সিংহ: স্তন্যপায়ী প্ৰাণী

সিংহ (ইংৰাজী: Lion; Panthera leo), পেন্থেৰা লিঅ' হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন প্ৰায় ২৫০ কিলোগ্ৰাম (৫৫০ পাউণ্ড) পৰ্যন্ত হ'ব পাৰে, ই বাঘৰ পিছতেই জীৱিত মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত (বিলুপ্ত প্ৰায় অৱস্থাত ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত) বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গ’ল বুলি কোৱা হয়। প্ৰায় ১০ হেজাৰ বছৰ আগৰ প্লেষ্ট‌'চিন যুগলৈকে সিংহবোৰ মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত ব়হৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউকোনৰ পৰা পেৰু পৰ্যন্ত আমেৰিকাত দেখা পোৱা যায়। সিংহ একপ্ৰকাৰৰ বিপন্ন প্ৰাণী।

সিংহ
জীৱাশ্ম কাল: early Pleistocene–Recent
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
সিংহ: স্তন্যপায়ী প্ৰাণী
মতা সিংহ
সিংহ: স্তন্যপায়ী প্ৰাণী
মাইকী সিংহ (সিংহিনী)
সংৰক্ষণ স্থিতি
সিংহ: স্তন্যপায়ী প্ৰাণী
অসুৰক্ষিত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Felidae
উপপৰিয়াল: Pantherinae
গণ: Panthera
প্ৰজাতি: P. leo
বৈজ্ঞানিক নাম
Panthera leo
(লিনিয়াছ, ১৭৫৮)
উপ-প্ৰজাতি
সিংহ: স্তন্যপায়ী প্ৰাণী
সিংহ: স্তন্যপায়ী প্ৰাণী
ভাৰতত সিংহৰ বিস্তৃতি: The Gir Forest, in Gujarat, is the last natural range of more than 500 wild Asiatic lions. There are plans to reintroduce some lions to Kuno Wildlife Sanctuary in neighbouring Madhya Pradesh.
সমাৰ্থক
Felis leo
লিনিয়াছ, ১৭৫৮

অৰণ্যত, মতা সিংহ কেতিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজতে হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে। অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অনণ্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ তুলনাত সিংহবোৰ যথেষ্ট সামাজিক। সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। মাইকী সিংহবোৰে লগলাগি, ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। সিংহবোৰ শীৰ্খস্থানৰ উপভোক্তা, যদিও ইহঁতক অপমাৰ্জক বুলিবও পাৰি। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে ৰাতি সক্ৰিয় হয় (নিশাচৰ) আৰু কেতিয়াবা সন্ধাও চিকাৰ কৰে।

সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি। মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়, ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা সাহিত্য ক্ষেত্ৰতো ব্যৱহৃত হয়।

তথ্য সংগ্ৰহ

Tags:

আফ্ৰিকাআমেৰিকাইংৰাজী ভাষাএচিয়াগণ (জীৱবিদ্যা)পৰিয়াল (জীৱবিদ্যা)বিপন্ন প্ৰজাতিভাৰতমানুহস্তন্যপায়ী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

নীতি আয়োগবৰ্মণ ৰাজবংশপূৰ্ণ স্বৰাজমঙ্গলদৈ (লোকসভা সমষ্টি)এ পি জে আব্দুল কালামবকুলকাৰ্বি আংলং জিলামাধৱ কন্দলিউত্তৰ-পূব ভাৰতফলৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ তামোল-পাণ সংস্কৃতিপুথিভঁৰালসৌৰভ কুমাৰ চলিহাকোচ ৰাজবংশঘড়ীজুবিন গাৰ্গপাটবাউসী সত্ৰবিশ্বনাথ চাৰিআলিমহাবীৰপাঠ পৰিকল্পনাঅসমৰ শাক-পাচলিৰ তালিকাপৰিৱেশ বিজ্ঞানমহাভাৰতদীপলিনা ডেকাঅয়নান্ত (গ্ৰন্থ)আনন্দৰাম ঢেকিয়াল ফুকনমিত্ৰদেৱ মহন্তশাল গছমিঠু বৰুৱালক্ষ্মীনাথ বেজবৰুৱাকোচ ৰাজবংশীহয়গ্ৰীৱ মাধৱ মন্দিৰদুৰ্গা পূজাহাইদাংবাঁহ-গোসাঁই উৎসৱঅসমীয়া যুক্তাক্ষৰমিৰি জীয়ৰীঅসমীয়া লিপিৰ বুৰঞ্জীজৈন ধৰ্মমৌলানা আব্দুল হামিদ খান ভাসানীশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯উজনি অসমপথেৰ পাঁচালীএলবাৰ্ট আইনষ্টাইনপ্লাষ্টিকযুক্তৰাজ্যভাৰতৰ সংসদ ভৱনঅসমস্বাস্থ্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবিত্তীয় ব্যৱস্থাকালিচৰণ ব্ৰহ্মহাঁচতিকুশল কোঁৱৰপাৰিজাত হৰণ নাটওজাপালিসংঘাতকলীয়াভোমোৰা সেতুতেজপুৰ (লোকসভা সমষ্টি)অসমৰ জনগোষ্ঠীপালি ভাষাচৰিত পুথিগান্ধীবাদঅসমৰ চাহ জনগোষ্ঠীবেদযক্ষ্মাভেঁকুৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকালোকাচাৰমিচিং জনগোষ্ঠীৰ সাজপাৰনাঙল🡆 More