ক'ৰডাটা

ক'ৰডাটা (Chordates, /ˈkɔrdeɪts/) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, pharyngeal slit, এডাল endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব মেৰুদণ্ডী (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, চৰাই; টিউনিকাটা (Tunicata), যেনে - salp আৰু sea squirt; আৰু চেফালকৰডাটাক (Cephalochordata) সাঙুৰি লয়।

ক'ৰডাটা
জীৱাশ্ম কাল:
Terreneuvian – Holocene, ৫৪০–০ নিযুত বছৰ
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
ক'ৰডাটা
এক্স-ৰে টেট্ৰা (Pristella maxillaris) এবিধ দৃশ্যমান পৃষ্ঠৰজ্জু যুক্ত ক'ৰডাটা, পৃষ্ঠৰজ্জুৰ ভিতৰতে স্নায়ুৰজ্জু থাকে।
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
Haeckel, 1874
Subgroups
  • Cephalochordata
  • Olfactores
    • Haikouella
    • Tunicata
    • Craniata

ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই Osteichthyes শ্ৰেণীৰ অন্তৰ্গত বনী ফিছ (bony fish)। পৃথিৱীৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে নীলা তিমি (blue whale) আৰু peregrine falcon, মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত।

বিৱচ্ছেদ

1 = মগজু সদৃশ চামনি
2 = পৃষ্ঠৰজ্জু
3 = পৃষ্ঠীয় স্নায়ুৰজ্জু
4 = পায়ুৰ পাছৰ নেজ
5 = পায়ু
6 = খাদ্য নলী
7 = ৰক্ত পৰিবহণ তন্ত্ৰ
8 = উদৰীয় ছিদ্ৰ
9 = কণ্ঠৰ ওপৰফালৰ অন্তৰাল
10 = ফুলৰ টুকুৰা
11 = কণ্ঠ/ডিঙি
12 = মুখত থকা চিলিয়া
13 = মুখ গহ্বৰ
14 = মুখৰ প্ৰৱেশদ্বাৰ
15 = জননগ্ৰন্থি (ডিম্বাশয়/অণ্ডাশয়)
16 = পোহৰ সংবেদক
17 = স্নায়ু
18 = উদৰীয় তৰপ
19 = যকৃৎ সদৃশ থলী (হেপাটিক চিকাম)
cephalochordate Amphioxusৰ বিবচ্ছেদ। সকলো ক'ৰডাটাৰ জীৱনৰ কিছুমান বিন্দুৰ উপাদান বোৰ দেখুওৱা হৈছে, যিবোৰে ইহঁতক অন্য পৰ্বৰ পৰা পৃথক কৰে।
ক'ৰডাটা 
গ্লাছ কেটফিছৰ (Kryptopterus vitreolus) পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে।

পৃষ্ঠদণ্ডী পৰ্বৰ প্ৰাণীবোৰে সিহঁতৰ জীৱন কালৰ যিকোনো এটা বা সমগ্ৰ স্তৰত প্ৰদৰ্শন কৰা কিছুমান বিৱচ্ছেদীয় বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল:

  • এডাল পৃষ্ঠদণ্ড থাকে। দেহৰ ভিতৰত দীঘলে দীঘলে কাৰ্টিলেজেৰে গঠিত এডাল দণ্ড থাকে। মেৰুদণ্ডী উপ গোটত এই পৃষ্ঠদণ্ড ডাল মেৰুদণ্ডলৈ বিকশিত হয়, আৰু সম্পূৰ্ণ জলজ প্ৰজীতিৰ ক্ষেত্ৰত ই সিহঁতৰ নেজৰ সহায়ত পানীত সাতুৰিবলৈ সহায় কৰে।
  • এডাল অংকীয় স্নায়ু নলীকা থাকে। মাছ আৰু অন্য মেৰুদণ্ডীৰ ক্ষেত্ৰত ই স্নায়ু ৰজ্জুলৈ বিকশিত হয়। ই হৈছে স্নায়ু তন্ত্ৰৰ যোগাযোগৰ মূল মাধ্যম।
  • ফেৰিঞ্জিয়েল স্লীট (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মুখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
  • পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
  • এণ্ড'ষ্টাইল থাকে।

পৃষ্ঠদণ্ডীক অন্য জীৱৰ পৰা পৃথক কৰা, কিন্তু সাধাৰণ সংজ্ঞাৰ ভিতৰত নপৰা অন্য কিছুমান বৈশিষ্ট্য হ'ল:

  • সকলো পৃষ্ঠদণ্ডী ডিউটাৰ'ষ্টম (deuterostomes), অৰ্থাৎ ভ্ৰূণীয স্তৰত মুখতকৈ আগেয়ে পায়ু বিকশিত হয়।
  • সকলো পৃষ্ঠদণ্ডীৰ দেহ তল দ্বিপাৰ্শীয়ভাৱে প্ৰতিসম।
  • সকলো পৃষ্ঠদণ্ডীৰ দেহৰসেৰে পূৰ্ণ একোটা দেহ গহ্বৰ থাকে, লগতে পেৰিটনিয়াম থাকে।

নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহ

ক'ৰডাটা 
এক্ৰন ৱৰ্ম বা এণ্টাৰ'নাষ্টসমূহ হেমিক'ৰডেটৰ উদাহৰণ।

হেমিক'ৰডেট

হেমিক'ৰডেট ("অৰ্দ্ধ পৃষ্ঠদণ্ডী") সমূহৰ কিছুমান বৈশিষ্ট্য পৃষ্ঠদণ্ডীৰ সৈতে মিল থকা দেখা যায়: ব্ৰেংকিয়েল ছিদ্ৰ শ্বাসনলীত মুক্ত হয় আৰু দেখিবলৈ গিল স্লীটৰ (gill slits) দৰে; ষ্ট'মকৰ্ড (stomochord), ন'ট'কৰ্ডৰ (notochord) সৈতে একে, কিন্তু মুখৰ পৰা আতৰত "ক'লাৰ (collar)"ৰ চাৰিও কাষে থাকে; এডাল অংকীয় স্নায়ুৰজ্জু থাকে, কিন্তু ভেণ্ট্ৰেল নাৰ্ভ কৰ্ডৰ আকাৰ সৰু।

হেমিক'ৰডেটৰ দুটা জীৱিত গোট আছে:

অকলশৰীয়াকৈ থকা এণ্টাৰ'নাষ্ট, যাক সাধাৰণতে "এক্ৰন ৱৰ্ম" বুলি কোৱা হয়। ইহঁতৰ দীঘল প্ৰ'বছছিছ (proboscis) থাকে আৰু প্ৰায় ২০০ লৈকে ব্ৰেংকিয়েল স্লীট থাকে আৰু দেহটো প্ৰায় ২.৫ ফুট পৰ্যন্ত দীঘল হয়। ইহঁত সাগৰ তলীত গাঁত খান্দি বাস কৰে।

টেৰ'ব্ৰাঞ্চ (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।

কণ্টকচৰ্মী

ক'ৰডাটা 
এটা ৰঙা নব ছী ষ্টাৰ, Protoreaster linckii, এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ।

পৃষ্ঠদণ্ডী আৰু সিহঁতৰ সম্বন্ধীয় সমূহৰ সৈতে কণ্টকচৰ্মীৰ তিনি প্ৰকাৰৰ পাৰ্থক্য আছে: ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ। ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)। ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত। বেছিভাগ কণ্টকচৰ্মী সাগৰৰ শিলত লাগি থাকে, কিছুমানে অতি ধীৰ গতিৰে চলাচল কৰে আৰু তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ আদিৰ দৰে কিছুমানৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয় আৰু চলাচল কৰিব পাৰে।

তথ্য সংগ্ৰহ

Tags:

ক'ৰডাটা বিৱচ্ছেদক'ৰডাটা নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহক'ৰডাটা তথ্য সংগ্ৰহক'ৰডাটাen:Help:IPA for Englishen:salpen:sea squirtচৰাইপ্ৰাণীমেৰুদণ্ডী প্ৰাণীৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

লাচিত বৰফুকনদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাদৰ্শনলক্ষ্মীধৰ শৰ্মাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজৈৱিক কৃষিসপ্তকাণ্ড ৰামায়ণভাৰতৰ জাতীয় পতাকাগোৱালপাৰা জিলাঅৰ্জুন ভঞ্জনভিটামিনঅসমীয়া লোক কবিতামহেন্দ্ৰ বৰামৌৰ্য সাম্ৰাজ্যঅসমৰ চলচ্চিত্ৰলোকসভাঅসমীয়া উপন্যাসলোকসভাৰ অধ্যক্ষৰাজনীতিৰঘুনাথ চৌধাৰীডিম্পু বৰুৱাভৈৰৱী মন্দিৰকেঁচা পাতৰ কঁপনিকুলিপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)জয়মতী কুঁৱৰীবল্লভভাই পেটেলঅসমৰ চাহ জনগোষ্ঠীভৱানন্দ দত্তশ্ৰীমদ্ভগৱতগীতাটাই সংস্কৃতিৰ ৰূপৰেখাভূপেন হাজৰিকাৰ সাহিত্যমাজুলীৰ মৃৎ শিল্পহুঁচৰিহেমচন্দ্ৰ গোস্বামীঅৰুণাচল প্ৰদেশসূত্ৰধাৰ নৃত্যভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগগণতন্ত্ৰসূৰ্যকুমাৰ ভূঞাঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলওচেনিয়াঅসমীয়া সাহিত্যত মালিতাশকুন্তলাজেং বিহুকেন্দ্ৰীয় শাসিত অঞ্চলছুনামিৰামধেনুলিংগদীনবন্ধু (চলচ্চিত্ৰ)শিৱসাগৰহিন্দু সৃষ্টিতত্ত্বঅসমৰ ৰাজ্যিক প্ৰতীকসমূহগোলকীয় উষ্ণতা বৃদ্ধিঅসম আন্দোলনআলি আঃয়ে লৃগাংআন্তৰ্জাতিক শ্ৰমিক দিৱসপৰ্যাবৃত্ত তালিকাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভাৰতীয় ৰেলঅসমঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাজ্ঞানপীঠ বঁটাসৎনামী বিদ্ৰোহসতী সাধনীমাধৱদেৱসৌৰ শক্তিধৰ্মবগীবিল দলংকপৌ ফুলপদুম কুঁৱৰীপচন সাৰসংযুক্ত মুক্তি বাহিনী, অসম🡆 More