পিয়লি বৰুৱা: অসমৰ স্বাধীনতা যুঁজাৰু

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

পিয়লি বৰুৱা (ইংৰাজী: Piyoli Baruah) অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল। তেখেতক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিয়ে।

পিয়লি বৰুৱা
পিয়লি বৰুৱা: অসমৰ স্বাধীনতা যুঁজাৰু
গুৱাহাটীৰ ভৰলুমুখত অসমৰ আন শ্বহীদসকলৰ সৈতে পিয়লি বৰুৱা (বাওঁফালৰ পৰা চতুৰ্থজন)-ৰ আবক্ষ মূৰ্তি
জন্ম পিয়লি বৰুৱা
অসম
মৃত্যু ২৬ ফেব্ৰুৱাৰী ১৮৫৮
যোৰহাট, অসম
মৃত্যুৰ কাৰণ ফাঁচী
জনা যায় মুক্তি যুঁজাৰু
অপৰাধৰ শাস্তি ফাঁচী

স্বাধীনতা আন্দোলন

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ল'লেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণিৰাম বৰভাণ্ডাৰ বৰুৱাই জৰ্জ এণ্ড্ৰিউ মোফাট মিলছ্‌ক (George Andrew Mofat Mills) লগ ধৰি ৰাইজৰ প্ৰতিক্ৰিয়াশীল মনৰ কথা প্ৰকাশ কৰি দুখন দৰ্খাস্ত লিখে। ইয়াৰ পাছত আকৌ তেখেতে মিলছ আৰু হলৰইদ চাহাবক লগ ধৰি দেশৰ শাসন ভাৰ দেশৰ ৰজাৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই আহ্বান উপেক্ষা কৰে। ইয়াৰ পাছত মণিৰামে পাতনি মেলে গণ আন্দোলনৰ। এই গণ আন্দোলনত পিয়লি বৰুৱাৰ লগতে বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা ইত্যাদি বহুজনে যোগ দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন]

বিদ্ৰোহৰ অগনি জ্বলি উঠে। মিল্‌ছ আৰু হলৰইদ চাহাবৰ চকুৰ টোপনি নাইকিয়া হয়। মণিৰামে পৰ্বতীয়া নেতাসকলৰ সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ কটকী পঠিয়ায়। উভতি আহোঁতে হৰনাথ দাৰোগাৰ হাতত বন্দী হয় ফুলকুমাৰী। ফুলকুমাৰী আছিল মণিপুৰৰ জীয়ৰী। গোৰা চিপাহীৰ কামনাৰ বলি হোৱাৰ ভয়ত তাই আহি দুতিৰাম বৰুৱাৰ অনুগ্ৰহত ৰাজকেৰেঙত আশ্ৰয় লৈছিল। পাছলৈ মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ নেতৃত্বত চলা স্বাধীনতাৰ ৰণত যোগ দিছিল। ইফালে মিল্‌ছ চাহাব স্বদেশলৈ উভতি যায়। হলৰইদৰ সহায়ৰ বাব কেপ্টেইন লুথাৰ আহে। তেওঁলোকে অসমৰ সকলো প্ৰধান ৰাজ-বিষয়াক মাতি সদৰ ৰংপুৰতে এখন মেল পাতে। ফুলকুমাৰীক এৰাতিৰ বাবে জেলৰপৰা পলুৱাই আনি উদ্দাম নৃত্যৰ লয়লাসত চাহাবক মদৰ ৰাগীত শুৱাই ৰাখি সেইনিশাই দেৱান কলিকতালৈ পলাই যায় আৰু বৰলাটৰ সৈতে সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাততো কোনো ফল নধৰাত তেখেতে ১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহত যোগ দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন] ইফালে পিয়লি বৰুৱাই বিদ্ৰোহৰ সঁজাল ধৰে। কলিকতাৰপৰা পোৱা নিৰ্দেশ মৰ্মে কাৰেঙত গুপুত আলোচনা চলে। হলৰইদ চাহাবে বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগে। ৰাজকাৰেং আক্ৰমণ কৰিলেই বিদ্ৰোহৰ মূল ঘাটি উচন কৰা হ'ব বুলি হৰনাথ দাৰোগাই হলৰইদ চাহাবক বাতৰি দিয়ে। কাৰেঙৰ ঘাই লিগিৰী সেউতীয়ে পিয়লি বৰুৱাক প্ৰেম নিবেদন কৰি বিফল হৈ প্ৰতিশোধৰ বাবে ছেগ বিচাৰি আছিল। তেখেতেই কেপ্টেইন লুথাৰক কাৰেঙৰ গুপুত পথৰ সন্ধান দিয়ে। বিদ্ৰোহৰ মূল ঘাঁটি ইংৰাজে জয় কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

ফাঁচী

কলিকতাৰ পৰা মণিৰামে পঠিওৱা চিঠিৰ আধাৰতে তেখেতৰ ওপৰত বিদ্ৰোহত লিপ্ত থকাৰ গোচৰ তৰা হয়। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ নিৰ্দেশ আহে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত পিয়লি বৰুৱা আৰু মণিৰামক ফাঁচী দিয়ে।

তথ্য সূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

গৰু বিহুখোলওডিছীমে ডাম মে ফিআহোম ভাষাভাৰতীয় নাগৰিকত্ব আইনদিনভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবলোৰামইংৰাজী ভাষাএহাত ডাবাশৰৎচন্দ্ৰ চট্টোপাধ্যায়বাণীকান্ত কাকতিঅসমৰ পৰম্পৰাগত খেল-ধেমালিনিৰোদ চৌধুৰীনেপালী জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণমিঠু বৰুৱানাৰী সবলীকৰণসতী সাধনীনামেৰি ৰাষ্ট্ৰীয় উদ্যাননাটকসতীঅসমীয়া লোক কবিতাৰজনীগন্ধাঅসমৰ সমস্যাকপৌ ফুলশ্ৰী সূৰ্য পাহাৰবাৰ ভূঞাআলেকজেণ্ডাৰ ফ্লেমিংশুৱালকুছিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকালক্ষ্যধৰ চৌধুৰীৰুদ্ৰ কন্দলীবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমুগা (ৰেচম)যকৃৎকবিতাপাইথাগোৰাছৰ উপপাদ্যআকবৰঅসম চাহঅসম আৰক্ষীবড়ো ভাষাপদ্মনাথ গোহাঞি বৰুৱাগণিতজামুগুৰিহাটপঞ্চায়তী ৰাজঅসমীয়া গালি-গালাজয়গোলাঘাটনৱকান্ত বৰুৱালোকভাষাউপনিষদঅসমৰ নদীসমূহৰ তালিকাকাকৈজানা সংৰক্ষিত বনাঞ্চলগুমৰাগউত্তৰ-পূব ভাৰতদেউলবেণুধৰ শৰ্মাজৈন ধৰ্মভগৱানঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমৰ লোকগীতবড়ো জনগোষ্ঠীনেতাই ধুবুনী ঘাটৰংঘৰমহাভাৰতগুণাভিৰাম বৰুৱাৰামজন গণ মনপানীগুৱাহাটীচামেলি মেমচা'ববুঢ়া চাপৰি অভয়াৰণ্যদীৰ্ঘেশ্বৰী দেৱালয়🡆 More