কম্পিউটাৰ

কম্পিউটাৰ এক সঁজুলি যাক নিৰ্দেশ দি স্বয়ংক্ৰিয়ভাৱে গাণিতিক আৰু যৌক্তিক কাৰ্যপ্ৰণালী সমাধা কৰিব পাৰি। আধুনিক কম্পিউটাৰে প্ৰ'গ্ৰাম নামৰ কিছুমান নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰে। ইয়াৰ সহায়ত কম্পিউটাৰে ভিন ভিন প্ৰকাৰৰ অসংখ্য কাম কৰিব পাৰে। ইয়াৰ অসমীয়া নাম হৈছে পৰিকলন যন্ত্ৰ।

কম্পিউটাৰ
কম্পিউটাৰকম্পিউটাৰকম্পিউটাৰ
কম্পিউটাৰকম্পিউটাৰকম্পিউটাৰ
কম্পিউটাৰকম্পিউটাৰকম্পিউটাৰ

বিভিন্ন সময়ৰ কম্পিউটাৰ আৰু কম্পিউটিং সঁজুলি

কম্পিউটাৰক বহু ঔদ্যোগিক আৰু উপভোক্তাৰ সঁজুলিৰ বাবে নিয়ন্ত্ৰণ প্ৰণালী হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে সাধাৰণ বিশেষ কামৰ সঁজুলি যেনে মাইক্ৰ'ৱেভ অ'ভেন আৰু ৰিম'ট কণ্ট্ৰ'ল, ঔদ্যোগিক সঁজুলি যেনে ঔদ্যোগিক ৰ'ব'ট, আৰু লগতে সাধাৰণ ব্যৱহাৰৰ সঁজুলি যেনে ব্যক্তিগত কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ দৰে ম'বাইল সঁজুলি।

প্ৰাৰম্ভিক কম্পিউটাৰক কেৱল গণনাৰ সঁজুলি বুলি গণ্য কৰা হৈছিল। প্ৰাচীন কালৰে পৰা গণনা কৰিবলৈ মানুহে এবেকাছৰ দৰে সৰল সঁজুলিৰ সহায় লৈছিল। ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰ কালত দীঘলীয়া কাম স্বয়ংক্ৰিয়ভাৱে কৰিবলৈ কিছুমান সঁজুলি সজা হৈছিল। বিংশ শতিকাৰ আগছোৱাত এনালগ গণনাৰ বাবে অলপ উচ্চখাপৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে প্ৰথম ডিজিটেল বৈদ্যুতিন গাণনিক সঁজুলি উদ্ভাৱন কৰা হৈছিল। তেতিয়াৰ পৰা কম্পিউটাৰৰ গতি, ক্ষমতা আৰু কুশলতাৰ বহু বিকাশ সাধন হৈছে।

পৰম্পৰাগতভাৱে আধুনিক কম্পিউটাৰত কমেও এটা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (CPU)-ৰ দৰে প্ৰচেছিং অংশ আৰু কোনো প্ৰকাৰৰ স্মৃতি থাকে। প্ৰচেছিং অংশই গাণিতিক আৰু যৌক্তিক কাম সম্পাদন কৰে, আৰু এটা ছিকুৱেন্সিং আৰু নিয়ন্ত্ৰণ অংশই সাঁচি থোৱা তথ্য অনুসৰি কামৰ পদ্ধতি সলাব পাৰে। প্ৰান্তীয় সঁজুলিৰ ভিতৰত ইন্‌পুট সঁজুলি (কীব'ৰ্ড, মাউচ, জয়ষ্টিক), আউটপুট সঁজুলি (মনিটৰ পৰ্দা, প্ৰিণ্টাৰ আদি), আৰু ইন্‌পুট/আউটপুট সঁজুলি যি দুয়োটা কামেই কৰিব পাৰে (যেনে- একবিংশ শতিকাৰ টাচ্চস্ক্ৰীন)। প্ৰান্তীয় সঁজুলিৰ সহায়ত সম্পাদন কৰা কামৰ ফলাফল সাঁচি ৰাখিব পাৰি আৰু প্ৰয়োজনমতে উলিয়াই আনিব পাৰি।

নামৰ উৎস

অক্সফ'ৰ্ড ইংৰাজী অভিধানৰ মতে "কম্পিউটাৰ" শব্দটো প্ৰথমে ১৬১৩ চনত ইংৰাজ লেখক ৰিচাৰ্ড ব্ৰেথৱেইটৰ The Yong Mans Gleanings নামৰ কিতাপত উল্লেখ হৈছিল: "I haue [sic] read the truest computer of Times, and the best Arithmetician that euer [sic] breathed, and he reduceth thy dayes into a short number." এই শব্দটোৱে গান্তিক কাৰ্য কৰা লোকক বুজোৱা হৈছিল। বিংশ শতিকাৰ মাজলৈকে শব্দটোৰ অৰ্থ সলনি হোৱা নাছিল। ঊনবিংশ শতিকাৰ শেষৰ ভাগৰ পৰা শব্দটোৱে গণনা কৰা মেচিন বুজাবলৈ লয়।

Online Etymology Dictionary অনুসৰি "কম্পিউটাৰ" শব্দটো ১৬৪০ চনমানত "গণনা কৰা লোক" বুজাবলৈ ব্যৱহৃত হৈছিল। অভিধানখনত থকা মতে শব্দটোৰ "আধুনিক ব্যৱহাৰ" টুৰিং মেচিনৰ অনুসৰণত "প্ৰ'গ্ৰেম কৰিব পৰা ডিজিটেল কম্পিউটাৰ" বুলি ১৯৩৭ চন মানৰ পৰা ব্যৱহাৰ হয়।

প্ৰকাৰ

ব্যৱহাৰ অনুযায়ী

  • এনালগ কম্পিউটাৰ
  • ডিজিটেল কম্পিউটাৰ
  • হাইব্ৰিড কম্পিউটাৰ

আকাৰ অনুযায়ী

  • স্মাৰ্টফোন
  • মাইক্ৰ'কম্পিউটাৰ
  • ৱৰ্কষ্টেচন
  • ব্যক্তিগত কম্পিউটাৰ
  • লেপ্‌টপ
  • মিনিকম্পিউটাৰ
  • মেইনফ্ৰে'ম কম্পিউটাৰ
  • চুপাৰকম্পিউটাৰ

তথ্য সংগ্ৰহ

Tags:

কম্পিউটাৰ নামৰ উৎসকম্পিউটাৰ প্ৰকাৰকম্পিউটাৰ তথ্য সংগ্ৰহকম্পিউটাৰকম্পিউটাৰ প্ৰ’গ্ৰাম

🔥 Trending searches on Wiki অসমীয়া:

প্লেটোকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকামৰূপ ৰাজ্যবাল্য বিবাহউদ্ভিদপৰিৱেশ তন্ত্ৰঅসমৰ সমস্যাজীৱনীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকনকলতা বৰুৱাঅসমৰ পুৰণি স্থাপত্যপাচন তন্ত্ৰঅসমীয়া পুৰণি সাহিত্যগাঁও পঞ্চায়তকৰ'নাভাইৰাছ ৰোগ ২০১৯নলবাৰী জিলাপতঞ্জলিৰ যোগসূত্ৰআন্তৰ্জাতিক শ্ৰমিক দিৱসনুৰ জাহান (মোগল সম্ৰাজ্ঞী)অসমৰ কুঁহিলা শিল্পচুটিগল্পভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগউগ্ৰতাৰা দেৱালয়অগ্নিগড়সালোক সংশ্লেষণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভবেন্দ্ৰ নাথ শইকীয়ামৰিগাঁও জিলাঅণুগল্পনগেন শইকীয়াসাম্যবাদী সমাজকীৰ্তন-ঘোষাভাৰতৰ জাতীয় পতাকাযতীন্দ্ৰ নাথ দুৱৰামিচিং জনগোষ্ঠীঅংকবিহুৰ বাদ্যযন্ত্ৰঅপাৰেটিং চিষ্টেমনামঘৰবড়ো ভাষাচন্দ্ৰকুমাৰ আগৰৱালাউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসমত দেখা চৰাইবোৰমূলা গাভৰুলোকসভাচিৰ চেনেহী মোৰ ভাষা জননীবুৰঞ্জী সাহিত্যমণিৰাম দেৱান (চলচ্চিত্ৰ)মেঘালয়ৰ মাতৃবংশীয় সমাজযৌগিক সংখ্যাবাণিজ্যভলিবলগায়ন-বায়নভূৱন মোহন বৰুৱাশব্দ প্ৰদূষণএৰী ৰেচমগড়মূৰ সত্ৰদৈনিক বাতৰিঅসমৰ মন্ত্ৰ-সাহিত্যৰঘুনাথ চৌধাৰীমানস ৰাষ্ট্ৰীয় উদ্যানপ্ৰথম বিশ্বযুদ্ধৰূপালীমবিৰিঞ্চি কুমাৰ বৰুৱাকাৰেংঘৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘএচিদ বৰষুণহিতেশ্বৰ বৰবৰুৱালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানচৈয়দ আব্দুল মালিকনীলমণি ফুকন (কনিষ্ঠ)অসমৰ পৰম্পৰাগত সাজ- পাৰমৌৰ্য সাম্ৰাজ্য🡆 More