চাৰ্বাক দৰ্শন

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

চাৰ্বাক দৰ্শন (সংস্কৃত: चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।

হিন্দু ধৰ্ম
চাৰ্বাক দৰ্শনহিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

চাৰ্বাক দৰ্শনৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

প্ৰায়বােৰ ভাৰতীয় দৰ্শনে আধ্যাত্মবাদী চিন্তাৰ ওপৰত গুৰুত্ব দিয়ে যদিও চাৰ্বাক ইয়াৰ ব্যতিক্ৰম। চাৰ্বাকসকলৰ মতে অচেতন জড় পদাৰ্থই একমাত্ৰ সত্তা। জগতৰ সকলাে জড়ৰ পৰা উদ্ভৱ হৈছে। প্ৰাণ, মন সকলাে জড় সম্ভূত। চাৰ্বাকে আত্মা, ঈশ্বৰ আদিকো বিশ্বাস নকৰে। স্বৰ্গ, অপবৰ্গ বা মুক্তি, পাৰলৌকিক ফলভােগ, বৰ্ণ বিভাজন বুলিও একো নাই।

চাৰ্বাক দৰ্শনৰ কোনাে প্ৰামাণিক গ্ৰন্থ অদ্যাপি পােৱা নাই যদিও ৰামায়ণ, মহাভাৰত মহাকাব্য তথা বৌদ্ধ সাহিত্যৰ ঠায়ে ঠায়ে চাৰ্বাক মতবাদৰ উল্লেখ আছে। এই দিশৰ পৰা চাৰ্বাক দৰ্শন অতি প্ৰাচীন বুলি গণ্য কৰিব পাৰি। অন্যান্য ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহে চাৰ্বাকসকলৰ মত খণ্ডন কৰিবলৈ আগবঢ়োৱা ব্যাখ্যাৰ প্ৰতি লক্ষ্য ৰাখিও ইয়াৰ প্ৰাচীনত্ব স্বীকাৰ কৰিব পাৰি।

চাৰ্বাক দৰ্শন প্ৰতিষ্ঠাতা কোন সেই কথাও স্পষ্টভাবে জনা নাযায়। বহুতৰ মতে পুৰণিকালত চাৰ্বাক নামৰ এজন ঋষি আছিল আৰু তেওঁৱেই এই দৰ্শনৰ প্ৰতিষ্ঠাতা। এচাম পণ্ডিতৰ মতে 'লােক'ৰ পুত্ৰ বৃহস্পতি হ'ল এই দৰ্শনৰ প্ৰতিষ্ঠাতা।

চাৰ্বাক শব্দৰ অৰ্থকলৈয়াে মতভেদ আছে। কোনাে কোনােৰ মতে 'চৰ্ব' ধাতুৰ পৰা 'চাৰ্বাক' শব্দৰ উৎপত্তি হৈছে। চৰ্ব ধাতুৰ অৰ্থ হৈছে চোবােৱা বা খােৱা। চাৰ্বাক দৰ্শনে খােৱা - বােৱাক জীৱনৰ লক্ষ্য হিচাপে বিবেচনা কৰাৰ হেতু এই নাম হ'ব পাৰে বুলি তেওঁলােকে মত প্ৰকাশ কৰিছে। আনহাতে আন বহুতৰ মতে 'চাৰু' আৰু 'বাক' শব্দ দুটাৰ পৰা চাৰ্বাক শব্দটো আহিছে। 'চাৰু' শব্দৰ অৰ্থ হৈছে মধুৰ আৰু 'বাক' শব্দৰ অৰ্থ কথা। সাধাৰণ মানুহৰ মন ভাল লগাব পৰা সুমধুৰ বাক্য বা কথা ব্যৱহাৰ কৰাৰ হেতু এওঁলােকক চাৰ্বাক বােলা হয় বুলি ভবা হৈছে।

সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় হােৱাৰ বাবে এই দৰ্শনক লােকায়ত বােলা হয়। অৱশ্যে এইলৈয়ে মতভেদ আছে। বহুতৰ মতে চাৰ্বাকসকলে ইহলােককহে বিশ্বাস কৰে, পৰলােকক নকৰে। সেয়েহে তেওঁলােকৰ মতবাদক লােকায়ত বােলা হয়।

চাৰ্বাক দৰ্শনৰ মতে প্ৰত্যক্ষই হৈছে যথাৰ্থ জ্ঞানৰ একমাত্ৰ উপায়। চাৰ্বাকসকলে অনুমান আৰু শব্দক প্ৰমাণ বুলি বিশ্বাস নকৰে।

এওঁলােকৰ মতে মাটি, পানী, বায়ু আৰু জুই - ইন্দ্ৰিয়গ্ৰাহ্য এই চাৰি উপাদানৰ দ্বাৰা জগতৰ সকলাে উদ্ভৱ হৈছে। চাৰ্বাকসকলে আত্মাৰ অস্তিত্বক বিশ্বাস নকৰে। কাৰণ ইয়াক দেখা পােৱা নাযায়। চেতন্য বিশিষ্ট দেহেই আত্মা। মানুহৰ বৰ্তমান জীৱনেই একমাত্ৰ জীৱন। মৃত্যুতেই জীৱনৰ শেষ। পৰজন্ম বুলি একোৰে অস্তিত্ব চাৰ্বাকসকলে বিশ্বাস নকৰে। গতিকে মৃত্যুৰ পাছত মানুহে তেওঁ কৰা কামৰ ফলভােগ কৰিব লাগিব বুলি ভবাটো অৰ্থহীন। যিহেতু চৈতন্যবিশিষ্ট দেহেই আত্মা, সেয়েহে মৃত্যুত দেহাৱসানৰ লগে লগে জীৱনৰ সকলােবােৰৰ চিৰ সমাপ্তি ঘটে।

চাৰ্বাকসকলে নৈতিকতাৰ ক্ষেত্ৰত সুখবাদ বিশ্বাস কৰে। সুখবাদ অনুসৰি সুখেই জীৱনৰ পৰম শ্ৰেয়। ব্যক্তিগত সুখৰ ওপৰত গুৰুত্ব দিয়ে বাবে চাৰ্বাকসকলৰ মতবাদ আত্মসুখবাদী বা স্বসুখবাদী। যি সুখবাদে ব্যক্তিয়ে কেৱল নিজৰ কাৰণে সুখ বিচৰা উচিত বুলি বিবেচনা কৰে। সেই মতবাদেই হৈছে স্বসুখবাদ। চাৰ্বাকে সুখৰ কোনাে গুণগত পাৰ্থক্য স্বীকাৰ নকৰে, পৰিমাণগত পাৰ্থক্যহে মানি লয়। সুখ যিমানেই তীব্ৰ, যিমানেই প্ৰখৰ, যিমানেই স্থায়ী সেই সুখ সিমানেই বেছি আদৰণীয় আৰু কাম্য। ইন্দ্ৰিয়জ সুখ আধ্যাত্মিক বা মানসিক সুখতকৈ অধিক তীব্ৰ, প্ৰখৰ আৰু স্থায়ী বুলি গণ্য কৰা চাৰ্বাকসকলে ইন্দ্ৰিয়সুখকেই চৰম সুখবুলি মানে। সেইবাবে চাৰ্বাক নীতিতত্ত্বক অমাৰ্জিত বা স্থল স্বসুখবাদ বােলা হয়। চাৰ্বাক নীতিতত্ত্বৰ প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্টিপাছৰ সুখবাদৰ লগত সামঞ্জস্য আছে।

সুখ আৰু দুখ প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰি চাৰ্বাকসকলে কৰ্মৰ ভাল - বেয়া বিচাৰ কৰিছে। সুখ প্ৰদান কৰা কৰ্মই হৈছে ভাল কৰ্ম আৰু দুখ দিয়া কৰ্মই বেয়া কৰ্ম। এক সুখী জীৱনেই হৈছে আদৰ্শ নৈতিক জীৱন। এই পৃথিৱীৰ পাৰ্থিব বস্তুবোৰ যিমান পৰা যায় উপভোগ কৰাতে মানৱ জীৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

তথ্য-সূত্ৰ

  • নীতিশাস্ত্ৰ-প্ৰাচ্য আৰু পাশ্চাত্য -শৈলেন বৰকাকতি, থগেন্দ্ৰ চুতীয়া

Tags:

🔥 Trending searches on Wiki অসমীয়া:

গুৱাহাটীকাল সংহতিচিত্ৰ-ভাগৱতঅংগনবাদীভূমি প্ৰদূষণভৌতিক সংস্কৃতিঅম্বিকাগিৰি ৰায়চৌধুৰীৰঘুনাথ চৌধাৰীসাম্যবাদী সমাজঅলিম্পিকব্ৰজাৱলী ভাষাভূঁই ৰোৱা উৎসৱভাৰত ত্যাগ আন্দোলনদৰং জিলাবেঙেনাআটী সত্ৰআনন্দৰাম ঢেকিয়াল ফুকনভূগোলবিহু নৃত্যধুবুৰী জিলাবৰহমথুৰিমৈদামঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকা২৯ এপ্ৰিলবদলা পদ্ম আতা সত্ৰমাজুলীনাৰীশালস্তম্ভ ৰাজবংশঅৰ্জুন ভঞ্জনৰাষ্ট্ৰীয় বিজ্ঞান দিৱসবিয়া নামচৰাইপ্ৰাকৃতিক পৰিৱেশঅসমীয়া প্ৰতিদিনহিন্দী ভাষাচাণক্যশ্ৰীকৃষ্ণকীৰ্তনসংগীতনৰকাসুৰপাচন তন্ত্ৰবেলৰামধেনুঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাতুলসীসৎনামী বিদ্ৰোহফ্ৰান্সএইড্‌ছঅসমত দেখা পোৱা মাছৰ তালিকানীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাহেমচন্দ্ৰ বৰুৱাআজান পীৰঅসম লোকসেৱা আয়োগঅৰ্জুনকম্পিউটাৰজনপ্ৰব্ৰজনচৈয়দ আব্দুল মালিকঅসমৰ জিলাসমূহভাৰতৰ স্বাধীনতা আন্দোলননাৰ্জীকাকৈজানা সংৰক্ষিত বনাঞ্চলৰোমান সাম্ৰাজ্যহেম ভৰালীফুলচিতল মাছঅসমৰ জাতীয় গীতঅসম চাহলোকবিশ্বাসমানৰ অসম আক্ৰমণপ্ৰতিজৈৱিকথমাছ আলভা এডিচনমাটি🡆 More