ভূৱন মোহন বৰুৱা

ভুৱন মোহন বৰুৱা (ইংৰাজী: Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।

ভুৱন মোহন বৰুৱা
ভূৱন মোহন বৰুৱা
জন্ম ১৯১৪
শ্বিলং, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ১০ মে', ১৯৯৮
শ্বিলং, মেঘালয়, ভাৰত
ছদ্মনাম কাঞ্চন বৰুৱা
পেচা ঔপন্যাসিক, ছুটি গল্প ৰচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ সাহিত্য
উল্লেখনীয় কৰ্মৰাজি অসীমত যাৰ হেৰাল সীমা

চমু জীৱনী

১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়।

বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।

তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল।

অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল।

১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে।

সাহিত্য কৰ্ম

বৰুৱাৰ প্ৰথম উপন্যাস অসীমত যাৰ হেৰাল সীমা। এইখন এখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন বিশেষ ইংৰাজী চিনেমা উপভোগ কৰাৰ পিছতে তেখেতৰ মনলৈ এই উপন্যাস ৰচনা কৰাৰ কথা মনলৈ আহিছিল। তেখেতে মুঠ ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্পৰ ৰচক আছিল। ইয়াৰে কিছুমান হৈছে:

  • অসীমত যাৰ হেৰাল সীমা (১৯৪৫)
  • অশান্ত প্ৰহৰ
  • পুৱতি তৰা
  • মৃত বিহংগ
  • জয়া মহল
  • উৰ্মিলাৰ চকুলো
  • গ্ৰহণান্ত
  • মৃগতৃষ্ণা (গল্প সংকলন)
  • সুবৰ্ণ বলয়

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ভূৱন মোহন বৰুৱা চমু জীৱনীভূৱন মোহন বৰুৱা সাহিত্য কৰ্মভূৱন মোহন বৰুৱা তথ্য সংগ্ৰহভূৱন মোহন বৰুৱা বাহ্যিক সংযোগভূৱন মোহন বৰুৱাঅসমীয়া উপন্যাসইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কীৰ্তন-ঘোষাবিষ্ণুপ্ৰসাদ ৰাভাৱিকিমিডিয়া ফাউণ্ডেশ্যনমাধৱী লতাগৰু বিহুভগদত্তব্যষ্টিবাদী অৰ্থনীতিলখিমপুৰ (লোকসভা সমষ্টি)ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকানগেন শইকীয়াযোৰহাট জিলাৰ ইতিহাসবানপানীঅসমীয়া লোক-সংস্কৃতিপৰ্যাবৃত্ত তালিকাজাভাকুলধৰ শইকীয়াধুবুৰী (লোকসভা সমষ্টি)শ্বিলংস্বৰাজঅসমৰ চাহ জনগোষ্ঠীমহাকাব্যইংৰাজী ভাষাৰসায়ন বিজ্ঞানঘৰ শালিকাবৰপেটা সত্ৰবেণুধৰ শৰ্মাবাৰেচহৰীয়া ভাওনা মহোৎসৱমে ডাম মে ফিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিউইলিয়াম শ্বেইকছপীয়েৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅপভ্ৰংশজ্যোতিপ্ৰসাদ আগৰৱালালোক-সংগীতইছলামকাৰেংঘৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহাজোতথ্যআলি আঃয়ে লৃগাংসপ্তকাণ্ড ৰামায়ণবিল গেট্‌ছমদন কামদেৱ দেৱালয়দৰং জিলাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাপৰিৱেশ অধ্যয়নসমাৰ্থক শব্দঅন্নপ্ৰাশনকৰতুলসীৰঙিয়া ৰেলৱে সংমণ্ডললভিতালুৰিন জ্যোতি গগৈবাথৌ পূজাঅনুৰাধা শৰ্মা পূজাৰীজ্ঞানপীঠ বঁটাদৰ্শনসেউজ গৃহ প্ৰভাৱবৰপেটা (লোকসভা সমষ্টি)ৰাসোৎসৱবৌদ্ধ ধৰ্মবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যগ্ৰহভাৰতৰ স্বাধীনতা আন্দোলনসম্ৰাট অশোকএচিদ বৰষুণধ্যান চান্দনামচিংআয়ুৰ্বেদতৎসমকপৌ ফুলৰবীন্দ্ৰনাথ ঠাকুৰভূৱন মোহন বৰুৱা🡆 More