মহিম বৰা

মহিম বৰা (ইংৰাজী: Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।

মহিম বৰা
মহিম বৰা
জন্ম জুলাই ৬, ১৯২৪ (প্ৰমাণ-পত্ৰ মতে ১৯২৬)
ঘোপসাধাৰু চাহবাগিছা, দৰং জিলা
মৃত্যু আগষ্ট ৫, ২০১৬
গুৱাহাটী
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কাঠনিবাৰী ঘাট
এধানি মাহীৰ হাঁহি
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (২০১১)
সাহিত্য অকাডেমি বঁটা (২০০১)
দাম্পত্যসংগী দীপ্তিৰেখা হাজৰিকা

জন্ম আৰু শিক্ষা

মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা'। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাকলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।

কৰ্মজীৱন

মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।

গ্ৰন্থপঞ্জী

গল্প সংকলন

  • কাঠনিবাৰী ঘাট (১৯৬১)
  • দেহা গৰকা প্ৰেম (১৯৬৭)
  • ম‍ই, পিপলী আৰু পূজা (১৯৬৭)
  • বহুভুজী ত্ৰিভুজ (১৯৬৭)
  • এখন নদীৰ মৃত্যু (১৯৭২)
  • ৰাতি ফুলা ফুল (১৯৭৭)
  • বৰযাত্ৰী (১৯৮০)
  • মোৰ প্ৰিয় গল্প (১৯৮৭)
  • গল্প সমগ্ৰ মহিম বৰা (১৯৯৩)

প্ৰবন্ধ সংকলন

  • চিন্তা বিচিত্ৰা (১৯৭৫)
  • সাহিত্য বিচাৰ (১৯৮৯)

উপন্যাস

  • হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)
  • পুতলা ঘৰ (১৯৭৩)
  • এধানি মাহীৰ হাঁহি (১৯৯৭)
  • বন্দুলি ফুলৰ ৰং (২০০৭)

শিশু সাহিত্য

  • বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
  • তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)

অনুবাদ গ্ৰন্থ

  • ৰাজা ৰামমোহন ৰায় (১৯৮৯)

সম্পাদিত গ্ৰন্থ

  • শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)

কবিতা পুথি

  • ৰঙা জিঞা (১৯৭৮)
  • জোনমণিৰ হাঁহি

ৰেডিঅ' নাট

  • লাৰু গোপালৰ প্ৰেম
  • লাৰু গোপালৰ বিবাহ
  • লাৰু গোপালৰ ঘৰ-সংসাৰ
  • পদুম কুঁৱৰী (১৯৫১)
  • নিৰ্মল ভকত( ১৯৫১)
  • পঞ্চস্বৰ
  • গৰখীয়া ভীম (১৯৫১)
  • তিনিৰ তিনি গ'ল
  • পাখিলগা দিন (১৯৮৯)

অন্যান্য

  • এই নদীৰ সোঁতে (১৯৭৫)
  • মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭)

বঁটা-সন্মান

মৃত্যু

৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৫ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।

তথ্য সংগ্ৰহ

Tags:

মহিম বৰা জন্ম আৰু শিক্ষামহিম বৰা কৰ্মজীৱনমহিম বৰা গ্ৰন্থপঞ্জীমহিম বৰা বঁটা-সন্মানমহিম বৰা মৃত্যুমহিম বৰা তথ্য সংগ্ৰহমহিম বৰাঅসমঅসম সাহিত্য সভাঅসমীয়া সাহিত্যইংৰাজী ভাষাগুৱাহাটী বিশ্ববিদ্যালয়

🔥 Trending searches on Wiki অসমীয়া:

পদাৰ্থৰ অৱস্থাবিষ্ণুপ্ৰসাদ ৰাভাভট্টদেৱগণিতবাল্য বিবাহকোচ ৰাজবংশদ্বীপেন বৰুৱাপানীত্ৰিভুজযৌন নিৰ্যাতনবিপৰীতাৰ্থক শব্দপাইক প্ৰথাটকা (বাদ্য)ভাৰত ত্যাগ আন্দোলনহৰপ্পাৰজনীকান্ত বৰদলৈহাজোঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাভাৰত চৰকাৰসন্ধিজল প্ৰদূষণহৰি-হৰ যুদ্ধনাটকমানচিত্ৰধানঅস্বাভাৱিক মনোবিজ্ঞানপ্ৰণৱজ্যোতি ডেকাপ্ৰাক-ইতিহাসতেজীমলাঅৰ্থনীতিনাৰীবাদপোহৰভাৰতৰ জাতীয় পতাকাতথ্য প্ৰযুক্তিকনকলতা বৰুৱাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাএছ এছ ৰাজামৌলীভাইটি (চলচ্চিত্ৰ)অসমৰ গামোচামৰুভূমিব্লগঅসমীয়া ভাষাৰ শব্দসম্ভাৰলভিতাশব্দ (অভিধান)বিশ্বনাথ চাৰিআলিবামুণী পাহাৰছ'ভিয়েট সংঘআঁহতআহোম ৰাজ্যউদাৰনৈতিকতাবাদনৰকাসুৰগৰু বিহুশ্ৰীমন্ত শংকৰদেৱলক্ষ্মীনন্দন বৰাঔপনিৱেশিক অসমগুৱাহাটী (লোকসভা সমষ্টি)উত্তৰ-পূব ভাৰতকীৰ্তন ঘোষা সংকলনছি জিনপিংলোকসভাৰ অধ্যক্ষকলিকতাবিষুৱ ৰেখাভাৰতীয় সাহিত্যদৰ্শনঅসমীয়া ভাষাঅসমৰ বনৌষধিসাহিত্য অকাডেমি বঁটাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫গৌতম বুদ্ধতথ্যৰাজিয়া চুলতানাসোণভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাহাবুং🡆 More