সময় অঞ্চল

সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।

সময় অঞ্চল
Map of Global Local Times, (including DST), as of September 2011
সময় অঞ্চল

পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন স্থানীয় সময় মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।

ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘণ্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। নিউয়ৰ্কৰ পৰা নেভাডা পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে ট'ৰ'ণ্ট', নিউয়ৰ্ক, ৱাশ্বিংটন্ ডি.চি., হাভানা, কিংষ্ট'ন, ব'গ'টা, ডেট্ৰয়েট আৰু লিমা ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে আলমাতি, ওমস্ক আৰু ঢাকা চহৰ একেই সময়াঞ্চলৰ অধীন।

নামকৰণ

ভূগোলকৰ পৃষ্ঠক লম্বভাবে ২৪ ভাগত ভাগ কৰি প্ৰত্যেক ভাগকে একোটা সময়াঞ্চল বোলা হয়। পূৰ্বে লণ্ডনৰ গ্ৰীণউইছ চহৰৰ মাজেৰে যোৱা ০ ডিগ্ৰী দ্ৰাঘিমাৰ গ্ৰীনউইছ মান সময় বা GMT|GMT সময়ক আধাৰ কৰি ইয়াৰ পৰা সময়ৰ পাৰ্থক্য অনুসৰি GMT ± ঘণ্টা:মিনিট হিচাবে নাম দিয়া হৈছিল। বৰ্তমান গ্ৰীণউইচৰ আগৰ ১ ডিগ্ৰী পশ্চিম দ্ৰাঘিমা বা আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাক আধাৰ কৰি নামকৰণ কৰা ইউনিভাৰ্ছেল টাইম বা UT -ৰ মতে গ্ৰীণউইচ দ্ৰাঘিমাত UT-১ বুলি ক্ৰমান্বয়ে সময়াঞ্চল বোৰ নামকৰণ কৰা হয়।

গ্ৰীনউইছ মান সময়

গ্ৰীনউইছ মান সময় হৈছে এটা আন্তৰ্জাতিক প্ৰামাণিক সময় ব্যৱস্থা। প্ৰথমে এই অঞ্চলটোৰ সময় ব্ৰিটেইন, আয়াৰলেণ্ড, পৰ্তুগালকে ধৰি বিশ্বৰ বিভিন্ন দেশে অনুসৰণ কৰিছিল। যদিও এই মান সময় ইউটিচিৰ (UTC) সৈতে সামঞ্জস্যপূৰ্ণ, দুয়োটাৰ মাজত অতি কম পৰিসৰৰ পাৰ্থক্য আছে।

আন্তজাৰ্তিক তাৰিখ ৰেখা

আন্তজাৰ্তিক তাৰিখ ৰেখা হৈছে প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উত্তৰৰ পৰা দক্ষিণলৈ যোৱা এদাল কাল্পনিক ৰেখা৷ এই তাৰিখ ৰেখা ১৮০° দ্ৰাঘিমা ৰেখাৰ ওপৰত অৱস্থিত। ইয়াৰ পশ্চিম দিশৰ তাৰিখ পূব দিশতকৈ এদিন আগবঢ়া৷

সময় অঞ্চল 
এন্টিমেৰিডিয়ান (১৮০° দ্ৰাঘিমাংশ)ৰ চাৰিওফালে আন্তৰ্জাতিক তাৰিখ ৰেখা।

ভাৰতীয় মান সময়

ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। ভাৰতৰ মান সময় গ্ৰীনউইছৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিচাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০।

দিবালোক সংৰক্ষণ সময়

বিভিন্ন দেশৰ ”দিবালোক সংৰক্ষণ সময়" (Day Light Saving) পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।

অসমৰ বাগানীয়া সময়

লগতে চাওক


তথ্য সূত্ৰ

Tags:

সময় অঞ্চল নামকৰণসময় অঞ্চল গ্ৰীনউইছ মান সময়সময় অঞ্চল আন্তজাৰ্তিক তাৰিখ ৰেখাসময় অঞ্চল ভাৰতীয় মান সময়সময় অঞ্চল দিবালোক সংৰক্ষণ সময়সময় অঞ্চল লগতে চাওকসময় অঞ্চল তথ্য সূত্ৰসময় অঞ্চলইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কাকৈজানা সংৰক্ষিত বনাঞ্চলমিয়া খলিফালভিতাপলাশীৰ যুদ্ধভাৰত ৰত্নঅসমৰ কাঁহ শিল্পআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰযৌন নিৰ্যাতনপদিনাবসন্ত ৰোগঢুলীয়া ভাওনাবেদপতঞ্জলিৰ যোগসূত্ৰঅষ্ট্ৰেলিয়াৰাতি বিহুদক্ষিণ আমেৰিকাঅসমীয়া খবৰভাৰতীয় দৰ্শনবিনন্দ চন্দ্ৰ বৰুৱাঅসম সাহিত্য সভাবড়ো ভাষানৱ-বৈষ্ণৱ ধৰ্মআনন্দৰাম বৰুৱাবিয়া নামঅনিৰুদ্ধদেৱবড়ো জনগোষ্ঠীজেতুকাৰাজিয়া চুলতানাগুণাভিৰাম বৰুৱাঅসমীয়া গীতি সাহিত্যঅযোধ্যা (পৌৰাণিক নগৰ)বৰাক উপত্যকাসমাজবাদকাগজ ফুলটাই সংস্কৃতিৰ ৰূপৰেখাঅসমৰ জনগোষ্ঠীমানৰ অসম আক্ৰমণশৰাইঘাটৰ যুদ্ধইয়াণ্ডাবু সন্ধিপ্ৰদূষণঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাস্বাস্থ্যউত্তৰ-পূব ভাৰতভাৰত চৰকাৰস্তন সংগমঅংগৰাগ মহন্তহীৰেন গোহাঁইবিল গেট্‌ছআহোম-মোগলৰ সংঘৰ্ষপৰিৱেশ বিজ্ঞানজাপিশিশু সাহিত্যঘৰ শালিকাসতী সাধনীহেমাংগ কুমাৰ দত্তশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ফেইচবুকহয়গ্ৰীৱ মাধৱ মন্দিৰশব্দনেপোলিয়ন বোনাপাৰ্টপতঞ্জলিপদ্মনাথ গোহাঞি বৰুৱাভূমিকম্পহোৱাৎছএপবুৰঞ্জীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅংকীয়া নাটচৈয়দ আব্দুল মালিকছট পূজামানৱ শৰীৰচিপাহী বিদ্ৰোহ ১৮৫৭শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাবিত্তীয় ব্যৱস্থাপদ (ব্যাকৰণ)ভূপেন হাজৰিকাবকুল ফুলৰ দৰে (গ্ৰন্থ)🡆 More