আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকা (ইংৰাজী: IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰতি বছৰে এই তালিকা প্ৰকাশ কৰে।

আই ইউ চি এন সংকটগ্ৰস্ত প্ৰজাতিসমূহৰ ৰঙা তালিকা
আই ইউ চি এন ৰঙা তালিকা
প্ৰধান  কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰ
সেৱা  ক্ষেত্ৰ আন্তৰ্জাতিক পৰ্যায়
আনুষ্ঠানিক  ভাষা ইংৰাজী
মাতৃ  সন্থা আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ, (আই ইউ চি এন)
ভুক্তি স্পেছিচ চাৰ্ভাইভেল কমিচন, বাৰ্ডলাইফ ইণ্টাৰনেচনেল, কনজাৰ্ভেচন ইণ্টাৰনেচনেল, নেচাৰচাৰ্ভ,বোটানিক গাৰ্ডেনচ্ কনজাৰ্ভেচন ইণ্টাৰনেচনেল, ৰয়েল বোটানিক গাৰ্ডেনচ্,টেক্সাছ এএণ্ড এম বিশ্ববিদ্যালয়, চেপিয়েনজা ইউনিভাৰচিটি অ ৰোম, জুল'জিকেল চোচাইটি অৱ লণ্ডন, ৱাইল্ডস্ক্ৰীণ
ৱেবছাইট www.iucnredlist.org

কোনো কাৰণে নিৰ্দিষ্ট কোনো প্ৰজাতি বা উপ-প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হ'লে সেইটো নিৰূপনৰ বাবে সঠিক মানদণ্ড প্ৰয়োগ কৰা হয়। এই মানদণ্ড বিশ্বৰ সকলো দেশত বা সকলো ঠাইত একে। এই তালিকা তৈয়াৰ কৰাৰ অন্যতম উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা আৰু নিৰ্দিষ্ট প্ৰজাতিটোৱে সন্মুখীন হোৱা ভাবুকি প্ৰতিহত কৰা। প্ৰজাতিটো যাতে বিলুপ্ত নহয়, তাৰবাবে ৰাজনীতিকসকলেও সচেতন হয় আৰু প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগী হয়।

আই ইউ চি এ ৰঙা তালিকাৰ কিছু নীতি-নিৰ্দ্ধাৰক সংগঠন আছে, যিয়ে কোনটো প্ৰজাতি কোনটো শ্ৰেণীৰ অন্তৰ্ভূক্ত হব, সেইটো নিৰ্দ্ধাৰণ কৰে। বাৰ্ডলাইফ ইণ্টাৰনেচনেল, জুল'জিকেল চোচাইটি অৱ লণ্ডনৰ গৱেষণা শাখা, স্পেছিচ চাৰ্ভাইভেল কমিচন,ইন্সটিটিউট অব জুল'জী, ৱাৰ্ল্ড কনজাৰ্ভেচন মণিটৰিং চেণ্টাৰ আদি সংগঠনৰ যোগেদি ৰঙা তালিকাৰ প্ৰায় আধা প্ৰজাতিৰ অন্তৰ্ভূক্তি হৈছে।

আই এ চি ইউৰ লক্ষ্য হৈছে প্ৰতি পাঁচ বছৰৰ মূৰত তালিকাভূক্ত প্ৰতিটো প্ৰজাতিৰ অৱস্থা মূল্যায়ন কৰা। এই মূল্যায়ন বিভিন্ন সংগঠন আৰু গোটৰ মাধ্যমেদি কৰা হয়। এই সংগঠন বা গোটবোৰ কোনো নিৰ্দিষ্ট জীৱ-বৰ্গৰ মূল্যায়নৰ বাবে দায়বদ্ধ হয়। উদাহৰণস্বৰূপে সমগ্ৰ পক্ষী-বৰ্গ মূল্যায়নৰ বাবে দায়বদ্ধ বাৰ্ডলাইফ ইণ্টাৰনেচনেল নামৰ সংগঠনটো।

১৯৯৭ ৰঙা তালিকাভূক্ত সংকটগ্ৰস্ত উদ্ভিদ

বিভাগ

আই ইউ চি এন ৰঙা তালিকা 
২০০৭ চনৰ আই ইউ চি এন ৰঙা তালিকাৰ      ঘোৰ সংকটজনক,      বিলুপ্তপ্ৰায়, অথবা      অসুৰক্ষিত বিভাগত তালিকাভূক্ত হোৱা বিভিন্ন প্ৰজাতিৰ গোটসমুহৰ শতকৰা হাৰ।

আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, আৱাদী আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে।

  • সংকটজনক (Threatened, T):
    • ঘোৰ সংকটজনক (Critically Endangered, CR): প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
    • বিলুপ্তপ্ৰায় (Endangered, EN): প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
    • অসুৰক্ষিত (Vulnerable, VU): প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
  • কম সংকটজনক (Lower Risk, LR):
    • সংকটাসন্ন (Near Threatened, NT): অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
    • ন্যূনতম সংকটজনক (Least Concern, LC): সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
  • বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
  • অৰণ্যত বিলুপ্ত (Extinct in the Wild, EW): বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্যক সদস্য জীয়াই আছে।
  • অপৰিমিত তথ্য (Data Deficient, DD): কোনটো বিভাগৰ অন্তৰ্ভূক্ত হ'ব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
  • অমূল্যাঙ্কিত প্ৰজাতি (Not Evaluated, NE): আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।

কিছুমান পৰিভাষাত সংকটগ্ৰস্থ, বিপদগ্ৰস্থ, সংকটাসন্ন, বিপদাসন্ন, সংকটাপন্ন, বিপদাপন্ন, আদি শব্দও ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

বহিঃসংযোগ

Tags:

আই ইউ চি এন ৰঙা তালিকা ১৯৯৭ ৰঙা তালিকাভূক্ত সংকটগ্ৰস্ত উদ্ভিদআই ইউ চি এন ৰঙা তালিকা বিভাগআই ইউ চি এন ৰঙা তালিকা তথ্য সংগ্ৰহআই ইউ চি এন ৰঙা তালিকা গ্ৰন্থপঞ্জীআই ইউ চি এন ৰঙা তালিকা বহিঃসংযোগআই ইউ চি এন ৰঙা তালিকাen:IUCN Red Listইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰাসায়নিক মৌললোক-নৃত্যআমেৰিকা যুক্তৰাষ্ট্ৰজয়সাগৰ পুখুৰীকছাৰী ৰাজ্যভাৰতৰ স্বাধীনতা আন্দোলনআহোম-মোগলৰ সংঘৰ্ষবিহুৰ খাদ্যঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকানুৰ জাহান (মোগল সম্ৰাজ্ঞী)পুঁজিবাদগুণাভিৰাম বৰুৱাসতী সাধনীআহোম ৰাজ্যমোৰ জীৱন সোঁৱৰণজ্যামিতিভাৰতীয় জনতা পাৰ্টিযোগাসনচিপকো আন্দোলনসত্যাগ্ৰহভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাদীপলিনা ডেকাহীৰেন গোহাঁইগদ্যসালোক সংশ্লেষণভাষাউদ্ভিদফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাহাজোগৌতম বুদ্ধনৱকান্ত বৰুৱাকমলাকান্ত ভট্টাচাৰ্য্যকাতি বিহুসাহিত্যকালিদাসবড়ো চুক্তি ২০২০অসমৰ ৰাজ্যপালসকলৰ তালিকাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাচোৰধৰাভাৰতৰ ৰাষ্ট্ৰপতিধৰিত্ৰী দিৱসমৃত্যুঞ্জয়কৰতল কমল কমল দল নয়নঅসমীয়া কবিতাশাল গছযৌন সংগমযতি-চিনড়ভঠেলিবাৰেচহৰীয়া ভাওনা মহোৎসৱকেতেকীকনকলতা বৰুৱাৰাম মন্দিৰ, অযোধ্যাঅসমীয়া গীতি সাহিত্যখগেন মহন্তগৰু বিহুপ্লেটোবাল্য বিবাহইউক্লিডশ্ৰীনিবাস ৰামানুজনঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫সমাৰ্থক শব্দঅসমৰ কুঁহিলা শিল্পকৃষ্ণকলব্ৰজাৱলী ভাষাএ কে গাৰ্নিতেজপুৰএচিদ বৰষুণলোকসভাৰ অধ্যক্ষৱিকিমিডিয়া ফাউণ্ডেশ্যনৰাতি বিহুকথা-ভাগৱতহেমচন্দ্ৰ গোস্বামী🡆 More