দুৰ্গা: হিন্দু ধৰ্মৰ এগৰাকী দেৱী

আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে; শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়। ঋগ্ বেদত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। ইয়াৰ উপৰিও কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। এই সমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা পূব ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।

দুৰ্গা
মহিষাসুৰমৰ্দিনী-দুৰ্গা, কালীঘাট পটচিত্ৰ, ১৮৮০
মহিষাসুৰমৰ্দিনী-দুৰ্গা, কালীঘাট পটচিত্ৰ, ১৮৮০
দেৱনাগৰী दुर्गा
গোত্ৰ মহাশক্তি
অধিষ্ঠান কৈলাস
মন্ত্ৰ ওঁ দুৰ্গে দুৰ্গে ৰক্ষণি স্বাহা
অস্ত্ৰ ত্ৰিশূল, খড়্গ, চক্ৰ, বাণ, শক্তি, ঢাল, ধনু, ঘণ্টা, পৰশু, নাগপাশ ইত্যাদি।
দাম্পত্যসঙ্গী শিৱ
বাহন সিংহ

দুৰ্গা পূজা

দুৰ্গা: হিন্দু ধৰ্মৰ এগৰাকী দেৱী 
খৃষ্টীয় ১৩-১৪ শতিকাৰ গুৱাহাটীৰ আমবাৰীত পোৱা দুৰ্গামূৰ্তি।

দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ। এই উৎসৱক নৱৰাত্ৰী বুলিও জনা যায়; পশ্চিম বংগ, অসম, বিহাৰ, উৰিষ্যাত, ঝাৰখাণ্ডত দুৰ্গা পূজা বহুলভাৱে উদযাপন কৰা হয়; উত্তৰ ভাৰতত নৱৰাত্ৰী হিচাপে পালন কৰা হয়। দুৰ্গা পূজা শৰৎ (আহিনত) আৰু বসন্ত (চ'ত) ৰ শুক্লাপক্ষত অনুষ্ঠিত হয়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে আৰু বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।

নাম ব্যুৎপত্তি

হিন্দুশাস্ত্ৰত "দুৰ্গা" শব্দটিক ব্যাখ্যা কৰোঁতে কোৱা হৈছে:


দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ।

উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ।

ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥

অৰ্থাৎ, ""দ" বৰ্ণই দৈত্য বিনাশ কৰে, উ-কাৰে বিঘ্ন নাশ কৰে, ৰেফে ৰোগ নাশ কৰে, "গ" বৰ্ণই পাপ নাশ কৰে আৰু অ-কাৰে শত্ৰু নাশ কৰে। ইয়াৰ অৰ্থ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি ৰক্ষা কৰে, তেঁৱেই দুৰ্গা। " আনহাতে শব্দকল্পদ্ৰুমত কৈছে, "দুৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীৰ্তিতা"৷ অৰ্থাৎ, যি দুৰ্গ নামে অসুৰক বধ কৰিছিল, তেঁৱেই সকলো সময়ত দুৰ্গা নামে পৰিচিত।

দুৰ্গা: হিন্দু ধৰ্মৰ এগৰাকী দেৱী 
ঢাকাৰ এটি মন্দিৰত দেৱী দুৰ্গাৰ প্ৰতিমা।

তথ্য সংগ্ৰহ

Tags:

দুৰ্গা পূজাপাৰ্বতীপুৰাণবিষ্ণুবৈষ্ণৱ ধৰ্মভাগৱতমহাভাৰতশিৱশ্ৰীকৃষ্ণসতীহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

২৫ এপ্ৰিলসংস্কৃত ভাষাৰসায়ন বিজ্ঞানচলচ্চিত্ৰৰবীন্দ্ৰনাথ ঠাকুৰএৰিষ্ট'টলপঞ্চায়তী ৰাজশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পদ্মধৰ চলিহাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)পাইক প্ৰথাকুলধৰ শইকীয়ানৰনাৰায়ণদামোদৰ দেৱআৰবী ভাষাচৰাইদেউ জিলাপাৰিপাৰ্শ্বিক সংঘাতগ্ৰহযুগ্ম সংখ্যাঋতুকামৰূপ ৰাজ্যচৰক সংহিতাজ্যোতিপ্ৰসাদ আগৰৱালাইজৰাইলহেমকোষইয়াত এখন অৰণ্য আছিললখিমপুৰ জিলামহাভাৰতমাতৃভাষাছিৰিমাভো বন্দৰনাইকেবেটুপাতঅণুগল্পযোৰহাটগাঁও পঞ্চায়তমিৰি জীয়ৰীশৰাইঘাটৰ যুদ্ধনুৰ জাহান (মোগল সম্ৰাজ্ঞী)ভলিবলবিদ্যুৎখ্ৰীষ্টান ধৰ্মবানপানীহিন্দী ভাষাকম্পিউটাৰজলসিঞ্চনবাংলাদেশপুঁজিবাদবিশ্ব পৰিৱেশ দিৱসগুৱাহাটীআলেকজেণ্ডাৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰতৰ শিক্ষাপ্লেটোব্যক্তিত্বদৈনিক বাতৰিভূমি প্ৰদূষণসৰ্বেপল্লী ৰাধাকৃষ্ণণমৃত্যুভাৰতীয় জনতা পাৰ্টিপ্ৰদূষণবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণমৌৰ্য সাম্ৰাজ্যঅসমীয়া সাহিত্যত মালিতাশ্ৰীকৃষ্ণকীৰ্তনছুনামিপৃথুসংখ্যাঅব্যয় পদসমাৰ্থক শব্দভাষাৰাইমনা ৰাষ্ট্ৰীয় উদ্যান🡆 More