নগাঁও: ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ

নগাঁও (ইংৰাজী: Nagaon) মধ্য অসমৰ উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল। মোমাই তামুলী বৰবৰুৱাই নতুনকৈ পতা গাওঁকেইখনমান লগ লগাই নগাঁও অঞ্চলৰ সৃষ্টি কৰিছিল। গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱৰ স্থান বৰদোৱা দৰে পবিত্ৰ স্থানেৰে গৰ্বিত নগাঁৱত, অসমীয়া কলা-সংস্কৃতিৰ কেইবাগৰাকী নমস্য ব্যক্তিৰ জন্ম হৈছে।

নগাঁও
—  চহৰ  —
Nagaon.jpg
নগাঁও is located in Assam
নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি
নগাঁও
ভৌগোলিক স্থানাংক: 26°21′01″N 92°40′47″E / 26.3503828°N 92.6795912°E / 26.3503828; 92.6795912 92°40′47″E / 26.3503828°N 92.6795912°E / 26.3503828; 92.6795912
দেশ নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি ভাৰত
ৰাজ্য অসম
জিলা নগাঁও
প্ৰতিষ্ঠাপক মোমাই তামুলী
Named for নতুন গাওঁ
সময় অঞ্চল ভা মা স (গ্ৰী.মা.স.+5:30)
পিন ৭৮২০০১ ৰ পৰা ৭৮২০০৩ লৈ
দূৰভাষ সংকেত ৯১-৩৬৭২
যানবাহনৰ নম্বৰ AS 02 -
ৱেবছাইট nagaon.gov.in
নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি
নগাঁও চহৰৰ ক্লক টাৱাৰ।

নগাঁও জিলা দুটা মহকুমা― নগাঁও সদৰ আৰু কলিয়াবৰেৰে গঠিত।

ভূগোল

ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কলং নগাঁৱৰ মাজেদি বৈ গৈছে আৰু নগৰ খনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও

পৰিবহণ

পথ

নগাঁও নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৬-এ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগত যাতায়ত সংযোগ কৰিছে। বাছ পৰিবহণে নগৰখনক অসমৰ অন্যান্য অঞ্চলসমূহৰ লগত সংযুক্ত কৰিছে।

ৰে’লপথ

নগাঁও নগৰত দুটা ৰে’ল ষ্টেচন আছে― এটা নগাঁও চহৰত আৰু আনটো হয়বৰগাঁৱত। আনহাতে নিকটৱৰ্ত্তী জংচনটো হৈছে চাপৰমুখ ৰে’ল জংচন। চাপৰমুখ জংচনটো নগাঁও চহৰৰ পৰা প্ৰায় ২৮ কি:মি: দূৰৈত অৱস্থিত। এই জংচনৰ মাজেদি বহুতো দূৰণিবতীয়া ৰে’ল চলাচল কৰে।

বিমানবন্দৰ

তেজপুৰ বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নগাঁৱৰ ক্ৰমে নিকটতম দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি 
নগাঁও চহৰ

ৰাজনীতি

নগাঁও নগৰ নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্গত।

শিক্ষা

আধুনিক শিক্ষা ব্যৱস্থা নগাঁও জিলাত ঊনবিংশ শতিকাতে আমেৰিকান বেপ্টিষ্ট মিশ্যনাৰী মাইল্‌ছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ নেতৃত্বত সূচনা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনে জীৱনৰ অধিকাংশ সময় নগাঁৱত অতিবাহিত কৰিছিল। আনহাতে অসমীয়া বুদ্ধিজীৱী গুণাভিৰাম বৰুৱাই প্ৰায় দুই দশক ধৰি নগাঁৱত অসমীয়া সাহিত্যৰ বিকাশত কৰ্মৰত আছিল।

নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি 
হয়বৰগাঁও হৈছে নগাঁও চহৰৰ এটি ব্যৱসায়িক এলেকা

বিদ্যালয়

অসমৰ প্ৰাচীনতম বিদ্যালয় নগাঁও মিশ্যন উচ্চ বিদ্যালয় ১৮৪৬ চনত মাইল্‌ছ ব্ৰনছনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰোপৰি ইয়াত অসমৰ তৃতীয় প্ৰাচীন বিদ্যালয় ১৮৬৫ চনত প্ৰতিষ্ঠিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন] নগাঁৱৰ অন্য এক প্ৰাচীন বিদ্যালয় হৈছে ড'চন উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।

প্ৰখ্যাত ইংৰাজী মাধ্যমৰ বিদ্যালয়

  • কেন্দ্ৰীয় বিদ্যালয়, নগাঁও
  • খ্ৰীষ্ট জ্যোতি বিদ্যালয়
  • নগাঁও মিশ্যন উচ্চ বিদ্যালয়
  • লিটিল ফ্লাৱাৰ স্কুল
  • নগাঁও ইংলিছ একাডেমী

মহাবিদ্যালয়

নগাঁৱৰ প্ৰসিদ্ধ মহাবিদ্যালয় হৈছে নগাঁও মহাবিদ্যালয়। এই মহাবিদ্যালয় নগৰৰ মাজমজিয়াত অৱস্থিত। আন মহাবিদ্যালয়সমূহৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, নগাঁও আইন মহাবিদ্যালয়, অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আদি উল্লেখযোগ্য।

নগাঁও: ভূগোল, পৰিবহণ, ৰাজনীতি 
নগাঁও জিলা পুথিভঁৰাল

ক্ৰীড়া

নগাঁৱৰ মূল ক্ৰীড়া স্থলী নুৰুল আমিন ষ্টেডিয়াম প্ৰয়াত খেলুৱৈ নুৰুল আমিনৰ নামত নামকৰণ কৰা হৈছে। এই ষ্টেডিয়ামত প্ৰতি বছৰে সন্মানজনক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়। প্ৰতিযোগিতাখনত দেশৰ বহুতো আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।

বিশিষ্ট ব্যক্তি

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নগাঁও ভূগোলনগাঁও পৰিবহণনগাঁও ৰাজনীতিনগাঁও শিক্ষানগাঁও ক্ৰীড়ানগাঁও বিশিষ্ট ব্যক্তিনগাঁও তথ্য সংগ্ৰহনগাঁও বাহ্যিক সংযোগনগাঁওইংৰাজী ভাষামোমাই তামুলীশ্ৰীমন্ত শংকৰদেৱৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

আনন্দ চন্দ্ৰ আগৰৱালাভাৰত-আৰ্য ভাষা পৰিয়ালআহোম ৰাজ্যশ্ৰীকৃষ্ণকীৰ্তনযোগ দৰ্শনঅসমীয়া সাহিত্যনেতাই ধুবুনী ঘাটগোলাঘাটঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমেঘালয়মিয়া খলিফাভাৰত ৰত্নমামণি ৰয়ছম গোস্বামীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডশৰাইঘাটৰ যুদ্ধশিক্ষাএৰিষ্ট'টলসাগৰ দেখিছা (কবিতা সংকলন)মাজুলীপঞ্চায়তী ৰাজসত্যাগ্ৰহপাচন তন্ত্ৰধেমাজি জিলাবিপন্ন প্ৰজাতিঅসমীয়া কবিতাঅনাভেদী যৌনক্ৰিয়ালক্ষ্মীনন্দন বৰাপানীদ্য টাইমছ অৱ ইণ্ডিয়ানামঘোষাসমোচ্চাৰিত শব্দভগদত্তশিৱসাগৰ জিলাঅলিম্পিকযৌন নিৰ্যাতনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাজয় দৌলভাৰতসাধুকথানিৰ্মলপ্ৰভা বৰদলৈইংৰাজী ভাষাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাচৰকাৰজলবিদ্যুৎকলিকতা২৪ এপ্ৰিলমহাসাগৰভবেন্দ্ৰ নাথ শইকীয়াদেওপাহাৰজামুগুৰিহাটভাৰতীয় টকাহোমেন বৰগোহাঞিপুৰুষোত্তম দাসগড়মূৰ সত্ৰবাণীকান্ত কাকতিমৰুদ্যানৰাধাগোবিন্দ বৰুৱাচৰাইঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তশিৱৱিকিমিডিয়া ফাউণ্ডেশ্যনমধ্যাহ্ন ভোজন আঁচনিইয়াত এখন অৰণ্য আছিলসাহিত্য সমালোচনাদৌল গোবিন্দ মন্দিৰবড়োলেণ্ডবায়ু প্ৰদূষণইয়াণ্ডাবু সন্ধিঅসমৰ বাঁহ-বেতৰ শিল্পৰাজ্যসভাবৰাক উপত্যকাগণেশ🡆 More