কাৰ্বি জনগোষ্ঠী: অসমৰ আদিম অধিবাসী

কাৰ্বি জনগোষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী চীনা তিব্বতীয় জনগোষ্ঠী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং জিলা নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকল বিভিন্ন জিলাত সিঁচৰতি হৈ আছে যদিও কাৰ্বি আংলং মিকিৰ পাহাৰতে সংখ্যা গৰিষ্ঠ কাৰ্বি লোক থূপ খাই থকাতো ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাৰ্বিসকলৰ স্বায়ত্ত্ব শাসিত জিলা হিচাবে পৰিগণিত হয়। অৱশ্যে ইয়াৰ বাবে কাৰ্বি সকলে সংগঠিত ৰূপত যুঁজ দিব লগা হৈছিল। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে নগাঁও জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিৱসাগৰ জিলা আৰু খাচীয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল। বৰ্তমান কাবি আংলং জিলাখনেই কাৰ্বিসকলৰ মূল কৰ্মস্থলী। কাৰ্বিসকলৰ কৃষ্ট আৰু জীৱন দৰ্শনত খাছী ছিনটেং দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰবাহ বিদ্যমান। 'ছাবিন আলুন'(কাৰ্বি ৰামায়ণ), 'হাঈ'মু আলুন', বনগীত, সাধুকথা, ফকৰা-যোজনা আদি বিভিন্ন লোক সাহিত্যৰ সমলেৰে পোত খাই থকা কাৰ্বি সমাজখন সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকাতো এক অমূল্য সম্পদ। কাৰ্বিসকলৰ বাসস্থান হ'ল অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, চীন, বাংলাদেশ, আৰু থাইলেণ্ড।

কাৰ্বি
মুঠ জনসংখ্যা
৪১৯,৫৩৪ (অসম, ২০০১ চনৰ লোকপিয়ল মতে)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
কাৰ্বি জনগোষ্ঠী: ইতিহাস, ভাষা, জনসংখ্যা ভাৰত
ভাষাসমূহ

কাৰ্বি ভাষা

ধৰ্ম

হিন্দু ধৰ্ম, জনজাতীয় ধৰ্ম, খ্ৰীষ্টান ধৰ্ম

কাৰ্বি জনগোষ্ঠী: ইতিহাস, ভাষা, জনসংখ্যা
পৰম্পৰাগত কাৰ্বি সাজপাৰত এজন কাৰ্বি পুৰুষ

কাৰ্বিসকলৰ মূলগোষ্ঠী ৫ টা-

  1. ইংহি,
  2. ইংতি,
  3. টেৰাং,
  4. টেৰণ আৰু
  5. তিমুং।

ইতিহাস

কাৰ্বিসকল অসমৰ অতি প্ৰাচীন জাতি। এওঁলোকক মিকিৰ বুলিও কোৱা হয়। অসমৰ উত্তৰ-পূব সীমান্তৰ পৰ্বতমালাৰ কোনোবা এটা, যাক কাৰ্বিসকলৰ আদি পুৰুষসকলে 'নং পিলাৰ' বুলিছিল- সেই নং পিলাৰ পাহাৰৰ পৰাই তেওঁলোকৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল বুলি কাৰ্বিসকলে বিশ্বাস কৰে। তেওঁলোকে অসমত প্ৰথমে ডিমাপুৰৰ পৰা আৰম্ভ কৰি ডিফুলৈকে এই অঞ্চলৰ এটা পাহাৰত বসবাস বুলি সেইসময়ৰ ঘটনাৰ পৰা অনুমান কৰিব পাৰি। কছাৰী ৰজাৰ ৰাজ্যৰ ভিতৰত এই কাৰ্বি বা মিকিৰসকল থকা পাহাৰখন পৰিছিল বাবে কছাৰী ৰজাই তেওঁলোকক দাস হিচাপে ব্যৱহাৰ কৰাৰ উপৰি নানান অত্যাচাৰ কৰিছিল। অসমত আহোমৰ শাসন হোৱাৰ পাছৰ পৰাহে কাৰ্বিসকল ভৈয়ামলৈ নামি আহে আৰু কালক্ৰমত আন আন জাতিসমূহৰ মাজত সোমাই পৰে।

কাৰ্বিসকলে জুইক 'মে' আৰু পানীক 'লাং' বুলি কয়। এওঁলোকৰ বিশ্বাস, এজন আদিম কাৰ্বিয়ে নিজৰ ঘৰৰ ভিতৰত জুই একুৰা ধৰি অহাত পত্নীয়ে সুধিছিল, "মে আকাৰ চ্ছংহয় বি কাং কক?" অৰ্থাৎ, "জ্বলা জুই কিয় নুনুমুৱাকৈ এৰি আহিছে?" সেই আদিম কাৰ্বি পুৰুষে 'মে আকাৰ বি' কৰাৰ কাৰণেই পাছলৈ তেওঁৰ বংশধৰসকলক কাৰ্বি বোলা হয়।

ভাষা

সাধাৰণতে একোটা জাতিৰ নাম অনুসৰি তেওঁলোকৰ ভাষাটো নামাকৰণ কৰা হয়।ঠিক তেনেদৰে কাৰ্বিসকলে ব্যৱহাৰ কৰা ভাষাটো তেওঁলোকৰ জাতিটোৰ নাম অনুসৰি কাৰ্বি ভাষা বুলি কোৱা হয়। কাৰ্বি ভাষাটো চীন তিব্বতীয় মহাগোটৰ তিব্বত বৰ্মাৰ কুকি চীন গোটৰ এটা ভাষা। কাৰ্বি ভাষাৰ বিভিন্ন উপভাষা বিভিন্ন ঠাইত দেখা যায় যদিও মূলত দুটা উপভাষা দেখা যায়। সেয়া হল কাৰ্বি আৰু ডিমৰীয়া কাৰ্বি। ডিমৰীয়া ৰাজ্য প্ৰাচীন কালৰে পৰা ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক ভাৱে পৃথক হোৱাৰ কাৰণে ডিমৰীয়া কাৰ্বি উপভাষাটো কিছু পৃথক হোৱা দেখা যায়।কাৰ্বি ভাষাৰ নিজা লিপি নাই। তেওঁলোকৰ বিভিন্ন গীত-মাত,সাধুকথা,ফকৰা-যোজনা আদি অসমীয়া লিপিতেই ব্যৱহৃত।তেওঁলোকে নিজৰ মাজত হোৱা কথা-বতৰাত অৰ্থাৎ ঘৰুৱা জীৱনত কাৰ্বি ভাষা ব্যৱহাৰ কৰে কিন্তু শিক্ষা-দীক্ষা,ব্যৱসায়-বাণিজ্য বা অন্যান্য কাৰ্য্যত অসমীয়া ভাষা ব্যৱহাৰ কৰে।

জনসংখ্যা


ভৌগোলিক বিতৰণ

কাৰ্বিসকল মূলত অসমৰ কাৰ্বি আংলং জিলাত সংখ্যা গৰিষ্ঠতা দেখা যায়। কাৰ্বি আংলং জিলাৰ বাদেও অসমৰ কামৰূপ (ম), মৰিগাঁও, নগাঁও, শোণিতপুৰ, গোলাঘাট, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ আদি জিলাত এওঁলোকৰ বসতি দেখা যায়। অসমৰ বাদেও অৰুণাচল, মেঘালয় আৰু নগালেণ্ডটো কাৰ্বি সকলৰ বসতি আছে। ভাৰতবৰ্ষৰ বাদেও বাংলাদেশ আৰু ম্যানমাৰত কাৰ্বি মানুহৰ উপস্থিতিৰ উমান পোৱা যায়। ভৌগোলিক ভাবে প্ৰায় ৯১ পূবৰ পৰা ৯৪ পূব দ্ৰাঘিমাংশ আৰু ২৪ উত্তৰৰ পৰা ২৭ উত্তৰ অক্ষাংশৰ মাজত বিস্তাৰিত দেখা যায়।

খাদ্যাভ্যাস


কাৰ্বি লোকসকলৰ প্ৰধান আহাৰ হৈছে ভাত। কুকুৰা চৰাই,গাহৰি,ছাগলী আদিৰ মঙহ কাৰ্বি লোকসকলৰ প্ৰিয় খাদ্য। এড়ীপলুৰ লেটা,শুকান মাছ আৰু শুকতি আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰে। পূজা-পাৰ্বণ আদিত হৰ(মদ) নিতান্তই প্ৰয়োজনীয় আৰু সন্মানীয়।

ধৰ্ম

কাৰ্বিসকল সাধাৰণতে ধৰ্মভীৰু।তেওঁলোকৰ কোনো নিৰ্দ্দিষ্ট ধৰ্ম আৰু মূৰ্ত্তি নাই,অসংখ্য দেৱ-দেৱতা তেওঁলোকে মানে।সেই দেৱতাসকলক সময় আৰু ঠাই অনুসৰি পৃথক পৃথকভাৱে পূজা কৰে।কাৰ্বিসকলে পূজা কৰা কেইজনমান দেৱতা হৈছে-আৰনাম কেঠে(ডাঙৰ ঈশ্বৰ),পেঙ(ঘৰ দেউতি),মুক্ৰাং(মানুহক ৰক্ষা কৰা দেৱতা)আদি।তেওঁলোকৰ দেৱতাসকলৰ ভিতৰত নীলাচল কামাখ্যা দেৱীও অন্তৰ্ভুক্ত হৈ আছে।কাৰ্বিসকলৰ মাজত আদিম (animism), হিন্দু আৰু খ্ৰীষ্টান দুইবিধ ধৰ্মৰ মানুহ আছে। হিন্দুসকল বিভিন্ন দেৱ-দেৱীৰ উপাসক। তেওঁলোক পুনৰ্জন্মত বিশ্বাসী বাবেই মৃত ব্যক্তি, যেনে: ককাকৰ নামেৰে নাতিৰ নাম আদি ৰাখে আৰু সেই মৃত ব্যক্তিজনে পুনৰ জন্ম লোৱা বুলি ভাৱে।

পূজা-পাতল

কাৰ্বি সকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে। হেম্ফু দেৱতাৰ বাহিৰেও আন দুগৰাকী দেৱ-দেৱী হৈছে মুক্ৰাং আৰু ৰাছিনজা। ৰাছিনজা হেম্ফুৰ ভনীয়েক তথা শক্তি অধিষ্ঠাত্ৰী দেৱী আৰু শান্তি প্ৰদায়িনী মাতৃ। কাৰ্বি সমাজত পালিত বিভিন্নধৰণৰ পূজাৰ ভিতৰত ৰংবোৰ , আৰনাম কেথে বা চ'জুন আৰু ৱলকেতেৰ পূজা প্ৰধান।

ৰংকেৰ

এয়া হৈছে এক কৃষিভিত্তিক সমূহীয়া পূজা। জুম খেতিৰ আগমুহূৰ্তত এই পূজা কৰা হয়। অপায়-অমংগল , বেমাৰ আজাৰ, দুৰ্ভিক্ষৰ সময়তো গাৱৰ 'হাবে' বা গাঁওবুঢ়াৰ তত্ত্বাৱধানত ৰাজহুৱাভাৱে এই পূজা কৰা হয়। ৰংকেৰ পূজা মূলতে দুবিধ। পিৰ্দা ৰংকেৰ আৰু ৰাতিৰ বা আজ ৰংকেৰ। ইয়াৰ বাহিৰেও অঞ্চলভেদে আন কেইবাপ্ৰকাৰৰ ৰংকেৰ পূজা পালন কৰা হয়। ৰংকেৰ পূজাৰ ভিতৰুৱা এবিধ উল্লেখযোগ্য ৰংকেৰ হৈছে ৰেক্পি বা দেংজা ৰংকেৰ। য'ত অতীজত নৰবলি দিয়া হৈছিল। গৰু-ম'হ পালক সকলে পোহনীয়া জন্তু বোৰ অপায়-অমংগলৰ পৰা বচাবলৈ 'ছকং' ৰংকেৰ পালন কৰে। আজ' ৰংকেৰ পূজা ৰাতি পতা হয়। 'পিদা' ৰংকেৰ গাঁৱৰ পৰা দূৰত পতা হয়, য'ত তিৰোতাৰ প্ৰৱেশ নিষিদ্ধ।

আৰনাম কেথে বা চ'জুন

ই হৈছে কাৰ্বিসকলৰ ব্যক্তিগত পূজা। এই পূজাৰ মূল দেৱতা হৈছে 'বাৰিথে'(ইন্দ্ৰ), আৰপি(ৰুদ্ৰ), আৰু বীৰনে(অগ্নি)। এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। পূজাত গাহৰি আৰু কুকুৰা চৰাই বলি দিয়া হয়। পূজাৰ অন্তত বিশেষ বিশেষ ব্যক্তি সকলক সসন্মানে মদ আৰু মাংস আগবঢ়োৱা হয়।

ৱ'লকেতেৰ

এই পূজা বছৰেকত এবাৰ পতা হয়। সাধাৰণতে ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ কোনো এটা শুক্ল পক্ষত অনুষ্ঠিত হয়। এই পূজা সৰ্বসাধাৰণ ৰাইজৰ হৈ পিন্প সকলে অৰ্থাৎ কাৰ্বি ৰজা আৰু ৰাজ পাৰিষদবৰ্গইহে কৰে। ৰাজ পুৰোহিত 'কাথাৰবুৰা'ই এই পূজা সম্পন্ন কৰে। ৱ'লকেতেৰ পূজাত হেম্ফু ,মুক্ৰাং আৰু ৰাছিনজাক একেলগে পূজা দিয়া হয়।

সাজ-পাৰ আৰু আ-অলংকাৰ

কাৰ্বিসকলে এড়ী মুগা পুহি তাৰ পৰা সূতা উলিয়াই আৰু কপাহৰ পৰা সূতা উলিয়াই নিজেই কাপোৰ তৈয়াৰ কৰিছিল।তেওঁলোকে তাঁতশাল 'পে থেৰাং'খনৰ সা-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক 'পিনী' বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত 'মাৰবং হমক্ৰি আপিনী'ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত 'ৱামকক' নামৰ এক ডেৰ আঙুল বহলৰ ফিটা বন্ধা হয়। দেখাত সৰু হ'লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে 'জী পীবা' নামৰ এখন প্ৰায় এক ডেৰ হাত প্ৰস্থ আৰু আঠ সাত দৈৰ্ঘ্যৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকোচাত বান্ধি ল'বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল'বৰ বাবে,চমাংকান অসমীয়া 'দহা' আৰু 'নিমছ ফেৰুং' নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু মৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই পীবা ব্যৱহাৰ কৰা হয়।কাৰ্বি নাৰীসকলে পৰিধান কৰা অন্যান্য উল্লেখযোগ্য সাজ-পাৰ হ'ল- পে-ছাৰপী, খন-জাৰী, পে-ছেলেং, দুকফিৰ্‌ছ' ইত্যাদি। আনহাতে, কাৰবি পুৰুষে পৰিধান কৰা ৰিকং (চুৰিয়া), আৰু চই-(চোলা) আৰু পাগুৰি লোকসকলৰ অন্যতম নিদৰ্শন। বিচিত্ৰ ৰঙৰ কাপোৰ পিন্ধি ভাল পোৱাৰ দৰে কাৰ্বি নাৰীয়ে ডিঙিত লেক (মণি), কাণত ন'থেংপি (কাণ থুৰিয়া), হাতত ৰয় (খাৰু) আৰু আঙুলিত আৰনান (আঙঠি) পিন্ধা দেখা যায়। ।

সংস্কৃতি

ডিমৰীয়া কাৰ্বি সকলৰ লোকবাদ্য

  1. চেংপি (ডাঙৰ ঢোল): এই ঢোলটো ষোল্ল-ওঠৰ ইঞ্চি মান দীঘল,দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰা হয়। ঢোলটো এফালে সৰু,এফালে ডাঙৰ। ঢোলটো কোবনিখন গৰু চালৰ আৰু তালিখন ছাগলী ছালৰ। কোবনি-তালিক কাৰ্বিত'আবং-তালি' বোলি কোৱা হয়।
  2. দাংদ (এমুখীয়া ঢোল): এই ঢোলটো ঢুলিয়াই কঁকালত বান্ধি লৈ বিহুৰ সময়ত 'চেংবে'ৰ সৈতে বজায়। এই ঢোলটো দুখন হাতত দুডাল মাৰিলৈ বজোৱা হয়।
  3. কিথি কাৰহি আচেং: গাঁৱত কোনো লোকৰ মৃত্য হ'লে একেদিনা ভিতৰত ঢোলকাটি, ঢোল খুলি,তাত চামাৰা-বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিবলগীয়া হয়, সেই ঢোলটোৱে হৈছে 'কিথি কাৰহি আচেং'।
  4. আহন আপংছী (বৰবাঁহী): আহন আপংছী মানে হ'ল বৰবাঁহী। এই বাঁহীত আঠটাকৈ ফুটা থাকে। কৃষি দেৱতাৰ পূজা 'ৰেত আৰ্ণাম','আমৈ মৈ কিকান', দেহাল পূজা,বাঁহ নৃত্য( ক্লক্ ক্লক্ চৰ'কিকান),ডেকা চাঙত মেল বহা দিনখন,কোনোবা গৃহস্থৰ মাংগলীক অনুষ্ঠানত এই বাঁহী বজোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]
  5. তুৰয়িত (বাঁহী): 'তুৰিয়া' মানে হ'ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটো প্ৰধানকৈ গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী বুলিও জনা যায়। এই বাঁহৰ বাঁহীটোত মাত্ৰ দুটা ফুটা থাকে। এই বাঁহী বন দেৱতাৰ পূজা 'ইংলং আৰ্ণাম'টি পাতাৰ পাছতহে 'তুৰিয়িত'টো বজাব পাৰে।
  6. বৰকালি আহনমুৰীত: কালিটোত মাইকী হাঁহৰ পাখিত ধানৰ নাৰদি বজোৱা হয়। দ'মাহী,দেওশাল'আৰ্ণাম কিপন',গাভৰু সকলে দেহাল পূজাৰ সময়ত পিঠাগুৰি খুন্দোতে,ডেকা চাঙৰ বৰ খুঁটা 'নুমপেটো' আনোতে বজোৱা হয়। পাছত এই কলিটো সসন্মানে বাংঠেৰ ঘৰত ৰখা হয়।
  7. মুৰীতয'ৰা: এই কলিটোত ভালেমান যোৰা থাকে কাৰণ ইয়াক 'মুৰীতয'ৰা' বোলি কোৱা হব। মুৰীতয'ৰাটো দেহাল পূজা আৰু দ'মাহীত ব্যৱহাৰ কৰা নহয়। এই দুটি অনুষ্ঠানৰ বাহিৰে অন্যান্য অনুষ্ঠানত মুৰীতয'ৰা বজোৱা হয়।
  8. মুৰীতজাংকেক্ (পেঁপা): এই পেঁপাটো বন বাঁহৰ আগলিৰে বনোৱা হয়। ইয়াক হাদাৰী খেলোতে,খৰি-খেৰ কাটিবলৈ যাওঁতে,গৰু চৰাওতে বজোৱা হয়।
  9. পামপ্ৰপ: ই এটা বাঁহৰ চুঙাৰ বাদ্য। ইয়াক 'আমৈ মৈ কিকান'ত বজায়।
  10. গেংগং:
  11. হাৰ্লিং (তাল): কাৰ্বি সমাজত তালৰ ব্যৱহাৰ নাই যদিও বাঘ মাৰি পতা অনুষ্ঠানত 'টিকে কিকান'ত তাল ব্যৱহাৰ কৰা হয়।
  12. সান(কাঁহ)

ডিমৰীয়া কাৰ্বি সকলৰ লোক-নৃত্য

ডিমৰীয়া কাৰ্বি লোক সাকল অনুষ্ঠানপ্ৰিয় সংগীতময় জনগোষ্ঠী। এই লোক সকলে প্ৰায় সকলোবোৰ লোকানুষ্ঠানত লোকবাদ্য বা লোকনৃত্য প্ৰদৰ্শন কৰে। আনকি মৃত এগৰাকীৰ শ'ৰ কাষতো 'অচেপী' এজনীয়ে বিননি বা সুৰতুলি কান্দৰ নিয়ম আছে। কাৰ্বি সমাজৰ সৰহখিনি অনুষ্ঠানেই কৃষিৰ লগত জড়িত। ডিমৰীয়া কাৰ্বি নৃত্যক কিকান বুলি কোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]

১) ৰেত কিনং কিকান ২) দ'মাহী কিকান

ডিমৰীয়া কাৰ্বি লোক সকলে বিহু তিনিটা নিজস্ব পৰম্পৰাৰে পালন কৰি আহিছে। বৰবিহু'দ'মাহীপে'ত তেওঁলোকে প্ৰতি ঘৰ মানুহৰ চোতালত গৈ চোতাল গীত 'খল আলুন'ৰ উপৰিও 'দ'মাহী আলুন' গায় আৰু নৃত্য কৰে। চোতালত নাচোতে 'কাৰ্লেক কিকান'(কেৰ্কেটুৱা নৃত্য),'ফুউক কি-এ কিকান'(কল গছ নৃত্য),'টিক চৰং কিনেপ কিকান'(বাঘে গৰু ধৰা নৃত্য), 'ৱ'পাচিৰছু কিকান"(কুকুৰা যুঁজৰ নৃত্য),'চং-নক্ কিকান'(ঢোল তৰোৱাল নৃত্য) আদি[উদ্ধৃতিৰ প্ৰয়োজন]। ৩) আমৈ মৈ কিকান।

উৎসৱ

কাৰ্বি সকলৰ বিবাহ পদ্ধতি

ছোৱালী এজনীক ঘৰৰ বোৱাৰী কৰিবলৈ হলে কাৰ্বি সামাজিক প্ৰথানুযায়ী তিনিবাৰ কন্যা পক্ষৰ ঘৰলৈ মাননি সহ দৰা পক্ষৰ পৰা যাব লাগে।

১) দৰা ঘৰীয়াৰ গৃহিনীৰ লগত দুই বা তিনিজনী বিবাহিতা মহিলা লগত লৈ কন্যা ঘৰলৈ মদ এবটললৈ আলহী স্বৰূপে উপস্থিত হৈ কণ্যা ঘৰৰ গৃহিণীৰ সৈতে নানা বিষয়ত কথোপকথন কৰোঁতে ছোৱালীজনীক বোৱাৰী হিচাপে পাবলৈ থকাৰ ইচ্ছা কথা ব্যক্ত কৰে। এই প্ৰক্ৰিয়াক 'নেংপি-নেংছ'কাচিংকি' অৰ্থাৎ বিয়নী মেল বুলি কোৱা হয়।

২) বিয়নী মেলত সন্মতিৰ ইঙ্গিত পোৱা পিছত এইবাৰ সঠিক উত্তৰ পাবলৈ প্ৰযোজনীয় মাননি হৰবং লগত লৈ মোমাইৰ ঘৰ উপস্থিত হৈ পুনৰ কথা-বতৰা হয়। ইয়াক 'কেপাতিনি'(নিশ্চয়তা নিৰ্দ্ধাৰণ)বুলা হয়। তৃতীয় বাৰত হৰবং লৈ মোমাই ঘৰলৈ গৈ বিবাহৰ দিন-বাৰ নিৰ্দ্ধাৰণ কৰা হয়। এইদৰে যথাক্ৰমে তিনিটা দফা কাম সমাধা হোৱা পাছত এটা শুভ দিন নিৰ্ধাৰণ কৰি কন্যা ঘৰলৈ দৰা পক্ষৰ লোক বিয়া বৰযাত্ৰী হৈ যায়। কন্যা ঘৰত ৰাতি মোমাই থকা নিয়মে হৰবং আৰু মদ অপৰ্ন কৰাৰ লগে লগে বিবাহ প্ৰক্ৰিয়া আৰম্ভ হয়। সমূহ ৰাইজৰ উপস্থিতিত দৰা-কইনা উভয় পক্ষৰ মাজত প্ৰশ্নোত্তৰ প্ৰদান কৰা পদ্ধতিত কথোপকথন হয়। এই পদ্ধতি পাছত মোমাই পক্ষই তেওঁলোকক অৰ্পণ কৰা মাননি হৰবংটো হাতত লৈ ইষ্ট দেৱতা প্ৰমুখ্যে আন দেৱ-দেৱতাৰ আশিস বিচাৰি কিছুমান শ্লোক মাতা হয়। বিয়াত দৰা-কইনা উভয় পক্ষৰ মাজত বিয়া-গীতৰ যোগেদি পৰস্পৰৰ উদ্দেশ্য আৰু মতামতৰ বিনিময় কৰা হয়। বিয়া দিনা ৰাতি সকলো নিয়ম যথাযথ সমাধা কৰি পিছৰ দিনাও কৰণীয়া কামবোৰ শেষ কৰি যথা সময়ত কন্যাজনী লৈ দৰা পক্ষৰ বিয়া-যাত্ৰীয়ে স্ব-গৃহাভিমুখে যাত্ৰা কৰে। বিয়া যাত্ৰীয়ে দৰা ঘৰত উপস্থিত হোৱা পাছত বিবাহৰ বিবাহ কাৰ্য্য দ্বিতীয় পৰ্যায়ৰ নীতি-নিয়ম পালন কৰা হয়। কাৰ্বি সমাজৰ অপৰিহাৰ্য্য সন্মান হৈছে হৰবং (লাও পানী) ইয়াৰ অবিহনে কাৰ্বি সমাজৰ বিবাহ-সবাহৰ এখন সম্পন্ন হ'ব নোবাৰে।

কাৰ্বি সকলৰ মৃতকৰ সংস্কাৰ

কাৰ্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কাৰ্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱকে চ'মাংকান অৰ্থাৎ দহা বা শ্ৰাদ্ধ। কাৰ্বি সকলৰ বিশ্বাস মতে 'চ'মাংকান' নকৰিলে মৃতকৰ আত্মাই সম্পূৰ্ণৰূপে পাপ-তাত, দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অনস্থানুসৰি 'চ'মাংকান' তিনি প্ৰকাৰে পতা হয়। যেনে-

  1. সাধাৰণ পৰ্যায়'কান ফ্লাফ্লাং,
  2. মধ্যম পৰ্যায়'লাংটুক' আৰু
  3. উচ্চ পৰ্যায়'হাৰ্ণে'[উদ্ধৃতিৰ প্ৰয়োজন]

'চ'মাংকান'ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ 'থিৰি'বা শ্মাশানশালিলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি(টিপিত)ৰ পৰা অস্থিৰ সলনি কড়ি(ছ'বাই)এটাকে হাড়ৰ প্ৰতিক ৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্থৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন লাভহে কৰিছে। তেতিয়া মৃতকৰ নিয়ম-নীতি জনা 'ওচেপী'এগৰাকী প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তিকেইজনক ৰান্ধি-বাঢ়ি খুৱায়। তাৰ পাছতেই 'ওচেপী'গৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুনৰ টান নৰিয়া আৰু ওজাই মংগল চাই কয় যে এইসকল ব্যক্তিত বচাব নোৱাৰি। তেতিয়া ৰোগী থোৱা ঘৰৰ পৰা কান্দোনৰ সুৰ ভাঁহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় একেলেথাৰিয়ে বিননি তুলি কন্দাৰ পৰম্পৰা। যিগৰাকী মহিলাই বিননি তুলি কান্দে তেওঁক 'কাচাৰ্হেপী'বা'লুঞ্চেপী'বোলে। বিননিত গোৱা হয় মৃত ব্যক্তিজনৰ জীৱিত কালৰ মনৰ হেঁপাহৰ কথা। দ্বিতীয় দিনা বিভিন্ন গাঁৱৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। বয়সস্থ পুৰুষ-মহিলাই হওক বা ডেকা-গাভৰুৱেই হওক, প্ৰত্যেকেই মৃতকলৈ মদ-ভাত,বিড়ি-চাধাৰ লগতে খনীয়া তামোল একোখনো যাচে। গৃহস্থ ঘৰেও আলহীসকলক সন্মান যাচি মদ-পানী খুৱায়। তাৰ লগতে দ্বিতীয় দিনাই 'চ'মাংকান'নাচিবলৈ বিভিন্ন গাঁৱৰ পৰা ডেকা-গাভৰুৰ শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্থিত হয়। তেওঁলোকে নিজৰ লগত প্ৰতিখন গাঁৱৰ কাৰ্বি জাতীয় প্ৰতীক 'জাম্বিলী আথন'একোটা আনিছিল। 'চ'মাংকান'উৎসৱ কাৰ্বি সকলৰ কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয় যদিও 'জাম্বিলী আথন'কাৰ্বি কৃষ্টিৰ আত্মা বুলি কোৱা হয়। ইহলোক আৰু পৰলোকৰ মাজত যোগসূত্ৰ স্থাপনাৰ্থে এই প্ৰতীক ব্যৱহাৰ কৰা হয়। তৃতীয় দিনাৰ আবেলিপৰত ঢোলে-দগৰে মৃতকৰ প্ৰতীক ৰূপৰ খেৰৰ জুমুঠিকেইটা পুনৰ শ্মশানলৈ নিয়া হয়। তেতিয়া এক কৰুণতাৰে ভৰা পৰিৱেশৰ সৃষ্টি হয়। শ্মাশনশালিনি চিতাৰ জুইত জুমুঠিবোৰ তুলি দিয়া হয়। কাৰ্বিসকলৰ মতে তেতিয়া হে যেন মৃতকৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰে আৰু স্বৰ্গপ্ৰাপ্তি হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কাৰ্বি জনগোষ্ঠী ইতিহাসকাৰ্বি জনগোষ্ঠী ভাষাকাৰ্বি জনগোষ্ঠী জনসংখ্যাকাৰ্বি জনগোষ্ঠী ভৌগোলিক বিতৰণকাৰ্বি জনগোষ্ঠী খাদ্যাভ্যাসকাৰ্বি জনগোষ্ঠী ধৰ্মকাৰ্বি জনগোষ্ঠী পূজা-পাতলকাৰ্বি জনগোষ্ঠী সাজ-পাৰ আৰু আ-অলংকাৰকাৰ্বি জনগোষ্ঠী সংস্কৃতিকাৰ্বি জনগোষ্ঠী উৎসৱকাৰ্বি জনগোষ্ঠী তথ্য সংগ্ৰহকাৰ্বি জনগোষ্ঠী বাহ্যিক সংযোগকাৰ্বি জনগোষ্ঠীঅসমঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীঅৰুণাচল প্ৰদেশকাৰ্বি আংলং জিলাচীনথাইলেণ্ডবাংলাদেশমেঘালয়

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ৰাজ্যপালসকলৰ তালিকাসোণোৱাল কছাৰীপালি ভাষালাভলীনা বৰগোহাঁইচীননাগালেণ্ডতেজপুৰ (লোকসভা সমষ্টি)গান্ধীবাদঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ মন্ত্ৰ-সাহিত্যইংলেণ্ডৰাষ্ট্ৰসংঘউৎসৱএ পি জে আব্দুল কালামহাড়আহোম ৰাজ্যকুশল কোঁৱৰঅংকীয়া নাটবিহু নৃত্যভাস্কৰাব্দকীৰ্তন ঘোষা সংকলনদুৰ্যোগযোৰানামঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীডিমাছা জনগোষ্ঠীকছাৰী ৰাজ্যজয়মতী কুঁৱৰীমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅণুবীক্ষণ যন্ত্ৰৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানঅসমৰ বাঁহ-বেতৰ শিল্পৰাজ্যসভাসাপমাদাৰ টেৰেছাদিল্লীঅসমৰ লোকবাদ্যডিমাছা ভাষাতাঁতশালঅসমৰ বনৌষধিমহাবীৰৰাসোৎসৱঢোলবিৰিশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপাটবাউসী সত্ৰজন গণ মনউত্তৰ গুৱাহাটীগাৰো জনগোষ্ঠীযৌন সংগমচন্দ্ৰযান-৩ৰবীন্দ্ৰনাথ ঠাকুৰব’হাগৰামায়ণবানপানীআঙঠি পিন্ধোৱামহেশ্বৰ নেওগদৰ্শনউজনি অসম২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনহাবুংএজাৰআন্তৰ্জাতিক মাতৃভাষা দিৱসকীৰ্তন-ঘোষাত্ৰিপুৰাআই সবাহঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাৰুবুল মাউতঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসমীৰ তাঁতীগায়ত্ৰী মহন্তবট গছ🡆 More