মণিৰাম দেৱান

মণিৰাম দেৱান (ইংৰাজী: Maniram Dewan) উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।

মণিৰাম দেৱান
মণিৰাম দেৱান
জন্ম মণিৰাম দত্ত বৰুৱা
১৭ এপ্ৰিল, ১৮০৬
চাৰিং, শিৱসাগৰ, অসম
মৃত্যু ২৬ ফেব্ৰুৱাৰী, ১৮৫৮ (৫১ বছৰ)
যোৰহাট, অসম
মৃত্যুৰ কাৰণ ফাঁচী
অন্য নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা, মণিৰাম দেৱান
পেচা দেৱান, চাহ খেতিয়ক
সংস্থা আচাম টি কোম্পানী
জনা যায় ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, অসমৰ চাহ খেতিৰ উদ্ভাৱক
উল্লেখযোগ্য কৰ্ম বুৰঞ্জী বিবেক ৰত্ন (১৮৩৮)
পদবী কলিতা-ৰজা
অপৰাধ আৰোপ অসমৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা
অপৰাধৰ শাস্তি ফাঁচী দি মৃত্যু

কৰ্মজীৱন

১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে। ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। এওঁৱে আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক।

১৮৫২ চনত পুৰন্দৰ সিংহৰ পুত্ৰ চাৰিংৰজা কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেষৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।

সাহিত্যিক কৰ্মৰাজী

মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।

বংশলতা

মণিৰাম দেৱানৰ পিতৃপুৰুষ
ৰাম দত্ত
ৰামদত্তৰ পূৰ্বপুৰুষসকল ক্ৰমশঃ
বিকোফেদেলাগোৱৰ্দ্ধনকৰুণা
শেন চাংকাকতিশ্ৰীৰাম চাংকাকতিবৃহস্পতি/বনমালী
কমলাকান্তগৌৰধ্বজ
মণিৰামৰ পৰিয়াল
১ম পত্নী (তৰাৱতী)
২য় পত্নী (বৃন্দাৱলী)
৩য় পত্নী (চম্পাৱতী)
৪ৰ্থ পত্নী (বিনন্দিনী)
ফুল
পুত্ৰ বিষ্ণুপ্ৰসাদ
পুত্ৰ তনুৰাম, গোপাল, লম্বিতা ৰাধা - ইত্যাদি৷
পুত্ৰ যদুৰাম

মৃত্যু

১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।

তথ্য সংগ্ৰহ

সহায়ক গ্ৰন্থপঞ্জী

  • অসমৰ বুৰঞ্জী - লেখক: পদ্মনাথ গোহাঞিবৰুৱা।
  • বেলিমাৰ গ'ল - লেখক: ড॰ লীলা গগৈ।
  • অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস - লেখক: ড॰ প্ৰফুল্ল মহন্ত।
  • ইতিহাসে সোঁৱৰা ছশটা বছৰ - লেখক: সৰ্বানন্দ ৰাজকুমাৰ।
  • অসমীয়া জীৱনী অভিধান - লেখক: শিৱনাথ বৰ্মন।

বাহ্যিক সংযোগ

Tags:

মণিৰাম দেৱান কৰ্মজীৱনমণিৰাম দেৱান সাহিত্যিক কৰ্মৰাজীমণিৰাম দেৱান বংশলতামণিৰাম দেৱান মৃত্যুমণিৰাম দেৱান তথ্য সংগ্ৰহমণিৰাম দেৱান সহায়ক গ্ৰন্থপঞ্জীমণিৰাম দেৱান বাহ্যিক সংযোগমণিৰাম দেৱানঅসমইংৰাজী ভাষাশিৱসাগৰ জিলা

🔥 Trending searches on Wiki অসমীয়া:

সত্ৰীয়া নৃত্যনামঘোষামহাভৈৰৱ মন্দিৰবুৰঞ্জী সাহিত্যঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকামৰমৰ দেউতাচন্দ্ৰযান-৩সন্ধিপৰঘুমাতাপগতি বিজ্ঞানভৈৰৱী মন্দিৰশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়শ্ৰীমন্ত শংকৰদেৱনৱ-বৈষ্ণৱ ধৰ্মগুগলচীনা-তিব্বতীয় ভাষাখ্ৰীষ্টান ধৰ্মপৃথিৱীহীৰেন ভট্টাচাৰ্যধূমকেতুতোলনি বিয়াঅসমীয়া ভাষাৰ শব্দসম্ভাৰনামেৰি ৰাষ্ট্ৰীয় উদ্যানৰাতি বিহুঅম্বিকাগিৰি ৰায়চৌধুৰীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতপাঠ পৰিকল্পনাশংকৰী সংস্কৃতিপলাশীৰ যুদ্ধভাৰতৰ প্ৰধানমন্ত্ৰীঢেকীয়াখোৱা বৰনামঘৰপ্ৰাকৃতিক দুৰ্যোগদুৰ্গা পূজাচ্যু-কা-ফাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানসমাজবাদজোনবিল মেলামোহিনিয়াত্তমভাষাভাৰতৰ উচ্চতম ন্যায়ালয়প্ৰাকৃতিক সম্পদঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলকামৰূপী উপভাষাশোণিতপুৰ জিলাযোৰানামঅসমৰ জাতীয় গীতমৌৰ্য সাম্ৰাজ্যবহুভাষাবাদআইৰিন পাৰ্লবিভিটামিনঅসমৰ লোকবাদ্যৰবীন্দ্ৰনাথ ঠাকুৰলভিতামাজুলীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাপদ (ব্যাকৰণ)পাইক প্ৰথাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাতিব্বততাল (বাদ্যযন্ত্ৰ)ধৰ্মঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বংগ বিভাজন (১৯০৫)আধুনিকতাবাদছিলংপৰিৱেশ তন্ত্ৰমনোবিজ্ঞানঅসমৰ জিলাসমূহঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকপিলীপৰীয়া সাধুসত্যনাথ বৰাসমাজতত্ত্বউমানন্দঅসম আন্দোলনমায়া (আলোচনী)🡆 More