মৃত্যুঞ্জয়

মৃত্যুঞ্জয় (ইংৰাজী: Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ জুলাই, ১৯৭০ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৮০ চন; তৃতীয় প্ৰকাশ: জুলাই, ১৯৮০ চন; চতুৰ্থ প্ৰকাশ: ছেপ্টেম্বৰ, ১৯৮৫ চন; পঞ্চম প্ৰকাশ: জুলাই, ১৯৯২ চন; ষষ্ঠ প্ৰকাশ: জুলাই, ১৯৯৮; সপ্তম প্ৰকাশ: জুলাই, ২০০৫ চনত কৰা হয়।

মৃত্যুঞ্জয়  
বেটুপাত
লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
প্ৰচ্ছদ শিল্পী বেণু মিশ্ৰ
ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় ভাৰতীয় স্বাধীনতা আন্দোলন
৪২ৰ স্বাধীনতা আন্দোলন
প্ৰকাৰ উপন্যাস
প্ৰকাশক সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ, গুৱাহাটী
প্ৰকাশ জুলাই, ১৯৭০
মিডিয়া প্ৰকাৰ মুদ্ৰিত
পৃষ্ঠা সংখ্যা ২৯০
আই.এচ.বি.এন. নাই
পূৰ্বৱৰ্তী জুলাই, ১৯৯৮
পৰৱৰ্তী জুলাই, ২০০৫
মৃত্যুঞ্জয়

লেখকৰ পৰিচয়

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (জন্ম:১৮ অক্টোবৰ, ১৯২৪ - মৃত্যু:৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল। তেওঁ ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০০৫ চনত Love in the Time of Insurgency নামেৰে ইয়াৰুইঙ্গম গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ১৯৮৩-৮৫ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

উপন্যাসৰ চৰিত্ৰসমূহ

উপন্যাসখনত কাহিনীৰ প্ৰয়োজনত অলেখ চৰিত্ৰৰ সমাবেশ ঘটিলেও ধনপুৰ, গোঁসাই, ৰূপনাৰায়ণ, মধু কেওঁট, মাণিক বৰা, ভিভিৰাম, জয়ৰাম, দধি মাষ্টৰ, আহিনা কোঁৱৰ, ডিমি, গোঁসানী, অনুপমা, শইকীয়া দাৰোগা, টিকৌ আদিয়ে মূল কাহিনীটো আগুৱাই যোৱাত আঁত ধৰিছে

উপন্যাসৰ কাহিনীৰ সাৰাংশ

মৃত্যুঞ্জয় উপন্যাসত বৰ্ণোৱা ঘটনাৰ কাল ১৯৪২ চন। ইয়াত এই সময়ছোৱাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰন আছে। সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, ৰীত-নীতিৰ বৈশিষ্ট্য, স্বাধীনতাৰ প্ৰভাৱে মানুহৰ জীৱনক কিদৰে প্ৰাভাৱাম্বিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন উপন্যাসখনত পোৱা যায়। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে দেশজুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰাম। সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্যৱলীৰ লগতে সংগতি ৰাখি উপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে। মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলন কৰিবলৈকে আন্দোলনৰ সমৰ্থনত গোঁসাই, কোঁচ, কেওঁত, গাৰো, নেপালী নিৰ্বিশেষে পাহাৰ ভৈয়াম মিলি সকলোৰে প্ৰাণত দেশ স্বাধীন কৰাৰ যি ঐক্যন তাক ঔপন্যাসিকে নিখুঁটভাৱে ফুটাই তুলিছে। প্ৰতীকিগত ভাৱে কানিৰ বিৰূপ প্ৰভাৱ, জাতিগতভাৱে সমাজত থকা উচ্চ-নীচ ভেদাভেদৰ অৱসান, সেনাবহিনীৰ অবৰ্ণনীয় অত্যাচাৰ, স্বাধীনতাৰ বাবে উন্মুখ চহা সহজ সৰল প্ৰাণে মৃত্যু ভয়কো জিনি দেশৰ বাবেই আত্মবলিদান দিয়াৰ কথাই সেই সময়ৰ বা-মাৰলিৰ চিন দাঙি ধৰিছে। সামাগ্ৰিকভাৱে এই উপন্যাসখনক ৪২ৰ স্বাধীনতা আন্দোলনৰ এখন জীৱন্ত দলিল বুলিব পাৰি। এই উপন্যাসত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধনা-কালৰ। সেই সাধনাৰ মহত্ত্ব, আৰু একক অনুভূতিৰ যিসকল অধিকাৰী হৈছিল সেই সকলৰ আত্মাৰ যৎ‌সামান্য চিনাকি ইয়াত আছে।

অনুবাদ

  • বাংলা: মৃত্যুঞ্জয় (অনুবাদক: উষাৰঞ্জন ভট্টাচাৰ্য)
  • ইংৰাজী: Mrityunjay (অনুবাদক: ধীৰেন্দ্ৰনাথ বেজবৰুৱা)
  • হিন্দী: মৃত্যুঞ্জয় (অনুবাদক: দৃষ্ণপ্ৰসাদ সিং মগধ)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মৃত্যুঞ্জয় লেখকৰ পৰিচয়মৃত্যুঞ্জয় উপন্যাসৰ চৰিত্ৰসমূহমৃত্যুঞ্জয় উপন্যাসৰ কাহিনীৰ সাৰাংশমৃত্যুঞ্জয় অনুবাদমৃত্যুঞ্জয় তথ্য সংগ্ৰহমৃত্যুঞ্জয় বাহ্যিক সংযোগমৃত্যুঞ্জয়অসমীয়া সাহিত্যইংৰাজী ভাষাজ্ঞানপীঠ বঁটাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শব্দসম্ভাৰপৰিৱেশ অধ্যয়নঋতুভাৰতীয় সাহিত্যমহাসাগৰবাইখো পূজামানুহনামনি অসমভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতৰ স্বাধীনতা আন্দোলননলবাৰীশিক্ষকবহনক্ষম উন্নয়নৰ লক্ষ্যমণিৰাম দেৱান (চলচ্চিত্ৰ)ভূমিস্খলনসাহিত্যসত্ৰ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘভূপেন হাজৰিকাঅসমীয়া লিপিৰ বুৰঞ্জীমোহনদাস কৰমচান্দ গান্ধী২৫ এপ্ৰিলমেলেৰিয়াগড়মূৰ সত্ৰএৰিষ্ট'টলএহাত ডাবানামচিংকৰতল কমল কমল দল নয়নবেলিমাৰ (নাটক)শিক্ষাসেউজ গৃহ প্ৰভাৱগুৱাহাটীমৌখিক পৰম্পৰাভট্টদেৱৰ গদ্যশৈলীকাৰ্বি জনগোষ্ঠীগৰু বিহুধেমাজি জিলাসৌৰজগতবসন্ত ঋতুমাইলছ ব্ৰনছনআউনীআটী সত্ৰকামাখ্যা মন্দিৰপ্ৰাকৃতিক পৰিৱেশকেঁচুসাৰমুগা (ৰেচম)নাগৰিকত্বপাইথেগাৰাছতুলসীবাজেটভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানাৰীবাদমহাদেশগান্ধীবাদঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅংগৰাগ মহন্তভাৰতৰ প্ৰধানমন্ত্ৰীডুবি তাম্ৰলিপি আৰু ছীলঅসমীয়া ভাষা উন্নতি সাধিনী সভাপদুমহেমচন্দ্ৰ বৰুৱাতাল (বাদ্যযন্ত্ৰ)হেমচন্দ্ৰ গোস্বামীঅব্যয় পদআলি আঃয়ে লৃগাংবিশ্ব পৰিৱেশ দিৱসবিশেষ শিক্ষাঅসমত দেখা পোৱা মাছৰ তালিকাসম্পাদনাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাভিটামিনতেজপুৰধৰিত্ৰী দিৱস🡆 More