লোক-সংগীত

লোক-সংগীত (ইংৰাজী: Folk music) হৈছে পৰম্পৰাগত লোক-সংগীত আৰু বিংশ শতিকাৰ লোক পুনৰুজ্জীৱনৰ সময়ত পূৰ্বৰ পৰা বিকশিত হোৱা সমসাময়িক ধাৰাটোক সামৰি লোৱা এটা সংগীত ধাৰা। কিছুমান লোক-সংগীতৰ প্ৰকাৰক বিশ্ব সংগীত বুলি ক’ব পাৰি। পৰম্পৰাগত লোক-সংগীতক কেইবাটাও ধৰণে সংজ্ঞায়িত কৰা হৈছে: মৌখিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হোৱা সংগীত, অজ্ঞাত সুৰকাৰৰ দ্বাৰা সৃষ্ট সংগীত, পৰম্পৰাগত বাদ্যযন্ত্ৰত বজোৱা সংগীত, সাংস্কৃতিক বা জাতীয় পৰিচয়সূচক সংগীত, প্ৰজন্মৰ মাজত পৰিৱৰ্তিত সংগীত (লোক প্ৰক্ৰিয়া), কোনো জনগোষ্ঠীৰ লোককথাৰ সৈতে জড়িত সংগীত, বা দীৰ্ঘ সময়ৰ বাবে প্ৰথাগতভাৱে পৰিবেশন কৰা সংগীত। লোক-সংগীতক বাণিজ্যিক আৰু ধ্ৰুপদী শৈলীৰ সৈতে পৃথক বুলি গণ্য কৰা হয়। লোক-সংগীত শব্দটোৰ উৎপত্তি উনবিংশ শতিকাত হৈছিল যদিও লোক-সংগীত ইয়াতেই সীমাবদ্ধ নহয়।

লোক-সংগীত
লোক-সংগীত
লোক-সংগীত পৰিবেশন
বাদ্যযন্ত্ৰ লোক-বাদ্য
অন্য বিষয়

বিংশ শতিকাৰ মাজভাগৰ পৰা পৰম্পৰাগত লোক-সংগীতৰ পৰা জনপ্ৰিয় লোক-সংগীতৰ এক নতুন ৰূপৰ বিকাশ ঘটা আৰম্ভ কৰিছিল। এই প্ৰক্ৰিয়া আৰু সময়ছোৱাক (দ্বিতীয়) লোক পুনৰুজ্জীৱন বুলি কোৱা হয় আৰু ই ১৯৬০ চনত শিখৰত উপনীত হয়। এই সংগীতৰ ৰূপটোক পূৰ্বৰ লোক-সংগীতৰ পৰা পৃথক কৰিবলৈ কেতিয়াবা সমসাময়িক লোক-সংগীত বা লোক পুনৰুজ্জীৱন সংগীত বুলিও কোৱা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত এনে সৰু সৰু, একেধৰণৰ পুনৰুজ্জীৱন ঘটিছে যদিও সেই পুনৰুজ্জীৱনৰ সময়ত সৃষ্টি হোৱা নতুন সংগীতৰ ক্ষেত্ৰত লোক-সংগীত শব্দটো সাধাৰণতে প্ৰয়োগ কৰা হোৱা নাই। এই ধৰণৰ লোক-সংগীতত ফক ৰক (folk rock), ফক মেটেল (folk metal), আৰু অন্যান্য সংমিশ্ৰিত ধাৰাও (fusion genre) অন্তৰ্ভুক্ত কৰা হয়। সমসাময়িক লোক-সংগীত সাধাৰণতে পৰম্পৰাগত লোক-সংগীতৰ পৰা পৃথক এটা ধাৰা যদিও আমেৰিকান ইংৰাজীত ইয়াৰ নাম একে, আৰু ইয়াক প্ৰায়ে পৰম্পৰাগত লোক-সংগীতৰ সৈতে একে পৰিবেশকে আৰু একে স্থানত পৰিবেশন কৰে।

পৰম্পৰাগত লোক-সংগীত

সংজ্ঞা

লোক-সংগীত, লোক-গীত আৰু লোক-নৃত্য শব্দকেইটা তুলনামূলকভাৱে শেহতীয়া প্ৰকাশ। ১৮৪৬ চনত ইংৰাজ প্ৰাচীন গ্ৰন্থবিদ উইলিয়াম থমছে “অসংস্কৃতিহীন শ্ৰেণীৰ পৰম্পৰা, ৰীতি-নীতি আৰু অন্ধবিশ্বাস” বৰ্ণনা কৰিবলৈ উদ্ভাৱন কৰা লোককথা শব্দটোৰ ই এক সম্প্ৰসাৰণ। এই শব্দটো জাৰ্মান অভিব্যক্তি ‘volk’ ৰ পৰাও উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে “সামগ্ৰিকভাৱে জনসাধাৰণ” আৰু এই শব্দটো জোহান গটফ্ৰাইড হাৰ্ডাৰ আৰু জাৰ্মান ৰোমাণ্টিক সাহিত্যিকসকলে প্ৰায় ডেৰ শতিকাৰ আগতে জনপ্ৰিয় আৰু জাতীয় সংগীতৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। যদিও লোক-সংগীতক মানুহৰ সংগীত বুলি কোৱা হয়, পৰ্যবেক্ষকসকলে এই সংজ্ঞা অস্পষ্ট বুলি বিবেচনা কৰে। কিছুমানে লোক-সংগীত শব্দটো ব্যৱহাৰ কৰা উচিত হয় নে নহয় সেই সম্পৰ্কেও একমত নহয়। লোক-সংগীতৰ কিছুমান বৈশিষ্ট্য থকাৰ প্ৰৱণতা থাকিব পাৰে কিন্তু বিশুদ্ধ সংগীতৰ ক্ষেত্ৰত ইয়াক স্পষ্টভাৱে পৃথক কৰিব নোৱাৰি। লোক-সংগীতৰ ক্ষেত্ৰত প্ৰায়ে আৰোপ কৰা এটা বৈশিষ্ট্য হ'ল “পুৰণি গীত, কোনো জ্ঞাত সুৰকাৰ নথকা” আনটো হ'ল এনে সংগীত যি বিৱৰ্তনশীল “মৌখিকভাবে প্ৰৱাহিত প্ৰক্ৰিয়া... লোকচৰিত্ৰ প্ৰদান কৰা সম্প্ৰদায়ৰ দ্বাৰা ফেশ্বনিং আৰু পুনৰ ফেশ্বনিং কৰা সংগীত।”

বৈশিষ্ট্যসমূহ

লোক-সংগীত 
ইষ্ট’নিয়াৰ “ভিলজাণ্ডিত দুৰ্গৰ ধ্বংসাৱশেষ”ৰ মাজত বছৰি অনুষ্ঠিত হোৱা “ভিলজাণ্ডি লোক-সংগীত মহোৎসৱ।”

ঐতিহাসিক দৃষ্টিকোণৰ পৰা পৰম্পৰাগত লোক-সংগীতৰ কিছুমাৱ বৈশিষ্ট্য আছে:

  • মৌখিক পৰম্পৰাৰ জৰিয়তে লোক-সংগীত প্ৰৱাহিত হয়। বিংশ শতিকাৰ আগতে সাধাৰণতে সাধাৰণ মানুহ নিৰক্ষৰ আছিল; তেওঁলোকে গীত মুখস্থ কৰি আয়ত্ত কৰিছিল। মূলতঃ ইয়াৰ প্ৰসাৰ কিতাপ বা ৰেকৰ্ডিং বা প্ৰেৰণ কৰা মাধ্যমৰ দ্বাৰা কৰা হোৱা নাছিল।
  • সংগীতসমূহ প্ৰায়ে জাতীয় সংস্কৃতিৰ সৈতে জড়িত আছিল। কোনো বিশেষ অঞ্চল বা সংস্কৃতিৰ বাবে সাংস্কৃতিকভাৱে বিশেষ লোক-সংগীত আছিল। অনুপ্ৰৱেশকাৰী গোটৰ প্ৰেক্ষাপটত লোকসংগীতে সামাজিক সংহতিৰ বাবে এক অতিৰিক্ত মাত্ৰা লাভ কৰে। বিশেষকৈ অনুপ্ৰৱেশকাৰী সমাজত ই উল্লেখযোগ্য, য’ত গ্ৰীক অষ্ট্ৰেলিয়ান, সোমালি আমেৰিকান, পাঞ্জাবী কানাডিয়ান আদিয়ে মূলসুঁতিৰ পৰা নিজৰ পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে তেওঁলোকৰ ককা-আইতা অহা দেশত উৎপত্তি হোৱা গীত-নৃত্যসমূহ শিকিবলৈ যত্ন কৰে।
  • ঐতিহাসিক আৰু ব্যক্তিগত পৰিঘটনাক স্মৰণ কৰে। খ্ৰীষ্টমাছ, ইষ্টাৰ, মে’ ডে’ৰ দৰে বন্ধৰ দিনকে ধৰি বছৰৰ কিছুমান বিশেষ দিনত বিশেষ গীতৰ দ্বাৰা বাৰ্ষিক উৎসৱ উদযাপন কৰা হয়। জন্মদিন, বিয়া, অন্ত্যেষ্টিক্ৰিয়া আদিত বিশেষ গীত, নৃত্য আৰু বিশেষ সাজ-পাৰ পৰিলক্ষিত কৰা হয়। ধৰ্মীয় উৎসৱত প্ৰায়ে লোক-সংগীতৰ উপাদান থাকে। এই অনুষ্ঠানসমূহত শিশু আৰু অপেছাদাৰী গায়কসকলে ৰাজহুৱাকৈ অংশগ্ৰহণ কৰে, ফলত সংগীতৰ নান্দনিক গুণৰ পৰিবৰ্তে আৱেগিক বন্ধন দেখিবলৈ পোৱা যায়।
  • গীতবোৰ বহু যুগৰ পৰা, বহু প্ৰজন্মই প্ৰথা অনুসৰি পৰিবেশন কৰি আহিছে।

উৎপত্তি

মানৱ প্ৰাগঐতিহাসিক আৰু ইতিহাসৰ বেছিভাগ সময়তে বাণীবদ্ধ কৰা সংগীত শুনা সম্ভৱ নাছিল। কাম-কাজ আৰু অবসৰ দুয়োটা সময়তে, লগতে ধৰ্মীয় কাম-কাজৰ সময়তো সাধাৰণ মানুহে সংগীত সৃষ্টি কৰিছিল। অৰ্থনৈতিক উৎপাদনৰ কাম প্ৰায়ে হাতেৰে আৰু সমজুৱাকৈ কৰিছিল। কামৰ সৈতে প্ৰায়ে শ্ৰমিকসকলে সংগীত অন্তৰ্ভুক্ত কৰিছিল, যিয়ে কেইবাটাও ব্যৱহাৰিক উদ্দেশ্য সাধন কৰিছিল। ই পুনৰাবৃত্তিমূলক কামৰ বিৰক্তি হ্ৰাস কৰিছিল, ই একেলগ হৈ ঠেলা আৰু টনাৰ সময়ত ছন্দ বজাই ৰাখিছিল আৰু ৰোপণ, অপতৃণ গুছোৱা, শস্য চপোৱা, মৰা, বোৱা আদি বহুতো কামৰ গতি নিৰ্ধাৰণ কৰিছিল। আজৰি সময়ত গান গোৱা আৰু বাদ্যযন্ত্ৰ বজোৱাটো আছিল মনোৰঞ্জন আৰু ইতিহাস কোৱাৰ সাধাৰণ উপায় — আজিৰ দৰে তেতিয়া বৈদ্যুতিকভাৱে সক্ষম প্ৰযুক্তি আৰু ব্যাপক সাক্ষৰতাই প্ৰদান অন্যান্য ধৰণৰ মনোৰঞ্জন আৰু তথ্য বিনিময়ক সামগ্ৰী নাছিল বাবে সেয়া তেতিয়া অধিক সাধাৰণ আছিল।

তথ্য সংগ্ৰহ

Tags:

লোক-সংগীত পৰম্পৰাগত লোক-সংগীত সংজ্ঞালোক-সংগীত উৎপত্তিলোক-সংগীত তথ্য সংগ্ৰহলোক-সংগীতইংৰাজী ভাষালোককথা

🔥 Trending searches on Wiki অসমীয়া:

বামুণী পাহাৰসাঁচিপাতবৰ্মণ ৰাজবংশবৰপেটা জিলাগেলিলিঅ’ গেলিলিখামটি জনগোষ্ঠীবিশ্ব পশু চিকিৎসা দিৱসহৰিশংকৰ ব্ৰহ্মভাৰতৰ সংবিধানশ্ৰী শ্ৰী বটদ্ৰৱা থানঅংগৰাগ মহন্তৰিহাৰামধেনু (আলোচনী)ভাৰীগানশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহআর্গন (পোশাক)হিন্দু সৃষ্টিতত্ত্বপাৰ চৰাইবহনক্ষম উন্নয়নৰ লক্ষ্যগগনামণিৰাম দেৱানদেৱতা (হিন্দু ধৰ্ম)চামগুৰি সত্ৰসালোক সংশ্লেষণগোলকীকৰণভাৰতীয় জনতা পাৰ্টিফণী শৰ্মাপাইক প্ৰথাক্ষগোলোকচন্দ্ৰ গোস্বামীনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাশাল গছকৰ'নাভাইৰাছ ৰোগ ২০১৯নীৰাজনা মহন্ত বেজবৰাঅখণ্ড সংখ্যাভক্তি ৰত্নাৱলীতেজঅস্বাভাৱিক মনোবিজ্ঞানডাকৰ বচনমিচিং জনগোষ্ঠীৰ সাজপাৰবিহুগীতভোলানাথ দাসদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰতামোলডিম্পু বৰুৱাএহাত ডাবামামণি ৰয়ছম গোস্বামীৰ উপন্যাসনিৰুপমা বৰগোহাঞিনীলমণি ফুকন (কনিষ্ঠ)কৃষ্ণকান্ত সন্দিকৈউদ্ভিদৰাম বিজয়ভাষাবিজ্ঞান উপক্ৰমণিকাঅসমীয়া বান্দৰবৌদ্ধ ধৰ্মঅসমৰ ৰেচম শিল্পভাৰতৰ ৰাষ্ট্ৰপতিহেমকোষঅম্বিকাগিৰি ৰায়চৌধুৰীধেমাজিঅসমীয়া কবিতাৰ ইতিহাসৰুছ-ইউক্ৰেনীয় যুদ্ধপদ্মনাথ গোহাঞি বৰুৱাচৰ্যাপদলক্ষ্মী পূজাঅসমৰ জাতীয় গীতঅৰ্জুন ভঞ্জনগৌতম বুদ্ধ🡆 More