দীপলিনা ডেকা

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

দীপলিনা ডেকা (ইংৰাজী: Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।

জন্ম আৰু শিক্ষা

দীপলিনা ডেকাৰ জন্ম হয় ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা৷[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ, তেওঁৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে৷

অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সঙ্গীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেটমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷ শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়৷

ডিস্ক'গ্ৰাফী

  • নোৱাৰি নোৱাৰি
  • চুই দিয়ানা
  • উৰি উৰি যায়
  • ৰাতি বিহু
  • ভবাই নাছিলোঁ
  • তুমি আহিলে

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অৰ্থনীতিশিল্প বিপ্লৱঅম্বিকাগিৰি ৰায়চৌধুৰীভাৰতীয় ৰিজাৰ্ভ বেংককাৰ্বি ভাষাবেংক অৱ ইণ্ডিয়ামৌৰ্য সাম্ৰাজ্যপৰিমেয় সংখ্যাগোলকীয় নাগৰিকত্বকোচ ৰাজবংশবৃত্তপিয়লি বৰুৱাকৰম পূজাঅতুল চন্দ্ৰ হাজৰিকাযৌতুকচিৰ চেনেহী মোৰ ভাষা জননীজয়মতী কুঁৱৰীপোহৰজ্যোতিপ্ৰসাদ আগৰৱালাসত্ৰীয়া নৃত্যঅসমৰ তেল শোধনাগাৰভাৰতীয় দৰ্শনআহোম-মোগলৰ সংঘৰ্ষভূপেন হাজৰিকাৰ সাহিত্যসংগীত নাটক একাডেমী বঁটাবুলু ফিল্মভাৰত ৰত্নমায়ংমিৰি জীয়ৰীঅনন্ত কন্দলিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰতৰ জাতীয় পতাকাসাঁথৰমামণি ৰয়ছম গোস্বামীত্ৰিভুজগদী ভাষাযতীন্দ্ৰ নাথ দুৱৰাবিহুধাতুঅসমীয়া লোক-সংস্কৃতিবাটৰ নাটউমাচল শিলালিপিৰমা দাশমাঘ বিহুৰাভা জনগোষ্ঠীবৰগীতপ্ৰথম বিশ্বযুদ্ধসাঁচিপাতমাটিৰ হিচাপহস্তমৈথুনঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বেংক অৱ বৰোদাউষ্ণতাঅসমৰ জনগোষ্ঠীঅভিমন্যুশামুকখাজুৰাহোলক্ষ্মীধৰ শৰ্মানগাঁওবেদান্তশব্দ প্ৰদূষণএংকৰ ৱাটঅজন্তা গুহাসমূহকাঞ্চন (উপন্যাস)লিংগনীলমণি ফুকন (জ্যেষ্ঠ)দেৱকান্ত বৰুৱানগেন শইকীয়াআনন্দৰাম বৰুৱাপ্ৰাকৃতিক সম্পদযতি-চিনআইনামকলবাৰেচহৰীয়া ভাওনা মহোৎসৱনিৰ্ম্মল ভকত🡆 More