এবিধ উমনি পৰজীৱী (brood parasite)॥ ইহঁতে প্ৰধানকৈ কাউৰীৰ বাহত এটাকৈ কণী পাৰি পোৱালি জগায়। শ্ৰীলংকাত ১৮৮০ চনলৈকে কুলিয়ে ঢোৰাকাউৰীৰ বাহত কণী পৰাৰ কথা জনা যায়, কিন্তু পিছলৈ পাটিকাউৰীৰ বাহটো কণী পাৰিবলৈ লয়। ভাৰতবৰ্ষত হোৱা এটা অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি কুলিয়ে ৫% পাটিকাউৰী (Corvus splendens) আৰু ০.৫% ঢোৰাকাউৰী (Corvus macrorhynchos)ৰ বাহত কণী পাৰে বাংলাদেশত ই একাদিক্ৰমে ৩৫.৭%, ৩১.২% আৰু ১০.৮% Long-tailed Shrike (Lanius schach), শালিকা (Common Myna, Acridotheres tristis) আৰু পাটিকাউৰী (House Crows,Corvus splendens)ৰ বাহত কণী পাৰে বুলি জনা গৈছে। কম উচ্চতা আৰু ফল-মূলৰ গছৰ ওচৰত থকা চৰাইৰ বাহ কুলি চৰায়ে পছন্দ কৰে। ইহঁতে সাধাৰণতে এটা বা দুটা কণী পাৰে কিন্তু কেতিয়াবা সাতৰ পৰা এঘাৰটালৈকে কণী পৰাৰো তথ্য পোৱা গৈছে। মাইকী কুলিয়ে কণী পৰাৰ আগেয়ে পোষক(host)ৰ কণী আঁতৰাই লয়। ১২-১৪ দিনৰ ভিতৰত কণী ফুটে। কুলি চৰাই সৰ্বভক্ষী। ইহঁতে বিভিন্নধৰণৰ পোক-পতংগ, বিছা, কণী, সৰু জীৱ তথা ফল-মূল খায় জীয়াই থাকে।

তথ্যসূত্ৰ

অন্যান্য উৎস

  • Eates,KR (1938) The status of the Koel (Eudynamys scolopaceus L.) in Sind. J. Bombay Nat. Hist. Soc. 40(2):328.
  • Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
  • Jose,TV (1980) Koels. Newsletter for Birdwatchers . 20(4), 17.
  • Menon, G.K.; Shah, R.V. (1979) Adaptive features in juvenal plumage pattern of the Indian Koel Eudynamys scolopacea: host mimesis and hawk-pattern. Journal of the Yamashina Institute for Ornithology 11(2):87-95
  • Neelakantan,KK (1980) The breeding of the Indian Koel Eudynamys scolopacea. Newsletter for Birdwatchers . 20(1):7.
  • Parasharya,BM (1985) Comments on eye color in the Koel Eudynamys scolopacea. Newsletter for Birdwatchers . 25(1-2), 11-12.
  • Ray-Chaudhuri, R. (1967) Mitotic and meiotic chromosomes of the koel Eudynamys scolopacea scolopacea. Nucleus 10: 179-189. (Study notes that the W chromosome is the 6th largest one and has the centromere in a subterminal position.)
  • Ryall C (2003) Mimicry of a crow chick by an Asian koel Eudynamys scolopacea as a defence against attack by house crows Corvus splendens. J. Bombay Nat. Hist. Soc. 100(1):136-137
  • Santharam,V (1979) Crows feeding young koel. Newsletter for Birdwatchers . 19(7), 4.
  • Sarkar AK, Maitra SK, Midya T. (1976) Histological, histochemical and biochemical effects of cadmium chloride in female koel (Eudynamys scolopacea). Acta Histochem. 57(2):205-11.
  • Sarkar AK, Maitra SK, Midya T. (1977) Effects of reserpine on female reproductive organs of the Indian koel Eudynamys scolopacea scolopacea (L). Indian J Exp Biol.15(5):349-51.

বহিঃ সংযোগ

Tags:

কুলি বিৱৰণকুলি টেক্স’নমিকুলি বসতিস্থলকুলি আচৰণকুলি তথ্যসূত্ৰকুলি অন্যান্য উৎসকুলি বহিঃ সংযোগকুলিইংৰাজী ভাষাচীন

🔥 Trending searches on Wiki অসমীয়া:

ৰেখামে ডাম মে ফিবাল্য বিবাহমানৱ ভূগোলভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবিশ্বনাথ ঘাটৰংঘৰআহোম জনগোষ্ঠীভাৰতৰ নিৰ্বাচন আয়োগমহিলাৰ বিৰুদ্ধে হিংসাগদ্যস্বাস্থ্যএ পি জে আব্দুল কালামউদ্ভিদঅসমৰ পোক - পৰুৱাব্ৰজাৱলী ভাষাৰঙিয়াঅণুবীক্ষণ যন্ত্ৰকামৰূপী লিপিভূপেন হাজৰিকাবিশেষ্য পদৰাজনীতিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেওপাহাৰগৌতম বুদ্ধশ্ৰীকৃষ্ণকীৰ্তনমুদ্ৰামহাভাৰতবিষ্ণুৰাম মেধিগোলাঘাট জিলাজাপিজ'মাট'অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাযৌন সংগমঅনাভেদী যৌনক্ৰিয়াদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰঅসমৰ পৰম্পৰাগত সাজ- পাৰজাতীয়তাবাদশিক্ষা মনোবিজ্ঞানৰাজহুৱা ক্ষেত্ৰৰুবুল মাউতসাত বিহুতেজঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবৰষুণশকুন্তলা (চলচ্চিত্ৰ)জলবিদ্যুৎযোগাসনহেম বৰুৱাউমাচল শিলালিপিসুতুলীলোক-সংগীতঅৰ্থনীতিকালিকা পুৰাণঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তছাইমন কমিশ্যনভাৰতীয় জাতীয় কংগ্ৰেছঅশোকৰ অনুশাসনআলি আঃয়ে লৃগাংজোৰোণজাভাচকলংমহযতি-চিনলীলা গগৈমোৰো এটা সপোন আছেতামোলঅসমৰ সাহিত্যিকসকলৰ তালিকাফাকে জনগোষ্ঠীঅসমৰ লোকগীতউপনিষদনলবাৰী জিলাঅসম আন্দোলনধতুৰানীলপৱন বৰুৱাশ্ৰীনিবাস ৰামানুজন🡆 More