নগাঁও বিশ্ববিদ্যালয়

নগাঁও বিশ্ববিদ্যালয় (ইংৰাজী: Nagaon University) হৈছে অসমৰ নগাঁও জিলা চহৰৰ মাজমজিয়াত অৱস্থিত এখন বিশ্ববিদ্যালয়৷ ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে নগাঁও মহাবিদ্যালয় হিচাপে স্থাপন কৰা শৈক্ষিক প্ৰতিষ্ঠানখন পাছলৈ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হয়৷ নগাঁও বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান৷ প্ৰথমাৱস্থাত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত হোৱা শিক্ষানুষ্ঠানখন ১৯৪৮ চনত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত হয়৷ ২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে দহ বছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷

নগাঁও বিশ্ববিদ্যালয়
Nagaon University
পূৰ্বৰ নগাঁও মহাবিদ্যালয় (স্বায়ত্বশাসিত)
নগাঁও বিশ্ববিদ্যালয়
মূলমন্ত্ৰ জ্যোতিৰ্গময়
ইংৰাজীত মূলমন্ত্ৰ “Lead me from the blinding darkness of ignorance...to the world of light...to the world of knowledge and wisdom.”
স্থাপিত ৭ আগষ্ট, ১৯৪৪
ধৰণ ৰাজহুৱা
সভাপতি ড০ শৰৎ কুমাৰ দত্ত
অধ্যক্ষ ড০ শৰৎ বৰকটকী
স্থান নগাঁও, অসম, ভাৰত
26°20′55″N 92°41′05″E / 26.3487231°N 92.6846974°E / 26.3487231; 92.6846974 92°41′05″E / 26.3487231°N 92.6846974°E / 26.3487231; 92.6846974
চৌহদ চহৰাঞ্চল
ৱেবছাইট www.nowgongcollege.edu.in

ইতিহাস

কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত মধ্য অসমত এখনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিল৷ জননেতা মতিৰাম বৰাকে প্ৰমুখ্য কৰি কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যম আৰু উদ্যোগত ১৯৪৪ চনৰ ৭ আগষ্টৰ নগাঁও বিশ্ববিদ্যালয়ে শৈক্ষিক যাত্ৰাৰ পাতনি মেলে৷ প্ৰতিষ্ঠাৰ সময়ত শিক্ষানুষ্ঠানখনত সাতগৰাকী শিক্ষক আৰু সাতগৰাকী শিক্ষাৰ্থী আছিল৷ ডেস্ক-বেঞ্চো আছিল সাতখন৷ ৰাজ্য চৰকাৰৰ পৰা এটকীয়া ৰূপৰ মুদ্ৰাৰ বিনিময়ত নগাঁও চৰকাৰী হাইস্কুলৰ ছাত্ৰাৱাসসমূহ বিশ্ববিদ্যালয়খনৰ কতৃত্বলৈ আহে৷

নগাঁও বিশ্ববিদ্যালয় 
বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰ

নগাঁও বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাত মতিৰাম বৰাৰ ভূমিকা উল্লেখযোগ্য৷ তেখেত আছিল বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য স্থপতি৷ সেইসময়ত তেখেতে নগাঁও স্থানীয় সভাৰ অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি আছিল৷ নগাঁও বিধানসভা সমষ্ঠিত জয়লাভ কৰাৰ পাছত তেখেতে অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে৷ বিশ্ববিদ্যালয়খনৰ ভূমি-সংক্ৰান্তীয় কামকাজ, চৰকাৰী ডাক-বাংলা, শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় অৰ্থ, বৰদলৈ ভৱনৰ প্ৰতিষ্ঠাকে ধৰি একাধিক কৰ্মত মতিৰাম বৰাই আত্মনিয়োগ কৰে৷ নগাঁও জিলাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়েও বিত্ত আৰু নীতিনিৰ্ধাৰণৰ কামত হাত উজান দিয়ে৷ তাৰে ভিতৰত সমাজকৰ্মী বৃন্দাবন গোস্বামী, পূৰ্ণ চন্দ্ৰ শৰ্মা, প্ৰতাপ চন্দ্ৰ শৰ্মা, যোগ সিং ছেত্ৰী, মহি চন্দ্ৰ বৰা, হলধৰ ভূঞা, প্ৰিয় ৰঞ্জন সেনগুপ্তা, বিমলা কান্ত বৰা, ডা০ ললিত বৰুৱা, প্ৰিয়নাথ সেন আদি প্ৰধান৷

বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাই৷ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক যজ্ঞেশ্বৰ শৰ্মাই ইংৰাজী সাহিত্যৰ উপৰি অসমীয়া আৰু সংস্কৃততো পাণ্ডিত্য দেখুৱাইছিল৷ তেখেতৰ লগত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ হকে কাম কৰিছিল অসমৰ ইতিহাসবিদ, সাহিত্যিক তথা নগাঁৱৰে সন্তান ড০ সূৰ্যকুমাৰ ভূঞাই৷ তেখেত আছিল শিক্ষানুষ্ঠানখনৰ পৰিচালনা সভাৰ সভাপতি৷ পোনতে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হৈছিল কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত৷ ১৯৪৮ চনত শিক্ষানুষ্ঠানখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত হয়৷ সেইসময়ত বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ আসনত আছিল সংস্কৃত পণ্ডিত আৰু সুসাহিত্যিক কৃষ্ণকান্ত সন্দিকৈ৷ দেশৰ বিভাজনৰ পাছত নগাঁও বিশ্ববিদ্যালয়ৰ লগত বিশেষকৈ বিজ্ঞান শাখাত কিছুসংখ্যক সুশিক্ষিত প্ৰব্ৰজনকাৰী জড়িত হয়৷

নগাঁও বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী ছাত্ৰ আছিল চাৰিঙৰ চিকন চন্দ্ৰ কাকতি৷ প্ৰথমটো বৰ্ষত বিশ্ববিদ্যালয়খনত মুঠ ১৪১ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল৷ ছাত্ৰীৰ সংখ্যা আছিল ১৮ গৰাকী৷ প্ৰথমটো বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৫০%৷ ১৯৪৬ চনৰ পৰা শিক্ষানুষ্ঠানখনত স্নাতক পৰ্যায়ৰ শ্ৰেণীসমূহ আৰম্ভ হয়৷ ১৯৫০ চনত বাণিজ্য আৰু তাৰ ঠিক ৯ বছৰৰ পিছত অৰ্থাৎ ১৯৫৯ চনত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণী প্ৰৱৰ্তন হয়৷

নগাঁও বিশ্ববিদ্যালয় 
নগাঁও বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰাক্তন ছাত্ৰ, অধ্যাপক, আৰু অসমৰ এগৰাকী সাহিত্যিক-গল্পকাৰ মহিম বৰাৰ মূৰ্তি

২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে দহবছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷

বিশ্ববিদ্যালয়ৰ অধ্যক্ষসকল

১৯৪৪ চনৰপৰা ২০২১ চনলৈকে বিশ্ববিদ্যালয়খনত চৌধ্যগৰাকী অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
যজ্ঞেশ্বৰ শৰ্মা ১/৮/১৯৪৪-৪/৯/১৯৬৮
ফণীলাল দত্ত (ভাৰপ্ৰাপ্ত) ৫/৯/১৯৬৮-২২/১১/১৯৭১
মুহিৰাম শইকীয়া ২৩/১১/১৯৭১-১/১২/১৯৮৫
বুদ্ধেশ্বৰ গোহাঁই (ভাৰপ্ৰাপ্ত) ২/১২/১৯৮৫-৩০/১০/১৯৮৬
প্ৰদীপ শইকীয়া ৩১/১০/১৯৮৬-৩০/১১/১৯৯৬
আব্দুল হেকিম (ভাৰপ্ৰাপ্ত) ১/১২/১৯৯৬-৩১/১২/১৯৯৬
গণেশ চন্দ্ৰ বৰুৱা (ভাৰপ্ৰাপ্ত) ১/১/১৯৯৭-১৭/১/১৯৯৭
মহেন্দ্ৰ আহোম ১৮/১/১৯৯৭-১৬/১২/২০০২
বাবুলাল পাল (ভাৰপ্ৰাপ্ত) ১৭/১২/২০০২-৩১/১০/২০০৩
১০ মানবেন্দ্ৰ নাগ (ভাৰপ্ৰাপ্ত) ১/১১/২০০৩-২৯/২/২০০৪
১১ অসীমা দেৱ (ভাৰপ্ৰাপ্ত) ১/৩/২০০৪-১০/১১/২০০৪
১২ ৰূপদা কান্ত ভূঞা (ভাৰপ্ৰাপ্ত) ১১/১১/২০০৪-১৯/১১/২০০৪
১৩ ড॰ খৰ্গেশ্বৰ ভূঞা ২০/১১/২০০৪-৩১/১২/২০১১
১৪ ড॰ শৰৎ বৰকটকী ১/১/২০১২-বৰ্তমানলৈকে

পুথিভঁৰাল

বিশ্ববিদ্যালয়খনৰ পুথিভঁৰালটো ১৯৪৪ চনতে আৰম্ভ কৰা হয়৷ পুথিভঁৰালটোৰ নাম হৈছে- মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকন পুথিভঁৰাল৷ মহেন্দ্ৰনাথ মৈহেংদা ডেকাফুকন আছিল অসমৰ এগৰাকী কবি-সাহিত্যিক, শিল্পী-অভিনেতা, বুদ্ধিজীৱি তথা সমাজ-সংস্কাৰক৷ উল্লেখযোগ্য যে, নগাঁও বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোত শেহতীয়াকৈ ডিজিটেল প্ৰযুক্তি সংযুক্ত হৈছে৷

বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত উল্লেখ থকা তথ্যানুযায়ী, পুথিভঁৰালটোত প্ৰায় ৫২,০০০ খন গ্ৰন্থ আৰু বিশখন পত্ৰিকা/আলোচনী আছে৷ ইয়াৰ উপৰি একাধিক বাতৰি কাকত আৰু মাহেকীয়া/পষেকীয়া আলোচনীও পুথিভঁৰালটোত আছে৷

বিভাগসমূহ

বিশ্ববিদ্যালয়খনত নিম্নোল্লিখিত ২৪ টা বিভাগ আছে।

লগতে চাওক

তথ্যসূত্ৰ

Tags:

নগাঁও বিশ্ববিদ্যালয় ইতিহাসনগাঁও বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যক্ষসকলনগাঁও বিশ্ববিদ্যালয় পুথিভঁৰালনগাঁও বিশ্ববিদ্যালয় বিভাগসমূহনগাঁও বিশ্ববিদ্যালয় লগতে চাওকনগাঁও বিশ্ববিদ্যালয় তথ্যসূত্ৰনগাঁও বিশ্ববিদ্যালয় বাহ্যিক সংযোগনগাঁও বিশ্ববিদ্যালয়ইংৰাজী ভাষাকলিকতা বিশ্ববিদ্যালয়গুৱাহাটী বিশ্ববিদ্যালয়নগাঁওবিশ্ববিদ্যালয় অনুদান আয়োগ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ পৰম্পৰাগত খেল-ধেমালিকনকলতা বৰুৱাপদ্ম পুৰাণবাজেটগোলোকচন্দ্ৰ গোস্বামীভাৰতীয় জনতা পাৰ্টিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাজোনাকী (আলোচনী)ডিম্পু বৰুৱানলবাৰী জিলাখনিজ পদাৰ্থশুৱালকুছিইৰানজল প্ৰদূষণসংবিধান দিৱস (ভাৰত)যক্ষ্মাহিউৱেন-চাংভাৰতৰ জলবায়ুপৃথিৱীৰ বায়ুমণ্ডলনগেন্দ্ৰ নাৰায়ণ চৌধুৰীসাহিত্যৰ সমাজতত্ত্বমহিম বৰামাৰ্ঘেৰিটা মহকুমাহৰি-হৰ যুদ্ধলতাকটা ৰণবকুল ফুলৰ দৰে (গ্ৰন্থ)প্ৰকৃতিবসন্ত ৰোগনাটোঅসম বিধানসভাবড়ো জনগোষ্ঠীঅশোক ফুলযোগ দৰ্শননিউয়ৰ্ক মহানগৰজন গণ মনস্বাভাৱিক সংখ্যাশ্ৰীমদ্ভগৱতগীতাকুঁহিয়াৰভাৰতীয় ৰিজাৰ্ভ বেংকলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানচিলনীমহাসাগৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহনীলমণি ফুকন (কনিষ্ঠ)লোকসভাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰূপালীমৰোমান সাম্ৰাজ্যশকুন্তলাদেৱকান্ত বৰুৱাবাগ্‌ধ্বনিধাতু আৰু অধাতুহয়গ্ৰীৱ মাধৱ মন্দিৰবিষ্ণুপ্ৰসাদ ৰাভামহো-হো উৎসৱসংস্কৃত সাহিত্যভাৰতৰ জাতীয় পতাকাচাৰ্বাক দৰ্শনবিঘাভাৰতৰ ইতিহাসশিশু সাহিত্যনাৰীবাদসংস্কৃত ভাষামানৱ ভূগোলপানীবিশ্ব বেংকপ্ৰাকৃতিক দুৰ্যোগধোদৰ আলিঅনুৰাধা শৰ্মা পূজাৰীঅসমীয়া খাদ্যাভ্যাস২৯ মাৰ্চঅশোকৰ অনুশাসনএকে লিংগৰ বিবাহভাৰতীয় ৰেলকপিৰাইটহেম বৰুৱা🡆 More