মনোবিজ্ঞান

মনোবিজ্ঞান (ইংৰাজী: Psychology) হৈছে বিজ্ঞানৰ এনে এটা শাখা য'ত মনৰ গঠন, ক্ৰিয়া-কলাপ, আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে বৈজ্ঞানীক পদ্ধতিৰে অধ্যয়ন কৰা হয়। ইংৰাজীৰ psychology শব্দটো গ্ৰীক ভাষাৰ psyche (আত্মা) আৰু logos (অধ্যয়ন) শব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক'ব পৰা যায়। বহু দাৰ্শনিক তত্বৰ আধাৰত এই আলোচনা কৰা হৈছে।

ইতিহাস আৰু প্ৰাৰম্ভিক বিকাশ

১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল। মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখ্যা দাঙি ধৰিছিল। তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল। আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়। স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে। অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে। ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ (সেউজীয়া, নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত। ইয়াৰ পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহত ৰাখিছ।

মতবাদ

    আচৰণবাদ (Behaviorism)

আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি.ৱাটচন আৰু বি. এফ. স্কীনাৰ। ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা, হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে। আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে। তেওঁ মানুহ আৰু জন্তুৰ আচৰণক এক জড়বাদী আহিলা হিচাপে মনোবিজ্ঞানৰ জগতলৈ আগবঢ়ালে।

    মনোবিশ্লেষণ বা মনঃসমীক্ষণ

কুৰি শতিকাৰ আৰম্ভণিতেই সমগ্ৰ বিশ্বকেই জোকাৰি যোৱা এটা তত্ত্ব হ'ল মনোবিশ্লেষণ বা মনঃসমীক্ষণ। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী ডাঃ চিগ্‌মণ্ড ফ্ৰয়েড। ফ্ৰয়ডৰ উপৰিও মনোবিশ্লেষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰত কাৰ্ল গুষ্টাভ য়ুং, আলফ্ৰেড এডলাৰ, এৰিক এৰিকছন উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতেই প্ৰভাৱ কৰি ক্ষান্ত থকা নাছিল, ই মানুহৰ মন, সমাজ, সাহিত্য, জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীতোৰ সম্পৰ্কে এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়, আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাবি থকাৰ দৰে মানুহ যুক্তিবাদী প্ৰাণীও নহয়। মানুহক প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আবেগৰ দ্বাৰাহে পৰিচালিত হয়। আৰু আটাতকৈ ডাঙৰ কথাটো হ'ল মানুহ দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ চাব জানিলেও মানুহ কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে। মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল। মানুহৰ মন সম্পৰ্কে আৱিষ্কৃত এই অপ্ৰিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি লবলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পৰ্কে উৎসুক নৱপ্ৰজন্মক উল্লসিতও কৰিছিল। যদিও মনোবিশ্লেষণবাদ প্ৰয়োগিক ক্ষেত্ৰত সফল আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক মনোবিশ্লেষণ পৰে। এক কথাত ক'বলৈ গ'লে

মনোবিশ্লেষণ বা ফ্ৰৰেডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দাৰ্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়, মনৰ অস্বাভাৱিক ভাব-অনুভূতিৰ বিশ্লষণ, সপোন বিশ্লষণ, নাৰী আৰু শিশু মনৰ বিশ্লষণৰ ক্ষেত্ৰত ফ্ৰয়ডীয় মনোবিশ্লষণ আজিও প্ৰভাবশালী আৰু অপ্ৰতিদ্বন্দ্বী।

মনোবিজ্ঞানৰ বিভিন্ন শাখা

সহায়ক গ্ৰন্থ

  • সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ২য় খণ্ড, ২৯৬ পৃষ্ঠা

তথ্য সংগ্ৰহ

Tags:

মনোবিজ্ঞান ইতিহাস আৰু প্ৰাৰম্ভিক বিকাশমনোবিজ্ঞান মতবাদমনোবিজ্ঞান ৰ বিভিন্ন শাখামনোবিজ্ঞান সহায়ক গ্ৰন্থমনোবিজ্ঞান তথ্য সংগ্ৰহমনোবিজ্ঞানইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

এডৱাৰ্ড জেনাৰধানপাতসংস্কৃতিঁ (চন্দ্ৰবিন্দু)অসমীয়া ভাষাতথ্য প্ৰযুক্তিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসতীদাহ প্ৰথাকথা কবিতাজাভাদুৰ্গেশ্বৰ শৰ্মামাঘ বিহুবিশেষ শিক্ষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাগোপাল কৃষ্ণ গোখলেসাম্যবাদমামণি ৰয়ছম গোস্বামীৰ উপন্যাসআল্লাহচুতীয়া ৰাজ্যপাইথেগাৰাছমঙ্গল গ্ৰহমাতৃভাষাগৰুকলিকতাবাবৰৰংঘৰকৃষ্ণ ভূঞানীলমণি ফুকন (জ্যেষ্ঠ)হাতীপটিঅসমৰ বনৌষধিজোনবিল মেলাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লসৰস্বতী পূজাপুৰুষকাৰাটেভাৰতৰ ইতিহাসজল প্ৰদূষণপদাৰ্থৰ অৱস্থাএশিঙীয়া গঁড়ফকৰা যোজনাপৰিমেয় সংখ্যাচিপকো আন্দোলনবিশ্ব গ্ৰন্থ দিৱসযতীন্দ্ৰ নাথ দুৱৰাকমলা মিৰিভাৰতীয় নাগৰিকত্ব আইনএডল্ফ হিটলাৰআবেগসংগীতশ্ৰীকৃষ্ণকীৰ্তনদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থামাটিব্লগৰাজ্যসভাসমাৰ্থক শব্দবৰপেটা সত্ৰঅসমীয়া লিপিৰ বুৰঞ্জীআলি আঃয়ে লৃগাংঅসীমত যাৰ হেৰাল সীমাঅসমৰ পুৰণি স্থাপত্যবাৰেচহৰীয়া ভাওনা মহোৎসৱমুদ্ৰানিৰ্মলপ্ৰভা বৰদলৈগণিতসমাজবাদখিলঞ্জীয়া লোকমালিনী থানজৈন ধৰ্মগঙ্গা নদীমহাদেশভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যনীলমণি ফুকন (কনিষ্ঠ)সমবাহু ত্ৰিভুজস্বৰাজ🡆 More