অনাভেদী যৌনক্ৰিয়া

অনাভেদী যৌনক্ৰিয়া হৈছে অন্তৰ্ভেদী যৌন সংগমৰ বিপৰীত, অৰ্থাৎ এনেকুৱা যৌন সম্পৰ্কত কোনো শিশ্ন বা লিংগ প্ৰৱেশ কৰোৱা নহয়। এনে যৌন কাৰ্য্যৰ ভিতৰত আছে চুমা, মৰ্দন বা লেহন আদি। অনাভেদী যৌন সম্পৰ্ক শৃংগাৰৰ দৰে হ'লেও মূলতঃ সেয়া নহয়। বহুতে হয়তো ইয়াক মৌলিক যৌন কাৰ্য্য হিচাপে বা কেৱল প্ৰেমৰ প্ৰকাশ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

অনাভেদী যৌনক্ৰিয়া
সমকামীৰ আঙুলি সঞ্চালন

আধুনিক যুগত এই অবিভাজিত বা অনাভেদী যৌন কাৰ্য্যই মূলসুঁতিৰ যৌনতাত প্ৰৱেশ কৰিছে আৰু ইয়াক ‘যৌন সম্পৰ্ক’ৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।

সংজ্ঞা আৰু চৰ্চা

সাধাৰণ

যদিওবা অনাভেদী যৌন সম্পৰ্কৰ সংজ্ঞাৰ পৰা বুজা যায় যে এনে কাৰ্য্যত কোনো ধৰণৰ যৌন প্ৰৱেশক্ৰিয়া জড়িত নহয়, তথাপিও কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা প্ৰৱেশ বা মৌখিক যৌন সম্পৰ্কক যৌন সম্পৰ্কৰ অংশ বুলি গণ্য কৰা হয়।

ঘৰ্ষণ বা ঘৰ্ষকাম

অনাভেদী যৌনক্ৰিয়া 
যৌন উত্তেজনা বৃদ্ধি কৰিবলৈ দুজন পুৰুষৰ মাজত যৌন সম্পৰ্ক ( ফ্ৰট )

সাধাৰণতে ঘৰ্ষকাম বুলিলে ব্যক্তিৰ শৰীৰৰ যিকোনো অংশ (যেনে নিতম্ব, স্তন, পেট, উৰু বা হাত আৰু যৌনাংগ ) আন ব্যক্তিৰ যৌনাংগত স্পৰ্শ বা ঘঁহি দিয়া বুলি কোৱা হয়; সংগী অবিহনে ৰাজহুৱা স্থানত অভিনয় কৰাটো যেনেকৈ যৌন বিকৃতি বুলি গণ্য কৰা হয়, তেনেদৰে সংগীৰ সৈতে অন্তৰংগ মুহূৰ্তত কৰা অভিনয় যৌনতাৰ বৃহত্তৰ ৰঙ্গমঞ্চৰ এটা অংশ মাথোঁ। এই ক্ৰিয়াক "শুষ্ক সংগম" বুলিও কোৱা হয়।

পাৰস্পৰিক হস্তমৈথুন

অনাভেদী যৌনক্ৰিয়া 
জোহান নেপমাকে পাৰস্পৰিক হস্তমৈথুনক চিত্ৰায়িত কৰিছে, ১৮৪০

পাৰস্পৰিক হস্তমৈথুনত সাধাৰণতে দুজন বা তাতকৈ অধিক লোকে ইজনে সিজনৰ যৌনাংগ হাতেৰে স্পৰ্শ কৰি উত্তেজিত কৰে।

সম্পূৰ্ণ অবিভাজিত যৌন সম্পৰ্ক

অনাভেদী যৌনক্ৰিয়া 
স্তন সংগম, পুৰুষ আৰু মহিলাৰ মাজত হোৱা এক প্ৰকাৰৰ অবিভাজিত যৌন সম্পৰ্কৰ এটা ৰূপ।

তলত দিয়া কাৰ্য্যসমূহ হৈছে এনেধৰণৰ যৌন কাৰ্য্য:

  • Armpit fetishism:
  • একেলগে শুই থকা:
  • কামমূলক অঙ্গমৰ্দন: এই কাৰ্য্য দুজন বা তাতকৈ অধিক লোকৰ মাজত হ’ব পাৰে। এই ক্ৰিয়াত তেল ব্যৱহাৰ কৰি শৰীৰত তাপ বিয়পাই দিব পাৰি বা কেৱল হাতেৰে শৰীৰ মালিচ কৰিব পাৰি।
  • ভৰি মৈথুন: যেতিয়া সংগীয়ে ভৰিৰে আন সংগীৰ লিংগক উদ্দীপিত কৰে।
  • ঘৰ্ষণ বা ঘৰ্ষকাম: লিংগৰ সৈতে লিংগৰ সংস্পৰ্শ
  • হস্তমৈথুন:
  • ঊৰুমৈথুন:
  • অভেদী পায়ুমৈথুন: ইয়াত লিংগই নিতম্ব স্পৰ্শ কৰে, কিন্তু লিংগটোৱে নিতম্বৰ ভিতৰত সোমাই নাযায়। এইখিনিতেই পায়ু সংগমৰ সৈতে ইয়াৰ পাৰ্থক্য। নিতম্বৰ ওপৰত ৰক্ত সঞ্চালনৰ জৰিয়তে লিংগৰ উদ্দীপনা সৃষ্টি হয়। এয়া এক প্ৰকাৰৰ পাৰস্পৰিক হস্তমৈথুন।
  • চুমা বা চুম্বন: দুজন মানুহৰ মাজত ওঁঠ স্পৰ্শ, বিশেষকৈ গভীৰ চুমাক যৌন কাৰ্য্য বুলি ধৰিব পাৰি। এই ধৰণৰ কাৰ্য্যত এজন ব্যক্তিৰ জিভা আন এজনৰ মুখত প্ৰৱেশ কৰাটো জড়িত হৈ থাকে। কেৱল ওঁঠতে নহয়, সংগীৰ শৰীৰৰ যিকোনো অংশত চুমা সংগঠিত কৰিব পাৰি আৰু চুমা কামকেলিৰ এক সাধাৰণ অংশ।
  • স্তন সংগম: স্তনত লিংগটো ৰাখি ওপৰলৈ তললৈ লৰচৰ কৰি লিংগক উদ্দীপিত কৰা।
  • স্তন উদ্দীপনা: যেতিয়া এজন সংগীয়ে আনজন সংগীৰ স্তনত (হাত বা মুখেৰে) মৰম কৰে।
  • ট্ৰিবাডিজিম : এইটো সমকামী মহিলাৰ যৌন কাৰ্য্যকলাপৰ এটা প্ৰকাৰভেদ।

লিংগৰ দ্বাৰা অভেদ্য কিন্তু অন্যভাৱে ভেদ কৰিব পৰা

  • আঙুলি সঞ্চালন:
  • মুখমৈথুন: যদি মহিলাৰ যৌনাংগত মুখৰ সংগম কৰা হয়, তেন্তে ইয়াক যোনিলেহন বোলা হয়। যদি মৌখিক সংগম মলদ্বাৰৰ সৈতে কৰা হয় তেন্তে ইয়াক পায়ুলেহন বুলি কোৱা হয়।
  • ভাইব্ৰেটৰ বা কম্পযন্ত্ৰ ব্যৱহাৰ কৰি উদ্দীপনা সৃষ্টি:

বৰ্হি সংযোগ

তথ্যসূত্ৰ

Tags:

অনাভেদী যৌনক্ৰিয়া সংজ্ঞা আৰু চৰ্চাঅনাভেদী যৌনক্ৰিয়া বৰ্হি সংযোগঅনাভেদী যৌনক্ৰিয়া তথ্যসূত্ৰঅনাভেদী যৌনক্ৰিয়াযৌন সংগমলিংগ

🔥 Trending searches on Wiki অসমীয়া:

জয়সাগৰ পুখুৰীডাকৰ বচনভাৰত-আৰ্য ভাষা পৰিয়ালতাজমহলমোপিন উত্‍সৱঅসমৰ মাছহিন্দী ভাষাঅসমীয়া গালি-গালাজৰামধেনু (আলোচনী)এককোষী জীৱওৰাং ৰাষ্ট্ৰীয় উদ্যাননিচুকনি গীতপালি ভাষাবেদবিবাহনীলপৱন বৰুৱাৰামায়ণমাঘ বিহুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবৰাইল পৰ্বতপ্ৰেমচন্দভাৰতীয় জনতা পাৰ্টিমোৰ জীৱন সোঁৱৰণকমলাবাৰী সত্ৰবিশ্বনাথ ঘাটজেতুকাঅৰণ্যকুলিমহা মৃত্যুঞ্জয় মন্দিৰৰুদ্ৰেশ্বৰ দেৱালয়একচেটীয়া বজাৰবিহুশিৱসাগৰৰ শিৱদৌলসাত বিহুলীলা গগৈগোলাঘাট জিলাগুমৰাগবিশ্ব মেলেৰিয়া দিৱসফাকে জনগোষ্ঠীসতীবিচূৰ্ণীভৱনকাল সংহতিকৃষ্ণচূড়াঠেঙ্গাল কছাৰী জনগোষ্ঠীসৌৰভ কুমাৰ চলিহাসংঘাতমিত্ৰদেৱ মহন্তশীতল যুদ্ধকলিমানামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসমৰ ৰেচম শিল্পপাচনব্ৰজাৱলী ভাষামৌখিক পৰম্পৰাফকৰা যোজনাটুক্ৰেশ্বৰী দেৱালয়মিচিং ভাষাহেম সৰস্বতীমোৰো এটা সপোন আছেসূৰ্যভীমৰাও ৰামজী আম্বেদকাৰজন গণ মনঅসম আৰক্ষীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যআত্মজীৱনীৰুক্মিণীসাপভাৰত ৰত্নকেতেকী ফুলআউনীআটী সত্ৰজিকিৰচকলং🡆 More